অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাঘ বিহুৰ উৰুকাৰ নিশাত স্বাস্থ্য কথা

মাঘ বিহুৰ উৰুকাৰ নিশাত স্বাস্থ্য কথা

‘ভোগালী বিহুৰ উৰুকাত যাম আৰু দুয়োহাতে খাম ; যম ৰজাই বোলে মই পাছে পাছে যাম’।

গুৱাহাটী, জামুগুৰি, মলুৱাল, তামোলবাৰীৰ ভোগাই, ভোগেশ্বৰ, ভোগমাই হওক বা দুখিৰামেই হওক, কম-বেছি পৰিমাণে সকলো লোকৰে প্ৰাণত মৃদু-মিষ্ট স্পন্দন তুলিব পৰাকৈ ভোগৰ বতৰা লৈ ভোগালী আহিছে এৰি অহা সেই দিনটোৰ দৰেই। জীৱনত ভোগ, সুখ, স্বাচ্ছন্দ্যনো কোনে নিবিচাৰে? নিশ্চয় সকলোৱেই বিচাৰে। তাকে লাভ কৰিবলৈ কোনোবাই পথাৰে-সমাৰে, কল-কৰাখানাই, দিহিঙে-দিপাঙে য’তে যেনেকৈ পাৰে হাড়ক মাটি কৰি, তেজক পানী কৰি কঠোৰ শ্ৰম কৰিছে, কোনোবা তপস্বী বিৰালে ৩৬৫০ দিনৰ ভিতৰত সোণৰ অসম এখন গঢ়ি দিম বুলি শ্ৰমজীৱী হোজা অসমীয়াক দিবা-স্বপ্ন দেখুৱাই দেখুৱাই মনে মনে চিপৰাং মাৰি দৈনিক গড় হিচাপে লক্ষধিক টকা চুৰ কৰি নিজৰ ‘সোণৰ’ সংসাৰ একোখন গঢ়ি লৈছে, ‘বলীৰ হাতত পৃথিৱী’ বুলি কোনোবাই চৰকাৰী ধন হোৰাহোৰে আত্মসাৎ কৰি গৈছে আৰু আন কোনোবাই হয়তো দেখদেখকৈ আইন হাতত তুলি লৈ ডকাইতি কৰি গৈছে। মুঠৰ ওপৰত যিকোনো প্ৰকাৰে ভোগ কৰিবলৈ স্বচ্ছ্লতা লাগে। পিছে স্বচ্ছলতা অনায়াসে আহিলেও সুখ নাহিব পাৰে, যদি স্বাস্থ্য ভালে নাথাকে। সু-স্বাস্থ্যই স্বাগত নকৰিলে কিহৰ ভোগালী? আৰু কিহৰেইবা ভোগ? ঠিক তেনেকুৱা ধৰণৰ নানান প্ৰসংগই স্থানাধিকাৰ কৰিছিল গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত সোণাইঘূলি পাহাৰৰ এটি পামঘৰৰ চোতালত মাঘ বিহুৰ উৰুকাৰ শীতেৰে কঁপোৱা নিশাটি দপ্‌দপ কৰি জ্বলি থকা অগনিয়ে উমাল কৰি তোলা চতুৰ্বৰ্ণৰ সমবেত লোক সকলৰ কথাৰ মহলাত। ৰহধলা পথাৰত মেইজ্ৰ কাষত বহি ভোজ-ভাত খাই ভূতৰ কাহিনী শুনি সচকিত হৈ পৰা কোনোবা কিশোৰৰ অনিৰ্বচনীয় অভিজ্ঞতাৰ কথাৰ সঁফুৰাটোত সিমানতে সাফৰ মাৰি থৈ স্বনামধন্য বোলছবি অভিনেতা বিজু ফুকনেও আহি যোগ দিলেহি সেই কথাৰ মহলাত। প্ৰত্যেক ব্যক্তিৰ মনোজগতৰ নিভৃত কোণত আদিমতাৰ কিয়দংশ অদ্যপি যুগ-প্ৰাসংগিক আৰু অত্যাধুনিকতাৰ দৃষ্টিৰেও গ্ৰহণীয়। বিশেষকৈ আদিম মানৱৰ জীৱন নিৰ্বাহ প্ৰণালীৰ দাপোনত প্ৰতিফলিত হোৱা মেজিৰ জুইকুৰাৰ লগতে ৰজিতা খাই পৰা তথা ভোগৰ সামগ্ৰিৰে পয়োভৰা বিশেষ দিন যুগে যুগে প্ৰাসংগিক আৰু হৃদয়গ্ৰাহী হৈ আহিছে। আগ্নিৰ আৱিষ্কাৰেই মানৱ জীৱনৰ বাবে মুকলি কৰি দিলে প্ৰগতিৰ নতুন দিগন্ত। প্ৰচণ্ড শীতৰ হাড় কঁপোৱা জাৰৰ পৰা পৰিত্ৰাণ পাবলৈ অথবা ‘বন্য হিংস্ৰ জন্তৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ নাইবা তৰহে তৰহে ভোগৰ সামগ্ৰী প্ৰস্তুত কৰি ল’বলৈ শিলে শিলে ঠেকা খুৱাই টিঙিৰি তুলাৰে জ্বলাই লোৱা তাহানিৰ সেই জুঁই কুৰাই জীৱনৰ প্ৰতি খোজে খোজে মানৱক সহায় কৰি যাওতে এটা এটাকৈ অলেখ সম্পদ দি গ’ল। প্ৰধানকৈ ই দিলে সমাজ আৰু স্বাস্থ্য। প্ৰজ্বলিত অগ্নিৰ চতুৰ্দিশে সুস্থ সমাজে সৃষ্টি কৰিলে সাহিত্য, সংগীত , নৃত্য-গীত, সংস্কৃতি আৰু সভ্যতা। মুঠৰ ওপৰত এই অগ্নিয়েই হ’ল লোককৃষ্টি, সংস্কৃতি-সভ্যতাৰ প্ৰধান উৎস। সেই হেন অগ্নিক সুৰুজৰ উত্তৰায়ণেৰে স্মৰণীয় হৈ পৰা দিনত সমজুৱাকৈ আহ্বান নকৰাকৈ কেনেকৈ থকা যায়? আজিও কৃষিকেই জীৱন বুলি গ্ৰহণ কৰা মানুহে ৰ’দে-বৰষুণে কঠোৰ শ্ৰম, কৰি উৎপাদন কৰা ফচল, আদিম মনস্তত্বক দোহাই তাহানিৰ পৰম্পৰা ৰক্ষা কৰি দপ্‌দপকৈ জ্বলি থকা জুঁই কুৰা মাজত লৈ ৰং-ৰহইচেৰে সমজুৱাকৈ উপভোগ কৰে। নিষ্ঠুৰ সময়ৰ টনা-আজোৰাত শিথিল হৈ পৰা ভাতৃত্ববোধ, ঐক্য আৰু সংহতিৰ এনাজৰী ডাল এনেদৰেই পুনৰ কটকটীয়া হৈ পৰে। কৃষি কৰ্মত প্ৰত্যক্ষ ভাৱে জড়িত নোহোৱা নগৰীয়াই হওক বা চহৰীয়াই হওক, সকলো মানুহেই কোনোবা নহয়ন কোনোবা কৃষিজীৱী পুৰুষৰে বংশজ। মূলতঃ কৃষিজীৱীৰ উৎসৱ হ’লেও সেই কাৰণেই বোধকৰো পৰম্পৰাৰ দোহাই অগ্নি পূজাৰ পৰিবেশ নাপালেও পেটৰ অগনি পূজাৰ বাবে ভোগালীত ভোগৰ বাবে সামগ্ৰী গোটাবলৈ তেওঁলোকো দলে বলে ওলাই আহে বজাৰলৈ। বজাৰত হয় দলদোপ্‌, হেন্দোলদোপ, বিৰ দি বাট পাবলৈ নাই। পেটৰ অগনি পূজাই হওক বা মেজিৰ অগনি পূজাৰ অজুহাতত হোৱা পেট পূজাই হওক পূজাৰ সামগ্ৰীয়ে ; জান-জুৰি, নদ-নদীৰ জলধাৰা গৈ সাগৰ-মহাসাগৰ সৃষ্টি কৰাৰ দলে তিলে তিলে গঢ়ি তোলে স্বস্থ্য। পেট পূজনৰ বাবে যি যি সামগ্ৰী সংগ্ৰহ কৰা হয়, তাৰ ওপৰতে ঘাইকৈ নিৰ্ভৰ কৰে স্বাস্থ্যৰ গঠন আৰু হৰণ-ভগন। নিৰ্ভেজাল পযাপ্ত খাদ্যই দোহাটি কৰিব সুস্থ-সৱল। সেইটো সৰ্বজন বিদিত কথা। পিছে, তেহিনো দিৱসাঃ গতা আজিকালি মাণিকি মধুৰী, কুনকুনী কণজহা পাবলৈ নাই, শুৱাগমণি, আমপখি, মেমলাহিও নাই, বকুলবৰা, ঘিউবৰা, আঘোণীবৰা ধানৰ সে সোৱাদো পাবলৈ নাই। আৰু তাহানিৰ সেই মোক খা মোক খা ত্ৰা শাক-পাচলিবোৰ? ওলকবি, ফুলকবি, বন্ধাকবি, লাই-লফা-পালেং, বৰবেঙেনা, ভোলাবেঙেনা, বিলাহী বেঙেনা, গাজৰ, মূলা আৰু মধূসোলেং সকলোতে ৰাসায়নিক সাৰৰ প্ৰয়োভৰ। সা-সোৱাদ পাবলৈতো নায়েই, বৰং ৰাসয়নিক সাৰে পুষ্ট কৰি তোলা দেখনিয়াৰ শাক-পাচলিয়ে দেহত সিঁচি দিয়া নাইট্ৰেট আৰ উনাইঅট্ৰাইটে সৃষ্টি কৰা মাৰাত্মক নাইট্ৰচেমাইনে (CAR-CINOGEN) কেন্সাৰ ৰোগৰ সৃষ্টিহে কৰিবগৈ পাৰে। সদায় পাৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ হৈ থকা আলুগুটি কেইটাৰ প্ৰসংগ উলিয়াবলৈকে শংকা ওপজে। নাইট্ৰোজেন, ফচফৰাচ, পটাছ, এল্‌ড্ৰেক্স। মালথিয়ন, ডাইথেন এম ৪৫ আদি ভয়ংকৰ ৰাসায়নিক দ্ৰব্যৰে সমৃদ্ধ আলুগুটিয়ে পোনেই যমদুৱাৰৰ পথ নিৰ্দেশ কৰে। ফছফ’মিদন, চুমিথিয়ন, ফুৰাডন আদি শতাধিক মাৰাত্মক কীটাণুনাশকৰ অৱশিষ্টৰ তাণ্ডৱতো উপৰুৱাকৈ আছেই। ষ্টেৰইড আৰু এণ্টিবায়’টিক সন্নিবিষ্ট দানিৰে পুষ্ট ব্ৰয়লাৰ মুৰ্গী, নেফথেলিন আৰু ইউৰিয়াৰ দ্বাৰা প্ৰভাৱিত ছাগলীৰ মাংস, কীটনাশক বিহেৰে তহ্যা কৰি আনি বৰফাবৃত্ত কৰি ৰখা মাছ কিনা বেচাৰে ক্ৰয় কৰি আনি ভোগালী উৎসৱত ভোগ কৰি উঠি পৰিপাক যন্ত্ৰৰ ৰোগত ভূগি জ্বলাকলা খাই থাকিব লগীয়া হোৱাৰ সম্ভাৱনা নিচেই কম নহয়। উৰুকা নিশাৰ ৰঙীণ কল্পনা দেহি ঐ! বোলো আইৰ ঘৰলৈ যাম, পেট ভৰাই খাম, বিধিয়ে বোলে মই পাছে পাছে যাম।

মেজিৰ জুইৰ পোৰা মিঠা আলু এটাৰ ছাইবোৰ খৰিকা এডালেৰে গুচাই গুচাই বিজু ফুকনে সুধিলে – ‘বাৰু ডাক্তৰ, আজিকালি চহৰীয়া-নগৰীয়া আদবয়সীয়া মানুহৰ ভিতৰত সৰহ ভাগেই কম-বেছি পৰিমাণ ডায়েবেটিছ ৰোগত ভোগে বুলি শুনা যায়। তেওঁলোকৰ কাৰণেটো ভোগৰ উৎসৱ ভোগালী বিহু বিহু নহৈ বিহ যেন হৈ পৰে নহয়নে? উৰুকাৰ ভোজত সন্নিবিষ্ট কৰা খাদ্যৰ মাজত ডায়েবেটিকৰ বাবে বিশেষকৈ কি অন্তৰ্ভূক্ত কৰিব পৰা যায়? স্বাস্থ্য সম্পৰ্কীয় কথাৰ আতিগুৰি খুচৰি ফুৰাটো বিজুদাৰ এক অনুকৰণীয় স্বভাৱ। কেতিয়াবা আমাৰ আধাঘণ্টা পঞ্চল্লিশ মিনিট পৰ্যন্ত টেলিফোন যোগেই আলোচনা হয়। প্ৰশ্নোত্তৰ জুকিয়াই লও মানে মই মেজিৰ কাষতে থকা আমাৰ শাকনিবাৰী খনৰ এচুকলৈ আঙুলিয়াই দেখুৱালো। ৰাসায়নিক সাৰ আৰু কীটনাশক ৰাসায়নিক দ্ৰব্য বৰ্জিত শাক-পাচলি। জ্যেষ্ঠ অভিনেতা জনে ক’লে ‘সেইবোৰ দেখোন বন্ধাকবি’। মই ক’লো : হয়, হাইপ’গ্লাইচেমিক এচিড সমৃদ্ধ তিতা কেৰেলা আৰু মিঠিগুটিৰ উপৰি বন্ধা কবিয়েও তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰাত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰে। বন্ধাকবি হ’ল, পাইৰিডক্সিন (Vitamin B6) নামৰ ৰাসায়নিক দ্ৰব্যৰে সমৃদ্ধ। এই পাইৰিডক্সিনে অগ্ন্যাশয়ৰ (Pancreas) কাম-কাজ সুচাৰুৰুপে চলাত সহায় কৰে। দুৰ্বল অগ্ন্যাশয়ে ইনচুলিন নামৰ অত্যাৱশ্যকীয় হৰম’ন বিধ পৰ্যাপ্ত পৰিমাণে উৎপাদন কৰিব নোৱাৰে। ফল স্বৰুপে ই তেজৰ শৰ্কৰা (Glucose) শক্তিলৈ ৰুপান্তৰিত কৰিব নোৱাৰা হয়। এইটোৱেই হ’ল মধুমেহ ৰোগৰ প্ৰধান কাৰণ। অনিষ্টকাৰী ৰাসায়নিক দ্ৰব্যমুক্ত বন্ধাকবিৰ আৰু অনেক ঔষধিগুণ আছে। সেইবোৰৰ ভিতৰত স্নায়ু তথা মাংসপেশীৰ সবলীকৰণ, দন্তক্ষয় প্ৰতিৰোধ, হিমগ্ল’বিনৰ উৎপাদন, নিদ্ৰাহীনতা তথা পাৰ্কিনচন্স ৰোগ নিয়ন্ত্ৰণ, কলিজা, বৃক্ক, মাংসপেশী আৰু পৰিপাক যন্ত্ৰৰ সুৰক্ষা, মুখগহ্বৰ, টেটু আৰু জিভাত ঘাঁৰ সৃষ্টি হোৱাটো ৰোধ কৰা, ওকালি তথা মূৰৰ জিনজিননি নিয়ন্ত্ৰণ, কেচুঁমূৰীয়া ৰোগ সৃষ্টিত বাধা প্ৰদান কৰা লৌহ পদাৰ্থৰ ৰোধ কৰণ আদিয়েই প্ৰধান। পাইৰিড’ক্সিন সমৃদ্ধ পাচলি হোৱাৰ সুৱাদতে বন্ধাকবিয়ে এই খিনি গুণাগুণ লাভ কৰিছে।

নিক্ষা গভীৰ হৈ আহিল। বিধায়ক সৰ্বানন্দ সোণোৱালৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আছেই। সেয়ে মেজি-ভোজৰ আংশিক জুতি লৈ বিজু ফুকনে আগতিয়াকৈ মেলানি মাগিলে। মাঘ বিহুৰ উৰুকাৰ ভোজৰ সময় আকৌ আছেই। আনন্দৰ লগতে ই বিষাদৰ বতৰাও আনিছে। কৃষিজাত সামগ্ৰী আক্ৰান্ত কৰা ৰোগ আৰু কীট পতংগ নিয়ন্ত্ৰণৰ বাবে মাৰাত্মক ৰাসায়নিক দ্ৰব্য যি হাৰত ব্যৱহাৰ হ’ব ধৰিছে আৰু খাদ্যৰ মাধ্যমত আমাৰ দেহত প্ৰৱেশ কৰিছে সি বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাৰা নিৰ্দেশিত বিপদ সীমা অতিক্ৰম কৰি গৈছে। উপভোক্তা সকল অধিক সজাগ হ’বৰ হ’ল।

লেখক: ড° ললিত খাটনিয়াৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate