অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ প্ৰিয় মেগী নুডলছ আৰু ফাষ্ট ফুডত থকা আজিনামটো কিমান ভয়াৱহ

শিশুৰ প্ৰিয় মেগী নুডলছ আৰু ফাষ্ট ফুডত থকা আজিনামটো কিমান ভয়াৱহ

জন্মৰ সময়ত আপোনাৰ শিশুটি স্বাস্থ্যৱান আছিল। লাহে লাহে ডাঙৰ হ’ল। গাখীৰ, চেৰলেক আদিৰ সলনি ভাত, দাইল আদি খাব পৰা হ’ল। লাহে লাহে অন্যান্য খাদ্য সামগ্ৰীৰো জুতি ল’ব পৰা হ’ল। বেচ মৰম লগা শিশু। মাতে-কথাই, ব্যৱহাৰ-পাতিয়ে আকৰ্ষণীয়। কিন্ত কিছুদিন পিছত আপুনি মন কৰিছে যে শিশুটিৰ চাল-চলন, ব্যৱহাৰ সলনি হৈছে। টিঙিচকৈ খং উঠে। ব্যৱহাৰ-পাতি খিট্‌খিটীয়া হৈছে। ইতিমধ্যে পঢ়া-শুনা পাতনি মেলিছিল, কিন্ত এতিয়া সেইবোৰলৈও ধাউতি নাই। ধাউতি নাই খেলা-ধূলাৰ প্ৰতিও। কিয় এনেকুৱা হ’ল? অনেক চিন্তা-চৰ্চা কৰিও আপুনি কাৰণ উলিয়াব পৰা নাই। দেখাত কোনো বেমাৰ-আজাৰতো ভোগা নাই। শেষত থিৰাং কৰিলে, চিকিৎসকৰ ওচৰলৈ যোৱাই ভাল হ’ব। ঠিক আছে চিকিৎসকৰ ওচৰলৈ যাব, কিন্ত তাৰ আগতে চিন্তা কৰকচোন- শিশুটিক আপুনি মেগী নুডল্‌ছ- সেই যে দুই মিনিটত চটপট নুডলছ খুৱাবলৈ লৈছে? শিশুটিয়ে এতিয়া অইন খাদ্য খাব নোখোজে, কিন্ত মেগী নুডল্‌ছ বা অন্য তদজাতীয় চটপট খাদ্য খাবলৈ হে ভাল পায়। তেনেহ’লে হয়টো কাৰণটো বিচাৰি পোৱা গ’ল। আপোনাৰ শিশুটিৰ গাত দেখা দিয়া লক্ষণ সমূহ প্ৰকৃততে ‘চাইনিজ ৰেস্তোৰাঁ ছিনদ্ৰোম’ চমুকৈ চি আৰ অছৰ হ’ব পাৰে।

চীনা খাদ্য সম্প্ৰতি বিশ্বৰ ভালেমান দেশত অতি জনপ্ৰিয় হৈছে। আমাৰ দেশতো অতি জনপ্ৰিয়। চুকে-কোণে চীনা-ৰেস্তোৰাঁ গঢ়ি উঠিছে। চীনা খাদ্যৰ এনে জনপ্ৰিয়তালৈ লক্ষ্য কৰিয়েই ফুড স্পেচিয়েলিষ্টছ লিমিটেড নামৰ কোম্পানীটোৱে ১৯৮২ চনত বজাৰত এৰি দিয়ে দুই মিনিটৰ মেগী নুডল্‌ছ। অতি কম সময়ৰ ভিতৰতে ই জনপ্ৰিয় হয় আৰু ইয়াৰ চাহিদা ভাবিব নোৱাৰাকৈ বৃদ্ধি হয়। বিশেষকৈ শিশু সকলৰ প্ৰতি লক্ষ্য ৰাখিয়েই মেগী নুডল্‌ছ জনপ্ৰিয় কৰি তোলা হয়। তাৰ পাছত বজাৰলৈ আহে আন কেইবাবিধো নুডল্‌ছ জাতীয় সামগ্ৰী। এনে খাদ্যবোৰ অকল শিশুৱেই নহয়, প্ৰাপ্ত বয়স্কৰ মাজতো জনপ্ৰিয় হয়। কিন্ত মেগী নুডল্‌ছ আৰু অন্যান্য তদ্‌ জাতীয় খাদ্য সামগ্ৰীয়ে স্বাস্থ্যৰ অপকাৰ সাধে কেনেকৈ? মেগী নুডল্‌ছকে ধৰি বিভিন্ন তেনে জাতীয় খাদ্যত মিহলোৱা হয় এবিধ ৰাসায়নিক পদাৰ্থ- মনোচ’ডিয়াম গ্লুটামেট। ডাক নাম আজিনামটো। এই দ্ৰব্য বিধ চীন আৰু জাপানত কেইবাশতিকা ধৰি ব্যৱহাৰ কৰি অহা হৈছে। আগতে এই পদাৰ্থ বিধ তৈয়াৰ কৰা হৈছিল সামুদ্ৰিক শেলুৱৈৰ পৰা। সম্প্ৰতি ইয়াৰ চাহিদা কেইবাগুণো বৃদ্ধি হৈছে।সেই বাবে বিশেষ পদ্ধতিৰে শৰ্কৰা জাতীয় দ্ৰব্য কিন্বন (Fermentation) কৰি আজিনামটো প্ৰস্তুত কৰা হয়। ইয়াৰ ব্যৱহাৰ চীন আৰু জাপানৰ পৰিসীমা অতিক্ৰমী পৃথিৱীৰ নানা দেশত জনপ্ৰিয় হৈছে। আমাৰ দেশতো সম্প্ৰতি চীনা ৰেস্তোৰাঁৰ উপৰি অন্যান্য ৰেস্তোৰা, হোটেল, আনকি ব্যক্তিগত ৰান্ধনিশাললৈও আজিনামটোৰ প্ৰবেশ ঘটিছে। সবাতোকৈ অধিক পৰিমাণে আজিনামটো ব্যৱহাৰ কৰা হয় মেগী নুডল্ছ আৰু তেনে জাতীয় খাদ্য সম্ভাৰত। মন কৰিবলগীয়া, চীনা আৰু জাপানী সকলে আজিনামটো খাদ্যৰ স্বাদ আৰু গোন্ধ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ নকৰে। খাদ্য দ্ৰব্য সমূহৰ নিজস্ব স্বাদ আৰু গোন্ধ স্বাভাৱিক ভাৱে ৰখাৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰে। বৰ্তমান কিন্ত আমাৰ দেশত খাদ্য সম্ভাৰ আদিক স্বাদ আৰু গোন্ধযুক্ত কৰিবলৈ অত্যধিক পৰিমাণৰ আজিনামটো ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে।

আমাৰ শৰীৰত আজিনামটোৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। এই সম্পৰ্কত এন্দুৰ, গিনিপিগ আৰু জন্তৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰা হৈছে। দেখা গৈছে যে বিশেষকৈ জন্তৰ পোৱালি বিলাকৰ মস্তিষ্কৰ বিশেষ ক্ষতি সাধন কৰে আজিনামটোই। মানৱ শিশুৰ ক্ষেত্ৰত একে ধৰণৰ ক্ষতি হ’ব পাৰে বুলি নিশ্চিত হৈছে। ছিংগাপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান শিশুৰোগ বিশেষজ্ঞ অধ্যাপক ওৱাং হক বুনে লক্ষ্য কৰিছে, আজিনামটোযুক্ত খাদ্য খালে শিশুৰ হাত-ভৰিৰ কঁপনি ৰোগ হয়, খোৱা বন্ধ কৰিলে এনে লক্ষণ কমি যায়। তেওঁ এইদৰে কৈছে যে মস্তিষ্কৰ স্নায়ু কোষত যিবোৰ স্নায়ু সঞ্চালক থাকে, আজিনামটোৱে সেই বোৰৰ ওপৰতো বিৰুপ ক্ৰিয়া কৰে। তদুপৰি আজিনামটো আৰু সাধাৰণ নিমখ একেলগে ব্যৱহাৰ কৰিলে ক্ষতিৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ ফলত আনকি শিশুৰ মস্তিষ্কত ৰক্তক্ষৰণো হ’ব পাৰে। এনেদৰেই আজিনামটো সম্ভুত চি আৰ এছ ৰোগ হয়। এই সম্বন্ধেব্বহুল আলোচনা কৰাৰ থল আছে। গতিকে এই নিবন্ধত মাথোন উল্লেখহে কৰা হ’ল চি আৰ এছ সম্পৰ্কে।

জাপানৰ নেচনেল কেন্সাৰ ইনষ্টিটিউট আৰু নেচনেল কেন্সাৰ চেণ্টাৰে পৰীক্ষা-নিৰীক্ষা কৰি প্ৰকাশ কৰিছে যে আজিনামটো কৰ্কট ৰোগৰ কাৰকো হ’ব পাৰে। আমেৰিকাত শিশুৰ ক্ষেত্ৰত আজিনামটোৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। আন ভালেমান দেশতো এনে পদক্ষেপ লোৱা হৈছে। মালয়েছিয়াত আজিনামটোৰ পেকেটত লিখা থাকে, শিশুৰ বাবে নহয়, পিছে আমাৰ দেশত তেনে কোনো ব্যৱস্থা নাই। আনহাতে আমাৰ দেশত বিশেষকৈ শিশুৰ ক্ষেত্ৰত মেগী নুডল্‌ছ আৰু তেনে জাতীয় অন্যান্য খাদ্য সম্ভাৰৰ ব্যাপক ব্যৱহাৰ পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ ফাষ্টফুড অতি জনপ্ৰিয় হৈছে। এই বোৰতো আজিনামটো ব্যৱহাৰ কৰা হয়। অকল সেয়ে নহয় অতি জনপ্ৰিয় বিলাহী, জলকীয়া, চয়া আদিৰ চচ, বিভিন্ন ধৰণৰ আচাৰ, বিভিন্ন ধৰণৰ আচাৰ, বিভিন্ন ধৰণৰ টিন বা পেকেটত সংৰক্ষণ কৰা খাদ্য সম্ভাৰৰ আদিতো আজিনামটো ব্যৱহাৰ কৰা হয়। অৱশ্যে কথাটো কোনেও স্বীকাৰ নকৰে। প্ৰ্ণিধান যোগ্য যে, এই আটাইবোৰেই শিশুৰ অতি প্ৰিয় খাদ্য। শিশুৰ আব্দাৰ বজাই ৰখাত পিতৃ-মাতৃয়েও অৰিহনা যোগায়। আনকি স্কুললৈ যোৱা শিশুৰ টিফিনৰ টেমাতো এই জাতীয় খাদ্যই বেছিকৈ যায়। ইয়াৰ উপৰি ঘৰত থকা সময় খিনিত বিভিন্ন অজুহাতত৫ শিশুৱে মেগী নুডল্‌ছ বা তদ্‌ জাতীয় আজিনামটো যুক্ত খাদ্য সম্ভাৰহে পছন্দ কৰে। ফলত অত্যাধিক পৰিমাণৰ আজিনামটো ভক্ষণ কৰি চি আৰ এছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এই খিনিতে মন কৰিব লগীয়া অধিক পৰিমাণে মেগী নুডল্‌ছ জাতীয় খাদ্যৰ ওপৰত নিৰ্ভৰশীল শিশুৱে পৰ্যাপ্ত সুষম আহাৰ খাবলৈ নাপায়। এনে শিশুৱে স্বাভাৱিকতে অপুষ্টিত ভোগে। মেধাৰ বৃদ্ধি পৰ্যাপ্ত পৰিমাণে নহয়। তদুপৰি স্বাস্থ্য ৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় আঁহ জাতীয় দ্ৰব্যও এনে খাদ্যত নাথাকে। ত্ৎকালেই নহ’লেও পাছলৈ ইয়াৰ বিষম ফল ভূগীব লগীয়া হয়।

অন্যান্য ফাষ্টফুড সমূহৰ কিছু অংশ মাথোন চহৰ অঞ্চলতহে পোৱা যায়। কিন্ত মেগী নুডল্‌ছ জাতীয় খাদ্য দূৰদূৰণিৰ গাঁৱৰ দোকানতো থাকে। বৰ্তমানে ব্যাপক ভাৱে ব্যৱহৃত পটেটো চিপচ্‌ জাতীয় খাদ্যৰ ক্ষেত্ৰত এই পৰ্যন্ত পৰীক্ষা-নিৰীক্ষা হোৱা নাই। কিন্ত এই খাদ্য সমূহতো আজিনামটো ব্যৱহাৰ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

মেগী নুডল্‌ছকে ধৰি বিভিন্ন ফাষ্টফুডৰ ব্যৱসায় অতি লাভ জনক। এই খাদ্য সম্ভাৰ সমূহ প্ৰস্তুত কৰোতে যিমান খৰচ হয় তাতকৈ বহু বেছি গুণ দামত এই বোৰ বিক্ৰী কৰা হয়। এইবোৰ জনপ্ৰিয় কৰিবলৈ বিভিন্ন মাধ্যম ঘাইকৈ কেৱল টিভিৰ জৰিয়তে ব্যাপক আৰু ব্যয়বহুল ৰ্ংচঙীয়া আৰু মনোমোহা বিজ্ঞাপন প্ৰচাৰ কৰা হয়। এই বিজ্ঞাপনৰ মূল লক্ষ্য হ’ল শিশু। ফলত শিশু সকলে এইবোৰ দেখি অতি সহজে প্ৰলোভিত হয়। এইবোৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সময়ত আজিনামটোৰ স্বাস্থ্য হানিকাৰক দিশতো সম্পৰ্কে ঘূণাক্ষৰেও জানিবলৈ দিয়া নহয়। পিতৃ-মাতৃ সকলেও এনে বিজ্ঞাপন চোৱাৰ পৰা শিশুক বিৰত নকৰে। বৰং মনতে ভাবে, বিশেষ কষ্ট নকৰাকৈ শিশুটিক সন্তষ্ট ৰখাৰ উপায় হাতলৈ আহিছে যেতিয়া এইবোৰ ব্যৱহাৰ কৰাত আপত্তি কিয়? শিশুৰ স্বাস্থ্য ঘাইকৈ পিতৃ-মাতৃৰ হাতত। শিশুৰ স্বাস্থ্য যদি নষ্ট কৰিব নোখোজে সিহঁতক চি আৰ এছৰ বলি হোৱাটো নিবিচাৰে, তেনেহ’লে মেগী নুডল্‌ছ আৰু তদ্‌ জাতীয় চটপট খাদ্য খুওৱা বন্ধ কৰক। শিশুৰ মগজুৰ বিকাৰগ্ৰস্ত হোৱাটো নিশ্চয় কাৰোৱেই কাম্য নহয়। সৰুৰে পৰাই সিহঁতক স্বাস্থ্য সন্মত সুষম আহাৰ খোৱাৰ অভ্যাস গঢ়ি তোলক।

লেখক: ডাঃ জীৱন দত্ত বৰুৱা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate