গৰমত দৈ বা দৈৰ পৰা তৈয়াৰ হোৱা লাচি এগিলাছে দেহ-মন শীতল কৰে। গৰমত আপুনি বাহিৰৰ পৰা আহি দৈ এগিলাছ খালে দেহ ঠাণ্ডা হৈ যায়।
পিছে প্ৰখৰ ৰ’দত যদি মুখখন বা ছালৰ পোৰণি হয় তেন্তে কি কৰিব? তেতিয়াও অকণমান দৈ লৈ মুখত সানি দিয়ক।
দেখিব দেহৰ পোৰণি কমি গৈছে। অতিমাত্ৰা গৰমত বৰফ দিয়া চৰ্বত খাই নিশ্চয় সকলোৰে ভাল লাগে। এনে চেঁচা চৰ্বত বা অইন চৰ্বত খাওঁতে যদি পানী লাগে, তেতিয়া নিশ্চয় বৰ অসুবিধাৰ হয়। তাৰো এটা উপায় আছে।
আপুনি নেমুৰ চৰ্বতৰ লগত আদাৰ ৰস অকণমান মিহলাই দিয়ক। আদাৰ শুকান গুড়িও ব্যৱহাৰ কৰিব পাৰে। য’ৰে ত’ৰে পানী খোৱাটো উচিত নহয়। পানীৰ জৰিয়তে হেপাটাইটিছ, জণ্ডিছ অন্যান্য বেমাৰৰ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে।
বাহিৰৰ পানীৰ সলনি একমাত্ৰ নিৰ্ভৰযোগ্য পানীয় হৈছে ডাবৰ পানী। গৰমৰ দিনত যেতিয়াই তেতিয়াই পিয়াহ লাগে।
পিছে দিনে আপুনি কিমান পানী খাব তাৰো এটা মাত্ৰ আছে। খেজুৰ আৰু পানীলাউক এচি খাদ্য বুলি জনা যায়।
এই দুবিধ খাদ্যই আমাৰ দেহত এচিৰ দৰে কাম কৰে। এইদৰে কুঁহিয়াৰৰ ৰস তথা অন্য ফালৰ ৰসো গৰমৰ দিনকেইটাত খুব উপকাৰী। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে দুপৰ টেঙাৰ ৰস খাব লাগে। অৱশ্যে কুঁহিয়াৰৰ ৰসো উপকাৰী।
প্ৰায় সকলো মানুহেই নিজৰ মুখৰ ছালখনক লৈ যিমান সচেতন, সেই অনুপাতে হাত দুখনৰ কথা নাভাৱে।
কিন্তু মুখখনৰ দৰেই হাত দুখনৰ ওপৰতো সহজেই চকুত পৰে। সেয়ে হাতৰ ছাল নিমজ হোৱাটোৱে মানুহৰ ব্যক্তিত্বৰ ওপৰতে প্ৰভাৱ পেলায়।
এই হাত দুখন নিমজ কৰিবলৈ এবাৰ চেষ্টা কৰকচোন- একাপ নাৰিকল তেল, আধা কাপ চেনি, নেমু ৰস অলপমান, কটনৰ মোজা এযোৰ। প্ৰথমে মিশ্ৰণখিনি এটা পাত্ৰত বাকি লৈ ভালদৰে মিহলাই লওক। এই মিশ্ৰণেৰে হাত দুখন মালিচ কৰক।
কাগজৰ ৰুমাল ব্যৱহাৰ কৰি হাতৰ পৰা অতিৰিক্ত তেল আৰু চেনি আঁতৰাই দিয়ক। এতিয়া গোটেই ৰাতি হাত দুখনত মোজা পিন্ধি থাকক। পুৱালৈ দেখিব হাত দুখন মসৃণ আৰু উজ্জ্বল দেখাইছে।
চিকিৎসা বিজ্ঞানত সম্প্ৰতি প্ৰমাণিত হৈছে যে অত্যধিক টেলিভিছন চোৱা শিশু অস্থিৰ, উচ্ছৃংখল আৰু খঙাল হয়। বেছিকৈ টেলিভিছন চোৱা শিশুৰ মাজত অপৰাধপ্ৰৱণতা আৰু অসামাজিক আচৰণে প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি।
এই তথ্য সদৰি কৰিছে নিউজিলেণ্ড অটাগ’ বিশ্ববিদ্যালয়ৰ গৱেষকগৰাকীয়ে প্ৰায় ৰবাৰ্টছনে। গৱেষকগৰাকীয়ে প্ৰায় এহাজাৰ শিশুৰ ওপৰত অধ্যয়ন চলাই এই তথ্য প্ৰকাশ কৰিছে। এই গৱেষণাত শিশুসকলে টিভি চোৱাৰ কধৰণ আৰু অনুষ্ঠান আদিকো সামৰি লৈছে।
গৱেষণাৰ সমীক্ষা অনুসাৰে এই কথা সদৰী কৰিছে যে টিভি বেছিকৈ চোৱা শিশুৰ ব্যৱহাৰ লাহে লাহে খিংখিঙীয়া হৈ পৰে। তেওঁলোকৰ মনত নেতিবাচক কথাবোৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰে।
তেওঁলোকৰ মতে, পিতৃ-মাতৃয়ে শিশুক বিশেষকৈ ৫-১৫ বছৰৰ ল’ৰা-ছোৱালীক নিৰ্বাচিত অনুষ্ঠানবোৰহে প্ৰায়(দৈনিক) ১-১.৩০ ঘন্টাৰ কাৰণে চাবলৈ দিব লাগে।
আপোনাৰ শিশুটিক অপৰাধপ্ৰৱণতাৰ পৰা মুক্ত কৰিবলৈ হ’লে প্ৰায়ে টিভি চোৱাৰ অভ্যাস কমাওক।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 4/24/2020