কিছুমান নিৰ্দিষ্ট বেক্টেৰিয়া, ভাইৰাচ বা পেৰাচাইটৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈ এজন পুৰুষ বা মহিলাৰ দেহত যৌনব্যাধিয়ে প্ৰবেশ কৰিব পাৰে৷ সাধাৰণতে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই যৌনব্যাধি বিয়পে যদিও যৌনক্ৰিয়া নোহোৱাকৈয়ো এনে ৰোগ বিয়পাৰ উদাহৰণ হ'ল ৰুগ্ন মাতৃৰ পৰা প্ৰসৱৰ সময়ত সন্তানলৈ ৰোগ বিয়পে| ভালদৰে পৰীক্ষা নকৰাকৈ কৰা ৰক্তদানৰ দ্বাৰা, ৰুগ্ন ব্যক্তিয়ে ব্যৱহাৰ কৰা চিৰিঞ্জ বা সা-সজুলিৰ দ্বাৰা ৷ কুৰি বিধৰো অধিক ৰোগ এই যৌনব্যাধিৰ তালিকাত পৰে ৷ তাৰে উল্লেখযোগ্য কিছুমানৰ বিষয়ে চমু আলোচনা এই লিখনিৰ যোগেদি আগবঢ়াম ৷
প্ৰস্ৰাৱ কৰাত কষ্ট পোৱা, পুৰুষ বা নাৰীৰ জননেন্দ্ৰিয়েই দি জুলীয়া পদাৰ্থ নিৰ্গত হোৱা, জননাংগত ঘা-পানীজ্বলা- ফোঁহা-আচিনাই আদি হোৱা, পেটৰ বিষ, নাৰীৰ যৌনাংগৰ বিষ, পুৰুষৰ অণ্ডকোষৰ বিষ, জ্বৰ-বিষ, শাৰীৰিক দূৰ্বলতা হোৱা, গাঙ ঠিউঠা, সংগম কালত বিষ আদি ৷ আকৌ যৌন ব্যাধিৰ ফলত নাৰীৰ সন্তানহীনতা, গৰ্ভপাত, সময় পূৰ্ব প্ৰসৱ, অসুস্থ শিশুৰ প্ৰসৱ আদি বিসংগতিয়ে দেখা দিব পাৰে৷
যৌনব্যাধিয়ে এজন ব্যক্তিৰ ইমিউন চিষ্টেমক বহু পৰিমাণে দূৰ্বল কৰি তোলে ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱাৰ ফলত আন জটিল ৰোগত অনায়াসে আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে ৷ আৰু কেইটিমান লাগতিয়াল কথা –কণ্ডোমে বহু পৰিমাণে যৌন ব্যাধিৰ পৰা ব্যৱহাৰ কৰোতাক সুৰক্ষা আগবঢ়ায় ৷ কিন্তু কণ্ডোম ব্যৱহাৰ কৰি সংগমত লিপ্ত হলেই এশ শতাংশ নিৰাপদ বুলি ভবাটো ভুল ৷ কিয়নো ৰোগৰ বীজাণুৰ বাহক জননেন্দ্ৰিয়ৰ ৰসৰ উপৰিও লেলাৱতি, থুই, তেজ, বীৰ্য, মল-মূত্ৰ আদিও হব পাৰে ৷ গতিকে চুম্বন, ঘৰ্ষণ, আন নানা ধৰণৰ সংস্পৰ্শও বিপদজনক হব পাৰে ৷ অধিক বিপদজনক লোকৰ শ্ৰেণীত পৰে বহুগামী পুৰুষ বা মহিলা ৷ আকৌ একাধিক চেক্স পাৰ্টনাৰ যিদৰে বিপদজনক একেদৰে অচিনাকী ব্যক্তিৰ সৈতে কেজুৱেল চেক্সো মুঠেই বিপদমুক্ত নহয় ৷ বহু ক্ষেত্ৰত ৰোগাক্ৰান্ত ব্যক্তিৰ দেহত ৰোগৰ লক্ষণ সমূহ সুপ্ত বা অস্পষ্ট হৈ থাকে ৷ চাকৰিৰ বাবে মেডিকেল পৰীক্ষা, ৰেচিডেন্ট ভিছা সংক্ৰান্ত কাৰণত তেজ-প্ৰসাৱ পৰীক্ষা কৰোতেহে যৌনব্যাধিত আক্ৰান্ত হোৱাটো ধৰা পৰে ৷ সকলোবোৰ যৌনব্যাধি চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰা সম্ভৱপৰ নহয় ৷ একেজন ব্যক্তিয়েই একেসময়তে একাধিক যৌনব্যাধিত আক্ৰান্ত হোৱাও দেখা যায় ৷ এইটো সত্য যে উন্নত মানৰ এন্টি-বায়'টিকৰ সফল প্ৰয়োগৰ দ্বাৰা চিফিলিচৰ দৰে যৌনৰোগক জটিল পৰ্যায় নৌপাওতেই নিৰাময় কৰিব পৰা গৈছে ৷ তথাপিও আজিৰ দিনৰ উন্নত চিকিৎসাৰ দ্বাৰা এইচ আই ভি, হেপাটাইটিচ- বি আৰু চি আদি যৌন ৰোগত ভোগা ব্যক্তিৰ আয়ুস দীঘলীয়া কৰিব পাৰিলেও এশ শতাংশ ৰোগ মুক্ত কৰাটো সম্ভৱপৰ হৈ উঠা নাই ৷ এটা কথা পৰিস্কাৰ কৰা ভাল আজিৰ আধুনিক লাইফ ষ্টাইলে বা জীৱন ধাৰণৰ শৈলীয়ে লিভিং টুগেদাৰ, সমকামিতা, গে, লেচবিয়ান আদিক যিমানে সহজভাবে নলওক কিয়, যিমান স্বীকৃতি নিদিয়ক কিয় সকলো ধৰণৰ যৌনব্যাধিৰ দ্বাৰা এই শ্ৰেণীৰ লোক সহজে আক্ৰান্ত হয় ৷ অ-প্ৰাকৃতিক মৈথুন যেনে গুহ্যদ্বাৰত সম্ভোগ স্বাস্থ্যদিশৰ পৰা মুঠেই নিৰাপদ নহয় ৷
এতিয়া চমুকৈ কেইবিধমান যৌন ৰোগৰ বিষয়ে দু-আখাৰ লিখিম ৷ এইচ আই ভি বা এইডচ - ভাইৰাচে কৰা এইবিধ সবাতকৈ বিপদ জনক যৌন ৰোগৰ পূৰ্ণ নিৰাময় আজিৰ তাৰিখলৈ সম্ভৱপৰ হৈ উঠা নাই৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সাংঘাটিক ভাবে কমি যোৱাৰ ফলত ৰোগৰ সমষ্টিয়ে আক্ৰান্তক জৰাজীৰ্ণ কৰি তোলে৷ মাতৃৰ পৰা গৰ্ভস্থ সন্তান ৰোগাক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা ইয়াত থাকে৷ গনোৰিয়া - নাইচেৰিয়া গনোৰিয়াই নামৰ বেক্টেৰিয়াই কৰা এই ৰোগৰ আন পাৰ্শ্বক্ৰিয়া হ'ল-গাঠিৰ বিষ, চকুৰ অসুখ, পেলভিক ইনফ্লেমেটৰি ডিজিজ, সন্তানহীনতা৷ মাতৃৰ পৰা গৰ্ভস্থ সন্তানো ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা ইয়াতো থাকে৷ ক্লেমিডিয়া -ক্লেমিডিয়া ট্ৰাইকোমেটিচ বেক্টিৰিয়াই এই ৰোগ কৰিলে পুৰুষৰ অণ্ডকোষত বিষ, মহিলাৰ সংগম কালত বিষ, জননেন্দ্ৰিয়ৰ প্ৰদাহ, জ্বৰ আদি লক্ষণে দেখা দিয়ে৷ নাৰ্ভত এই ৰোগ বছৰৰ পিছত বছৰ ধৰি লুকাই থাকি সময়ে সময়ে অশান্তি দি থাকিব পাৰে৷
৪০ বিধ ভাইৰাচৰ প্ৰজাতিয়ে জননেন্দ্ৰিয়ত আঁচিনাই উৎপন্ন কৰিব পাৰে৷ চিফিলিচ- ট্ৰেপানমা পেলাইডাম নামৰ বেক্টেৰিয়াই কৰা এই ৰোগত জননেন্দ্ৰিয়ত ঘা হয়৷ চিকিৎসা নকৰিলে মস্তিস্ক, হৃদয় প্ৰণালী আদিত গুৰুতৰ বিসংগতি কৰিব পাৰে৷ ভাইৰেল হেপাটাইটিচ -বি, চি আদিও যৌন ব্যাধিৰ তালিকাত পৰে৷ আনহাতে হেপাটাইটিচ-এ ৰোগো যৌন ক্ৰিয়াৰ দ্বাৰা সোঁচৰিব পাৰে৷ ট্ৰাইক'মনিয়াচিচ- ট্ৰাইক'মনিয়াচিচ ভেজাইনেলিচ নামৰ এক কোষী পৰাশ্ৰয়ী প্ৰটোযোৱাৰ দ্বাৰা বিয়পা এই ৰোগত সঘনাই কষ্টপ্ৰদ প্ৰসাৱ হয়৷ ৰোগ নিৰাময়ৰ বাবে দুয়োজন চেক্স পাৰ্টনাৰক একেলগে চিকিৎসা দিয়াটো বাঞ্চনীয়৷ বেক্টেৰিয়েল ভেজাইনচিচ- কিছুমান মহিলাৰ দেখাত গাখীৰৰ দৰে, কিন্তু দূৰ্গন্ধময় প্ৰদাহৰ কাৰণ এইবিধ যৌনৰোগ হ'ব পাৰে৷ সচৰাচৰ বহুজন পুৰুষৰ লগত সংগম কৰা তিৰোতাৰ এই ৰোগ হ’ব পাৰে যাৰ ফলত ফেলপিয়ান টিউব ব্লক হৈ বন্ধ্যাত্বও হ’ব পাৰে৷ মোখনিত মোৰ কবলগীয়া ইমানেই যে সময়ৰ নাটনিৰ বাবে এইলিখনিৰ মাধ্যমেৰে যৌন ৰোগ সমূহৰ এক চমু আভাসহে ইয়াত দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ল ঠিক চিনেমাৰ ট্ৰেইলাৰৰ দৰে যাতে দীঘলীয়া মূল চিনেমা খনৰ পাঠকে কল্পনা এটি কৰি ল’ব পাৰে৷
লেখক:- ডঃ ভূপেন শইকীয়া
উৎস:-জোনাকীৰ বাটেৰে(ই-আলোচনী)
শেহতীয়া উন্নীতকৰণ: : 1/17/2023