অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেছিকৈ নিমখ নাখাব

বেছিকৈ নিমখ নাখাব

এটা জাতিৰ স্বাস্থ্যৰক্ষাৰ বাবে প্ৰয়োজনতকৈ কেতিয়াবা বেছি নিমখ খাব নালাগে। অৰ্থাৎ জাতিটোৰ লোকসকলৰ সুস্বাস্থ্য আৰু ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ নিমখহে গ্ৰহণ কৰা উচিত। এইদৰে মন্তব্য আগবাঢ়াইছে কেম্ব্ৰিজ মেডিকেল ৰিছাৰ্চ কাউন্সিলে। কউন্সিলৰ গৱেষকসকলৰ মতে অতিৰিক্ত পৰিমাণে নিমখ খালে উচ্চ ৰক্তচাপৰ সমস্যাই গা কৰি উঠে। এটা জাতিৰ উন্নয়নতো বাধা জন্মিব পাৰে, যদিহে দেশখনৰ অধিকাংশ লোক উচ্চ ৰক্তচাপজনিত সমস্যাত আক্ৰান্ত হয়। উচ্চ ৰক্তচাপত আক্ৰান্ত হ’লে বিভিন্ন ধৰণৰ ৰোগ, বিশেষকৈ ডায়েবেটিছ, ষ্ট্ৰোক, হৃদৰোগ আদিৰ সৃষ্টি হ’ব পাৰে। এনে ৰোগত অক্ৰান্ত হ’লে স্বাভাৱিকভাৱে কাৰ্য সম্পাদনত ব্যাঘাত জন্মে। দৈনন্দিন কাম-কাজ যদি সঠিক সময়ত সঠিকভাৱে সম্পাদন কৰিব নোৱাৰে, তেন্তে পৰোক্ষভাৱে ইয়াৰ প্ৰভাৱ দেশখনৰ অৰ্থনীতি, স্ংস্কৃতি, ৰাজনীতি আদি সকলোতে পৰে। সূক্ষ্ম দৃষ্টিকোণৰপৰা বিশ্লেষণ কৰিলে বিষয়টো স্পষ্ট হৈ পৰে যদিও এইক্ষেত্ৰত বহুতেই অৱহেলা কৰা দেখা যায়।

বৃটিছ গৱেষক্সকলৰ মতে দেশখনৰ উচ্চ ৰক্তচাপত ১৩ শতাংশ লোক আৰু মস্তিস্কৰ ৰক্তক্ষৰণত ১০ শতাংশ লোক আক্ৰান্ত হয়। এই হাৰ হ্ৰাস কৰাটো সম্ভৱ হ’ব যদিহে দেশখনৰ জনসাধাৰণে নিমখ খায়। গৱেষকসকলৰ মতে নিৰ্দিষ্ট পৰিমাণৰ নিমখ খালে বছৰি কমেও ৩৫ হেজাৰ লোকৰ অকাল মৃত্যু প্ৰতিৰোধ কৰা সম্ভৱ হ’ব। এইখিনিতে উল্লেখ কৰিব খুজিছো যে জাপানৰ লোকসকল বেছিকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। ইয়াৰ কাৰণ খাদ্যভ্যাস। সধাৰণতে জাপানী লোকসকলে নিতৌ বেছি পৰিমাণে সাগৰীয় মাছ খায়। সাগৰীয় মাছত ছ’ডিয়াম প্ৰচুৰ পৰিমাণে থাকে। সেয়েহে এক সমীক্ষাত দেশখনৰ গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে বিশ্বৰ আন দেশৰ তুলনাত জাপানীসকলে বেছিকৈ উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। অৱশ্যে সাগৰীয় মাছত ওমেগা-৩ ফেটী এচিড বেছি পৰিমাণে থাকে বাবে দেশখনৰ জনসাধাৰণ হৃদৰোগত কমকৈ আক্ৰান্ত হয়। বিশ্বৰ প্ৰতিটো অঞ্চলতে খাদ্যভ্যাস ভিন্ন। খাদ্য সম্ভাৰ প্ৰস্ত্তত প্ৰণালীও ভিন্ন। কিছুমান অঞ্চলত খাদ্য প্ৰস্ত্তত কৰোতে বেছি পৰিমাণে নিমখ ব্যৱহাৰ কৰে। আনহাতে, কিছুমান অঞ্চলত উৎপাদিত খাদ্যত প্ৰকৃতিৰ বুকুৰপৰাই বেছি পৰিমাণে ছ’ডিয়াম জমা হৈ থাকে। গতিকে এইবাৰ খাদ্য প্ৰস্ত্ততৰ সময়ত যদি বেছি পৰিমাণে নিমখ ব্যৱহাৰ কৰা হয় তেতিয়াহ’লে শৰীৰত অতিৰিক্ত পৰিমাণে ছ’ডিয়াম-পটাছিয়াম প্ৰৱেশ কৰে। এনেদৰে নিতৌ শৰীৰে অতিৰিক্ত ছ’ডিয়াম-পটাছিয়াম লাভ কৰি থাকিলে ৰক্তচাপ বৃদ্ধি হ’ব। ৰক্তচাপ বৃদ্ধি মানে বিভিন্ন ধৰণৰ ৰোগে গা কৰি উঠিবলৈ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰা।

দৰাচলতে আমি যিবোৰ খাদ্য প্ৰস্তত কৰো, তাত প্ৰকৃতিৰ বুকুৰপৰা লাভ কৰা ছ’ডিয়াম-পটাছিয়াম থাকে। অৱশ্যে সকলোতে সমালে নাথাকে। যিবোৰ খাদ্যত এই উপাদান দুবিধ প্ৰয়োজনতকৈ বেছি থাকে, সেইবোৰ কম পৰিমাণে দৈনন্দিন খাদ্য, তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে। আনহাতে, আজিকালি বজাৰত যিবোৰ প্ৰস্ত্তত কৰি খোৱা মুখৰোচক খাদ্য উপলব্ধ, সেইবোৰৰ অধিকাংশতে বেছিকৈ নিমখ মিহলি হৈ থাকে। বিশেষকৈ প্ৰক্তিয়াকৰণত খাদ্য বা ‘প্ৰচেছড ফুড’ত প্ৰয়োজনতকৈ বেছি নিমখ থাকে বাবে এনেধৰণৰ খাদ্য গ্ৰহণৰ সময়ত সতৰ্ক হোৱা উচিত। চিপছ্‌ চাওমিন, মাখন, চানাচুৰ আদিতো নিমখ বেছি পোৱা যায় বাবে এইবোৰ সদায় খোৱা উচিত নহয়।

আজিকালি বৃক্কৰ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ অন্যতম কাৰণ হ’ল খাদ্যভ্যাস। প্ৰয়োজনতকৈ বেছি নিমখ খাদ্যৰ মাধ্যমত শৰীৰত প্ৰৱেশ কৰি থকাৰ ফলত ইয়াৰ পৰোক্ষ প্ৰভাৱ পৰে বৃক্কৰ ওপৰত। নিমখত থকা অতিৰিক্ত ছ’ডিয়াম বৃক্কৰ মাধ্যমেদি শৰীৰৰপৰা ওলাই যায়। কোনো কাৰণত বৃক্ক অসুস্থ হ’লে এই ছ’ডিয়াম শৰীৰত জমা হ’বলৈ ধৰে। সমন্ন্তৰালভাৱে কোষসমূহে অতিৰিক্ত পৰিমাণে পানী শোষণ কৰাত হাত-ভৰি, মুখ আদি ফুলে। সঞ্চিত পানীৰ পৰিমাণ নিষ্কাসনৰ ফলত হৃদযন্ত্ৰৰ ওচৰত চাপ বৃদ্ধি পায়। এনেদৰেই বৃদ্ধি পায় ৰক্তচাপ। গতিকে যিসকল লোকৰ বৃক্কৰ ৰোগ বা সমস্যা আছে, তেওঁলোকে নিমখ কমকৈ খোৱাটোৱে ম্ংগলজনক।

এগৰাকী সুস্থ লোকক নিতৌ পাঁচ গ্ৰাম নিমখৰ প্ৰয়োজন। বিশ্ব স্বাস্থ্য স্ংস্থাৰ শেহতীয়া তথ্যত ইয়াৰ বিপৰীত ছবি এখন প্ৰতিফলিত হ’ল ভাৰতীয় লোকৰ ক্ষেত্ৰত। এই তথ্য মতে গড় হিচাপত এজন ভাৰতীয় লোকে ৯ৰপৰা ১২ গ্ৰাম নিমখ খায়। তুলনামূলকভাৱে চহৰাঞ্চলত নিমখ বেছিকৈ খোৱাৰ প্ৰৱণতা আছে। এনেদৰে খাদ্যৰ মাধ্যমত শৰীৰত প্ৰৱেশ কৰা ছ’ডিয়াম আৰু পটাছিয়ামৰ অতিৰিক্ত পৰিমাণে ক্ষতিসাধন কৰে। এইখিনিতে ‘অদৃশ্য নিমখ’ৰ বিষয়ে উল্লেখ কৰিব লাগিব। আমি দৈনন্দিন খাদ্য তালিকাত যিবোৰ খাদ্য অন্তৰ্ভূক্ত কৰো সেইবোৰ প্ৰস্ত্তত কৰোতে যিমান পৰিমাণৰ নিমখ শৰীৰত প্ৰবেশ কৰে, তাতকৈ বেছি প্ৰবেশ কৰে চানাচুৰ, বিস্কুট, বিভিন্ন ধৰণৰ মিক্সাৰ, চালাড আদিৰ উপৰি চিপছ্‌, ফাষ্ট ফুড আদিৰ জৰিয়তে। আজিকলি চিপছ্‌ জাতীয় বস্ত্ত খোৱাৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে। এনেদৰে আমাৰ অসাৱধানতাৰ ফলত এইবোৰৰ মাধ্যমেদি যি নিমখ শৰীৰত প্ৰৱেশ কৰে সেইখিনিয়েই ‘অদৃশ্য নিমখ’। এই অদৃশ্য নিমখ গ্ৰহণত ভাৰতৰ প্ৰতিখন ৰাজ্যই এখোপ ওপৰত। ওড়িশাৰ লোকসকল এইক্ষেত্ৰত শীৰ্ষস্থানত আছে।

লিখক: ডা: প্ৰবীৰ কুমাৰ বৰদলৈ।

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate