অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শাৰীৰিক-মানসিকভাৱে ফিট হৈ থাকক :

শাৰীৰিক-মানসিকভাৱে ফিট হৈ থাকক :

 

জিৰণি -

শাৰীৰিক আৰু মানসিক ফিটনেছৰ বাবে জিৰণি আৰু টোপনি অতি জৰুৰী। একেৰাহে কোনো মানুহে কাম কৰিব নোৱাৰে। যন্ত্ৰকো জিৰণিৰ প্ৰয়োজন হয়। আজিকালি কৰ্মব্যস্ততাৰ বাবে অনেকে বহু নিশালৈকে সাৰে থাকি প্ৰয়োজনীয় টোপনি আৰু জিৰণি নোলোৱাৰ বাবে শাৰীৰিক আৰু মানসিক ফিটনেছ ভাগি পৰে। নিতৌ নিশা ৬ ৰ পৰা ৮ ঘন্টালৈ ভালদৰে টোপনি যোৱা, প্ৰয়োজনতকৈ অধিক সময় টোপনি নোযোৱা, টিভি চাই চাই নিশা দেৰিকৈ শোৱা অভ্যাস ত্যাগ কৰি, শৰীৰক জিৰণি দিয়া আদিয়ে ব্যক্তি এজনৰ শাৰীৰিক আৰু মানসিক ফিটনেছ অক্ষুণ্ণ ৰখাত সহায় কৰে।

নিয়মীয়া স্বাস্থ্য পৰীক্ষা -

শাৰীৰিক আৰু মানসিক ফিটনেছৰ বাবে নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাই চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। নিয়মীয়া স্বাস্থ্য পৰীক্ষাই ৰোগ প্ৰতিৰোধ কৰি শৰীৰ আৰু মনক ফিট কৰি ৰাখে। তদুপৰি শৰীৰত অসুখে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শমতে চিকিৎসা গ্ৰহণ কৰি শৰীৰ-মনক ফিট কৰি ৰাখিব লাগে।

মানসিক চাপ -

মানসিক চাপে শৰীৰ মনৰ ফিটনেছ নোহোৱা কৰে। শাৰীৰিক আৰু মানসিক ফিটনেছ অক্ষুণ্ণ ৰাখিবলৈ মানসিক চাপ ত্যাগ কৰা উচিত। যি কৰিলে মনে আনন্দ আৰু সন্তুষ্টি পায়, তাকে কৰাৰ ব্যৱস্থা কৰিব লাগে। সুবিধা পালেই হাঁহিব লাগে। ভালকৈ হাঁহিব পৰাজনৰ শৰীৰ আৰু মন সকলো দিশৰ পৰা ফিট হৈ থাকে। তদুপৰি শাৰীৰিক আৰু মানসিক ফিটনেছৰ বাবে এলাহ দূৰ কৰি পুৱা শোৱাপাটী সোনকালে এৰিব লাগে।

নিচাযুক্ত দ্ৰব্য সেৱন -

ধূমপান, মদ্যপান আৰু ড্ৰাগছ সেৱনে আমাৰ শৰীৰ আৰু মনৰ যথেষ্ট ক্ষতি কৰে। এই নিচাযুক্ত দ্ৰব্যবোৰ আমি জনাতকৈ শৰীৰ আৰু মনৰ বাবে কেইবাগুণে অধিক ক্ষতিকাৰক। নিচাযুক্ত দ্ৰব্য সেৱনৰ বদ অভ্যাসে ব্যক্তিৰ শৰীৰ আৰু মনৰ ক্ষতি কৰি ফিটনেছ নোহোৱা কৰে। শাৰীৰিক আৰু মানসিকভাৱে ফিট হৈ থাকিবলৈ হ’লে এই বদ অভ্যাস ত্যাগ কৰিব লাগে।

ফিটনেছ আৰু খাদ্য -

শাৰীৰিক আৰু মানসিকভাৱে ফিট হৈ থাকিবলৈ পুষ্টিযুক্ত সুষম খাদ্য সঠিক সময়ত খোৱাৰ অভ্যাস গঢ়িব লাগে। সময়মতে উপযুক্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাক শীৰ্ষবিন্দুত ৰাখে। অনিয়মিত খাদ্য গ্ৰহণ আৰু অতিৰিক্ত ভোজনে ফিটনেছজনিত সমস্যা বৃদ্ধি কৰে। পুষ্টি বিশেষজ্ঞৰ সহায়ত ওজন, উচ্চতা আৰু দৈনন্দিন কৰ্মৰ বাবে উপযুক্ত দৈনিক আহাৰৰ এখন তালিকা প্ৰস্তুত কৰি সেইমতে আহাৰ গ্ৰহণ কৰিব লাগে। ওজন হিচাপে ব্যক্তিক কম ওজনৰ(বি এম আই ১৮.৫ তকৈ কম), নিয়মীয়া ওজনৰ(বি এম আই ১৮-২৪.৯০), গধুৰ মেদবহুল ব্যক্তি(বি এম আই যদি ২৫ তকৈ অধিক) আৰু শাৰীৰিক পৰিশ্ৰম একেবাৰে কম পৰিশ্ৰম কৰা লোক(যেনে- লেখক, চিকিৎসক, অফিচাৰ, শিক্ষক, নাপিত ইত্যাদি), মধ্যমীয়া পৰিশ্ৰম কৰা লোক(যেনে- মাছমৰীয়া, ড্ৰাইভাৰ, সোণাৰি ইত্যাদি) আৰু গধুৰ পৰিশ্ৰম কৰা লোক(যেনে- খৰিকটীয়া, শিল ভঙা ব্যক্তি ইত্যাদি) হিচাপে ভাগ কৰা হয়। অধ্যয়ন মতে প্ৰতি কেজি শৰীৰৰ ওজন হিচাপত কম ওজনৰ ব্যক্তিয়ে(কম পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৪০ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৪৫ কিলোকেলৰি) নিয়মীয়া ওজনৰ ব্যক্তিয়ে(কম পৰিশ্ৰম কৰা ৩০ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৪০ কিলোকেলৰি) আৰু গধুৰ মেদবহুল ওজনৰ ব্যক্তিয়ে(কম পৰিশ্ৰম কৰা ২০ কিলোকেলৰি, মধ্যমীয়া পৰিশ্ৰম কৰা ৩০ কিলোকেলৰি, গধুৰ পৰিশ্ৰম কৰা ৩৫ কিলোকেলৰি) প্ৰতিদিনে গ্ৰহণ কৰা উচিত। শৰীৰক দৰকাৰী মুঠ কেলৰিৰ ৬৫-৭০ শতাংশ আঁহযুক্ত কাৰ্ব’হাইড্ৰেট(যেনে- ভাত, ৰুটী, ফল-মূল)ৰ পৰা ১৫-২০ শতাংশ কম চৰ্বিযুক্ত প্ৰ’টিন(যেনে- কুকুৰাৰ মাংস, মাছ, দাইল, মগু)ৰ পৰা আৰু ১০ শতাংশ তেল, ঘিউ, মাখন আদি চৰ্বিযুক্ত খাদ্যৰ পৰা আহিব লাগে। অধিক মছলাযুক্ত, ঘি আৰু তৈলজাতীয় খাদ্য বেছি পৰিমাণে খাব নালাগে। আহাৰৰ লগতে প্ৰচুৰ পৰিমাণে সতেজ ফল-মূল, চালাড, শাক-পাচলি আৰু দৈ আদি খাব লাগে। খোৱা খাদ্যৰ আধা অংশ ফল-মূল, চালাড, শাক-পাচলি হ’ব লাগে। জাংকফুড, ফাষ্টফুড আৰু শীতল পানীয় খাব নালাগে। ধূমপানৰ পিচতেই দ্বিতীয় ঘাতক ৰূপে পৰিচিত ফাষ্টফুড আৰু শীতল পানীয়ই তেজত কলেষ্টেৰলৰ পৰিমাণ আৰু দেহৰ ওজন বঢ়ায়। জাংকফুডৰ সলনি সতেজ ফল-মূল, শাক-পাচলি আৰু শীতল পানীয়ৰ সলনি ফলৰ ৰস, ফল-মূলৰ চৰবত, ডাবৰ পানী, কুঁহিয়াৰৰ ৰস আৰু লাচ্চি আদি খাব লাগে। প্ৰতিদিনে অতি কমেও তিনিৰ পৰা চাৰি লিটাৰ বিশুদ্ধ পানী খাব লাগে।

শৰীৰৰ ওজন -

শাৰীৰিক আৰু মানসিকভাৱে ফিট হৈ থাকিবলৈ বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত, সেয়া নিৰ্ণয় কৰি, ওজনৰ ঊৰ্ধ্বসীমা অতিক্ৰম কৰিবলৈ দিব নালাগে। সাধাৰণ ব্যক্তি এজনৰ দেহৰ উচ্চতাৰ(চেঃমিঃত) পৰা ১০০ বিয়োগ কৰিলে যি সংখ্যা ওলাব, সেয়াই হ’ল কিলোগ্ৰাম হিচাপত সেই ব্যক্তিজনৰ বাবে উপযুক্ত শাৰীৰিক ওজন। সাধাৰণতে দেহৰ ওজন প্ৰতি বৰ্গমিটাৰ দেহ আয়তন হিচাপত ১৯ৰ পৰা ২৩ কিলোগ্ৰামৰ ভিতৰত হ’ব লাগে। কঁকালৰ ঘেৰ পুৰুষৰ ৯০ চেন্টিমিটাৰতকৈ কম আৰু মহিলাৰ ৮০ চেন্টিমিটাৰতকৈ কম হ’ব লাগে। এনে হ’বৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পিচতে কেলৰি দহন কৰিব লাগে। কেলৰি দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক শাৰীৰিক আৰু মানসিকভাৱে ফিট কৰি ৰাখে। কেলৰি দহনৰ বাবে শাৰীৰিক শ্ৰম আৰু ব্যায়াম কৰাৰ উপৰি খোজকঢ়া, সাঁতোৰা, স্কিপিং কৰা, জগিং কৰা, পুৱা আৰু গধূলি দৌৰা, বাগিচাত কাম কৰা, গাড়ী ধোৱা, কুকুৰ ফুৰাবলৈ নিয়া, চাইকেল চলোৱা আদি কৰিব লাগে। প্ৰতিদিনে পুৱা সোনকালে উঠি অতি কমেও আধা ঘন্টাকৈ খোজ কাঢ়িব লাগে। নিতৌ তেনেদৰে খোজ কাঢ়িলে শৰীৰৰ ওজন কমোৱাৰ লগতে শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত কৰি, প্ৰকৃতিৰ লগত সম্পৰ্ক সূদৃঢ় কৰি শৰীৰ আৰু মনক সুস্থ, সবল কৰি ফিট কৰি ৰাখে।

লেখিকা: কে মৃদুলা ৰায়চৌধুৰী(সম্ভাৰ)

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate