ভিটামিন ‘ডি’’য়ে আমাৰ শৰীৰৰ স্বাস্থ্য ৰক্ষাত বহুত প্ৰকাৰে সহায় কৰে। ভিটামিন ‘ডি’য়ে অষ্টিঅ’পৰোচিছ, মানসিক স্ংঘাত, প্ৰোষ্টেট কেন্সাৰ, ডায়েবেটিচ আৰু মেদবহুলতা ৰোগত বিশেষভাৱে বাধা প্ৰদান কৰে। ভিটামিন ‘ডি’ সম্ভৱ বিশ্বৰ আটাইতকৈ পুষ্টিসাধক উপাদান, কিয়নো আমাৰ শৰীৰত সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত স্বাস্থ্য সবল কৰি ৰোগ প্ৰতিৰোধ কৰাত ই বিশেষভাৱে সহায় কৰে। আমেৰিকা, কেলিফৰ্ণিয়াৰ কৰ্কট ৰোগ বিশেষজ্ঞ ডা: বৰিক ডিয়াৰ্গৰ মতে “Vitamin ‘D’ is perhaps the singlemost underrated nutrient in the world of nutrition. That probably because it’s free, your body makes it when sunlight touches your skin.’
ৰাতিপুৱা সূৰ্যৰ ৰশ্মি শৰীৰত পৰিলে যিবিলাক বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি, সেইবিলাকৰ বিষয়ে কিছু আলোচনা আগবঢ়াবলৈ ৱি নিবন্ধটিৰ যোগেদি চেষ্টা কৰা হৈছে।
ইংলেণ্ডৰ বিখ্যাত চিকিৎসক নেফ্ৰল’জিষ্ট ডা: গৰ্ণিয়ে ভিটামিন ‘ডি’ৰ ওপৰত এটা অধ্যয়ণৰ যোগেদি জানিব পাৰিলে যে ‘Vitamin ‘D’ is activated in yours body by your kidneys and liver before it can be used. Having kidney disease or liver damage can great impair your body’s ability to activate circulating vitamin ‘D’.
ভিটাইন ‘ডি’ আমাৰ শৰীৰে যথেষ্ট পৰিমাণে পালে অন্য কোনো অসুখে সহজতে আক্ৰমণ কৰিবন্ব নোৱাৰে। সূৰ্যৰ ৰশ্মি আমাৰ শৰীৰে নিয়মিত আহৰণ কৰি থাকিলে ই এণ্টিঅক্সিডেণ্ট হিচাপে শৰীৰত শক্তি যোগান ধৰি থাকে। এণতিঅক্সিডেণ্ট সমৃদ্ধ ফল-মূলৰ ভিতৰত ডালিম, জামু আৰু গাজৰত শৰীৰে বিচৰা প্ৰায়বোৰ উপাদান পাব পাৰো।
ভিটামিন ‘ডি’ৰ অভাৱত হোৱা আটাইতকৈ ডাঙৰ অসুখটো হৈছে অষ্টিঅ’পৰোচিচ। ইয়াৰ অভাৱত কেলচিয়ামৰ পৰিমান হ্ৰাস পায়। যথেষ্ট পৰিমাণৰ ভিটামিন ‘ডি’ৰ অভাৱত হোৱা অন্য এটা অসুখ হ’ল প্ৰোষ্টেট কেন্সাৰ। শৰীৰে প্ৰয়োজন অনুসৰি ভিটামিন ‘ডি’ আহৰণ কৰিব পাৰিলে এই অসুখ সহজতে বাধা দিব পাৰি। হাড় ক্ষয় যোৱা বা ৰিকেট্চ ভিটামিন ‘ডি’ৰ অভাৱত হয়। তাৰোপৰি ভিটামিন ‘ডি’ৰ অভাৱত স্তন কেন্সাৰ, ওভাৰিয়ান কেন্সাৰ, মানসিক স্ংঘাত, ক’লন কেন্সাৰ, ডায়েবেটিচ টাইপ-২ আদি অসুখত আক্ৰান্ত হ’ব পাৰে।
ভিটামিন ‘ডি’ৰ অভাৱে শৰীৰত মেদবহুলতা হোৱাত অৰিহনা যোগায়। এনে অসুখত ভোগা লোকে যথেষ্ট পৰিমাণে ভিটামিন ‘ডি’ গ্ৰহণ কৰিব পাৰে। দৈনিক ৰাতিপুৱা ২৫-৪০ মিনিট খালী গাত সূৰ্যৰ পোহৰ পৰিবলৈ দিব লাগে। পেট, বুকু, পিঠিত উন্নত ধৰণৰ মিঠাতেল ঘঁহি ৰ’দত বহি থকাৰ অভ্যাস কৰা ভাল। চৰিওচিচ বেঅমাৰত ভিটামিন ‘ডি’ অতি প্ৰয়োজনীয়। ভিটামিন ‘ডি’ৰ অভাৱত চিজোফ্ৰেনিয়াতোপ আক্ৰান্ত হ’ব পাৰে।
ক্ৰণিক ভিটামিন ‘ডি’ৰ অভাৱত কেতিয়াবা চিকিৎসকৰ চকুত ভুল লক্ষণে দেখা দিব পাৰে। ইয়াক ফাইব্ৰ’মায়েলজিয়া বুলি ভাবি চিকিৎসা কৰা দেখা যায়। কিয়নো ইয়াৰ লক্ষণবিলাকৰ ইমান মিল আছে যে কেতিয়াবা ভিটামিন ‘ডি’ৰ লক্ষণ, যেনে- মাংসপেশীৰ দুৰ্বলতা, বিষ আৰু শৰীৰৰ দুৰ্বলতাই দেখা দিব পাৰে।
দৈনিক বিছ মিনিট সময় সূৰ্যৰ ৰশ্মি (ৰাতিপুৱা) শৰীৰৰ বিভিন্ন্ অংগত লগাওক। নিয়মিত তিনি চাৰিমাহ ধৰি এনে অভ্যাস কৰক। দেখিব, কিছুমান ৰোগ যেনে-ডায়েবেটিচ, কেন্সাৰ আদি ৰোগ ৫০-৮০ শতাংশ কমি যাব। প্ৰতিদিনে নোৱাৰিলেও সপ্তাহত পাঁচ-ছয় দিন এনে অভ্যাস কৰক।
জুভেনাল ডায়েবেটিচ হ’লে শিশুবিলাক আক্ৰান্ত হয়। তেওঁলোকে ভিটামিন ‘ডি’ চাপ্লিমেণ্ট(২০০০)নিতৌ পালে ৰোগৰ প্ৰাবল্য শতকৰা ৮০ শতাংশ হ্ৰাস পায়। তেওঁলোকৰ টাইপ ২ ডায়েবেটিচো কমি যাব।
ভিটামিন ‘ডি’ৰ অন্য কেইটিমান উৎস হ’ল-মাছৰ তেল, ঘিউ, কণী, মাখন, কডলিভাৰ অয়ল, চাৰ্ক লিভাৰ অয়ল ইত্যাদি।
লেখক: ডা: উপেন দত্ত, স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
আঁঠুৰ বিষৰ হোমিও আৰু আকুপাংচাৰ চিকিৎসা
অজীৰ্ণ ৰোগৰ ঘৰুৱা চিকিৎসা
অজীৰ্ণ ৰোগৰ যৌগিক চিকিৎসা
অন্য এক চিকিৎসা প্ৰণালী এৰ’মাথেৰাপী