কেতিয়াবা ৰোগীয়ে অজ্ঞতাৰ বাবে প্ৰয়োজনীতকৈও বেছি ঔষধ খাই দিয়ে। চিকিৎসকৰ ব্যৱস্থাপত্ৰত দিয়া নিৰ্দেশ অমান্য কৰি বহু লোকেই ঔষধ সেৱন কৰে। কেতিয়াবা ৰোগীয়ে অজ্ঞতাৰ বাবে প্ৰয়োজনতকৈও বেছি ঔষধ খাই দিয়ে। চিকিৎসকৰ ব্যৱস্থাপত্ৰত দিয়া নিৰ্দেশ অমান্য কৰি বহু লোকেই ঔষধ সেৱন কৰে। কেতিয়াবা কিমান পৰিমাণৰ ঔষধ খাব লাগে সেই বিষয়ে চিকিৎসকৰ পৰা ভালদৰে বুজি নোলোৱাৰ বাবেও এনে হয়। চিকিৎসকৰ নিৰ্দেশ বুজি নাপালে ফাৰ্মাচিষ্টৰ পৰা বুজি ল’ব লাগে। ৫০ মিলিগ্ৰাম ঔষধ খাব লগা অৱস্থাত যদি ১০০ মিলিগ্ৰাম ঔষধ খোৱা হয়, তেতিয়াহ’লে ৰোগী সমস্যাত পৰাটো নিশ্চিত। এনে সমস্যাই দেখা দিলে ৰোগীৰ প্ৰাণৰো সংশয় হ’ব পাৰে। সেয়ে কেতিয়াও বেছি মাত্ৰাত ঔষধ খাব নালাগে। আনহাতে, কেতিয়াবা অতি সোনকালে ৰোগৰ পৰা মুক্তি পাবলৈ বেছি মাত্ৰাত ঔষধ সেৱন কৰে। এনে কৰিলে ৰোগৰ পৰা মুক্তি পোৱাতো দূৰৰে কথা, হিতে বিপৰীতে হোৱাটোহে নিশ্চিত।
সৰু ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰি থাকোঁতে কাণৰ ভিতৰত যিকোনো বস্তু সুমুৱাই দিব পাৰে। আনহাতে, কেতিয়াবা ডাঙৰৰো কাণত আকস্মিকভাৱে পোক-পৰুৱাই সোমাব পাৰে। ভিতৰত সোমোৱা পোক-পৰুৱাই কেতিয়াবা কাণৰ পৰ্দাখন ফুটাই দিব পাৰে। যিসকলৰ কাণ খুজোৱাৰ অভ্যাস, তেওঁলোকে হাততে ঢুকি পোৱা যিকোনো বস্ত, যেনে- কাঠী বা খৰিকাৰে কাণ খুৱোৱাৰ অভ্যাস, তেওঁলোকে হাততে ঢুকি পোৱা যিকোনো বস্তু, যেনে- কাঠী বা খৰিকাৰে কাণ খজুৱায়। এই জাতীয় বস্তু ভাগি কেতিয়াবা কাণৰ ভিতৰত থাকি যাব পাৰে। কাণত সোমোৱা বস্তু বা পোক উলিয়াবলৈ নিজে চেষ্টা নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কেতিয়াও কোনো কাৰণতে পিন বা কাঠীৰে খুঁচি উলিয়াবলৈ চেষ্টা কৰিব নালাগে।
ভিটামিন ডিয়ে বিষাদগ্ৰস্ততা হ্ৰাস কৰাত সহায় কৰে। নেদাৰলেণ্ডৰ ভি ইউ ইউনিভাৰ্ছিটী মেডিকেল চেন্টাৰৰ এদল গৱেষকে ৬৫ৰ পৰা ৯৫ বছৰ বয়সৰ ১,২৮২ জন লোকক সামৰি চলোৱা এটা সমীক্ষাত প্ৰকাশ পাইছে যে বয়স্ক লোকক সামৰি শৰীৰৰ ভিটামিন ডিৰ পৰিমাণ হ্ৰাস পালে তেওঁলোক বিষাদগ্ৰস্ত হৈ পৰে। ৰ’দৰ উত্তাপ নাপালে আৰু পুষ্টি সমৃদ্ধ আহাৰ গ্ৰহণ নকৰিলে শৰীৰত ভিটামিন ডিৰ পৰিমাণ কমে। ভিটামিন ডিৰ পৰিমাণ কমিলে পেৰাথাইৰয়ড হৰম’নৰ পৰিমাণ বৃদ্ধি পায়। শৰীৰত এই হৰম’নৰ পৰিমাণ বাঢ়ি গ’লেই মানুহৰ বিষণ্ণতা আৰু নেতিবাচক চিন্তাত ভোগে। এই সমস্যা গুৰুতৰ হৈ পৰিলে মানুহে আন মানসিক ৰোগতো ভুগিব পাৰে। গৱেষণাটোৱে এই কথাও প্ৰমাণ কৰিলে যে বিষাদগ্ৰস্ততাত ভোগা লোকসকলৰ তেজত ভিটামিন ডিৰ পৰিমাণ আন স্বাভাৱিক মানুহতকৈ ১৪ শতাংশ কম।
আপুনি বাৰু অতিৰিক্তভাৱে ‘টনিক’ খাই নেকি? গাটো দুৰ্বল লাগিলে বহুতেই চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ফামাৰ্চীৰ পৰা ক্ৰয় কৰি ‘টনিক’ খোৱাৰ নিয়ম আছে। বহুতৰে ভ্ৰান্ত ধাৰণা যে এনে অভ্যাসে শৰীৰটো সবল কৰিব। আনকি কেতিয়াবা ৰোগীয়ে শৰীৰৰ দুৰ্বল লাগে বুলি কৈ এটা ‘টনিক’ লিখি দিবলৈও অনুৰোধ কৰে। সম্প্ৰতি চিকিৎসা বিজ্ঞানত এই কথা প্ৰমাণ হৈছে যে জধে-মধে ‘টনিক’ খোৱাৰ অভ্যাসে উপকাৰতকৈ অপকাৰহে কৰে। কিয়নো শৰীৰৰ দুৰ্বল ভাবটো কোনো ৰোগৰ লক্ষণ হ’বও পাৰে। আনহাতে টনিকে ৰোগ আৰোগ্য হোৱাত সহায় নকৰে। সেয়ে শৰীৰ বেয়া লাগিলে স্ব-চিকিৎসাৰে টনিক খোৱাতকৈ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
সৰু ল’ৰা-ছোৱালীয়ে কেতিয়াবা মুখত চকলেট জাতীয় বস্তু লৈ শুই দিলে ডিঙিত লাগি ধৰে। কেতিয়াবা বুটাম বা পইচা আদি সিহঁতে ইচ্ছাকৃতভাৱে গিলি দিয়ে। তেতিয়াও ডিঙিত লাগি যোৱাৰ সম্ভাৱনা থাকে। আনহাতে, ডাঙৰ মানুহৰ ক্ষেত্ৰত খৰখেদাকৈ খাদ্য খালে কেতিয়াবা মাছৰ কাঁইট বা মাংস ডিঙিত লাগি যায়। তেতিয়া অতি সোনকালেই চিকিৎসকক দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে। ডিঙিত কোনো বস্তু লাগি ধৰাৰ পিছত খাদ্য খাবলৈ দিব নালাগে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 2/6/2019