সম্প্ৰত্তি নেন’ প্ৰযুক্তি হৈ পৰিছে বিজ্ঞান-প্ৰযুক্তি বিদ্যাৰ জগতখনৰ এটি বহুল চৰ্চিত বিষয়, কিয়নো নেন’ প্ৰযুক্তিয়ে বহন কৰিছে সীমাহীন সম্ভাৱনা তথা প্ৰত্যাশা। অদূৰ ভৱিষ্যতে নেন’ প্ৰযুক্তিয়ে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ বৈপ্লৱিক প্ৰগতি আনিব বুলি আশা কৰা হৈছে।
নেন’ শব্দটো আহিছে গ্ৰীক ভাষাৰ পৰা, গ্ৰীক ভাষাত নেন’ৰ অৰ্থ হ’ল বাওনা। নেন’ মানে হ’ল অত্যন্ত ক্ষুদ্ৰ ভাগ। ১০০ কোটি ভাগৰ এভাগক কোৱা হয় নেন’। যেনে- এক মিটাৰৰ ১০০ কোটি ভাগৰ এভাগক কোৱা হয় নেন’ মিটাৰ। এক ছেকেণ্ডৰ এশ কোটি ভাগৰ এভাগক কোৱা হয় নেন’ ছেকেণ্ড। নেন’ প্ৰযুক্তি মানে হল নেন’ জোখত ক্ষুদ্ৰ আকাৰৰ সঁজুলি তথা যন্ত্ৰ-পাতি প্ৰভৃতি তৈয়াৰ কৰা প্ৰযুক্তি। নেন’ প্ৰযুক্তিত নেন’ মিটাৰ মাপৰ পদাৰ্থৰদ্বাৰা কাম কৰা হয়। ১৯৮১ চনত ‘স্কেনিং টিউনেলিং মাইক্ৰ’স্ক’প(এছ টি এম) উদ্ভাৱন হোৱাৰ পিছত নেন’ প্ৰযুক্তিৰ বিকাশৰ পথ বহুখিনি সুগম হৈ পৰে।
বিগত কেইটামান বছৰত কেতবোৰ ৰোগ তথা শাৰীৰিক সমস্যা নিৰাময়ৰ বাবে নেন’ প্ৰযুক্তিৰ সহায়ত কেতবোৰ নেন’ মেডিচিন(Nano-medicine) উদ্ভাৱন কৰা হৈছে। নেন’ প্ৰযুক্তিৰ সহায়ত উদ্ভাৱন কৰা উপাদানৰ জৰিয়তে মানৱ দেহৰ জৈৱিক প্ৰণালীক আণৱিক পৰ্যায়ত মেৰামতি, পুনৰ্গঠন, পৰ্যবেক্ষণ আৰু প্ৰতিপালন কৰিব পৰা যাব। বৰ্তমানলৈ নেন’ প্ৰযুক্তিৰ সহায়ত চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰাকৈ কেতবোৰ শৰীৰত প্ৰতিষ্ঠাপনযোগ্য উপাদান তথা আহিলা, জৈৱ ঔষধ আৰু ৰোগ চিনাক্তকৰণত সহায়কাৰী সঁজুলি উদ্ভাৱন কৰিব পৰা গৈছে। বিগত দহ বছৰত নেন’ প্ৰযুক্তি ভিত্তিক শতাধিক প্ৰকাৰৰ ঔষধ তথা চিকিৎসা প্ৰক্ৰিয়াত প্ৰয়োগ কৰা উপাদান প্ৰস্তুত কৰা হৈছে। শেহতীয়াকৈ নেন’ প্ৰযুক্তি বিষয়ক গৱেষণাত প্ৰচুৰ ধন বিনিয়োগ কৰা হৈছে।
বিভিন্ন প্ৰকাৰৰ ৰোগ তথা শাৰীৰিক সমস্যা নিৰাময় অথবা প্ৰতিৰোধৰ বাবে নেন’ মেডিচিন ব্যৱহাৰ কৰিব পৰা যায়, এইবোৰৰ ভিতৰত গৰ্ভাশয় আৰু স্তনৰ কেন্সাৰ, ভেঁকুৰৰ সংক্ৰমণ, উচ্চ মাত্ৰাৰ ক’লেষ্টেৰ’লজনিত সমস্যা, বৃক্কৰ ৰোগ, ৰজোনিবৃত্তিজনিত উপসৰ্গ, মাল্টিপল স্কেলৰোছিছ(Multiple Sclerosis) দীৰ্ঘম্যাদী বিষ, হাপানি, এমফিছেমা(Emphysema) আদি প্ৰধান। এইটো সকলোৱে জনা কথা যে বেছিভাগ ঔষধৰে পাৰ্শ্বক্ৰিয়া আছে। বহু ধৰণৰ ঔষধ ৰোগীৰ শৰীৰত প্ৰয়োগ কৰাৰ পিছত সেইবোৰে নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰাৰ লগতে গুৰুতৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰি শৰীৰৰ সুস্থ কলা তথা অংগ কিছুমানৰো ক্ষতিসাধন কৰে। বেছিভাগ কেন্সাৰ ৰোগৰ ঔষধেই এনেধৰণৰ পাৰ্শ্বক্ৰিয়াযুক্ত। ইয়াৰ পৰিপ্ৰেক্ষিতত নেন’ মেডিচিনৰ সহায় লৈ, ৰোগীৰ শৰীৰত পাৰ্শ্বক্ৰিয়াহীনভাৱে পৰ্যাপ্ত মাত্ৰাত ঔষধ প্ৰয়োগ কৰিব পৰা যায়। ঔষধ যাতে ৰোগীৰ শৰীৰত নিৰ্দিষ্ট সময়লৈকে থাকে- সেইটোও নেন’ মেডিচিনে নিশ্চিত কৰিব পাৰে।
নেন’ প্ৰযুক্তিয়ে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা কেতবোৰ চমৎকাৰ উপাদান হ’ল- বায়’ছেনছৰ(biosensor), নেন’বৈদ্যুতিক আহিলা, পেচমেকাৰ, ই চি জি যন্ত্ৰ আদী। তদুপৰি নেন’ ৰ’বট, নেন’ সঁজুলি প্ৰভৃতি অতি উন্নত প্ৰযুক্তিসম্পন্ন উদ্ভাৱনবোৰ শল্য চিকিৎসকসকলে আদৰি লৈছে।
নেন’ মেডিচিনৰ সহায়ত পাৰ্শ্বক্ৰিয়াহীনভাৱে কৰা চিকিৎসাৰ ক্ষেত্ৰত কেতবোৰ নেন’ উপাদান(nanoparticles) বেজীৰ সহায়ত ৰোগীৰ শৰীৰত সুমুৱাই দিয়াৰ পিছত সেই নেন’ উপাদানবোৰে শৰীৰৰ ৰোগাক্ৰান্ত অংশ চিনাক্ত কৰি, তাত ঔষধ প্ৰক্ষেপ কৰে তথা ক্ষতিগ্ৰস্ত কোষবোৰ স্বাভাৱিক কৰি তোলে। গ্লুক’জ নেন’ছেনছৰ(Glucose nanosensors) প্ৰতিষ্ঠাপনযোগ্য আহিলা(implantable device)-ৰ সৈতে সংলগ্ন কৰি, ডায়েবেটিছ ৰোগীৰ শৰীৰত প্ৰয়োগ কৰাৰ পিছত, তেজত শৰ্কৰাৰ মাত্ৰা সহজেই স্বাভাৱিক পৰ্যায়লৈ আহে। উল্লিখিত প্ৰতিষ্ঠাপনযোগ্য আহিলাবোৰে ডায়েবেটিছ ৰোগীৰ শৰীৰত শৰ্কৰা-সংবেদনশীল(Glucose responsive) নেন’ উপাদানবোৰক ইনছুলিনৰ বিকল্প হিচাপে কাম কৰাৰ বাবে সুবিধাজনক পৰিৱেশ সৃষ্টি কৰি দিয়ে।
অদূৰ ভৱিষ্যতে কেন্সাৰৰ চিনাক্তকৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত নেন’ প্ৰযুক্তিয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি। কেন্সাৰ চিনাক্তকৰণৰ বাবে ‘টিউমাৰ বায়’মাৰ্কাৰ’(Tumour biomarker) ব্যৱহাৰ কৰিব পাৰি। কেন্সাৰ উদ্ভৱ হোৱা অংশখিনি সুনিৰ্দিষ্টভাৱে চিহ্নিত কৰাৰ বাবে ‘আইৰণ অক্সাইড নেন’ পাৰ্টিকল’(Iron oxide nanoparticles)-ৰ সহায় ল’ব পৰা যায়। আনহাতে, নেন’থাৰ্ম পদ্ধতি(Nano therm therapy)-ৰে কেন্সাৰ কোষবোৰত ফলপ্ৰসূভাৱে অত্যধিক তাপ প্ৰয়োগ কৰি, কোষবোৰ ধ্বংস কৰিব পাৰি। উল্লিখিত চিকিৎসা প্ৰক্ৰিয়াৰ সাৰ্থক প্ৰয়োগৰ জৰিয়তে অনাগত দিনবোৰত কেন্সাৰ বহুলাংশে প্ৰতিৰোধযোগ্য তথা নিৰাময়যোগ্য হৈ উঠিব। আকৌ নেন’ ৰ’বটবোৰে আমাৰ শৰীৰৰ নিজস্ব ৰোগ নিৰাময় প্ৰক্ৰিয়াৰ লেখীয়াকৈ ৰুগ্ন কোষবোৰ মেৰামতি কৰিব। আনাহাতে, বৃক্ক বিকল হোৱা ৰোগীৰ শৰীৰত সংৰোপণৰ বাবে ‘নেন’ কিডনী’ প্ৰস্তুত কৰাৰ প্ৰয়াস চলাইছে একাংশ বিজ্ঞানীয়ে।
উৎস: দৈনিক অসম(অমল ভাগৱতী)
শেহতীয়া উন্নীতকৰণ: : 8/4/2022