অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ

স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ

স্বাস্থ্যকৰ আৰু অস্বাস্থ্যকৰ বৈজ্ঞানিক অধ্যয়নৰ পৰা এই কথা জানিব পৰা গৈছে যে ব্যক্তিগত আৰু ঘৰুৱা স্বাস্থ্য ৰক্ষাৰ বাবে ব্যৱহৃত টুথপেষ্ট, জুলীয়া চাবোন, ডিটাৰজেণ্ট আদি বহুত বস্তুত বেক্টেৰিয়াবিৰোধী হিচাপে ব্যৱহাৰ কৰা হয়। Triclosan নামৰ পদাৰ্থৰ প্ৰতি বেক্টেৰিয়াৰ প্ৰতিৰোধ ক্ষমতা বাঢ়িছে। ই সমগ্ৰ পৰিৱেশতে কুপ্ৰভাৱ পেলাই প্ৰতিৰোধী বেক্টেৰিয়াৰ বৃদ্ধিত অৰিহণাহে যোগাই আছে। আমি জানো যে বজাৰত উলিয়াই দিয়া নিত্য নতুন বস্তুৰ বিক্ৰী বঢ়াবৰ বাবে উৎপাদকৰ তৰফৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিবই। কিন্তু কোনোবাই ভাল বুলি ক’লেই বা বিজ্ঞাপন দেখিলেই বিচাৰ-বিবেচনা নকৰাকৈ নতুন বস্তু এটা গোটোৱাটো যে ক্ষতিকৰো হ’ব পাৰে সেই কথা আমি মনত ৰখা উচিত। যিটো বস্তু নথকা সত্বেও বিশেস একো অসুবিধা নোহোৱাকৈ ইমান দিনে চলি থকা হৈছে তাক দৈনন্দিন জীৱনৰ অসুবিধা নোহোৱাকৈ ইমান দিনে চলি থকা হৈছে তাক দৈনন্দিন জীৱনৰ অংশ কৰিবলৈ ইমান খৰখেদা নকৰিলে কিচুমান অপকাৰ এৰাই চলিব পৰা যায়। অচিন কাঠৰ থোৰা নলগাবলৈ পূৰ্বজসকলে আমাক সকীয়াই থৈছেই। প্ৰতি পদক্ষেপত হাতৰ কাষতে পোৱা প্ৰাকৃতিক উপাদানৰ সহায় লোৱা জীৱনৰ পৰা মানুহে নিজে গম নোপোৱাকৈয়ে বহুত আঁতৰি আহিল। ৰেডিমেদ বস্তুৰ সহায়ত কম সময় আৰু কম পৰিশ্ৰমত কাম কৰা জীৱনত আমি অভ্যস্ত হৈ পৰিছো। আমি ব্যৱহাৰ কৰা এনে বস্তুবোৰৰ অধিকাংশকে এৰিব নোৱাৰো আমি। কিন্তু ইয়াৰ ব্যৱহাৰ পাৰ্যমানে সীমিত কৰি এনে ক্ষতিৰ পৰিমাণ কমাই ৰখাৰ ব্যৱস্থা নিশ্চয় কৰিব পাৰো। এই কাম প্ৰত্যেকেই নিজৰ সাধ্যানুসাৰে অলপ অলপ কৰিলেও পৰিৱেশৰ ক্ষতি সামগ্ৰীকভাৱে বহুত কমিব। ৰন্ধন গেছৰ প্ৰচলন হোৱাৰ আগলৈকে সকলোৱে খৰিৰ জুইতে ৰন্ধা-বঢ়া কৰিছিল। বাচন আদি ধুবৰ বাবেও ফুটছাই ব্যৱহাৰ কৰিছিল। ছাইৰ লগত কৰ্দৈ টেঙআদি লৈকাঁহ-পিতলৰ বাচন চিকচিকীয়া কৰিছিল। বচন মাজিবৰ বাবে শুকান ঘাঁহ-বন, খেৰ,নাৰিকলৰ বাকলি, শুকাই যোৱা পুৰঠ ভোল(চচৰা) আদি ব্যৱহাৰ কৰিছিল। ৰন্ধন কাৰ্যত ব্যৱহৃত চৰু-কেৰাহীৰ কাজল্ গুচোৱাৰ সহজ কৌশলো প্ৰায় সকলোৱে জানিছিল। আগতে মণিছাল, খাৰ আৰু বগা, বলাকৃতিৰ চাবোনেৰে কাপোৰ ধুইছিল। চুলি, গা ধুবৰ বাবে খলিহৈ, ঔ-বীজ, খাৰণি আৰু প্ৰকৃতিলব্ধ অন্যান্য বস্তু ব্যৱহাৰ কৰিছিল। দাঁত মাজিছিল নিম, শাওৰা, ভেৰেণ্ডা আদি গছৰ ঠেঙুলিৰে দাঁতনেৰে। সেইবোৰ দিন অতীত হ’ল। ৰান্ধনীশালৰ পৰাও লোহাৰ কেৰাহী, এলুমিনিয়ামৰ ডেক্‌চি-চচপেন, পিতলৰ টৌ-খৰাহী-চৰিয়া-কলহ-ঘটি-লোটা, কাঁহ্ৰ কাঁহী-বাটি আদি প্ৰায় অন্তৰ্ধান হৈছে। এতিয়া ৰন্ধন, পৰিৱেশন আৰু প্ৰক্ষালন তুলনামূলকভাৱে বহুত সহজ হৈছে। বিধে বিধে গোটা, জুলীয়া আৰু গুড়ি চাবোন, শ্বেম্পু, ডিটাৰজেণ্ট আদিয়ে মানুহৰ শাৰীৰিক পৰিশ্ৰম লাঘৱ কৰাৰ লগতে সময়ো যথেষ্ট ৰাহি কৰে এতিয়া(ইয়াৰ লগত জড়িত টকা-পইচাৰ প্ৰস্ংগ এই আলোচনাৰ পৰা আঁতৰাইজ ৰখা হৈছে)। বাচন মাজিবৰ বাবেও ৰেডীমেড নানা ধৰণৰ সঁজুলি এতিয়া বজাৰত পোৱা যায়। সময়ৰ লগে লগে আহি থকা পৰিৱৰ্তনবোৰ মানি লোৱাটোৱেই নিয়ম। কিন্তু সম্প্ৰতি বহুলভাৱে ব্যৱহৃত, উল্লিখিত বস্তুবোৰত আমাৰ শৰীৰ আৰু পৰিৱেশৰ বাবে অপকাৰী উপাদানো বহুত থাকে। যিহেতু এনে বস্তুবোৰ ব্যৱহাৰ নকৰিলে নচলাৰ দৰেই, এইবোৰৰ পৰা হ’ব পৰা ক্ষতিৰ পৰিমাণ যথা সম্ভৱ কমাই ৰখাৰ চেষ্টা আমি কৰা উচিত। এনে একোবিধ বস্তু সঠিক পৰিমাণত লৈ সঠিক্ভাৱে ব্যৱহাৰ কৰিলে এই দিশত কিছু কাম হয়। প্ৰয়োজনতকৈ বেছি পৰিমাণত লোৱা প্ৰক্ষালক কাপোৰ বা বাচনৰ পৰা সম্পূৰ্ণ আঁতৰোৱাটো কষ্টকৰ হয়। বাচনত লাগি থকা এনে বস্তু খাদ্যৰ লগত আমাৰ পেটলৈ যায়। প্ৰতিবাৰ খাদ্য গ্ৰহণৰ সময়ত এনেদৰে গৈ থকা এইবোৰ দ্ৰব্যই শৰীৰত মন্থৰ বিষক্ৰিয়া কৰিব পাৰে। লগতে খাদ্যনলীৰ ভিতৰভাগৰ কোমল আৱৰণখনৰো ক্ষতি কৰিব পাৰে। কাপোৰত লাগি ৰোৱা প্ৰক্ষালকে আমাৰ গাৰ ছালৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ সৰু ল’ৰা-ছোৱালীৰ কাপোৰৰ ক্ষেত্ৰত বেছি সাৱধানতাৰ প্ৰয়োজন। সঠিক পৰিমাণত প্ৰক্ষালক লোৱা আৰু ভালকৈ ধোৱাটো নিশ্চিত কৰি আৰু আগতে ধুই থোৱা বাচনবোৰ ব্যৱহাৰৰ আগে আগে পুনৰ আওখালি অপকাৰৰ মাত্ৰা কিছু কমাব পাৰি। ৰেডীমেড জাবৰেৰে বাচন মাজোতে খাদ্যদ্ৰব্যৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ তাৰ আঁহৰ মাজত ৰৈ যায়। ব্যৱহাৰৰ পিছত এনে আহিলাবোৰ ভালদৰে পৰিস্কাৰ কৰি থোৱাৰ অভ্যাসো বহুতৰে নাথাকে। তেনে একোটা আহিলা কিদৰে পৰিস্কাৰ কৰিব লাগে সেই কথা সাধাৰণতে পেকেটৰ ওপৰত লিখা থাকে। সেইবোৰ পঢ়ি চোৱাৰ ধৈৰ্য আমাৰ বহুতৰে নাই। পঢ়িলেও তাক অনুসৰণ কৰাৰ কষ্টখিনি আমি নকৰোঁ। বেছিভাগ পৰিয়ালতে ধোৱা-পখলা কামবোৰ বাহিৰা মানুহে কৰে। নিজে কষ্টকৰ বুলি ভবা কাম এটা অইনে কৰিব বুলি আশা কৰা নাযায়। কিন্তু ভালদৰে ধোঁৱাৰ পিছতো এনে আহিলাবোৰত খাদ্যৰ কিছু অংশ ৰৈ যায়েই।সেইবোৰ মুকলিকৈ ৰাখিলে, বিশেষকৈ নিশাৰ ভাগত পঁইতাচোৰা, নিগনি, জেঠী, মকৰা আদিয়ে বীজাণু আৰু অন্যান্য বিষাক্ত দ্ৰব্যৰে সেইবোৰ প্ৰদূষিত কৰে। ৰেডীমেড এনে জাবৰ ব্যৱহাৰ নকৰাকৈ থাকি আমি পৰিয়ালৰ স্বাস্থ্যৰ অপকাৰৰ সম্ভাৱনা কিছু কমাব পাৰো। যিসকলৰ বাবে এনেবোৰ আহিলা অপৰিহাৰ্যৰ দৰে হৈ পৰিছে তেওঁলোকেও সেইবোৰ ব্যৱহাৰৰ পিছত ভালদৰে ধুই শুকুৱাই পঁইতাচোৰা আদিয়ে নোপোৱাকৈ সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা নিশ্চয় কৰিব পাৰে জুঠা বাচন লগে লগে ধুলে তুলনামূলকভাৱে কম্ পৰিমাণৰ প্ৰক্ষালক আৰু পানীৰেই সেই কাম কৰিব পৰা যায়। কিন্তু পলম হ’লে সেই একেখিনি বাচন ধোঁওতে প্ৰক্ষালকৰ লগতে পানীও বেছি খৰচ হয়। তদুপৰি জুঠা বাচনত লাগি থকা খাদ্য দ্ৰব্যই আকৰ্ষণ কৰি মাতি অনা মাখি, পঁইতাচোৰা আদিয়ে বাচনবোৰত বীজাণু আৰু অন্য বিষাক্ত পদাৰ্থও এৰি যায়। বাচন ধোৱাৰ পিছতো অলক্ষিতে ৰৈ যোৱা তেনে বস্তু খাদ্যৰ লগত পেটলৈ যায় আৰু বেমাৰ মাতে। কিছুমান ঘৰত নিশাৰ জুঠা বাচন পিছদিনালৈ থৈ দিয়াটো নিয়মৰ দৰে। এইটো বেছি বিপজ্জনক। খাদ্যবস্তুৰ স্ংস্পৰ্শৰ্পোৱা বাচন যিমান সোনকালে পৰা যায় ধুই থ’ব লাগে। অপৰিহাৰ্য পৰিস্থিতিত নোধোৱাকৈ থ’ব লগা হ’লে বাচনত লাগি থকা খাদ্য দ্ৰব্য পাৰ্যমানে আঁতৰাই বাচনবোৰ ডাঙৰ পাত্ৰত ভৰাই, তাত পানী ঢালি পাত্ৰটো ভালদৰে ঢাকি থ’ব লাগে। এনে বাচন ধোৱাৰ পিছত উতলা পানীৰে আওখালি থ’লে বীজাণুৰ স্ংক্ৰমণ প্ৰতিৰোধ কৰা হয়। নিজৰ আৰু পৰিয়ালৰ ম্ংগলৰ উদ্দেশ্যি কৰা, দেখাত সাধাৰণ যেন এনে কিছুমান কামৰ সুফল আমি গম নোপোৱাকৈয়ে সুদূৰ প্ৰসাৰী হ’ব পাৰে।

লেখক: ডা: প্ৰিয়ম্বদা দাস,

উৎস  স্বাস্থ্য আৰু দীৰ্ঘ্ জীৱন

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate