অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতিশক্তি ঘূৰাই আনিবলৈ বৈদ্যুতিক শ্বক :

স্মৃতিশক্তি ঘূৰাই আনিবলৈ বৈদ্যুতিক শ্বক :

 

আলজাইমাৰ বা এপিলেপচি ৰোগীসকলৰ বাবে স্মৃতিভ্ৰষ্ট হোৱাটো অতি সাধাৰণ কথা। তেওঁলোকৰ স্মৃতি পুনৰ উভতি অহাৰ কোনো নিশ্চয়তা চিকিৎসা বিজ্ঞানে এই পৰ্যপ্ত দিব পৰা নাই। কিন্তু সম্প্ৰতি এটি গৱেষণাত দেখা গৈছে যে, সঠিক সময়ত এই ৰোগীসকলৰ মগজুত যদি সামান্য পৰিমাণে বিদ্যুতেৰে আঘাত কৰা হয়, তেন্তে তেওঁলোকৰ স্মৃতি পুনৰ ঘূৰি আহিব পাৰে। বিজ্ঞানীসকলে বৈদ্যুতিক উত্তেজক পদ্ধতিৰে স্মৃতিশক্তি ঘূৰাই অনাৰ কোনটো অধিক ফলপ্ৰসূ উপায় সেই সম্পৰ্কে আৰু অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মত পোষণ কৰিছে। এপিলেপচি ৰোগ থকা ১৫০ জন ব্যক্তিৰ মূৰত ইলেকট্ৰোড ৰাখি তেওঁলোকক কিছুমান শব্দ শুনোৱা হয়। তাৰ পিচত মূৰৰ পৰা ইলেকট্ৰোড খুলি পুনৰ সেই শব্দ সম্পৰ্কে তেওঁলোকক সোধা-পোছা কৰা হয়। তেওঁলোকৰ মগজুৰ কাৰ্যক্ষমতা অতি নিবিড়ভাৱে পৰ্যবেক্ষণ কৰে বিজ্ঞানীসকলে। পেনিচিলভানিয়া বিশ্ববিদ্যালয়ৰ ছাইক’লজি বিভাগৰ মুৰব্বী মাইকেল কাহানা এই গৱেষণাৰ মূল ব্যক্তি আছিল। তেওঁ পৰ্যবেক্ষণ কৰি কয় যে যিসকলৰ মূৰত ইলেকট্ৰোড বহোৱা হৈছিল তেওঁলোকে সাধাৰণ এপিলেপচি ৰোগীতকৈ বেছি তৎপৰতাৰে সঠিক উত্তৰ দিবলৈ সক্ষম হৈছিল। কাহানাই ইয়াকো কয় যে, কোনো কোনো সময়ত আমাৰ মনে খুব দ্ৰুতগতিত কাম কৰিবলৈ সক্ষম হয় আৰু কোনো কোনো সময়ত আমাৰ মন খুব দুৰ্বল হৈ যায়। মূৰত ইলেকট্ৰোড বহায় মগজুত সামান্য বৈদ্যুতিক আঘাত দিয়াৰ পিচত ৰোগীৰ স্মৃতিশক্তিয়ে প্ৰবলভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। মাইকেল কাহানাৰ মতে এই পৰীক্ষাই শেষ নহয় আৰু পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। কিন্তু এই ৰোগৰ পৰা উপশম পাবলৈ আৰু বেছিদিন অপেক্ষা কৰিব নালাগিব বুলি কাহানাই এটি সাক্ষাৎকাৰত জানিবলৈ দিয়ে।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate