অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিদ্ৰাহীনতাই অনা বিপদ :

নিদ্ৰাহীনতাই অনা বিপদ :

 

কেইমাহমান পুৰ্বে ভাৰতৰ এটা বহুৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ চি ই অ’জনৰ মাত্ৰ ৪২ বছৰ বয়সত মৃত্যু হ;ল, মৃত্যুৰ কাৰণ আছিল ‘মেছিভ কাৰ্ডিয়াক এৰেষ্ট’ (Massive Cardiac Arrest)। তাৎপৰ্যপুৰ্ণভাৱে এই চি ই ‘জন আছিল অত্যন্ত স্বাস্থ্য সচেতন। খোৱা-বোৱা, খেলা-ধুলা , শৰীৰ চৰ্চা-সকলোবোৰেই তেওঁ যথোচিতভাৱে তথা সময়মতে কৰিছিল। তেন্তে মাত্ৰ ৪২ বছৰ বয়সতে ‘মেছিভ কাৰ্ডিয়াক এৰেষ্ট’ এ তেওঁৰ প্ৰাণ কাঢ়ি ল’লে কিয়? স্বাস্থ্য ভালে ৰখাৰ বাবে সুষম আহাৰ গ্ৰহণ আৰু নিয়মিত শৰীৰ চৰ্চাৰ সমানেই গুৰুত্ব দিব লাগে প্ৰতিদিনে পৰ্যাপ্ত সময় টোপনি যোৱাত। পিছে উল্লিখিত চি ই অ’জনে প্ৰতিদিনে শুবলৈ সময় পাইছিল মাত্ৰ ৪-৫ ঘণ্টা আৰু মুলত: এই কম টোপনিয়েই তেওঁৰ কাল হ’ল। নিশা পাঁচ ঘণ্টাতকৈ কম সময় শুলে হাৰ্ট এটেক হোৱাৰ আশংকা প্ৰায় তিনি গুণ বৃদ্ধি পায়। টোপনি কম হ’লে ৰক্তচাপো বাঢ়িব পাৰে। আনহাতে, হৃদৰোগৰ এটা প্ৰধান কাৰক হ’ল উচ্চ ৰক্তচাপ। প্ৰতিনিশা পাঁচ ঘণ্টা বা তাতকৈ কম সময় শোৱা লোকসকল উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ যথেষ্ট আশংকা থাকে, বিশেষকৈ ২৯-৪৯ বছৰ বয়সৰ অন্তৰ্গত লোকসকলে পৰ্যাপ্ত সময় নুশুলে, তেওঁলোক উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ আশংকা দুগুণ বৃদ্ধি পায়। ইয়াৰ বাহিৰে টোপনি কম হোৱাৰ ফলত তেজত হাই-ছেনছিটিভ চি-ৰিয়েক্টিভ প্ৰ’টিন (hs-cRP) ৰ পৰিমাণ বৃদ্ধি পায়, এই বৃদ্ধিৰ বাবেও হাৰ্ট এটেকৰ আশংকা বাঢ়ে। মাথোঁ এটা উজাগৰী নিশাই শৰীৰত বৃদ্ধি কৰে ইণ্টাৰলিউফিন-৬, টিউমাৰ নেক্ৰোছিছ ফেক্টৰ-আলফা আৰু চি-ৰিয়েক্টিভ প্ৰ’টিনৰ দৰে ক্ষতিকাৰক টক্সিন বা বিষাক্ত পদাৰ্থৰ মাত্ৰা, ইয়াৰ পৰিপ্ৰেক্ষিতত বৃদ্ধি পায় কেন্সাৰ, আৰ্থ্ৰাইটিছ, হৃদৰোগ প্ৰভৃতি ৰোগত আক্ৰান্ত হোৱাৰ আশংকা।

নিশা পাঁচ ঘণ্টাতকৈ কম সময় শুলে হৃদৰোগত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি পায় ৩৯ শতাংশ। আনহাতে, পাঁচ ঘণ্টাৰ বেছি, কিন্তু ছঘণ্টাৰ কম সময় শুলে, হৃদৰোগত হোৱাৰ আশংকা বৃদ্ধি পায় ১৮ শতাংশ। টোপনি কম হোৱাৰ ফলত আন কেতবোৰ শাৰীৰিক মানসিক সমস্যাও উদ্ভৱ হয়, সেইবোৰ হ’ল-মানসিক চাপ, বিমৰ্ষতা, খিংখিঙীয়া বা অলপতে বিৰক্ত হৈ পৰা প্ৰকৃতিৰ হ’ব পাৰে, মনোযোগ তথা একাগ্ৰতা কমে, দেহ-মন অৱসাদগ্ৰস্ত হৈ পৰে, কৰ্মদক্ষতা হ্ৰাস পায়, শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায়।

টোপনিৰ প্ৰয়োজনীয় মাত্ৰা -

আমেৰিকাৰ নেচনেল শ্লিপ ফাউণ্ডেচনৰ বিশেষজ্ঞসকলে এই মত আগবঢ়াইছে যে প্ৰতিদিনে ৬৫ বছৰ তথা ততোধিক বয়সৰ লোকসকলৰ বাবে ৭-৮ ঘণ্টা, ২৬-৬৮ বছৰ বয়সৰ প্ৰাপ্তবয়স্ক তথা ১৮-২৫ বছৰ বয়সৰ তৰুণ- তৰুণীসকলৰ বাবে ৭-৯ ঘণ্টা আৰু ১৪-১৭ বছৰ বয়সৰ কিশোৰ- কিশোৰীসকলৰ বাবে ৮-১০ ঘণ্টা টোপনিৰ প্ৰয়োজন। শিশুসকলৰ সুস্থ শৰীৰ তথা স্বাভাৱিক শাৰীৰিক-মানসিক বিকাশৰ বাবে অধিক টোপনিৰ প্ৰয়োজন। তিনি মাহ বয়সলৈ শিশুৰ প্ৰতিদিনে টোপনিৰ প্ৰয়োজন ১৪-১৮ ঘণ্টা, সেইদৰে ৪-১১ মাহলৈ ১২-১৫ ঘণ্টা, ১-২ বছৰলৈ ১১-১৪ ঘণ্টা, ৩-৫ বছৰলৈ ১০-১৩ ঘণ্টা আৰু ৬-১৩ বছৰলৈ ৯-১১ ঘণ্টা টোপনিৰ প্ৰয়োজন প্ৰতিদিনে।

ভাল টোপনিৰ বাবে পালনীয়: দিনত নুশুৱাই ভাল। ৰাতি টোপনি নধৰিলে এনেয়ে বিচনাত বাগৰি নাথাকি, টোপনি ধৰাত সহায় কৰা কিবা কাম কৰিব লাগে। সন্ধিয়াৰ পিছত যিমান ডুৰ সম্ভৱ চাহ-কফি খোৱাৰপৰা ধুমপান-মদ্যপান কৰাৰ পৰা বিৰত থাকিব লাগে। ঠাণ্ডা লগাৰ সম্ভাৱনা নাথাকিলে শুবলৈ যোৱাৰ আগতে গা ধোৱা ভাল। নিদ্ৰাহীনতাৰ সমস্যা দুৰ কৰাৰ বাবে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনোধৰণৰ ঔষধ সেৱন কৰা উচিত নহয়। কিতাপ পঢ়ি ভাল পালে শোৱাৰ পুৰ্বে কিতাপ পঢ়ক অথবা গান শুনি ভাল পালে গান শুনক। বিভিন্ন গৱেষণাৰ জৰিয়তে জানিব পৰা গৈছে যে সন্ধিয়াৰ পিছত অথবা শোৱাৰ কিছু সময় পুৰ্বে ঠাণ্ডা পানী, গ্ৰীণ টী, ঠাণ্ডা গাখীৰ, কল আদি কম পৰিমাণে খোৱাটো টোপনি ভাল হোৱাৰ ক্ষেত্ৰত সহায়ক হয়। নিয়মিতভাৱে ব্যায়াম তথা শাৰীৰিক পৰিশ্ৰম কৰিব লাগে, যোগ-প্ৰাণায়াম, সাঁতোৰা, খোজকঢ়া আদি অতি উপযোগী ব্যায়াম। কৰ্মব্যস্ত তথা সক্ৰিয় জীৱন যাপন কৰিব লাগে। আজিকালি অনেকেই ৰাতি দেৰিলৈকে টিভি চায়, কম্পিউটাৰত কাম কৰে অথবা ম’বাইল ফোনৰ সৈতে ব্যস্ত হৈ থাকে, কাজেই এই ইলেক্ট্ৰ’নিক সামগ্ৰীবোৰ আজিকালিৰ মানুহৰ নিদ্ৰাহীনতাৰ এটা প্ৰধান কাৰক হৈ পৰিছে। সেয়েহে ভাল টোপনিৰ বাবে শুবলৈ যোৱাৰ কিছু  ময় আগৰেপৰা উল্লিখিত ইলেক্ট্ৰ’নিক সামগ্ৰীবোৰ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। পৰাপক্ষত প্ৰতিদিনে নিৰ্দিষ্ট সময়ত শুবলৈ যাব লাগে আৰু শুই উঠিব লাগে।

বৰ্তমানৰ তীব্ৰ প্ৰতিযোগিতামুখী পৰিৱেশত ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন বৃত্তিত নিয়োজিত অনেক লোকে শুবলৈ পৰ্যাপ্ত সময় নোপোৱা হৈছে। ইফালে, বাঢ়ি গৈছে মানসিক চাপ। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁলোক নানান শাৰীৰিক-মানসিক সমস্যাৰে জৰ্জৰিত হৈছে। এটা কথা আমি মনত ৰখা প্ৰয়োজনীয় যে পৰ্যাপ্ত সময় নোশোৱাকৈ দীৰ্ঘদিন কৰ্মমুখৰ জীৱন যাপন কৰাটো সম্ভৱ নহয়। টোপনিৰ অভাৱে দেহ- মন ৰুগ্ন, অৱসাদগ্ৰস্ত কৰি তুলিব, ফলস্বৰুপে কামৰ মান নিম্নগামী হ’ব তথা কাম ক্ষতি কৰিবলগীয়া হ’ব। টোপনিৰ সৈতে আমাৰ শৰীৰৰ প্ৰতিটো অংগ-প্ৰত্যংগৰ কাৰ্যকলাপৰ সম্পৰ্ক আছে। অতিৰিক্ত সময় শোৱাটো যেনেদৰে ভাল নহয়, তেনেদৰে পৰ্যাপ্ত সময় নোশোৱাটোও শৰীৰৰ বাবে ক্ষতিকাৰক। সেয়েহে সকলো মানুহেই প্ৰতিদিনে পৰ্যাপ্ত সময় ভালদৰে শুবলৈ যত্ন কৰিব লাগে। বিশেষকৈ যিসকল লোক দিনটো কামত ব্যস্ত হৈ থাকে, তেওঁলোকৰ ৰাতি অন্তত: ৭-৮ ঘণ্টা গভীৰ টোপনি অহাটো নিতান্তই প্ৰয়োজনীয়।

লেখক: অমল ভাগৱতী (দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate