অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অতিপাত ইণ্টাৰনেট ব্যৱহাৰ এক মানসিক বিসংগতি

 

নিচাযুক্ত দ্ৰৱ্য সেৱন, জুৱা খেল, অনিয়ন্ত্ৰিত যৌনাসক্তি আদিবোৰক যিদৰে মানসিক বিসংগতি/নিচাগ্ৰস্ততা (addiction) হিচাপে গণ্য কৰা হৈছে; সেইদৰেই অতিপাত ইন্টাৰনেট ব্যৱহাৰকো চিকিৎসা বিজ্ঞানৰ দিশৰ পৰা এক মানসিক বিসংগতি হিচাপে ঘোষণা কৰিবলৈ ওলাইছে চিকিৎসা বিজ্ঞানী সকল। American Psychiatric Association দ্বাৰা প্ৰকাশিত মানসিক চিকিৎসক সকলৰ হাতপুথি ‘The Diagnostic and Statistical Manual of Mental Disorders (DSM-V)’ ৰ শেহতীয়া ভাৱে প্ৰকাশ পাবলগীয়া পঞ্চম সংস্কৰণত (২০১৩) অতিপাত ইন্টাৰনেট ব্যৱহাৰক ‘ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি’ বা ‘Internet addiction disorder (IAD)’ নামেৰে নামাংকিত কৰি মানসিক বিসংগতি হিচাপে স্বীকৃতি দিয়াৰ প্ৰস্তুতি কৰিছে।

ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি -

অন্যান্য আসক্তিজনিত মানসিক উপসৰ্গৰ দৰেই ‘ইন্টাৰনেট নিচাগ্ৰস্তজনিত বিসংগতি’য়েও মানুহৰ স্নায়ুৰসায়ণৰ ক্ৰিয়া-প্ৰক্ৰিয়া সমূহক, আৰু সৰ্বশেষত শৰীৰবৃত্তীয় সন্তুলনক বিৰূপ ভাৱে প্ৰভাৱিত কৰে। বিশেষকৈ ইয়াৰ মূল বিৰূপ প্ৰতিক্ৰিয়া হৈছে ‘মানসিক হতাশগ্ৰস্ততা (depression)’। মুখামুখি ভাৱ বিনিময়ৰ সময়ত নিঃসৰণ হোৱা ৰাসায়নিক স্নায়ৱিক সংকেত সৰবৰাহক পদাৰ্থ যেনে অক্সিট’চিন, এণ্ড’ৰফিন আদিবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে হোৱা পৰোক্ষ ভাৱ বিনিময়ৰ সময়ত ক্ষৰণ নোহোৱাৰ বাবেই এনে মন আৰু শৰীৰৰ মানসিক জঠৰতা তথা নানান বিসংগতিৰ সৃষ্টি হয়। ইতিমধ্যেই চীন, দক্ষিণ কোৰিয়া, টাইৱান আদি দেশত ইয়াক মানসিক ৰোগ/নিচাগ্ৰস্ততা হিচাপে মান্যতা দিছে, য’ত ১০ বছৰৰ তলৰ বহু শিশু আৰু কিশোৰ এই মানসিক ব্যাধিৰ দ্বাৰা ভয়াবহ ভাৱে আক্ৰান্ত হৈছে।

IAD ৰ বিষয়ে প্ৰথমে উল্লেখ কৰিছিল ইভান গ’ল্দবাৰ্দ নামৰ এজন চিকিৎসা বিজ্ঞানীয়ে ১৯৯৫ চনত উৰাবাতৰিৰ দৰে বিয়পি পৰা এটা হাস্য-ব্যংগমূলক লেখনিত।

‘ইন্টাৰনেট নিচাগ্ৰস্তজনিত মানসিক বিসংগতি’ কেইবাটাও উপভাগত বিভক্ত কৰিব খোজা হৈছে -

ক) পৰ্ণ’গ্ৰাফীৰ প্ৰতি অতিমাত্ৰা আসক্তি

খ) অতিমাত্ৰা ইন্টাৰনেট গেমিং

গ) অতিমাত্ৰা ছ’চিয়েল নেটৱৰ্কিং, ব্ল’গিং

ঘ) অতিমাত্ৰা ই-মেইল আসক্তি

গ) অতিমাত্ৰা ই-ছপিং, ইত্যাদি

ইয়াৰ বিপৰীতে IAD ক মানসিক নিচাগ্ৰস্ত ৰোগ হিচাপে মানি ল’বলৈ ইচ্ছা নকৰা বহু গৱেষক-বিজ্ঞানীয়ে ক’ব বিচাৰে যে বাধ্যত পৰি, যেনে জীৱিকাজনিত কাৰণত উপৰোক্ত কাৰ্য্যসমূহৰ লগত অতিমাত্ৰা সময় কটাবলগীয়া হোৱাটো মানসিক নিচাগ্ৰস্ততা বা আসক্তিৰ লক্ষণ নহয়। তথাপিও অতিমাত্ৰা ইন্টাৰনেট ব্যৱহাৰ কৰা সকল, বিশেষকৈ শিশু আৰু কিশোৰ সকলৰ অভিভাৱক সকল সাৱধান হ’বৰ হ’ল।

উৎস: সাহিত্য.অৰ্গ

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate