ঘৰতেই হওক বা কর্মক্ষেত্ৰতেই হওক নতুবা ভ্রমণ কৰোতেই বেছিভাগ লোকে বহি থাকি সময়বোৰ পাৰ কৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে বহি থকা অভ্যাসটো হেনো ধূমপানৰ দৰেই ক্ষতিকাৰক। দীর্ঘ সময় বহি থাকিলে আপোনাৰ কেনে ধৰণৰ ক্ষতি হ’ব পাৰে, তাৰ তালিকাখন তলত দিয়া হ’ল:
বেছিসময় বহি থকাৰ ফলত কঁকালৰ মেদ বৃদ্ধি হয়। শৰীৰটোৱে লৰা-ধপৰা কৰিলেহে মেদ কমে। লৰা-ধপৰা অথবা বায়াম কৰিলে,শৰীৰৰ পেশীবোৰে লাইপোপ্রোটিন লাইপেজ নামৰ অণুবোৰক নিঃসৰণ কৰে। এই অণুবোৰে শৰীৰৰ চেনি আৰু চর্বিবোৰক কমোৱাত গুৰুত্বপূর্ণ ভূমিকা লয়। দীঘলীয়া সময় জুৰি বহি থাকিলে শৰীৰৰ চেনি আৰু চর্বি নকমে। গতিকে পেট, কঁকালত চর্বি জমা হ’বলৈ ধৰে। পেটৰ মেদবঢ়াটো ভাল কথা নহয়, কাৰণ পেটৰ মেদ বাঢ়ি গ’লে মানুহৰ হৃদৰোগ, ষ্ট্ৰ’ক, কেন্সাৰ, ডায়াবেটিক্স আৰু অকাল মৃত্যুৰ আশংকা বাঢ়ে।
অধিক সময়জুৰি বহি থাকিলে আৰু শৰীৰৰ কিছুমান আভ্যন্তৰীণ অংগৰ ওপৰত প্রভাৱ পৰে। বিশেষকৈ আমাৰ হদৎপিণ্ড নামৰ অংগটোৰ ওপৰত প্রভাৱ পৰে। বহি থকাৰ ফলত হদৎপিণ্ডৰ লগতে কমি যায়। দুর্বল তেজৰ সোঁতে হৃৎপিণ্ডৰ মজাৰ সৃষ্টি কৰে, যাৰ ফলস্বৰূপে উচ্চ ৰক্তচাপ। কলেষ্ট্ৰৰেলৰ সমস্যা বাঢ়ে আৰু হৃৎপিণ্ডৰ বহুত অসুখে দেখা দিয়ে। মুঠৰ ওপৰত বেছি সময় বহি থকা লোকৰ শতকৰা ৮২ ভাগ হৃৎপিণ্ডৰ অসুখ আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা বাঢ়ি যায়।
বহি থকাৰ ভংগীটো যদিহে সঠিক নহয়, তেন্তে তাৰ ফলত আমাৰ ৰাজহাড় ডালৰ ওপৰত বহুত চাপ পৰে আৰু ক্ষয় হ’বও পাৰে। এনে অৱস্থাত দীর্ঘস্থায়ী বিষৰ সৃষ্টি হয়।তদুপৰি বহুসময় একেৰাহে বহি থকাৰ পিচত হঠাতে বেছিকৈ লৰা-ধপৰা কৰিলে পেশীৰ ওপৰত চাপ পৰে আৰু তেতিয়া ডিঙি আৰু পিঠিত বিষ হয়।
যিসকল লোকে বহি অথবা নিস্ক্রিয়ভাবে সময় কটায়, তেওঁলোকৰ ডায়াবেটিক্স বা বহুমুত্র ৰোগ হোৱাৰ আশংকা বাঢ়ে। কাৰণ দীর্ঘসময় বহি থাকিলে শৰীৰটোৱে বহুত বেছি ইনচুলিন উৎপাদন কৰে।
বহি-শুই থকা নিষ্কর্মী লোকৰ দেহত কলোৰেক্টাল, হাওঁফাওঁ, জৰায়ু, পেট, ডিম্বাশয়, বৃহৎ অন্ত্র (ইনষ্টেনটাইন) আৰু প্রষ্টেট কেন্সাৰৰ আশংকা বাঢ়ে। বিভিন্ন ধৰণৰ কেন্সাৰৰ কাৰণ হৈছে- মেদবহুল শৰীৰ। আহাৰ গ্রহণ কৰাৰ পিচত বহি থাকিলে তেজত চেনিৰ মাত্রা বাঢ়ি যায়, যাৰ ফলত ক’লন কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। ২০১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ জার্নাল অৱ এপিডেমিওলজিত প্রকাশ পোৱা এটা প্রতিবেদনত উল্লেখ কৰা হয় যে, দীঘলীয়া সময় জুৰি বহি কাম কৰি থকা লোকৰ ডিষ্টাল ক’লন কেন্সাৰ আৰু ৰেক্টাল কেন্সাৰৰ আশংকা বাঢ়ে। সেয়েহে আপুনি যদি দীঘলীয়া সময় একেৰাহে বহি কাম কৰিব লগাত পৰিছে, তেন্তে মাজে মাজে বহাৰ পৰা উঠি আহিব।
বিশেষজ্ঞসকলৰ মতে দীঘলীয়া সময়জুৰি বহি কাম কৰিলে মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকৰ হয়। দীর্ঘসময় জুৰি বহা লোকসকলৰ মগজুৰ চৌপাশৰ তেজৰ সোঁত আৰু অক্সিজেনৰ ওপৰত প্রভাৱ পৰে। তেনে অৱস্থাত মৌলিক কাম-কাজৰ ওপৰত মনোযোগ দিয়াত সমস্যাৰ সৃষ্টি হয়। আনহাতে আপুনি লৰা-ধপৰা কৰিলে বহুত পৰিমাণৰ সজীৱ তেজ আৰু অক্সিজেনে মগজুৰ ভিতৰত প্রৱেশ কৰে আৰু আপোনাৰ মনটো ভাল কৰাৰ কাৰণে ৰাসায়নিক উপাদানবোৰক নিঃসৰণ কৰে।
ভৰি দুৰ্বল হয়। যিসকল লোকে দীর্ঘ সময়জুৰি বহি কাম কৰে তেওঁলোকৰ ভৰি দুখনৰ সমস্যা হ’ব পাৰে। বহু পৰ ধৰি ভৰি দুখন ব্যৱহাৰ নকৰিলে পেশীৰ ফাইবাৰ বা আঁহবোৰ ক্ষয় যায়,যাৰ ফলত ভৰিৰ পেশীও ক্ষয় গৈ ভৰি দুখনক দুর্বল কৰি তোলে। দুর্বল ভৰিৰ বাবে য’তে ত’তে পৰি যোৱাৰ আশংকা থাকে।
দেহৰ গভীৰতাত থকা কোনো সিৰাত যদি তেজ জমা হয়, তেতিয়া ভৰিৰ সিৰাত অতিপাত বিষ অনুভৱ কৰা যায়। ঘণ্টাৰ পিচত ঘণ্টা জুৰি ভৰি দুখন ব্যৱহাৰ নকৰিলে, ভৰি দুখনত তেজৰ চলাচল কমি যায়, তেজ জমা হোৱাৰ আশংকা বাঢ়ে। গতিকে বহি থাকিব লগা হ’লেও আপোনাৰ ভৰি দুখনক মাজে মাজে লৰচৰ কৰিব। কেইটামান ল'বলগা সাৱধানতা
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 12/15/2018