অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৃদ্ধাৱস্থাৰ খোৱা-বোৱাৰ যতন :

বৃদ্ধাৱস্থাৰ খোৱা-বোৱাৰ যতন :

 

মানৱ জীৱন সদায় একে অৱস্থাৰ নাথাকে। প্ৰথমতে জন্ম। জন্মৰ পাছত শিশু, কিশোৰ,যৌৱন, আদহীয়া, বৃদ্ধাৱস্থা এই কেউটা অধ্যায় পাৰ কৰিবলগীয়া হয় জীৱনে। ডেকাকালটো বিধে বিধে খাদ্য খাই জীৱনটো উপভোগ কৰিলেও বয়স বঢ়াৰ লগে লগে খোৱা-বোৱাৰ প্ৰতি কিন্তু যথেষ্ট সচেতন হোৱা প্ৰয়োজনীয় হৈ পৰে।

বিশেষকৈ বয়স বঢ়াৰ লগে লগে শাক-পাচলিক যদি গুৰুত্ব দিয়া হয়, তেন্তে বয়সীয়া দেহটোক বহু ৰোগ, বহু অসুবিধাৰ পৰা সুৰক্ষা দিব পাৰি।

বৃদ্ধাৱস্থাত অতিৰিক্ত চৰ্বিজাতীয় খাদ্য খালে অম্ল, অজীৰ্ণ, ভোক নলগা আদি ৰোগ বৃদ্ধি পায়। আমি জানো যে ফল-মূল, শাক-পাচলিত চৰ্বিৰ পৰিমাণ খুব কমহে থাকে। গতিকে এটা বয়সৰ পাছত ফেটি খাদ্য খোৱাতকৈ কেইটুকুৰামান আপেল, নাচপতি, আঙুৰ, কল আৰু শাক-পাচলিহে খোৱাত গুৰুত্ব দিব লাগে। বয়সত পাকস্থলী দুৰ্বল হৈ পৰে, হজমশক্তি কমে।

এয়া সকলোৱে জনা কথা। হজমশক্তি ঠিকে ৰাখিবলৈ আৰু কোষ্ঠকাঠিন্যৰ পৰা মুক্ত হৈ থাকিবলৈ দোৰোণ শাক, কেঁচা বা পকা অমিতা, ভেদাইলতা, মানিমুনি আদিৰ পাতলীয়া জোল, পদিনা, নেমু, গাজৰ আদি খাদ্য তালিকাত ৰখা উচিত। বয়স বঢ়াৰ। লগে লগে শৰীৰত কেলচিয়ামৰ অভাৱ ঘটিবলৈ ধৰে। যাৰ ফলত হাড় ঠুনুকা হয়, দাঁতৰ সমস্যা বাঢ়ে।

অষ্টিঅ’পৰোছিছৰ দৰে কষ্টকৰ ৰোগৰ আৱিৰ্ভাৱ হয়। আনকি চিন্তাশক্তি, স্মৰণশক্তিও হ্ৰাস পায়। এই সময়ত যথা নিয়মে ঠাণ্ডাকালি- ফুলকবি, গাজৰ-মটৰ, পালেং, গৰম কালি-মূলা, মৰিচা, পূৰৈ শাক, কলমৌ, নেমু, আঙুৰ, ডালিম, মধুৰিআম, দৈ যথেষ্ট পৰিমাণে খাব লাগে। কেলচিয়ামযুক্ত খাদ্যই ৰোগ নিৰাময় কৰাত সহায় কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিকে ৰাখে।

মাজে মাজে খাই থাকিব লাগে ব্ৰাহ্মী শাক। বহুতৰ শাক খালে বদহজম হোৱা দেখা যায়। অৱশ্যে বয়সত শৰীৰে যি খাদ্য সহজে কৰিব পাৰে, তেনে খাদ্যহে খাব লাগে। মাথোঁ চাব লাগে শৰীৰে পাবলগীয়া কেলচিয়াম, প্ৰ’টিন-ভিটামিনখিনি যাতে পায়।

খাবলগীয়া খাদ্যৰ যি খালে শৰীৰে সহ্য কৰিব পাৰে, অপকাৰ নহয়, সেই খাদ্য খোৱাত গুৰুত্ব দিব লাগে। যকৃত দুৰ্বল হৈ বৃদ্ধাৱস্থাত কেতিয়াবা ৰক্তহীনতাত ভোগা দেখা যায়। তেতিয়া কোমোৰা, লেচেৰা মাহ, ৰঙা মৰিচা, কলমৌ শাক, পূৰৈ শাক, ভটুৱা শাক, আলু, অমিতাৰ লগতে অমৰাৰে তৰকাৰি বনাই খুৱাব লাগে। আনহাতে আমলখি আকৌ ৰক্তহীনতাৰ মহৌষধ।

বয়সীয়া লোকে আমলখি টেঙাকৈ ৰান্ধিলে খাবলৈ বেয়া পাব পাৰে। আমলখি সিজাই সেই ৰস ফোৰণ দিয়া তেলত ঢালি নিমখ-হালধি আৰু অলপ চেনি দি তাতে মাছ দি খাবলৈ দিব লাগে। তৰকাৰিখন অলপ পনীয়া হ’লে পি খাই লাভৱান হ’ব পাৰি। পানী লগা, শ্বাসজনিত ৰোগত চজিনা, দোৰোণ শাক, ব্ৰাহ্মী শাক খালে উপকাৰ হয়।

বৃদ্ধাৱস্থাত শৰীৰৰ প্ৰ’টিন কলাজেনৰ যোগান কম হৈ অদ্ৰৱণীয় কলাজেনৰ পৰিমাণ বৃদ্ধি পায়। তাৰ ফলতেই ছাল শোটোৰা-শোটোৰ পৰা অৱস্থা ৰোধ বা বিলম্ব কৰিব পাৰি। হাত-ভৰি, জিনজিনোৱা, কঁপনি উঠা সমস্যাত ব্ৰাহ্মী, নৰসিংহৰ পাত, টেঙেচি শাক, মানিমুনি শাক নানা ধৰণে ৰন্ধন প্ৰকৰণ কৰি খুৱাব লাগে। দাইল, কোমোৰা দি খুৱাব লাগে। হাত-ভৰিৰ জোৰা, কঁকালৰ বিষ আদিত নিয়মীয়াকৈ ভেদাইলতাৰ জোল, বৰা আদি কেইবামাহলৈ খাই থাকিলে বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি।

বয়স বঢ়াৰ লগে লগে উচ্চ ৰক্তচাপ, বহুমূত্ৰ, বুকুৰ ধপধপনি বঢ়া ইত্যাদি সমস্যাবোৰে দেখা দিয়ে। উচ্চ ৰক্তচাপ নিৰাময় কৰিবলৈ যথেষ্ট পৰিমাণে পানী, সকলো প্ৰকাৰৰ শাক-পাচলি , তেতেলিৰ চৰ্বত আৰু কেঁচা নহৰু খাব লাগে। ব্ৰাহ্মী শাকেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

কোষ্ঠকাঠিন্য দূৰ কৰি ৰাখিবলৈকো শাক-পাচলিৰ যথেষ্ট ভূমিকা আছে। ডায়েবেটিছ বা বহুমূত্ৰ ৰোগতো মহানিমৰ পাত, তিতাকেৰেলা, মেথি শাক, অমিতা, তিঁয়হ, ডালিম, আমলখি, কৰ্দৈ, ৰবাব টেঙা, নেমু টেঙা উপকাৰী।

বৃদ্ধাৱস্থাত খোৱাৰ নিয়মীয়া তালিকাৰ উপৰি শৰীৰত অলপ অলপ মালিচৰো দৰকাৰ। সৰিয়হৰ তেল, নেমু ৰস, গোলাপ জলৰ মিশ্ৰণ, গোলাপ জল-গ্লিচাৰিনৰ মিশ্ৰণেৰে হাত-ভৰি, ডিঙি, মুখ আদি মালিচ কৰিলে শৰীৰৰ ছাল বহু দিবলৈ ভালে ৰাখিব পাৰি। তদুপৰি বয়স হোৱা বুলি ছালৰ যতন ল’বলৈ এৰিব নালাগে। খোৱা-বোৱা ঠিকে ৰখা আৰু ছালৰ যতনেৰে বৃদ্ধ কালছোৱাও বহু দিনলৈ আকৰ্ষণীয়, নমনীয়, চকুত লগা কৰি ৰাখিব পাৰে। যাক কম বয়সীয়াসকলেও সপ্ৰশংস দৃষ্টিৰে চায়।

লেখিকা: নিৰুপমা বৰা(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate