অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেছিকৈ মালিচ কৰিলে গলধনৰ বিষ বাঢ়িব পাৰে :

বেছিকৈ মালিচ কৰিলে গলধনৰ বিষ বাঢ়িব পাৰে :

 

চেলুনত চুলি কটাবলৈ গ’লে, চুলি-দাড়ি কটাৰ পিছত নাপিতে আপোনাৰ মূৰ আৰু গলধন বিনামূলীয়াকৈ মালিচ কৰি দিয়ে নেকি? বেছি সংখ্যক গ্ৰাহকেই এনে ধৰণৰ বিনামূলীয়া মালিচ এটা চুলি কটোৱাৰ পিছত লাভ কৰাটো উপভোগ কৰে। হেয়াৰ ড্ৰেছাৰ কামৰ ভিৰত এই কাম কৰিব নুখুজিলেও গ্ৰাহকে জোৰ কৰি মালিচ কৰোৱাব বিচাৰে। কিন্তু এই কামত অলপ সাৱধন হোৱা ভাল। এই বিষয়ত চলোৱা এটা অধ্যয়নত প্ৰকাশ পাইছে যে এনে ধৰণে গলধনৰ হাড় ভাগি যোৱাৰ ‘ৰিক্স’ থাকে। প্ৰকৃততে ভাৰতত এই ব্যৱস্থাটো বহুযুগ আগৰে পৰা প্ৰচলিত হৈ আছে। এই পৰম্পৰা মানি মালিচ কৰি থকা নাপিতে আপোনাৰ মূৰত আৰু থুতৰিত দুয়োখন হাতেৰে ধৰি গলধনটো জোৰেৰে বাওঁপিনে বা সোঁপিনে পকাই দিয়ে।

বিশেষজ্ঞসকলৰ মতে এনে ধৰণৰ মালিচ অতিশয় বিপজ্জনক হ’ব পাৰে। এনে ধৰণৰ ডিঙিৰ হাড় পকাই দিয়া মালিচে বৃদ্ধি লোকৰ ৰাজহাড় ভাঙি দিব পাৰে আৰু বহু লোকৰ শ্বাসতন্ত্ৰত এক প্ৰকাৰৰ নিৰাময়বিহীন বিসংগতিৰ সৃষ্টি কৰিব পাৰে। চেলুনবিলাকত গলধনৰ মালিচ বন্ধ কৰাৰ কাৰণে চৰকাৰে কিছুমান নীতি-নিৰ্দেশনা ঠিক কৰি দিবলৈ বহুতো বিশেষজ্ঞ চিকিৎসক আৰু সৰ্বসাধাৰণ ৰাইজে আহ্বান জনাইছে। নহ’লে একমাত্ৰ এই ধৰনৰ মালিচৰ ফলতে বহু ঠাইত বহুতো লোকে আজীৱন কোনো ধৰণৰ চিকিৎসা নোলোৱাকৈ গলধনৰ হাড়ৰ বিকৃতি, স্নায়ুতন্ত্ৰৰ ৰোগ আৰু শ্বাসতন্ত্ৰৰ ৰোগত ভুগি শয্যাশায়ী হৈ জীৱন কটাব লগাত পৰিছে।

ভাৰতীয় নাপিতৰ চেলুনত এনে ধৰণৰ মালিচ এটা সাধাৰণ প্ৰচতিত ‘সেৱা’। চুলি কটোৱাৰ পিছত বহুতে এনে ধৰণে মালিচ কৰোৱাবলৈ ভাল পায় আৰু বহুতে এনে ধৰণৰ মালিচৰ যোগেদি গলধনৰ হাড়ৰ সঞ্চালন মুকলি হৈ থাকে বুলি ভাৱে। কিন্তু বিশেষজ্ঞ চিকিৎসকৰ মতে মেৰুদণ্ডৰ লগত লাগি থকা ধমনীবিলাকত এই ধৰণৰ মালিচে আঘাত কৰিব পাৰে আৰু জোৰ প্ৰয়োগ কৰি গলধন ঘূৰাই দিয়াৰ ফলত তেনে ধৰণৰ ধমনী ফুটাই দিব পাৰি। যদি এনেদৰে ফুটাই দিয় ধমনীৰ আঘাত সৰু হয়, সেইবিলাক ক্ষত পিছলৈ নিজে নিজে ঠিক হৈ যাব পাৰে। কিন্তু যদি সেই ক্ষত অলপ ডাঙৰ ধৰণৰ নহয়, তেনেহ’লে সেই ফালেদি ৰক্তক্ষৰণ বন্ধ কৰিবৰ কাৰণে তেজ পাতল কৰিব পৰা ঔসধ খুৱাব লগাও হ’ব পাৰে। কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত অস্ত্ৰোপচাৰ পৰ্যন্ত কৰিব লগা হ’ব পাৰে। এনেধৰণৰ ধমনীৰ লগত জড়িত সমস্যাৰ বাবে ক্ষতিগ্ৰস্ত ধমনীৰ পথ পুনৰ ঠিক কৰি দিব লগা হয়। এজন বিশেষজ্ঞ নিউৰোচাৰ্জনৰ মতে, এনে ধৰণৰ আসুৰিক মালিচৰ পৰিণতিত বহুতো লোকৰ ষ্ট্ৰোক হোৱাৰ প্ৰমাণ পোৱা গৈছে আৰু তাৰে ভিতৰত কিছুসংখ্যকৰ অকাল মৃত্যুও ঘটিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 2/9/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate