আজিকালি শতকৰা ৬০ ভাগ লোকৰে পুৱা পেট পৰিষ্কাৰ নহয় আৰু তাৰ ফলত গোটেই দিনটোলৈ গাটো বেয়া লাগি থাকে। অনিয়মীয়া দিনচৰ্যা আৰু খোৱা-বোৱা হোৱাৰ ফলতে পেটত গেছ হয় আৰু কোষ্ঠবদ্ধতায়ো আমনি দিয়ে। আজিকালি অধিকাংশ লোকৰে এই অৱস্থা হোৱা দেখা গৈছে আৰু কোষ্ঠবদ্ধতা এক সাধাৰণ ঘটনালৈ ৰূপান্তৰিত হৈছেগৈ। আজিকালিৰ মানুহে য’তে যিহকে পায়, তৎক্ষণাত খাই পেলায়। তেনেদৰে ৰাতিৰ সাজ আহাৰো প্ৰয়োজনতকৈ বেছি পৰিমাণে খায়। ৰাতিৰ সাজ আহাৰ খোৱাৰ ক্ষন্তেক পিছতে এই লোকসকল শুই পৰে অথবা খোৱাৰ পিছত বহু দেৰিলৈকে টিভি চাই অথবা কথা পাতি বহি থাকে। এনেবিলাক কাৰণতে বহু লোকৰে কোষ্ঠবদ্ধতাৰ বিসংগতিয়ে দেখা দিয়ে। এই অৱস্থা যিকোনো বয়সৰ পুৰুষ বা মহিলাৰ হ’ব পাৰে। এই চুটি লেখাটোৰ যোগেদি কোষ্ঠৱদ্ধতা বা গেছৰ দৰে সমস্যাবোৰৰ পৰা হাত সাৰি থকাৰ দুটিমান উপায় দিয়া হৈছে। এই কেইবিধ দ্ৰব্য ব্যৱহাৰ কৰি আপোনাৰ এই যন্ত্ৰণাদায়ক বিকাৰ নিৰাময় কৰক।
ইছবগোল:
ইছবগোলৰ ভুচি কোষ্ঠকাঠিন্যৰ কাৰণে অতি ফলপ্ৰসূ দ্ৰব্য। এইবিধ দ্ৰব্য সাধাৰণ দোকানত কিনিবলৈ পোৱা যায় আৰু এই দ্ৰব্য নিয়মীয়াকৈ এমাহমান খাই থাকিলে(দিনে এবাৰকৈ) এই সমস্যাটো একেবাৰে নাইকিয়া হয়। ইছবগোলৰ ভূচি ৰাতি ভাত-পানী খাই উঠি শোৱাৰ আগতে এগিলাচ সামান্য গৰম গাখীৰ বা পানীত এচামুচ পৰিমাণত কিছু সময় তিয়াই থৈ খাওক। পিছদিনা পুৱা আপোনাৰ পেট সম্পূৰ্ণ খোলোচা হ’ব।
মৌ:
আপোনাৰ যদি দীৰ্ঘদিন ধৰি কোষ্ঠবদ্ধতাৰ সমস্যা আছে, তেনেহ’লে আপুনি নিয়মীয়াকৈ ৰাতি ভাত-পানী খাই উঠাৰ পিছত এচামুচ পৰিমাণত মৌ এগিলাচ কুহুমীয়া গৰম পানীত মিহলাই খাওক। পিছদিনা পুৱাতে আপোনাৰ পেট পৰিষ্কাৰ হ’ব। এই ব্যৱস্থা একেৰাহে এমাহমান ধৰি লৈ থাকিলে আপোনাৰ আৰু এই সমস্যা নেথাকিব।
কিচমিচ:
কিচমিচ নিয়মীয়াকৈ খাই থাকিলে কোষ্ঠকাঠিন্যৰ বিকাৰ হ’ব নোৱাৰে। কিচমিচত পেট পৰিষ্কাৰ কৰাৰ গুণ আছে বাবে এইবিধ শুকান ফল প্ৰতিদিনে খোৱাৰ অভ্যাস কৰিব লাগে। ৰাতি শোৱাৰ আগতে ছয়-সাতটা কিচমিচ ভালদৰে পানীত ধুই লৈ চোবাই খাওক। পিছদিনা আপোনাৰ পেট খোলোচা হ’বই। ইয়াৰ উপৰি পিছদিনা পুৱা তিনি-চাৰিটা কাজুৰ লগত চাৰি-পাঁচটা কিচমিচ খাওক। এই অভ্যাসে আপোনাৰ কোষ্ঠবদ্ধতা নাইকিয়া কৰিব।
এইবিলাক দ্ৰব্যৰ উপৰি আপুনি বতৰৰ ফল বেল(পূৰঠ বা পকা), মধুৰিআম, পকা অমিতা(তৰকাৰীৰূপে কেচা অমিতা), তৰমুজ আৰু কল আদি খাই থাকিলেও কোষ্ঠবদ্ধতাৰ সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 1/19/2024