চক্ৰ হৈছে আমাৰ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ বিষয়। ই পৃথিৱীৰ সংবাদ বুলিও ক’ব পাৰি। এই চক্ৰই আমাৰ শৰীৰক কি কৰে সেয়া জনাৰ প্ৰয়োজন। আমাৰ শৰীৰত ১১৪টা চক্ৰ থাকে। এই চক্ৰ খোল খাই গ’লে আমি পৰম আত্মাৰ লগত বিলীন হৈ যাম। ইয়াৰে কিছু চক্ৰ সঞ্চালিত হয়, কিছু নহয়। গোটেই পৃথিৱীৰ চক্ৰ ১০৫ বাৰ হয়। সেইবোবে আমি মন্ত্ৰ ১০৮ বাৰ উচ্চাৰণ কৰো। যি দেখা দিয়ে সেয়া মাত্ৰ ৮টা। এই চক্ৰ যদি বন্ধ হৈ থাকে, আমি সোনকালে ভাগৰি যাওঁ। শৰীৰত বেমাৰ হয়। অহংকাৰ হয়। কাৰো লগত কথা ক’লৈ মন নাযায়। চক্ৰ হিলিং কৰি ৰাখিবলৈ মন শান্ত কৰি উশাহ-নিশাহ লাহে লাহে ল’ব। চক্ৰ হিলিঙৰ প্ৰথম হৈছে ৰুট চক্ৰ(Root Chakra)। ৰুট চক্ৰ হিলিং কৰিলে কঁকালৰ বিষ নহয় আৰু চুলি নসৰে। চুলিৰ স্বাস্থ্য ভাল হয়। ৰুট চক্ৰৰ ৰং ৰঙা। এই চক্ৰই শৰীৰৰ নিগেটিভিটী আঁতৰায়। সেইবাবে স্পা ক্লিনিকত সদায় হিলিং(Healing) মিউজিক বজাই ৰাখে। এই চক্ৰই আমাৰ টেনছন আঁতৰায়। টেনছনৰ বাবেই শৰীৰত বিভিন্ন অসুবিধা হয়। চুলি সৰে, শুকান হয়, ছালত শালমইনা হয়।
ছ’ক্ৰেল(Socral) চক্ৰই আমাৰ হ’ৰম’নৰ তাৰতম্য দূৰ কৰে।
ছ’লাৰ(Solar) চক্ৰই মনত আত্মবিশ্বাস গঢ়াত সহায় কৰে। এই চক্ৰৰ জৰিয়তে চিকিৎসা কৰা হয়। লোমী লোমী মালিচ কৰা হয়।
হাৰ্ট চক্ৰই মনলৈ অহা আঘাত দূৰ কৰে। এৰ’মা অইলৰ দ্বাৰা চিকিৎসা কৰা হয়।
থ্ৰ’ট(Throat) চক্ৰ গোলাপৰ পাহি, এৰ’মা অইল আৰু মালিচৰ দ্বাৰা এই চিকিৎসা কৰা হয়। ছালৰ মসৃণতা আৰু উজ্জ্বলতা বঢ়ায়।
থাৰ্ড আই চক্ৰৰ বাবে দেহৰ স্কাৱ, ৰেপ, পইন্ট মালিচ আৰু সুগন্ধিৰ দ্বাৰা কৰা হয়।
শেষত ক্ৰাউন চক্ৰ। থেৰাপেটিক বডী মাছাজ কৰা হয়।
সদায় পুৱা আৰু গধূলি যদি মেডিটেচন আৰু চক্ৰ হিলিং(Healing) কৰিব পাৰো, তেন্তে শৰীৰৰ বেমাৰ, টেনছন, হেঁচা, হতাশা, দুৰ্বলতা আদি নাথাকিব। কেৱল মনৰ শান্তি মুখত বিৰাজমান হ’ব। ফলত ছাল আৰু চুলিৰ সমস্যাও নাথাকিব। এইদৰে হিলিং কৰিলে বিভিন্ন সমস্যাৰ পৰা মুক্তি পাব পাৰি।
উৎস: অসম বাণী
শেহতীয়া উন্নীতকৰণ: : 2/6/2023