*হাততে পোৱা পিন, গাড়ীৰ চাবি, কলম, দিয়াচলাই কাঠীৰে কাণ নুখজুৱাব।
*কাণৰ ভিতৰত যিকোনো তেল দিব নালাগে।
*কাণ বিষালে বা পুঁজপানী ওলালে কোনো কাৰণত ঘৰুৱা চিকিৎসা নকৰিব। কাণৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
*অন্ততঃ বছৰত এবাৰ কাণৰ বিশেষজ্ঞৰ ওচৰত কাণ দুখনৰ পৰীক্ষা কৰাওক।
*বজাৰত পোৱা ‘Bud’ৰে কাণ চাফা কৰাৰ নিয়ম পৰিয়ালত সকলোৰে বাবে গ্ৰহণ কৰক।
প্ৰেমৰ মায়াভৰা চুম্বনে মস্তিষ্কত যি উত্তেজনাৰ সৃষ্টি কৰে তাতকৈ অধিক উত্তেজনাৰ সৃষ্টি কৰিব পাৰে চকলেট খোৱাৰ অভ্যাসে।
এই উত্তেজনা চুম্বনতকৈ বহু বেছি সময় স্থায়ী হয় বুলি দাবী কৰিছে যুক্তৰাষ্ট্ৰৰ এদল গৱেষকে।
চকলেটৰ মূল উপাদান হৈছে চেনি আৰু স্নেহজাতীয় পদাৰ্থ।
ইয়াৰ প্ৰভাৱত মস্তিষ্কত ডোপামাইন নামৰ হৰম’নৰ ক্ষৰণ বৃদ্ধি পায়।
ফলত মিলনৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পায়।
একেদৰে চকলেটত কেফেইন আৰু থিঅ’ব্ৰোমাইন থাকে, যিয়ে মস্কিষ্কত উদ্দীপক হিচাপে কাম কৰাৰ লগতে শৰীৰত ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰে।
চকলেটৰ বাহিৰৰ নৰম মসৃণ আৱৰণো উত্তেজনা বৃদ্ধিত বিশেষ গুৰুত্বপূৰ্ণ।
ফলত ইয়াক মুখত দিয়াৰ পিছত গভীৰ এক যৌন অনুভূতিৰ সৃষ্টি কৰে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 1/20/2019