বয়সৰ লগত মানুহৰ স্মৃতিশক্তিৰ সম্বন্ধ আছে। শৈশৱ আৰু কিশোৰ অৱস্থাত মানুহৰ স্মৃতিশক্তি বৃদ্ধি হয় আৰু প্ৰৌঢ় আৰু বৃদ্ধ অৱস্থাত স্মৃতিশক্তি কমি যায়। স্মৃতিশক্তি কমি গ’লে মানুহে সোনকালে কথা পাহৰে আৰু খিংখিঙিয়া স্বভাৱৰ হয়। ভাৰতীয় জ্যোতিষ শাস্ত্ৰ মতে, যি মানুহৰ জন্ম পত্ৰিকাত বুধ শুভ ভাবত থাকে, সেই মানুহৰ স্মৃতিশক্তি প্ৰবল হয়। ৰঙেও মানুহৰ স্মৃতিশক্তিত প্ৰভাৱ পেলাব। সেউজীয়া ৰং স্মৃতিশক্তিবৰ্ধক। যিসকলৰ স্মৃতিশক্তি দুৰ্বল তেনে লোকে ঘৰৰ বেৰৰ ৰং বা পঢ়া কোঠাৰ ৰং সেউজীয়া কৰি ৰাখক। মানুহক মন প্ৰফুল্লিত হৈ থাকিলে স্মৃতিশক্তি বহুত দিনলৈ কাৰ্যক্ষম হৈ থাকে। দুখ আৰু হতাশাক কেতিয়াও প্ৰশয় নিদিব। সদায় লঘু ব্যায়াম আৰু যোগাসন কৰক। নিয়মিত পদ্মাসন কৰিবলৈ চেষ্টা কৰক। পদ্মাসনে মানুহৰ মন একাগ্ৰ কৰাৰ উপৰি স্মৃতিশক্তিও বৃদ্ধি কৰে। সদায় স্বাস্থ্যসন্মত খাদ্য, যেনে- সেউজীয়া সতেজ শাক-পাচলি, কেলচিয়াম আৰু ফছফৰাছযুক্ত খাদ্য, বতৰৰ ফল-মূল নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। চৰ্বীজাতীয় খাদ্য কম পৰিমাণে ব্যৱহাৰ কৰক। ৰাতি সোনকালে টোপনিতে পৰাৰ অভ্যাস কৰক। এখন কিতাপ বা আলোচনী সদায় ৰাখক আৰু কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলক। মছলাজাতীয় খাদ্য পৰিহাৰ কৰাই ভাল আৰু খং উদ্বিগ্নতা আদিৰ পৰা নিজকে বচাই ৰাখক। নিয়মিত ভগৱানক প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰক। এখন দৈনন্দিন ৰুটিন তৈয়াৰ কৰি সেই মতে চলিবলৈ শিকক।
সদায় ভাল চিন্তা কৰক আৰু কল্পনা শিক্ষক। যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ সময়ৰ স্মৃতিশক্তিৰ সমস্যাত ভোগে তেওঁলোকে পঢ়া টেবুলৰ সন্মুখত এখন বগা কাগজত এটা বিন্দু অংকন কৰি দুই বা তিনি মিনিট সময় একমনে বিন্দুটোলৈ স্থিৰ দৃষ্টি ৰাখক। যদি আপুনি কিতাপ পঢ়ি পঢ়ি একোকে মনত পেলাব পৰা নাই, তেতিয়া আপুনি পঢ়া টেবুলৰ পৰা উঠি আহি লাহে লাহে গণি গণি দহ খোজ অগা-পিছা কৰক। আপোনাৰ স্মৃতিশক্তি লাহে বাঢ়ি আহিব।
আজৰি সময়ত কমিকছ, সাধুকথা, গল্প, উপন্যাস আদি পঢ়াৰ যত্ন কৰক। ই আপোনাৰ স্মৃতিশক্তি বৃদ্ধি কৰিব আৰু মানসিক অৱসাদ দূৰ কৰিব। কেতিয়াও এটা বিষয়কে বহুত সময় পঢ়ি নাথাকিব। ই আপোনাৰ স্মৃতিশক্তি হ্ৰাস কৰিব, কোনো এটা বিষয় পঢ়ি পঢ়ি আমনি লাগিলে পাঁচ মিনিট সময় চকু মুদি মনটো জিৰণি দিয়ক আৰু অইন কেটা বিষয়লৈ আগবাঢ়ক। স্মৃতিশক্তি ধৰি ৰাখিবলৈ হ’লে পুৱাৰ সময়খিনিয়েই অধ্যয়নৰ উপযুক্ত সময়। ৰাতি কেতিয়াও বেছি দেৰিলৈ টোপনি ক্ষতি নকৰিব। ই স্মৃতিশক্তি হ্ৰাস কৰে। পাৰিলে সদায় এটা কল আৰু আমলখি খাওক। এনেবোৰ নিয়ম অনুকৰণ কৰিলে বৃদ্ধ বয়সতো আপোনাৰ স্মৃতিশক্তি সতেজ হৈ থাকিব।
লেখক: অঞ্জনজ্যোতি শৰ্মা(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 3/20/2020