অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বসন্ত কালৰ নানা ৰোগ আৰু প্ৰতিকাৰ :

 

প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই আকৌ আগমন বসন্তৰ। শীতৰ প্ৰকোপত লঠঙা হৈ পৰা বৃক্ষ, তৰু-লতাৰ আগত গজালি মেলিছে কোমল কোমল কুঁহিপাতে। পল্লৱিত হৈ পৰিছে উদ্ভিদ জগত। কিন্তু এই বসন্তৰ বিশৃংখল বতাহৰ জাকবোৰে যে প্ৰাকৃতিক পৰিবেশ ধুলিৰে ধুসৰিত কৰি তোলে। প্ৰায় মানুহ নানা ৰোগেৰে আক্ৰান্ত হৈ পৰে। পানীলগা, কাহ, জ্বৰ, জণ্ডিছ, টাইফয়েড, বসন্ত, গাৰ বিষ, মুৰৰ বিষ, বাত আদি ৰোগত শিশুৰ পৰা বৃদ্ধলৈকে অধিকাংশ লোকে ভুগিবলগীয়াত পৰে। কাৰণ ধুলিৰে ধুসৰিত বতাহ উক্ত ৰোগসমুহৰ বীজাণু উৰি থাকে। যেতিয়া নিউম’কক্কাছ ষ্টেফিল’কক্কাছ’, ‘ইনফ্লুয়েঞ্জা’ আদি ৰোগৰ বীজাণুবোৰেই মানৱদেহৰ ভিতৰত নাক আৰু মুখেৰে উশাহত প্ৰৱেশ কৰে, তেতিয়া মানুহে জ্বৰ, কাহ, মুৰৰ বিষ, টাইফয়েড আদি ৰোগত আক্ৰান্ত হৈ পৰে। সেয়ে উক্ত ৰোগসমুহৰ পৰা হাত সাৰি থাকিবলৈ যথেষ্ট সাৱধানতা অৱলম্বন কৰি চলাটো বাঞ্চনীয়। তদুপৰি ৰোগ প্ৰতিৰোধ কৰিব পৰা খাদ্য ভিটামিন-চি, যেনে-নেমু, মধুৰিআম, সুমথিৰা, আমলখি, গোল নেমু, পকা বিলাহী আদিৰ উপৰি পালেং, চজিনাৰ কোমল পাত, ফুল, খৰিচা আদি খোৱা উচিত।

বসন্তকালীন কেইবিধমান ৰোগ আৰু ৰোগৰ প্ৰতিকাৰৰ উপায় সম্পৰ্কে তলত কিছু কথা উনুকিওৱা হ’ল -

*জণ্ডিচ: ইয়াক সাৰ বেমাৰ বা কামলাও বোলা হয়। এই ৰোগত মানুহৰ চকু, জিভা, গাৰ ছাল আৰু প্ৰস্ৰাৱো হালধীয়া হয়। শৰীৰ বৰ দুৰ্বল হৈ পৰে, জ্বৰ হয়, ভোক প্ৰায় নালাগে। গতিকে বসন্তকালত হোৱা ই এবিধ ভয়াৱহ ৰোগ। দুষিত পানী আৰু আহাৰ গ্ৰহণৰ ফলত এই ৰোগত আক্ৰান্ত হৈ পৰাৰ মুল কাৰণ। বতাহত উৰি অহা বীজাণুৱে বিশেষকৈ পানী আৰু আহাৰ দুষিত কৰি তোলে। এই ৰোগ হ’লে মানুহৰ যকৃতৰ অন্তৰ্গত পিত্তাশয়ৰ পৰা ওলোৱা পিত্তবৰ্ণক যথেষ্ট বাঢ়ি যায়। তেতিয়া যকৃতৰ কোষে তাক গ্ৰহণ কৰিব নোৱাৰা হয়। ফলত ই ৰক্ত নলিকাৰ সৈতে মিহলি হৈ যোৱাৰ বাবে দেহৰ অংগ-প্ৰত্যংগসমুহৰ বৰণ হৈ পৰে। ৰোগ চিনাক্তকৰণ হোৱাৰ লগে লগে উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা উচিত। বাহিৰত য’তে-ত’তে যিকোনো আহাৰ-পানী গ্ৰহণ কৰাটো নিষিদ্ধ। পানী উতলাই চেঁচা কৰি খাব লাগে। আমলখি, কুঁহিয়াৰ, মানিমুনি , মাটিকাঁদুৰি, কৰ্দৈ আদি নিয়মীয়াকৈ খোৱা উচিত। আনহাতে মাছ-মাংস, কণী, গাখীৰ, তেল, মছলা, ৰহৰ, বুট-মাহ, পাপৰ আদি খোৱাৰ পৰা সম্পুৰ্ণ বিৰত থাকিব পাৰিলে ৰোগীয়ে নিশ্চয় আৰোগ্য লাভ কৰিবলৈ সমৰ্থ হয়।

*টাইফয়েড: পানীত থকা ‘ছালম’নেলাটাইফি’ নামৰ বীজাণুবিধৰ পৰা এই সময়ত টাইফয়েড জ্বৰ হয়। তদুপৰি অপৰিষ্কাৰ আহাৰ গ্ৰহণৰ ফলতো এইবিধ জ্বৰ হয়। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় হ’ল-শাক-পাচলি, ফল-মুলবোৰ গৰমপানীৰে ধুই খোৱা উচিত। গাখীৰ আৰু পানী উতলাই চেঁচা কৰি ব্যৱহাৰ কৰিব লাগে। যিকোনো বাহী আহাৰ গ্ৰহণ কৰাটো হানিকাৰক। এই সময়ছোৱাত এইবিধ জ্বৰৰ পৰা হাত সাৰি থাকিবলৈ বজাৰত বা বাটে-পথে মুকলি স্থানত য’তে-ত’তে বিক্ৰী কৰা খাদ্য,পানী সেৱন কৰা অনুচিত।

*মেলেৰিয়া: ই এবিধ বসন্ত কালত হোৱা জ্বৰ। কাৰণ গৰম আৰু শীতৰ সন্ধিক্ষণত মহৰ বংশ বৃদ্ধিৰ উপযোগী সময়। সেয়েহে মহৰ প্ৰকোপ এই সময়ত বেছি হয়। মহে কামুৰিলেই মানুহ এই জ্বৰত আক্ৰান্ত হৈ পৰে। ইয়াৰ প্ৰতিকাৰৰ উপায় হিচাপে ঘৰৰ চৌপাশ চাফ-চিকুণ কৰি ৰখাত গুৰুত্ব দিব লাগে। শোওঁতে সদায় আঁঠুৱা ব্যৱহাৰ কৰা উচিত। মহানিম, তিতাকেৰেলা, চজিনাৰ ফুল, চিৰতা তিতা আদি এই জ্বৰৰ অতি আৱশ্যকীয় প্ৰতিষেধক গ্ৰহণ কৰিব পাৰি।

*বসন্ত: বসন্ত কালত হোৱা আন এবিধ ৰোগ হ’ল-বসন্ত। বতাহৰ লগত এই ৰোগৰ বীজাণু আহি মানুহৰ উশাহত নাকে-মুখেৰে দেহত প্ৰৱেশ কৰিলে এই ৰোগত আক্ৰান্ত হৈ পৰে। ইয়াৰ প্ৰতিকাৰৰ মুল উপায় হৈছে-নিমগছৰ ডাল-পাত আনি ঘৰৰ ভিতৰে-বাহিৰে ৰাখিব লাগে। কাৰণ নিমপাতে বতাহ পৰিশোধন কৰাৰ উপৰি বসন্ত ৰোগৰ বীজাণু ধ্বংস কৰে। তদুপৰি ৰোগীয়ে নিমপাত, তিতাকেৰেলা খালে উত্তম ফল লাভ কৰে।

বসন্ত কালত মানুহে সঘনাই পানীলগা, কাহ আদিত ভোগে। ইয়াৰ পৰা সকাহ পাবলৈ তুলসীৰ পাত, মৌজোল, দোৰোণ শাক, আদা-নহৰু আদি সালসলনিকৈ গ্ৰহণ কৰা উচিত। ৰোগ নিৰাময়ত এনে দেব্যসমুহৰ আছে উত্তম ঔষধি গুণ। তদুপৰি শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাৰ বাবে ইয়াৰ অতি উত্তম দৰৱ হিচাপে কালজিৰা ব্যৱহাৰ কৰিব লাগে। কাৰণ ই শ্বাসতন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখে।

এনেদৰে আমি আমাৰ সেউজ প্ৰকৃতিৰ পৰাই নানা ৰোগ উপশম, নিৰাময় আৰু প্ৰতিৰোধৰ বাবে বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ বৃক্ষ, তৰু-লতা, ঘাঁহ-বন, ফল- মুল আদি পাওঁ। গতিকে আমি এইবোৰ উদ্ভিদক জধে-মধে ধ্বংস নকৰি বৰ্ং ৰোপণ কৰাতহে মনোনিবেশ কৰি সকলোৰে সুস্বাস্থ্য আৰু নিৰোগী জীৱনৰ পথ প্ৰশস্ত কৰি তোলা উচিত।

লেখক: ঘনশ্যাম দাস (সাদিন)

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate