কোনো কোনো মানুহৰ টোপনিত থকা অৱস্থাত নাকৰ শব্দ বা ঘোৰঘোৰণি(Snore) হয়। বহুতেই এনেদৰে ঘোৰঘোৰণি হোৱাটো গুৰুত্ব দিবলগীয়া সমস্যা বুলি নাভাবে। পিছে শোওঁতে নাকৰ ঘোৰঘোৰণি হোৱা আৰু পুৱা শুই উঠাৰ পিছতো ভাগৰুৱা অনুভৱ কৰি থকাটোৱে ‘অৱষ্ট্ৰাক্টিভ শ্লীপ এপনিয়া’(Obstructive Sleep Apnoea) নামৰ একপ্ৰকাৰৰ জটিল সমস্যাত ভোগাৰ ইংগিত বহন কৰিব পাৰে।
অবষ্ট্ৰাক্টিভ শ্লীপ এপনিয়া বা চকুকৈ অ’ এছ এত ভুগিলে, শুই থকা অৱস্থাত উশাহ চুটি তথা অগভীৰ হৈ পৰে আৰু আনকি সামান্য সময়ৰ বাবে উশাহ-নিশাহ চুটি হোৱা বা বন্ধ হোৱাৰ ফলত টোপনি ভালদৰে নহয়। নাকৰ ঘোৰঘোৰণি বা অ’ এছ এত ভুগি থকা অনেকেই তেওঁলোকৰ এই সমস্যাৰ বিষয়ে নজনাকৈ থাকে। পিছে এনে সমস্যাত ভুগি থকাৰ ফলত তেওঁলোকৰ টোপনি ভাল নহয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ স্বাস্থ্য, মেজাজ, সম্পৰ্ক আৰু আনকি জীৱিকাতো যথেষ্ট নেতিবাচক প্ৰভাৱ পৰে। অ’ এছ এত ভুগি থকা লোকসকল আন মানুহতকৈ ষ্ট্ৰোকত আক্ৰান্ত হোৱাৰ আশংকা তিনি গুণ আৰু বিমৰ্ষতাত ভোগাৰ আংশকা দুগুণ বেছি। তদুপৰি তেওঁলোক মধুমেহত আক্ৰান্ত হোৱাৰ প্ৰবল আশংকা থাকে। মেদবহুল হৈ পৰাটোও একপ্ৰকাৰ নিশ্চিত হৈ পৰে।
গভীৰ টোপনি অহা সময়ত মুখৰ মাংসপেশী শিথিল হৈ পৰে আৰু তাৰ ফলত জিভাখন পিছফালে ভাজ খাই পৰে। যিসকলৰ মুখৰ হাড়(Jaw) বা পাৰি সৰু বা ঠেক, তেওঁলোকৰ টোপনিত জিভা পিছফালে ভাজ খাই পৰাৰ ফলত শ্বাস-প্ৰশ্বাসৰ গতিপথ আংশিকভাৱে আৰু কেতিয়াবা সামান্য সময়ৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। এনেদৰে শ্বাস-প্ৰশ্বাসৰ গতিপথত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱাৰ ফলত অক্সিজেনৰ অভাৱত অলপ সময়ৰ বাবে মস্তিষ্ক জাগি উঠে আৰু তাৰ পিছতেই মানুহজনে খুব জোৰেৰে নাকৰ ঘোৰঘোৰণি, টোপনি বা গাৰ জোকাৰণিৰ সৈতে পুনৰ উশাহ ল’বলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়া এঘন্টাৰ ভিতৰত ৩০ বাৰ পৰ্যন্ত পুনৰাবৃত্তিও হ’ব পাৰে আৰু ইয়াৰ ফলত মানুহজন স্বাভাৱিক টোপনিৰ পৰা বঞ্চিত হয়।
নাকৰ ঘোৰঘোৰণি দিনৰ ভাগত টোপনিৰ ভাব আহি থকা আৰু ভাগৰুৱা অনুভৱ কৰি থকা, পুৱাৰ ভাগত মূৰ বিষাই থকা আৰু মুখ শুকাই থকা, মনঃসংযোগ নাইকিয়া হোৱা, কথা পাহৰা আৰু অস্বস্তি অনুভৱ কৰা, নতুন কথা শিকা আৰু সুস্থ আচৰণ কৰাৰ ক্ষেত্ৰত সমস্যৰ সৃষ্টি হোৱা।
যিসকলৰ মুখৰ হাড় বা পাৰি সৰু, তেওঁলোকেই অ’ এছ এত আক্ৰান্ত হয়। মুখৰ ওপৰ ভাগ, তল ভাগ বা দুয়োফালৰ হাড় বা পাৰি সৰু হোৱাৰ ফলত জিভাখনৰ বাবে পৰ্যাপ্ত ঠাইৰ অভাৱ হয় আৰু ইয়াৰ ফলত জিভাখন পিছফালে ভাজ খাই পৰে, তেতিয়া শ্বাস-প্ৰশ্বাসৰ জৰিয়তে বায়ু অহা-যোৱা কৰা গতিপথত প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। অ’ এছ এৰ চিকিৎসাৰ লক্ষ্য হ’ল ৰোগীৰ শ্বাস-প্ৰশ্বাসৰ গতিপথ মুকলি কৰি, ৰোগীক স্বাভাৱিকভাৱে উশাহ-নিশাহ ল’ব পৰা আৰু শুব পৰা কৰি তোলা।
সামান্য ভাৱে অ’ এছ এত ভোগাসকলৰ ক্ষেত্ৰত মুখৰ তলৰ ভাগৰ হাড়(Lower jaw) আগবঢ়াই অনাৰ বাবে ‘মেণ্ডিবুলাৰ এডভাঞ্চমেন্ট ডিভাইচ(Mandibular advancement device) প্ৰয়োগ কৰা হয়, ইয়াৰ ফলত তেওঁলোকৰ জিভা টোপনি আহি থকা সময়ত পিছফালে ভাজ খাই নপৰে। সজুঁলিটো যাতে ভালদৰে খাপ খাই পৰে, তাৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত মেক্সিল’ফেচিয়েল(Maxilofacial) শল্য চিকিৎসকৰ জৰিয়তেহে ইয়াক প্ৰতিষ্ঠাপন কৰিব লাগে। সঁজুলিটোৱে মুখৰ হাড় সন্মুখৰফালে ঠেলি দিয়ে। ইয়াৰ ফলত মাংসপেশী প্ৰসাৰিত হৈ শ্বাস-প্ৰশ্বাসৰ গতিপথৰ প্ৰতিবন্ধকতা আঁতৰি যায়। এই সঁজুলিটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসুবিধা এই যে দীৰ্ঘদিন এই সঁজুলিটো ব্যৱহাৰ কৰি থাকিলে মুখৰ হাড়ৰ জোৰাত বিষ তথা অস্বস্তি অনুভৱ হ’ব পাৰে।
দা কন্টিনিউৱাছ প’জিটিভ এয়াৰৱে’ প্ৰেছাৰ ডিভাইচ(The continuous positive Airway pressure device):
দা কন্টিনিউৱাছ প’জিটিভ এয়াৰৱে’ প্ৰেছাৰ, চমুকৈ চি পি এ পি পদ্ধতি(therapy) য়ে শুই থকা অৱস্থাত ভালদৰে উশাহ-নিশাহ লোৱাত সহায় কৰে। চি পি এ পি পদ্ধতি গ্ৰহণ কৰা ৰোগীসকলৰ নাকৰ ঘোৰঘোৰণি হ্ৰাস পায়, দিনৰ তন্দ্ৰাৰ ভাৱ হ্ৰাস পায়, উদ্বিগ্নতা আৰু বিমৰ্ষতা হ্ৰাস পায়, ইয়াৰ ফলত তেওঁলোকৰ জীৱনৰ মান উন্নত হয় তথা দেহ-মন প্ৰফুল্লিত হৈ পৰে। চি পি এ পি পদ্ধতি গ্ৰহণ কৰিলে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকাও হ্ৰাস পায়। অৱশ্যে এইসমূহ সুফল লাভ কৰি থাকিবলৈ হ’লে ৰোগীয়ে প্ৰতি নিশা কমেও সাত ঘন্টাকৈ গোটেই জীৱনজুৰি এই সঁজুলিবিধ ব্যৱহাৰ কৰি থাকিব লাগে।
শ্লীপ এখনত ভোগা লোকসকলৰ অধিকাংশৰ ক্ষেত্ৰতে এই সমস্যা উদ্ভৱ হয় মুখৰ হাড়, মুখমণ্ডল বা শ্বাস-প্ৰশ্বাসৰ গতিপথৰ ক্ৰুটীৰ ফলত শ্বাস-প্ৰশ্বাসত প্ৰতিবন্ধকতাৰ সৃষ্টি হোৱা বাবে। এইক্ষেত্ৰত জীৱ-চৰ্চা (lifestyle)ৰো ভূমিকা থাকে। সৰু বা ঠেক মুখৰ হাড়, ওপৰাউপৰিকৈ বা বেঁকা-বেঁকিকৈ থকা দাঁতৰ পাৰি, দাঁত পোন কৰিবলৈ ব্ৰেছ(brace) লগাওঁতে হোৱা ভুল, বেছি বয়সত অস্বাভাৱিক গঢ়ত গজা দাঁত- এইবোৰে নাকৰ ঘোৰঘোৰণি আৰু শ্লীপ এপন হোৱাত সহায় কৰে।
অ’ এছ এ স্থায়ীভাৱে নিৰ্মূল কৰাৰ উপায় হ’ল অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰৰ জৰিয়তে মুখৰ তলৰ ভাগৰ হাড় সুবিধাজনক অৱস্থালৈ আগবঢ়াই অনা হয় আৰু তাৰ পিছত প্ৰয়োজন সাপেক্ষে দাঁতৰ পাৰিও সঠিক অৱস্থানলৈ অনা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত জিভা আৰু তালুৱেব বায়ুৰ গতিপথ প্ৰশস্ত হোৱাত সহায় কৰে আৰু তাৰ ফলত ৰোগীয়ে নিদ্ৰাৰত অৱস্থাত ভালদৰে উশাহ-নিশাহ ল’ব পাৰে। শ্বাস-প্ৰশ্বাস ক্ৰিয়া স্বাভাৱিক হোৱাৰ ফলত টোপনি ভালদৰে হয় আৰু এনেদৰেই অৱষ্ট্ৰাক্টিভ শ্লীপ এপনিয়া আৰু নাকৰ ঘোৰঘোৰণি হোৱা সমস্যা সমাধান হয়।
অ’ এছ এত ভুগি থকাৰ ফলত হৃদৰোগকে ধৰি বিভিন্ন ৰোগ তথা শাৰীৰিক সমস্যাত আক্ৰান্ত হোৱাৰ প্ৰবল আশংকাই দেখা দিয়াৰ পৰিপ্ৰেক্ষিতত এই সমস্যাক গুৰুতৰ স্বাস্থ্য-সংকটৰূপে গণ্য কৰা হয়। অ’ এছ এত পীড়িত হোৱাৰ পৰিণতিত চকুৰ সমস্যা হ’ব পাৰে আৰু স্মৃতিশক্তি হ্ৰাস পাব পাৰে।
শিশুসকল অ’ জেছ এত ভুগিলে তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিম্নগামী হয়, আচৰণ জনিত সমস্যাই দেখা দিয়া আৰু মনঃসংযোজন হ্ৰাস পায়। সেয়েহে নিজৰেই হওক বা আত্মীয়-স্বজন,বন্ধু-বান্ধৱ কাৰোবাৰ ক্ষেত্ৰতেই হওক, অ’ এছ এৰ লক্ষণ পৰিলক্ষিত হ’লে অনতি বিলম্বে চিকিৎসাৰ ব্যৱস্থা কৰা উচিত।
লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)
শেহতীয়া উন্নীতকৰণ: : 2/13/2023