অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মুক্তমূলক আৰু এণ্টিঅক্সিডেণ্টঃ

মুক্তমূলক আৰু এণ্টিঅক্সিডেণ্টঃ

মুক্তমূলক হ’ল স্বাধীনভাৱে বৰ্তি থাকিব পৰা আণৱিক বৰ্গ যাৰ ভিতৰত বেযোৰা ইলেকট্ৰ’ন থাকে। বেযোৰা ইলেকট্ৰ’নৰ উপস্থিতিয়ে মুক্তমূলক বিশেষ গুণ প্ৰদান কৰে। ভালেমান মুক্তমূলক অস্থিৰ আৰু অতি সক্ৰিয়। ই অন্য এটা অণুক এটা ইলেকট্ৰ’ন প্ৰদান কৰিব পাৰে অথবা গ্ৰহণ কৰিব পাৰে। অক্সিজেনযুক্ত গুৰুত্বপূৰ্ণ মুক্তমূলক হ’ল হাইড্ৰক্সিলমূলক, ছুগাৰ অক্সাইড এনায়নমূলক, হাইড্ৰ’জেন পাৰা’ক্সাইড, অক্সিজেন একক, হাইপ’ক্লৰাইড, নাইট্ৰিক অক্সাইডমূলক আৰু পাৰক্সিনাইট্ৰিকমূলক। এইবোৰ অতিক্ৰিয়াশীল। ইহঁতে কোষকেন্দ্ৰ আৰু কোষ আৱৰণীৰ ওপৰত ক্ৰিয়া কৰি ডি.এন.এ, প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট আৰু স্নেহ পদাৰ্থ আদি ধ্বংস কৰিব পাৰে। মুক্তমূলকে গুৰুত্বপূৰ্ণ অণু ধ্বংস কৰে। ইহঁতৰ প্ৰধান লক্ষ্য হ’ল শৰীৰৰ সকলো প্ৰকাৰৰ অণু যেনে স্নেহ পদাৰ্থ, নিউক্লিক এচিড, প্ৰ’টিন আদি। মুক্তমূলকৰ সৃষ্টি হয় শৰীৰৰ স্বাভাৱিক বিপাক অথবা এক্সৰে, অৰ্জন, ধূমপান, বায়ু প্ৰদূষণ, ঔদ্যোগিক ৰাসায়নিক দ্ৰব্য আদি বাহ্য কাৰকৰ পৰা। কোষবৰত মুক্তমূলক অবিৰত সৃষ্টি হৈ থাকে।

আন্তঃভাৱে সৃষ্ট মুক্তমূলক উত্স হ’ল কোষৰ মিট’ক্ৰণ্ড্ৰিয়া, জেনথাইন অক্সিডেজ, পাৰ’ক্সিচোমচ, প্ৰকাহ, বৃহত্ কোষৰ ভক্ষণ, ব্যায়াম আদি। বাহ্যভাৱে সৃষ্ট মুক্তমূলকৰ উত্স হ’ল ধূমপান, পাৰিপাৰ্শ্বিক প্ৰদূষণ, বিকিৰণ, কেতবোৰ ঔষধ, কীটনাশক দ্ৰব্য, ঔদ্যোগিক দ্ৰবক আৰু অ’জন আদি।

এণ্টিটিঅক্সিডেণ্ট বা প্ৰতিজাৰক এবিধ স্থায়ী মৌলই মুক্তমূলকলৈ এটা ইলেকট্ৰ’ন হস্তান্তৰ কৰি ধ্বংসকাৰী মুক্তমূলকৰ শক্তি নাইকিয়া কৰে। প্ৰতিজাৰক ইয়াৰ অপমাৰ্জকে গুণেৰে মুক্তমূলকৰ কোষধ্বংসকাৰী শক্তি স্তিমিত কৰে অথবা বাধাপ্ৰাপ্ত কৰে। প্ৰতিজাৰকে মুক্তমূলকৰ সৈতে একাত্ম হৈ মুক্তমূলকৰ মুক্তমূলকৰ কোষ শক্তি নিৰ্মূল কৰে। এনে প্ৰতিজাৰকসমূহ হল গ্লুটাথায়ন, ইউবিকুইনল, ইউৰিক এচিড আদি। তদুৰপি আমাৰ শৰীৰত কেতবোৰ মুক্তমূলক অপমাৰ্জনকাৰী পাচক ৰস থাকে। আন কেতবোৰ প্ৰতিজাৰক আমাৰ খাদ্যত থাকে। এইবোৰ হ’ল ভিটামিন ‘ই’যুক্ত খাদ্য, ভিটামিন চিযুক্ত খাদ্য বিটাকেৰ’টিনযুক্ত খাদ্য আদি। প্ৰতিজাৰকসমূহ শৰীৰে তৈয়াৰ কৰিব নোৱাৰে। গতিকে খাদ্যৰ দ্বাৰা এই সূক্ষ্মপোৰক সমূহ যোগান ধৰিব লাগিব।

প্ৰতিজাৰকসমূহ মুক্তমূলক অপমাৰ্জক, হাইড্ৰ’জেন দাতা, ইলেকট্ৰ’ন দাতা পাৰ’ক্সাইড ভংগকাৰী একক অক্সিজেন নাশক, পাচক ৰস নিয়ন্ত্ৰক, সহযোগী তথা আনকি সংযুক্তি কৰিছে।

আন্তঃকোষীয় আৰু বহিঃকোষীয় পৰিৱেশত পাচকীয় আৰু অপাচকীয় প্ৰতিজাৰক থাকে। এইবোৰেও মুক্তমূলকৰ ধ্বংসকাৰী শক্তি নাশ কৰে।

সম্প্ৰতি সম্পূৰক প্ৰতিজাৰক উপলব্ধ হৈছে। এইবোৰৰো মুক্তমূলক অপমাৰ্জন গুণ আছে।

খাদ্যৰ ভিতৰত ব্ৰকলি, গাজৰ, বিলাহী, সৰিয়হ, হালধি, সেউজীয়া শাক-পাচলি, ৰঙা জলকীয়া, লং, কেশৰ, ছয়াবিন আদি প্ৰতিজাৰক সমৃদ্ধ। কেতবোৰ খাদ্যদ্ৰব্যত ‘ফ্লেভ’নয়ড’ থাকে। এইবোৰ প্ৰতিজাৰক।

কেতবোৰ বনৌষধিৰো মুক্তমূলক অপমাৰ্জন গুণ আছে। তাৰ ভিতৰত পিঁয়াজ, নহৰু, ঘৃতকুমাৰী, নিম, ব্ৰাহ্মী, বেল, ডাঙৰ ইলাচি, সেউজীয়া চাহ, ডালচেনি, তেজপাত, হালধি, আমলখি, যষ্টিমধু, অনন্তমূল, মিথি, আম, অমৰা, তিতা কেৰেলা, নৰসিংহ, তুলসী, কালজিৰা, জামু, অৰ্জুন গছ, চেৰীফল, অশ্বগন্ধা, আদা আদি। ইয়াৰ কেইবাপদো দ্ৰব্য আমি খাদ্য হিচাপেও ব্যৱহাৰ কৰো।

লেখকঃ ডাঃ জীৱন দত্ত বৰুৱা

উৎস:অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 4/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate