সৰু-ডাঙৰ যিকোনো কটা-ছিঙাৰ ক্ষেত্ৰতে আমি সকলোৱেই ফাৰ্মাচী লৈ দৌৰি গৈ টি,টি বেজী এটা লবলৈ নাপাহৰো স্বাভাৱিকতে । টি টি বেজী যে ফাৰ্মাচীত ফ্ৰীজত ৰখা হয় সেয়াও সকলোৱে জানো আৰু ঠাণ্ডা অৱস্থাতে বেজীটো লব লাগিব সেয়াও জানো । কিন্তু, ফ্ৰিজৰ পৰা ওলিয়াই দিয়া বেজীটো যে ইতিমধ্যে বেয়া হৈ থাকিব পাৰে এই বিষয়ে চিকিৎসাকৰ্মী সকলকো উদাসীন পৰিলক্ষিত হয়, জনসাধাৰণ জ্ঞাত নথকাটোতো স্বাভাৱিক ।
জনসাধাৰণৰ জ্ঞাতাৰ্থে জনাওঁ যে টি টি বেজীকে ধৰি সকলো ধৰণৰ ভেকছিনকে প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি আমাক দিয়ালৈকে সদায় এটি নিৰ্দিষ্ট কম উঞ্চতাতহে ৰখা হয় – যিটো পদ্ধতিক ‘cold chain system’ বা ‘চেঁচা শৃংখল পদ্ধতি’ বুলি কোৱা হয় । এই শৃংখলত কৰবাত বেমেজালি হলে ভেকছিনটোৰ ক্ষমতা হ্ৰাস হোৱাৰ বা সমুলি নষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে । অৰ্থাৎ, ফেক্ট’ৰীত ভেকচিনটো বনোৱাৰ পৰা আমাক বেজি দিয়ালৈকে কেতিয়াবা যদি একমূহুৰ্তৰ বাবেও বেছি চেঁচা বা বেছি গৰম হৈ গৈছিল, তেন্তে বেজীটো নষ্ট হৈ যোৱাৰ আশংকা আছে ।টি টি বেজি সদায় চাৰি (৪) ডিগ্ৰী চে: -ৰ পৰা দহ (১০) ডিগ্ৰী চেলছিয়াচৰ মাজত সংৰক্ষণ কৰিব লাগে । তাপমাত্ৰা ইয়াৰ তলত বা ওপৰত গ’লেই বেজীটোৰ কাৰ্যকক্ষমতা সন্দেহশীল হৈ পৰে । গতিকে, ফাৰ্মাচীত উপলব্ধ টি টি বেজী কেইবাটাও কাৰণত সন্দেহশীল হৈ পৰে –
১) ফাৰ্মাচী হোলছেলত (পাইকাৰী দোকানত)বা ছুপাৰ ষ্টোকেজ (য’ৰ পৰা পাইকাৰী দোকানে ঔষধ ক্ৰয় কৰে) টি টি বেজীটো কেনেকৈ ৰখা হৈছিল ?
২) ছুপাৰ ষ্টোকেজৰ পৰা পাইকাৰী দোকানলৈ আৰু তাৰ পৰা আকৌ ফাৰ্মাচিলৈ টি টি বেজীটো অনা হৈছিল কেনেকৈ । উল্লেখনীয় যে আজিলৈকে কোনো বেচৰকাৰী ফাৰ্মাচীক পাইকাৰী দোকানীৰ পৰা টি টি বেজী আনিবলৈ আইচ-বক্স (ভেকছিন দিয়া নাৰ্ছ বাইদেও সকলে যে বাকচ এটা লৈ ফুৰে) লৈ যোৱা মোৰ চকুত পৰা নাই ।
৩) গাৱৰ ফাৰ্মাচীত নিৰবিচ্ছিন্ন বিজুলী সেৱাৰ অভাৱত কেতিয়াবা দিনজুৰি ফাৰ্মাচীৰ ৰেফ্ৰিজেৰাটৰ গৰম থাকি বেজীটো বেয়া হয় ।
৪) ৰেফ্ৰিজেৰাটৰ কেতিয়াবা অতিপাত ঠাণ্ডা হৈ ভিতৰৰ বস্তুবোৰ গোট মাৰে । টি টি বেজী ৪ ডিগ্ৰী চে: -ৰ তলত গলে বা ঠাণ্ডাত গোট মাৰিলে নষ্ট হোৱাৰ আশ্ংকা আছে ।
টি টি বেজী এইদৰে ফ্ৰিজত ৰখাৰ ভাও জুৰাৰ উপমা সেই কেচাঁ মাংসৰ দৰে যাক এবাৰ ফ্ৰিজত ৰখা হৈছিল, মাজতে দুদিন গেলিব পচিব দিয়া হ’ল, তাৰ পাছত আকৌ তাক ফ্ৰিজত ঠাণ্ডা কৰি সতেজ মাংস বুলি দাবী কৰা । মুঠতে আমি দেখিলো, ফাৰ্মাচীৰ পৰা টি টি বেজী লোৱা -নোলোৱা প্ৰায় একেই কথা । অৱশ্যে, ব্যক্তিগত নাৰ্ছিং হোম কিছুমানে য’ত অন্যান্য ভেকছিন দিয়াৰ ব্যৱস্থা আছে, ক’ল্ড-চেইন পদ্ধতি মানি চলিব পাৰে । গতিকে, টি টি বেজী লোৱাৰ প্ৰয়োজন হ’লে, ক’ল্ড চেইন কেন্দ্ৰ উপলব্ধ থকা চৰকাৰী চিকিৎসালয়লৈ গৈ বেজীটো লোৱা ভাল ।প্ৰায় সকলো খণ্ড প্ৰাথমিক চিকিৎসালয়তে আৰু কিছুমান প্ৰাথমিক চিকিৎসালয়তো কোল্ড- চেইনৰ ব্যৱস্থা থাকে । এনে চিকিৎসালয়ত ILR নামক বিশেষ ফ্ৰিজত অতি সাৱধানতা আৰু সতৰ্কতাৰে ক’ল্ড চেইন পৰিচালনা কৰি ভেকছিনবোৰ সংৰক্ষণ কৰা হয় ।চিকিৎসালয়লৈ আনোতে বা চিকিৎসালয়ৰ পৰা ভেকছিন দিয়া ঠাইলৈ নিওঁতে ভেকছিনবোৰ সদায় ফ্ৰিজ বা আইচ বক্সতহে সৰাবৰাহ কৰা হয় । অৰ্থাৎ কোনোপধ্যেই ভেকছিনবোৰ নিৰ্দিষ্ট উঞ্চতাৰ পৰিধিৰ বাহিৰত যাব দিয়া নহয় । কিবা দুৰ্ঘটনাবশত যদি একমুহুৰ্তৰ বাবেও উঞ্চতাৰ পৰিধি অতিক্ৰম হয়, লগে লগে ভেকছিনবোৰ নষ্ট হৈ যোৱা বুলি ধৰি লৈ নিস্কাষণৰ (পেলাই দিয়াৰ) ব্যৱস্থা কৰা হয় ।
কিন্তু, মনত ৰাখিব লাগে যে আঘাত প্ৰাপ্ত হোৱাৰ বা আন যিবোৰ ক্ষেত্ৰত টি টি বুষ্টাৰ বেজী লোৱা আৱশ্যক তেনে পৰিস্থিতিৰ ৬ ঘণ্টাৰ ভিতৰতে বেজীটো লোৱা উত্তম । ৬ ঘণ্টা পাৰ হলে ধনুষ্টংকাৰ ৰোগৰ প্ৰতিৰোধৰ বাবে টি টি বেজিৰ ওপৰিও হিউম্যান টিটেনাচ ইম্যুনগ্ল’বলিন বুলি এবিধ বেজীৰ প্ৰয়োজন হ’ব পাৰে ।
লেখক :- ডা: আমিৰুল ইছ্লাম খান
উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 4/27/2020