অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰ্প দংশনত কি কৰিব ?

সৰ্প দংশনত কি কৰিব ?

 

বেছিভাগ সৰ্প দংশনৰ ফলত মৃত্যুৰ মূল কাৰণ হ’ল ভয় । বিষাক্ত সাপে দংশন কৰিলে ক্ষন্তস্থানত দুটা দাঁত আৰু অবিষাক্ত সাপে দংশন কৰিলে চাৰিটা দাঁত ক্ষতচিহ্ন দেখিবলৈ পোৱা যায় । সৰ্প দংশনৰ পিছত কোনো কাৰণতে অন্ধবিশ্বাসত গুৰুত্ব নিদিব । কিয়নো বিষাক্ত সাপৰ দংশনত স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায় বাবে শ্বাস-প্ৰশ্বাস ৰুদ্ধ কৰি দিয়ে । চিকিৎসা শাস্ত্ৰত সৰ্প দংশনৰ চিকিৎসা আছে । সৰ্প সংশনত দিয়া এণ্টিভেনম বেজীয়ে আক্ৰান্ত ব্যক্তিক আৰোগ্য হোৱাত সহায় কৰে । সৰ্প দংশনৰ পিছত বেজৰ কথাত ভোল গৈ ব্যক্তিজনক মৃত্যুমুখলৈ ঠেলি নিদি শীঘ্ৰে চিকিৎসকৰ ওচৰলৈ নিয়ক । কিয়নো ফেটী সাপৰ দংশনৰ পিছত এজন ৰোগীক বচাবলৈ সময় থাকে মাত্ৰ দুঘণ্টাৰ পৰা তিনি ঘণ্টা । সাপে কামুৰিলে প্ৰথমে কামোৰা ঠাই টুকুৰা বিচাৰি উলিয়াব । সাপে কামোৰা ঠাইখিনি লগে লগে উখহি যাব আৰু তেজ ওলাব । সাপে দংশন কৰা ব্যক্তিজনক সাহস দিয়ক যাতে তেওঁৰ ভয়ৰ বাবে মৃত্যু নহয় । এবাৰ সাপে কামুৰিলে .৫ ৰ পৰা .৬ মিলিলিটাৰ বিষ এৰি দিয়ে ।

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 4/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate