আপুনি জানেনে গোটেই বিশ্বত প্ৰতি ৪০ চেকেণ্ডত এটি আত্মহত্যাৰ ঘটনা সংঘটিত হয়? বিশ্বত বছৰি দহ লাখ জনে আত্মহত্যা কৰে তাৰে প্ৰায় ২ লাখ হ’ল ভাৰতৰ৷ পাঠকে শুনি আচৰিত হ’ব আত্মহত্যাৰ চেষ্টা কৰি বিফল হোৱা লোকৰ সংখ্যা ইয়াৰ কুৰি গুণ৷ আমেৰিকাত বছৰি ২৭ হাজাৰ, ব্ৰিটেইনত বছৰি ৩৭ হাজাৰটা আত্মহত্যাৰ ঘটনা হয়৷ যোৱা দশকটোত ভাৰতত জনসংখ্যা বৃদ্ধিৰ হাৰক চেৰ পেলাইছে আত্মহত্যাৰ হাৰে৷ বিশ্বৰ কোনো এখন দেশেই এই বিকাৰৰ পৰা মুক্ত নহয়৷
বিশ্বত সৰ্বোচ্চ আত্মহত্যা কৰা দেশ ইউৰোপৰ লিথুৱানিয়াত প্ৰতিবছৰে প্ৰতি এক লাখ জনসংখ্যাৰ ৪২জনে আত্মহত্যা কৰাৰ বিপৰীতে ভাৰতবৰ্ষত এই সংখ্যা ১১জন৷ বিশ্বজুৰি এক সজাগতা অনাৰ উদ্দেশ্যৰে প্ৰতিবছৰে ১০ ছেপ্তেম্বৰৰ দিনটো “বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিবস” হিচাপে পালন কৰা হয়৷ বাতৰি কাকতেই হওক বা আন সংবাদ মাধ্যমেই হওক এনে এটা দিন পোৱাটো ব্যতিক্ৰম যিদিনাখন আপোনাৰ আত্মহননৰ কোনো বাৰ্তা দৃষ্টিগোচৰ নহয়৷ সমাজ শাস্ত্ৰী সকলে গভীৰভাৱে মনন কৰিবলগীয়া হৈছে কেনেকৈ আত্মহত্যা ৰোধ কৰিব পাৰি৷ দেখা গৈছে যে ১৫ৰ পৰা ৪৪ বছৰ বয়সৰ লোকৰ ভিতৰত হোৱা মৃত্যুৰ তৃতীয় ঘাই কাৰণ হ’ল আত্মহত্যা৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱামতে যোৱা চাৰিটা দশকত ৬০ গুণ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাটো অতি চিন্তাৰ বিষয়৷ পৰিস্থিতি এনে হব ধৰিছে যেন আত্মহত্যাই সংক্ৰামক ব্যাধিৰ ৰূপহে ধাৰণ কৰিব৷ আকৌ এইটোও অতিশয় উদ্বেগজনক যে আত্মহত্যা সফলভাৱে কৰোতাৰ তুলনাত আত্মহত্যাৰ প্ৰয়াস কৰোতাৰ সংখ্যা কুৰি গুণ হব৷ এইডচ, কেঞ্চাৰ আদি ভয়ংকৰ ৰোগত মৃত্যু হোৱা ৰোগীতকৈ অধিক মানুহ আত্মহত্যাৰ ফলত মৰিবলৈ লোৱাটোৱে নিশ্চিতকৈ এটা কথা প্ৰমাণিত কৰে যে চিকিৎসকসকল ‘আত্মহত্যা’ নামৰ ব্যাধিক নিয়ন্ত্ৰণ কৰাত সমূলি ব্যৰ্থ হৈছে৷ কিন্তু ইয়াৰ বাবে কেৱল চিকিৎসকসকলক দোষাৰোপ কৰিলে নহব৷ মেডিকেল চাইন্সৰ মতে আত্মহত্যাৰ অৱতাৰণা কৰা লোকসকলৰ ‘চেৰটনিন’ নামৰ নিউৰট্ৰান্সমিটাৰ দ্ৰব্যৰ অভাৱ দেখা যায়৷ বিজ্ঞানীসকলে এইটো উদ্ভাৱন কৰি উলিয়াইছে যে মানৱ দেহৰ মস্তিষ্ক আৰু স্নায়ুতন্ত্ৰত বিশেষ ধৰণৰ প্ৰটিন থাকে যাক নামকৰণ কৰা হৈছে – ব্ৰেইন ডিৰাইভদ্ নিউৰ’ট্ৰপিক ফেক্টৰ (BDNF)৷এইবিধ তত্ব মনৰ সূক্ষ্ম চিন্তন, দীৰ্ঘ স্মৃতি, শিক্ষাৰ আহৰণ আদিৰ বাবে অপৰিহাৰ্য্য৷ আত্মহত্যা কৰা লোকৰ প’ষ্টমৰ্টেম অধ্যয়নৰ পৰা দেখা গৈছে ব্ৰেইন ডিৰাইভদ্ নিউৰ’ট্ৰপিক ফেক্টৰ আৰু চেৰটনিন এই দুয়োটাৰে পৰিমাণ দুয়োটাই তেওঁলোকৰ মাজত কম৷ এই বিষয়ে আৰু অধিক তথ্য প্ৰমাণৰ বাবে গবেষণা চলি আছে৷
আত্মহত্যাৰ ইংৰাজী ‘চুইচাইড’ শব্দটোৰ উৎপত্তি লেটিন ‘চুইচাইডিয়াম’ৰ পৰা আহিছে – যাৰ অৰ্থ হ’ল নিজে নিজকে বধ কৰা৷ প্ৰাচীনকালত গ্ৰীক আৰু ৰোমানসকলে আত্মহত্যাক এক অনৈতিক কাৰ্য বুলি গণ্য কৰিছিল৷ ভগবানৰ ওচৰত কৰা এক অপৰাধ বুলিও সমাজৰ বৃহ্ৎসংখ্যকে মানিছিল৷ জাপানৰ চ্যেমুৰাইসকলে আত্মহত্যাক প্ৰতিবাদৰ এক পন্থা বুলি ভাবিছিল৷ ভাৰতত এসময়ত স্বইচ্ছাই সতী প্ৰথাযোগে আত্মহনন কৰাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল৷ বৰ্তমান আইন যোগে ইয়াক নিষিদ্ধ কৰা হৈছে৷ হিন্দু শাস্ত্ৰৰ মতে ৮৪লাখ যোনিত জন্ম লোৱাৰ পিছতহে মনুষ্য জন্ম সম্ভৱ হয়৷ তেনেহেন মূল্যবান মনুষ্য জীৱনক সতী যাবলৈ শাৰীৰিক ভাবে বা মানসিকভাৱে উদগনি বা বাধ্য কৰোৱাতো সামাজিক অৱক্ষয়ৰ পৰিচয়ৰ বাহিৰে আন হব নোৱাৰে৷ মোক্ষলাভৰ ইচ্ছাৰেও কোনো কোনে লোকে আত্মহত্যা কৰিছিল – সেয়া এক ভ্ৰান্ত বিকৃত ধাৰণাৰ বাহিৰে আন একো হব নোৱাৰে৷ বৰ্তমান বিভিন্ন দেশৰ সন্ত্ৰাসবাদীসকলে আত্মঘাতী দল গঠন কৰি আতংক বিয়পোৱাৰ মানসিকতাও এক গভীৰ চিন্তনীয় বিষয়৷ ভাৰতত দেখা গৈছে সকলো ধৰ্মৰ লোকৰ ভিতৰত হিন্দুসকলৰ মাজত আত্মহত্যাৰ সংখ্যা অধিক৷ মহিলাৰ তুলনাত পুৰুষৰ সংখ্যা সৰহ৷ আৰ্থিকভাৱে মধ্যবিত্ত সকলৰ মাজত আত্মহত্যাৰ সংখ্যা বেচি৷
অলপ লক্ষ্য কৰক আত্মহত্যা কোনে কৰে?
বাতৰিসমূহ পৰীক্ষা কৰিলে চকু পৰিব আত্মহত্যা কৰা লোকৰ মাজত আছে: কিশোৰ-কিশোৰী, ছাত্ৰ, শিক্ষক,গৃহিণী,কৰ্মচাৰী,পুলিচ, মিলিটেৰী, ৰোগী, চিকিৎসক, মনোবিজ্ঞানী, ইঞ্জিনিয়াৰ,ব্যৱসায়ী, খেলুৱৈ, কমেন্টেটৰ, সংগীতজ্ঞ, নেতা, অভিনেতা, কৃষক, মজদুৰ -সমাজৰ সকলো বৃত্তিৰ লগত জড়িত লোকেই আত্মহনন কৰা দেখা যায়৷ কিছুদিনৰ আগতে বাতৰি ওলাইছিল বিশ্বখ্যাত পপ গায়ক মাইকেল জেকচনৰ মৃত্যু স্বাভাৱিক নাছিল৷ তেওঁৰ ঘনিষ্ঠ অধিবক্তা আৰু পুলিচৰ মতে প্ৰপ’ফল নামৰ হিপনটিকৰ ব্যৱহাৰৰ দ্বাৰা মাইকেল জেকচন আত্মঘাতী হৈছিল৷ বিখ্যাত ক্ৰিকেট কমেন্টেটৰ পিটাৰ ৰবেকে দক্ষিণ আফ্ৰিকাৰ এক হোটেলত আত্মহত্যা কৰাৰ বাতৰি হয়তো বহুতে পাহৰা নাই৷ পি এইচ ডি অৰ্হতা আহৰণ কৰা আত্মঘাতী হোৱা দুজন মনোবিজ্ঞানী হ’ল লৰেন্স খোলবাৰ্গ আৰু মাইকেল জে মেহনী৷
এতিয়া আত্মহত্যাৰ কাৰণ সমূহ লক্ষ্য কৰক
পৰীক্ষাত অসফলতা, প্ৰেমত বিফলতা, গৃহকন্দল, অবৈধ সম্বন্ধ, অতিমাত্ৰা ঋণৰ বোজা, আৰ্থিক দুৰৱস্থা, লোক লজ্জাৰ ভয়, অভিভাৱকৰ গালি গালাজ, ৰেগিং, ধৰ্ষণ আৰু বলাৎকাৰৰ আশংকা, কৃষিকৰ্মত ব্যৰ্থতা, কৰ্মক্ষেত্ৰত হতাশা,দূৰাৰোগ্য ব্যাধি, মানসিক ৰোগ, বাল্যকালত যৌন অপপ্ৰয়োগৰ অভিজ্ঞতা ইত্যাদি এশ এটা সৰু-বৰ কাৰণ৷ ইয়াৰ বাহিৰেও কিছুমান দৰবৰ ভয়ংকৰ পাৰ্শ্বক্ৰিয়াৰ ফলত ভুক্তভোগীয়ে আত্ম হনন কৰিব পাৰে৷ এনে দৰবৰ ভিতৰত কিছুসংখ্যক মানসিক ৰোগৰ ঔষধ৷ সঘনাই ব্যৱহাৰ হোৱা প্ৰজেষ্টৰ’ন হ’ৰমনৰ পাৰ্শ্বক্ৰিয়াৰ ফলতো ডিপ্ৰেচন আৰু আত্মহননৰ ইচ্ছা হব পাৰে৷ এইসকল বিভিন্ন মানসিক ৰোগীত ভোগা ব্যক্তিয়ে আত্মহত্যা কৰিব পাৰে : চিজ’ফ্ৰেনিয়া, ডিপ্ৰেচন, বাইপোলাৰ ডিচঅৰ্ডাৰ, এলকহলিজম আৰু ড্ৰাগ এবিউজ৷
মানুহৰ মনৰ জগতখন কিমান বিচিত্ৰ হব পাৰে তাৰ উদাহৰণ এই কৰুণ কাহিনীটো
২০১১ চনৰ অক্টোবৰত গোৱাৰ পাণাজীত এহাল দম্পত্তিয়ে চিলিংফেনত ফাঁচিলৈ আত্মহনন কৰিলে৷ তেওঁলোকৰ বয়স ৩৯ আৰু ৩৬৷ চুইচাইড নোটত এইদৰে লিখি থৈ গৈছিল – “আমি জীৱনটোক পূৰ্ণ ভাবে উপভোগ কৰিলোঁ৷ একো অভাৱ, ধাৰ ঋণ নোহোৱাকৈ দেশ-বিদেশ ভ্ৰমিলোঁ৷ আমাৰ নিজৰ জীৱনৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আমি পৃথিবীৰ পৰা বিদায় ল’লোঁ৷ আমাৰ শেষ কৰ্ম সমাধা কৰিবলৈ টকা দহ হাজাৰ থৈ গ’লোঁ”৷
ফাঁচি লোৱা, বিহ খোৱা, পানীত ডুবা, ৰেলৰ আগত জঁপিওৱা, গুলীওৱা, চোকা অস্ত্ৰৰে নিজক আঘাত কৰা আদি৷ ইয়াৰ উপৰিও এজন কিশোৰে ইন্টাৰনেটত চাই আত্ম হননৰ পদ্ধতি বাচি লৈছিল৷ অসমত কৰবী ফুলৰ গুটি আৰু এন্দুৰ মৰা দৰব খাই বহুতে আত্মঘাতী হয়৷ অসমত ফেনাইল, ডেটল আৰু কেৰাচিন খাই আত্মহত্যাৰ চেষ্টা কৰা প্ৰায় সকলকে চিকিৎসকসকলে বচায়৷
আমাৰ দেশত আৰু বিশ্বৰ আন বহুতো দেশত আত্মহত্যাৰ প্ৰয়াস এক দণ্ডনীয় অপৰাধ৷ কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত প্ৰায়েই এনে ভুক্তভোগীয়ে আইনৰ হাতৰ পৰা ‘দুৰ্ঘটনা’ৰ অজুহাতত ৰেহাই পোৱা দেখা যায়৷ এইবাৰ আদালতৰ আন এটি কাহিনী শুনক : পঞ্জাবৰ এজন পতিয়ে পত্নীৰ বাৰে বাৰে আত্মহত্যাৰ ভাবুকি আৰু প্ৰয়াসত অতিষ্ঠ হৈ হাইক’ৰ্টত তালাক(বিবাহ বিচ্ছেদ) বিচাৰি গোচৰ তৰিলে৷ বহু বছৰ ধৰি চলা এই কে’চটোত বিচ্ছেদৰ সপক্ষে ৰায় দি চুপ্ৰিম ক’ৰ্টেহে নিষ্পত্তি কৰিলে৷
প্ৰতিকাৰ কি দৰে সম্ভৱ পৰ হব পাৰে? আত্মহত্যা ৰোধ কৰিব পৰাটো অসম্ভৱ নেকি? দেখা যায় ৮০ শতাংশ আত্মহত্যা কৰা লোকে আত্মহত্যাৰ ইচ্ছা কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ ওচৰত ব্যক্ত কৰে৷ কোনেও এনে ইচ্ছাৰ কথা শুনিলে তাক কেতিয়াও পাতলকৈ ল’ব নালাগে৷ সেই ব্যক্তিজনক কেতিয়াও অকলশৰীয়া হব দিব নালাগে৷ পৰিয়ালৰ লোকে সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ কৰি তেওঁৰ কিবা সমস্যা থাকিলে তাক আঁতৰাবৰ প্ৰয়াস কৰিব লাগে৷ মনোৰোগ চিকিৎসকৰ সহায় লোৱাত পলম কৰিব নালাগে৷ এইদৰে অনেকৰ প্ৰাণৰক্ষা কৰিব পৰা যাব৷ যি সকল ব্যক্তিয়ে আকস্মিকভাৱে ক্ৰোধৰ বা আন ভাৱনাৰ বশৱৰ্তী হৈ আত্মহননৰ প্ৰয়াস কৰে, সেইসকলৰ বিফল হোৱা সকলক চিনাক্ত কৰি একে প্ৰতিকাৰৰ ব্যৱস্থা ল’ব লাগে, কাৰণ তেওঁ পুনৰ আত্মঘাতী হোৱাৰ প্ৰয়াস কৰাৰ পূৰ্ণ সম্ভাৱনা থাকে৷ অতিৰিক্ত সতৰ্কতা মূলক ব্যৱস্থা হিচাপে এনে ব্যক্তিৰ ঘৰত সহজে পোৱাকৈ বিপদজনক হাথিয়াৰ যেনে পিষ্টল,ডেগাৰ আৰু শ্লিপিং টেবলেট জাতীয় ঔষধ ৰাখিব নালাগে৷ আপোনাৰ সন্তানক ভাল সংগৰ সৈতে বন্ধুত্ব কৰিব দিয়ক৷ সন্তানৰ পৰা অতিমাত্ৰা উচ্চাকাংক্ষা ৰাখি আৰু সেয়া ব্যক্ত কৰি তাহাঁতক মানসিক চাপত কেতিয়াও নেপেলাব৷ আমাৰ শ্লোগান হওক – “দুখ-দুৰ্দশা হ’ল অস্থায়ী, আত্মহত্যাৰ দ্বাৰা ইয়াৰ স্থায়ী সমাধান কৰিব নিবিচাৰিব”৷
মোখনিত দুআষাৰ
আত্মহত্যা এই বিষয়টো অতি জটিল স্পৰ্শকাতৰ৷ আমি এনে প্ৰতিটো ঘটনাকেই মানৱীয় সহানুভূতিৰে বিবেচনা কৰিহে পৰ্য্যালোচনা কৰা উচিত৷ প্ৰশ্ন হয় -আজিৰ যুগৰ নৈতিকতাৰ অৱক্ষয়, ভীষণ প্ৰতিযোগিতা, বিপন্ন অৰ্থনীতি, সীমাহীন দুৰ্নীতি, সহনশীলতাৰ অভাৱ আদিৰ কৰাল গ্ৰাসত পৰা জনজীৱনৰ পৰা মুক্তিৰ চমু পথ বিচাৰিয়েই এচামে আত্মহননৰ পথ বাচি লয় নেকি?
ডা০ ভূপেন শইকীয়া
শেহতীয়া উন্নীতকৰণ: : 7/12/2020