অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেজাল পনীয়

ভেজাল পনীয়

আমি দৈনন্দিক ব্যবহাৰ কৰা পানী,পানীয়,এনাৰ্জী ড্ৰিংক,সুৰা আদি সকলোৰে ভেজালকৰন হয়।বটলত বিক্ৰি কৰা পানীত নিদিষ্ট পৰিমানে ক্লৰিন নাথাকে।দূষিত হলেও বিশুদ্ধ বুলি ভূল লেবেল লগাই ভেজালকৰন কৰি বিক্ৰি কৰে।এনে দুষিত পানী খালে ডায়েৰীয়া।ডিছেন্ট্ৰী,কলেৰা, টাইফয়ড, জণ্ডিছ, হেপাটাইটিছ আদি হব পাৰে। ফ্লৰিন বেছিকৈ থাকিলে ফ্লৰছিছ আৰু আৰ্ছেনিক বেছিকৈ থাকিলে আছেৰ্নিজিম ৰোগ হব পাৰে।

শীতল পানীয়ত কৃত্ৰিম মিঠা এছপাৰ্টেম,চুক্ৰালুজ,চেকাৰিন,ছৰ্বিটল,মেনিটল।জিলেটল।ছডিয়াম ছাইক্লমেট আদি মিহলাই ভেজাল কৰা হয়।এইবোৰ ৰাসায়নিক পদাৰ্থই এণ্ডোক্ৰাইন গ্ৰন্থিৰ কামত আউল লগোৱাৰ উপৰি স্নায়ুতন্ত্ৰ আৰু বৃক্কৰ বিপদ মাতি আনে।ছেকাৰিনে কৰ্কট ৰোগ কৰে।এছপাৰ্টেমে কৰ্কট ৰোগ আৰু স্নায়ুৰোগ কৰে।হাই-ফ্লুক্টোজ কৰ্নছীৰাপ নামৰ মিঠা পদাৰ্থই মেদবহুলতাই সহায় কৰে।শীতল পানীয়ত উচ্চ পৰিমানে ফছফৰিক এচিড থাকে।ই হাড়ৰ ক্ষতি কৰি অষ্টিওপৰছিছ কৰিব পাৰে।এইবোৰে শৰীৰত পটেছিয়ামৰ পৰিমান হ্ৰাস কৰি হৃপিণ্ড স্পন্দন অনিয়মীয়া কৰা,গাৰ বিষ কৰা,মাংসপেশীৰ অলসতা কৰা,কোষ্ঠকাঠিন্য কৰা,আৰু শ্বাস-প্ৰ্শ্বাসত দিগদাৰী দিব পাৰে।শীতল পানীয়,এনাৰ্জী ড্ৰিংকছ আদিত মিহলোবা কেফেইনে কেলচিয়াম শোষনত বাধা দি গৰ্ভৱতী মহিলা ভ্ৰূন আদিৰ ওপৰত কুপ্ৰভাব পেলায়।বহু সময়ত এনে বটলত থকা এনে পনীয়বোৰৰ ভিতৰত পোক-পত্ংগ,কীট,লেতেৰা পদাৰ্থ আদি পোৱা যায়।আইন অনুযায়ী এই সকলোবোৰ খাদ্যসামগ্ৰীৰ ভেজালকৰনত পৰে।বাটত পোৱা ৰঙীন চৰবত আৰু আইচক্ৰীমত বিষাক্ত ৰ্ং মিহলাই দিয়া হয়।এই কৃত্ৰিম ৰ্ংবোৰে শৰীৰৰ কি বিপদ কৰিব পাৰে পৃথকে আলোচনা কৰিম।

বজাৰত পেকেট আৰু প্লাষ্টিক বটলত উপলদ্ধ ফলৰ ৰসত চেনী,ভিটামিন চি আদি দি ভেজাল কৰাৰ উপৰি বেছিদিন বেয়া নোহোৱাকৈ ৰাখিবলৈ কিছুমান কৃত্ৰিম ৰাসায়নিক স্ংৰক্ষক দিয়া হয়।মিহলোবা পদাৰ্থই শৰীৰৰ ক্ষতি কৰিব পাৰে।বহু সময়ত এন বটলত থকা এনে ফলৰ ৰসবোৰৰ ভিতৰত পোক-পত্ংগ,কীট,লেতেৰা পদাৰ্থ আদি পোৱা যায়।ৰাস্তাৰ কাষত বিক্ৰি কৰা ফলৰ ৰসবোৰত নানা বীজানু যেনে-ই-কলাই,ভিব্ৰিঅ,চাল্মোনেলা,আদি মিহলি হৈ ডায়েৰীয়া,ডিছেন্ট্ৰি আদি ৰোগ কৰিব পাৰে।

The federal Food,Drugs and Cosmetic(FD&C)Act1938 অনুসৰি খাদ্যসামগ্ৰীবিধ ৰখা পাত্ৰটো যদি আংশিক বা সম্পূৰ্নভাৱে স্বাস্থ্যৰ অনিষ্ট কৰিবপৰা পদাৰ্থৰ দ্বাৰা তৈয়াৰী হয় আৰু ই ভিতৰৰ থকা খাদ্যত মিহলি হোৱাৰ আশ্ংকা থাকে,তেন্তে তাক খাদ্য সামগ্ৰীৰ ভেজালকৰন কৰা বুলি কোৱা হয়।সেই অনুসৰি পানীকে ধৰি এই পানীয় এনাৰ্জি ড্ৰিকং ফলৰ ৰস আদি ৰখা প্লাষ্টিকৰ বটলবোৰৰ তৈয়াৰী পদাৰ্থ চাব লাগে।এই বটলবোৰৰ তলপিনে এটা ত্ৰিভূজ থাকে আৰু তাত ১ৰ পৰা ৭ৰপৰা ভিতৰত কিবা এটা নম্বৰ লিখা থাকে।এই স্ংখ্যাই প্লাষ্টিক বটলৰ মান নিৰ্নয় কৰে।নিম্ন মানৰ প্লাষ্টিক বটলত কিছুমান ক্ষুদ্ৰ চিহ্ন থাকে।এইবোৰেৰে বীজানু সোমাই ভিতৰৰ পদাৰ্থ দূষিত কৰে।এনে দুষিত পানীয় খালে নানা ৰোগ হব পাৰে।১ সকলোতকৈ নিৰাপদ।২,৩,৪,৫ নিৰাপদ।৬ আৰু ৭ নিৰাপদ নহয়।বিশেষকৈ ৭ অন্তভুক্ত প্লাষ্টিকত থকা বিছয়েনল এ নামৰ পদাৰ্থ বিধে টাইপ ২ ডায়েবেটিছ আৰু কৰ্কট ৰোগ কৰিব পাৰে।সুৰাৰ ভেজাল কৰি মিথাইল এলকহল মিহলোবা হয়।ই মানুহৰ মৃত্যু ঘটাব পাৰে।স্থানীয়ভাবে তৈয়াৰী চুলাই আদিত চাধা,টোপনি ধৰা টেবলেট আদি মিহলাই ভেজাল কৰা দেখা যায়।

ড: ধৰ্মকান্ত কুম্ভকাৰ

শেহতীয়া উন্নীতকৰণ: : 6/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate