অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যোগ প্ৰাণায়ামৰ দ্বাৰা মধুমেহ ৰোগ নিৰাময় :

যোগ প্ৰাণায়ামৰ দ্বাৰা মধুমেহ ৰোগ নিৰাময় :

 

যোগাসন -

বিভিন্নধৰণৰ যোগাসনে শৰীৰৰ মাংসপেশী আৰু ভিতৰৰ অংগবোৰ টানি-টুনি, পকাই ধৰি সক্ৰিয় কৰি তোলে। এনেকৈয়ে অংগ-প্ৰতংগবোৰ কৰ্মদক্ষতা বৃদ্ধি কৰা হয়। কিছুমান বিশেষ আসনৰ দ্বাৰা পেটৰ ওপৰভাগত ভিতৰলৈ পথালিকৈ থকা অগ্ন্যাশয় গ্ৰন্থিক টানি-টুনি বা পকাই ধৰি ইয়ালৈ তেজৰ চলাচল বৃদ্ধি কৰা হয়। ফলত ইয়াৰ কৰ্মদক্ষতা বৃদ্ধি হৈ ইনছুলিন হৰম’নৰ নি:সৰণ বৃদ্ধি কৰে। এনেকৈয়ে মধুমেহ ৰোগ নিৰাময়ত সহায় কৰে।

কেইটামান উপকাৰী আসনৰ উল্লেখ কৰা হ’ল -

১) মণ্ডুকাসন: বজ্ৰাসনত বহি লৈ হাত দুখন মুঠি মাৰি, বুঢ়া আঙুলি থকা ফালটো নাভিৰ দুয়োকাষে পেটৰ বেৰত লগাই ল’ব। দীঘলকৈ উশাহ লৈ পিছত উশাহ এৰি দি লাহে লাহে আগলৈ হাওলি যাব। শেষত মুৰটো তুলি সন্মুখলৈ চাব। দহবাৰ ছেকেণ্ডমান সময় ৰৈ থাকিব। পিছত উশাহ লৈ লাহে লাহে উঠিব। মণ্ডুকাসনৰ দ্বিতীয় পদ্ধতিত বাওঁহাতখনৰ তলুৱা পথালিকৈ পেটৰ বেৰত লগাই তাৰ ওপৰত সোঁহাতখন থৈ একেধৰণে কৰক। দুয়োটা পদ্ধতিতে পেটৰ ভিতৰত থকা অগ্ন্যাশয় গ্ৰন্থিত হেঁচা পৰে আৰু ই সক্ৰিয় হৈ উঠে।

শশকাশন: বজ্ৰাসনত বহি, উশাহ লৈ হাত দুখন লগ লগাই মুৰৰ ওপৰলৈ তুলি যিমান পাৰি পিছলৈ নিব। পিছত উশাহ এৰি লাহে লাহে আগলৈ হাউলি কঁপালখন মাটিত লগাই হাত দুখন আগলৈ ঠেলি দিব। আঠ-দহ ছেকেণ্ড সময় ৰৈ থাকি পুনৰ উশাহ লৈ ওপৰলৈ উঠিব। এনেকৈ তিনি-চাৰিবাৰ কৰিব।

বক্ৰাসন: ৰাজহাড় পোন কৰি দণ্ডাসনত বহি লৈ সোঁভৰিখন কোঁচাই আনি আঁঠুটো ওপৰলৈ কৰক। এইবাৰ উশাহ লৈ বাঁওহাতখন মুৰৰ ওপৰলৈ উঠাওক, উশাহ এৰি দি বাওঁহাতৰ বাহুটো সোঁআঁঠুৰ সোঁফালে লগাই হাতেৰে বাওঁভৰিখনত ধৰক। সোঁহাতখন পিছলৈ নি হাতৰ তলুৱাৰে মাটিত ধৰি মুৰটো সোঁফাললৈ ঘুৰাই যিমান পাৰে পিছলৈ চাওক। এইধৰণে দহ-বাৰ ছেকেণ্ড সময় ৰৈ থাকক। পিছত একেধৰণে বাওঁ আঁঠুটো তুলি সোঁহাতেৰে সোঁভৰিত ধৰি বাওঁফালে মুখ ঘুৰাই পিছলৈ চাব। এনেকৈ দুই-তিনিবাৰ   কৰিব।

অৰ্ধমৎস্যেন্দ্ৰাসন: দণ্ডাসনত বহি লৈ বাওঁ আঁঠু ভাঁজ কৰি গোৰোহা তপিনাৰ সোঁফাললৈ নিয়ক। সোঁআঁঠু ভাঁজ কৰি সোঁভৰি বাঁও আঁঠুৰ ওপৰেদি নি বাঁওফালে মাটিত থওক। এইবাৰ বাওঁহাত ওপৰলৈ তুলি উশাহ এৰি তললৈ নিয়ক আৰু বাঁওবাহুটো সোঁআঁঠুৰ সোঁফালে লগাই হাতেৰে বাঁওআঁঠুৰ বাহিৰেদি সোঁভৰি স্পৰ্শ কৰক। সোঁহাতখন পিঠিৰ পিছফালে ভাঁজ কৰি লগাই থওক আৰু যিমান পাৰে মুখ ঘুৰাই সোঁফালে চাওক। এনেকৈয়ে আঁথ-দহ ছেকেণ্ড সময় ৰৈ থাকক।

গোমুখাসন: দণ্ডাসনত বহি লৈ বাঁও আঁঠু ভাঁজ কৰি গোৰোহা সোঁ আঁঠুৰ তলেদি সোঁ তপিনাৰ ওচৰলৈ নিয়ক অথবা বাঁও গোৰোগাৰ ওপৰত বহি ল’ব পাৰে। এইবাৰ সোঁ আঁঠু ভাজ কৰি সোঁ ভৰি বাওঁ আঁঠুৰ ওপৰেদি বাঁও তপিনাৰ ওচৰলৈ নিয়ক, যাতে সোঁ আঁঠু বাঁও আঁঠুৰ ঠিক ওপৰতে থাকে। এইবাৰ সোঁহাতখন সোঁ কান্ধৰ ওপৰেদি কিলাকুটিত ভাঁজ কৰি পিঠিৰে তললৈ নিয়ক আৰু বাঁওহাতখন কিলাকুটিত ভাঁজ কৰি পিঠিৰ ফালে তলৰ পৰা ওপৰলৈ নি সোঁহাতৰ আঙুলিত স্পৰ্শ কৰক অথবা ধৰি লওক। সন্মুখলৈ পোনে পোনে চাই থাকিল। এনেকৈ আঠ-দহ ছেকেণ্ড থাকক। পিছত বিপৰীত ফালে একেধৰণে কৰক।

পশ্চিমোত্তনাসন: দণ্ডাসনত বহি লৈ দীঘলকৈ উশাহ লৈ হাত দুখন মুৰৰ ওপৰলৈ উঠাওক। উশাহ লাহে লাহে এৰি দি আগলৈ হাওলি গৈ থুঁতৰিটো আঁঠুত লগাবলৈ চেষ্টা কৰক আৰু হাত দুখনেৰে ভৰিৰ আঙুলিত এনেকৈ আঠ-দহ ছেকেণ্ড সময় ৰৈ থাকক। এনেকৈ চাৰি-পাঁচবাৰ কৰক।

সৰ্বাংগাসন: ওপৰলৈ মুখ কৰি শুই লওক। উশাহ লৈ দুয়োখন ভৰি একেলগে নব্বৈ ডিগ্ৰী কোণ কৰি ওপৰলৈ উঠাওক। পিছত লাহে লাহে কঁকাল, পেট আৰু বুকুখনো যিমান পাৰে ওপৰলৈ উঠাওক, যাতে মুৰ আৰু ডিঙিৰ লগত বুকু, পেট আৰু ভৰি দুখনে সমকোণ তৈয়াৰ কৰে। এনে কৰোঁতে দুয়োখন হাতেৰে কঁকাল আৰু পিঠিত ভেজা দিব।

পুৰ্ণহলাসন: সৰ্বাংগাসন কৰা প’জৰ পৰা ভৰি দুখন লাহে লাহে মুৰৰ ফালে হাওলাই নি মুৰৰ আগপহলে মাতিত লগাওক। এনেদৰে দহ-বাৰ ছেকেণ্ড সময় থাকিব।

ওপৰত উল্লেখ কৰা প্ৰতিটো আসনতে পেটৰ ওপৰত যথেষ্ট হেঁচা পৰে আৰু অগ্ন্যাশয় গ্ৰন্থিতো যথেষ্ট টান পৰে বা পাক খায়। ফলত অগ্ন্যাশয় গ্ৰন্থি সক্ৰিয় হয় আৰু ইনছুলিন হৰম’নৰ নি:সৰণ নিয়মীয়া হয়।

শংখ প্ৰক্ষালন: বহুতে আকৌ মধুমেহ ৰোগৰ নিৰাময়ৰ বাবে আমাৰ পাচন তন্ত্ৰৰ অংগসমুহ সম্পুৰ্ণৰুপে ধুই-পখালি লোৱাটো ভাল বুলি ক’ব খোজে। যোগবিদ্যাৰ এক কঠিন প্ৰক্ৰিয়া শংখ প্ৰক্ষালন কৰি এই কাম কৰিব পাৰি। মধুমেহ ৰোগীয়ে ছমাহত এবাৰ সম্পুৰ্ণ শংখ প্ৰক্ষালন কৰি আৰু দুই-তিনি মাহৰ মুৰত সংক্ষেপে এই প্ৰক্ৰিয়া কৰিলে এই ৰোগ নিৰাময়ত সহায়ক হয়। অৱশ্যে এই প্ৰক্ৰিয়া কৰিবলৈ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ উপৰি অভিজ্ঞ যোগ প্ৰশিক্ষণৰ তত্ত্বাৱধানতহে কৰা উচিত।

শংখ প্ৰক্ষালন প্ৰক্ৰিয়াত ৰোগীয়ে দুগিলাচ নিমখীয়া পানীত নেমুৰ ৰস ঢালি একেবাৰতে খাই ছবিধ বিশেষ আসন কৰিব লাগে। এনে কৰিলে ক্ষুদ্ৰান্ত আৰু বৃহদান্ত্ৰৰ চলন প্ৰক্ৰিয়া দ্ৰুত হয় আৰু ৰোগীয়ে দুঘণ্টাৰ ভিতৰতে সাত-আঠবাৰমান পনীয়া শৌচ কৰে। এই প্ৰক্ৰিয়া যেতিয়ালৈকে শৌচত একেবাৰে পৰিষ্কাৰ পানী ওলাই নাহে, তেতিয়ালৈ কৰি থাকিব লাগে।

মধুমেহ ৰোগীয়ে ওপৰত উল্লেখ কৰা যোগ প্ৰাণায়ামসমুহ নিয়মিতভাৱে আৰু দিনটোত কমেও দুবাৰকৈ কৰা আৱশ্যক। পিছে এইবোৰ কৰা আৰম্ভ কৰিয়েই কোনোৱে যাতে ইতিমধ্যে খাই থকা দৰববোৰ বন্ধ নকৰে, তাৰ প্ৰতি সজাগ হ’ব লাগে। কাৰণ যোগ প্ৰাণায়ামৰ সুফল পাবলৈ কিছু সময়ৰ প্ৰয়োজন। তদুপৰি প্ৰত্যেকজন লোকৰে দৰব বা যোগ প্ৰাণায়ামৰ প্ৰতি সঁহাৰি একে নহয়। সেয়েহে এইবোৰ কৰি থাকোঁতে বাৰে বাৰে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হৈছেনে নাই চাইহে আৰু চিকিৎসকৰ পৰামৰ্শ লৈহে দৰব বন্ধ কৰা-নকৰাৰ সিদ্ধান্ত লোৱা উচিত।

লেখক: ডা: ভুপেন্দ্ৰ প্ৰসাদ শৰ্মা (আমাৰ অসম পুৰ্বাচল)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate