সুগন্ধি বস্তু পালে সৰু ল’ৰা-ছোৱালীয়ে গোন্ধ লৈ ভাল পায়। তেনে কৰোঁতে কেতিয়াবা নাকৰ ফুটাত বস্তুবিধ সোমাই যায়। সিহঁতে নেপথলিন বা বা গুটিজাতীয় বস্তু নাকত সুমুৱায়ো দিয়ে। মটৰ মাহ, বাদাম, মূড়ি আদিও কেতিয়াবা নাকৰ ভিতৰত সুমুৱাই দিয়ে। ফলত উশাহ-নিশাহত কষ্ট হ’ব পাৰে। আনহাতে সিহঁতে অভিভাৱকক নজনোৱাৰ ফলত নাকৰ ভিতৰত ঘা হ’ব পাৰে। নাকৰ পৰা বীজল বীজল পানী ওলালে বা বেয়া গোন্ধ ওলালে ই এন টি বিশেষজ্ঞৰ কাষ চাপিব লাগে।
ঋতু পৰিৱৰ্তনৰ লগে লগে এনে ধৰণৰ চৰ্দি লাগি থাকে। যিকোনো বয়সৰ মানুহৰ এই ৰোগ হ’ব পাৰে। শিশুৰ পৰা আৰম্ভ কৰি বয়সিয়াল বা বৃদ্ধ সকলোৰে ঠাণ্ডা লাগি চৰ্দি হয়। পোনতে মূৰ দোৱালেই নাকেৰে চাফা পানীৰ দৰে চৰ্দিৰে নাক বন্ধ হৈ যায় আৰু নাকৰ পৰা পানী ওলাই আহে। উশাহ-নিশাহত বৰ অসুবিধা হয়। ইয়াৰ কাৰণে পানীৰে চিকিৎসাৰ এটা পদ্ধতি আছে। এই পদ্ধতিটো হ’ল উচিত পদস্নান। ইংৰাজীত কোৱা হয় ‘হট ফুটবাথ’। গৰম পানীত(সহ্য কৰিব পৰা) সামান্য নিমখ মিহলাই ভৰি দুখন জুবুৰিয়াই থ’ব লাগে। ইয়াৰ পিছত এগিলাচ ঠাণ্ডা পানীত দহ ফোটা গোলনেমুৰ ৰস মিহলাই ডেৰ ঘন্টাৰ মূৰে মূৰে চাৰি-পাঁচ ঢোক গিলিব লাগে। প্ৰত্যেকবাৰ পানীৰ পৰিমাণ ১০০ৰ পৰা ১৫০ মিলিলিটাৰ হোৱা প্ৰয়োজন। এনে কৰিলে প্ৰস্ৰাৱৰ লগত শৰীৰৰ দূষিত পদাৰ্থ বাহিৰলৈ ওলাই যাব। কিন্তু অম্ল বা অজীৰ্ণ ৰোগ থাকিলে গোলনেমু মিহলাই পানী খাব পৰা নাযাব। এইদৰে পানী খালে এক বা ডেৰ দিনত চৰ্দি ভাল হ’ব।
ঘৰুৱা কাম-কাজ কৰি থকা মানুহৰ ছালত বাঁহ-কাঠৰ কাঁইট সোমায়। তেতিয়া সাধাৰণতে বেজী বা পিনেৰে খুঁচি বাহিৰলৈ উলিয়াই দিয়া হয়। এইক্ষেত্ৰত সাৱধান হ’ব যাতে বেজীৰ আগটো মামৰে ধৰা নহয়। বেজীৰ আগটো জুইত পুৰি মচি ল’ব লাগে। ঘা টুকুৰা ধুই কাঁইট উলিয়াবলৈ চেষ্টা কৰিব লাগে। যদিহে গজাল বা ডাঙৰ কাঁইট আয়নাৰ টুকুৰা আদি সোমাইছে আৰু এটা মূৰ বাহিৰ চেপেনাৰেৰে ধৰি টানি উলিয়াই আনিব লাগে। অৱশ্যে ছালৰ একেবাৰে ভিতৰৰ অংশত সোমাই গ’লে তেনে বস্তু উলিয়াবলৈ চেষ্টা নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।
এই সমস্যাটো দেখাত সাধাৰণ হ’লেও কিছু সময়ৰ কাৰণে বৰ যন্ত্ৰণাত পৰিবলগীয়া হয়। কেতিয়াবা পুৱা বিছনাত এঙামূৰি দিওঁতে ভৰিখন হঠাতে টানি ধৰে। টেলিভিছনৰ পৰ্দাত ভৰি সিৰামূৰি ধৰি খেলপথাৰত খেলুৱৈ ৰেহাই পাবলৈ তাৎক্ষণিকভাৱে টানি ধৰা পেশীবোৰ লাহে লাহে তললৈ মালিৱ কৰিব লাগে। কেতিয়াবা সিৰামূৰি বহুত সময়লৈ থাকে। তেতিয়া সেই ঠাইটুকুৰাত গৰম পানীৰে সেক দিব লাগে। গৰম পানী নহ’লে বৰফ লগাওব পাৰে। সঘনাই সিৰামূৰি ধৰাসকলে ৰাতি শোওঁতে ভৰি গাৰুৰ ওপৰত তুলি ৰাখিলে আৰাম পায়। এই সমস্যাটো মহিলাসকলৰ একেৰাহে ওখ জোতা পিন্ধাৰ বাবেও হয়। এনে সমস্যা থকা ব্যক্তিয়ে পানী বেছিকৈ খাব লাগে।
জন্মৰ পিছৰ দুদিনলৈ নৱজাতকক গা ধুওৱাৰ প্ৰয়োজন নাই। কিয়নো গা ধুৱালে নৱজাতকৰ দেহৰ উত্তাপহে কমি যাব। এই সময়ছোৱাত সিহঁতক চাফা কৰিবলৈ এটুকুৰা কোমল পৰিষ্কাৰ কাপোৰ বা অলপ কপাহ কুহুমীয়া পানীত টিয়াই লৈ গুহ্যদ্বাৰৰ চাৰিওফালৰ ঠাইখিনি পৰিষ্কাৰ কৰাত সৰ্বাধিক গুৰুত্ব দিব লাগে। কেঁচুৱাক গা ধুওৱাতে সদায় কুহুমীয়া গৰম পানী আৰু কোমল চাবোনহে ব্যৱহাৰ কৰিব লাগে। মন কৰিবল যে যাতে শৰীৰত বতাহ নালাগে। গা ধুৱাওতে কাষত টাৱেল এখন লৈ ল’ব লাগে যাতে পানীৰ পৰা উঠায়েই টাবেলেৰে গা মচিব পাৰে। কেঁচুৱাক পিন্ধাব লগা পোছাকযোৰো আগতেই সাজু কৰি ৰাখিব লাগে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 5/17/2020