অ’ চি ডি- পৰিয়ালৰ লোকৰ ভূমিকাঃ
সমাজত কত ধৰণৰ মানুহ, কত ধৰণৰ আচাৰ-আচৰণ। নিশ্চয় মন কৰে- আমাৰ সমাজত এনে কিছুমান লোক আছে যিসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অসুস্থতাৰ পৰ্যায়লৈ লৈ যায়। এওঁলোকে নিজৰ হাত-ভৰি-মুখ ধোৱাকে ধুই থাকে। পাকঘৰত সোমালে ধোৱা বাচনবোৰো কেইবাবাৰো বা বহুতো সময় ধৰি ধুই থাকে। নাইবা চাফা কাপোৰবোৰো ধুই থাকে। এওঁলোকে জাৰ-জহ সকলোতে বহুতো সময় ধৰি গা-ধোৱা ঘৰটোত সোমাই থাকে। এওঁলোকৰ ধাৰণা তেওঁলোকৰ গাত সংসাৰৰ লেতেৰা ধূলি-বালি লাগি আছে। সেয়েহে অনবৰত ধুই থাকে। হাত-ভৰি ধুওঁতে ধুওঁতে ছালৰ অৱস্থা নাইকিয়া হয়। তথাপি এওঁলোকে হাত-ভৰি ধুবলৈ নেৰে। এওঁলোকৰ এনে আচৰণে ঘৰৰ আন মানুহক বিৰক্ত নকৰাকৈ নাথাকে। কিন্তু এইদৰে লেতেৰাৰ প্ৰতি অতি সংবেদনশীল, অনবৰত ঘিণ ঘিণ ভাব, বাৰে বাৰে হাত-ভৰি, বাচন, কাপোৰ-কানি ধুই থকা এবিধ যে ৰোগ জানেনে ? হয়, এই ৰোগক অবছেছিভ কমপালছিভ্ ডিজঅ’ৰ্ডাৰ, সংক্ষেপত অ’ চি ডি বুলি কোৱা হয়। আধুনিক মনোবিজ্ঞানত অ’ চি ডি-ক একপ্ৰকাৰ মানসিক ৰোগ বুলিয়েই কোৱা হয়। যি অসুস্থতাৰ প্ৰতি ১০০ জন লোকৰ মাজত প্ৰায় ৩-৪ জন নামৰ মাজতে কম-বেছি পৰিমাণে থকা দেখা যায়। আধুনিক বিজ্ঞানে স্থিৰ কৰিছে যে মস্তিষ্কত হোৱা এক ধৰণৰ কেমিকেল ইমবেলেঞ্চৰ কাৰণেই কিছুমান মানুহৰ ক্ষেত্ৰত এনে ঘটনা ঘটা দেখা যায়। আমাৰ চিন্তা, কাম-কাজ সকলো নিয়ন্ত্ৰণ কৰে আমাৰ মস্তিষ্কই। মস্তিষ্কতেই থাকে নানা ধৰণৰ কেমিকেল- যাক বিজ্ঞানীসকলে কয় নিউৰ’ ট্ৰেন্সমিটাৰ বুলি। এই নিউৰ’ ট্ৰেন্সমিটাৰেই নিয়ন্ত্ৰণ কৰে মানুহৰ চিন্তা-ভাবনা, আৱেগ, সক্ৰিয়তা আৰু মানুহৰ বোধশক্তিক। এনেধৰণেই আন এটি ব্ৰেইন কেমিকেল হ’ল চেৰোটনিন। যাৰ তাৰতম্য ঘটিলেই এজন লোক অ’ চি ডিৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। অ’ চি ডি আক্ৰান্ত এজনৰ মনলৈ নানা ৰকমৰ অবাঞ্চিত ভাব-চিন্তা বাৰে বাৰে আহি থাকে। তেওঁলোকে নিজে ইচ্ছা নকৰিলেও সেই চিন্তা নিজে নিজেই বাৰে বাৰে মনলৈ আহি থাকে। সেয়েহে ভাব হয় হাত-ভৰি-মুখত ময়লা লাগি আছে, বাচনবোৰ লেতেৰা বা কাপোৰবোৰ লেতেৰা ইত্যাদি। যাৰ মাজত এই ৰোগ অত্যন্ত সক্ৰিয় তেওঁলোকে আনকি এইটোও বুজি নাপায় যে এয়া একেবাৰে অস্বাভাৱিক আৰু তাক আঁতৰাবলৈও চেষ্টাও নকৰে, বৰঞ্চ অসুখটোত মজি যায়।
এনে ৰোগ আঁতৰাবলৈ পৰিয়ালৰ লোকেই গুৰুত্বপূৰ্ণ ভূমিকা ল’ব লাগে। পিতৃ-মাতৃ, ভাই-ভনীয়ে আক্ৰান্তজনৰ সৈতে খোলামেলাকৈ কথা পাতিব লাগে। বহু ক্ষেত্ৰত দেখা যায় এনে ৰোগত আক্ৰান্তসকলৰ কথা নুবুজি ঘৰুৱা লোকসকলে বিৰক্তি পায় আৰু অনবৰত হাত-ভৰি বা বাচন, কাপোৰ ইত্যাদি ধুই থকাজনক খেচখেচাই থাকে। এই খেচখেচোৱাৰ ফলত একো লাভ নহয়, বৰঞ্চ সম্বন্ধহে বেয়া হয়, ঘৰুৱা অশান্তি বাঢ়ে। অসুখ অসুখ হিচাপেই থাকে। তাতকৈ অ’ চি ডি সম্পৰ্কে ভালদৰে জনাটো দৰকাৰ। ৰোগাক্ৰান্তৰ লগতো সেই সম্পৰ্কে খোলামেলাকৈ কথা পাতি এটা সিদ্ধান্তলৈ আহিব লাগে। বুজাব লাগে যে তেওঁৰ প্ৰতি সকলোৰে সহানুভূতি আছে। তাৰ লগতে তেওঁক ৰাজী কৰিব লাগিব চাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যাবৰ বাবে। মনত ৰখা ভাল এই ৰোগ কিন্তু চিকিৎসাৰ দ্বাৰাহে ভাল হয়। ভাল ঔষধ আছেই, তাৰ লগতে আছে বিশেষ ধৰণৰ কাউন্সিলিং। যাক কোৱা হয় চি বি টি অৰ্থাৎ কগলিটিভ বিহেভিয়াৰ থেৰাপি। তাৰ লগতে দৰকাৰ পৰিয়ালৰ লোকৰ আন্তৰিকতাপূৰ্ণ মনোযোগ আৰু পজিটিভ মনোভাব।
(উৎসঃ অসম বাণী, প্ৰাচী কাশ্যপ)।
শেহতীয়া উন্নীতকৰণ: : 2/20/2024