মানুহৰ জীৱনত প্ৰায় সদায়ে কিছুমান সৰু-বৰ সমস্যাই মানসিক অশান্তি কঢ়িয়াই আনে। এনেক্ষেত্ৰত কাউন্সেলিং অৰ্থাৎ পৰামৰ্শ লোৱাৰ প্ৰয়োজন হৈ পৰে। কিন্তু ইয়াৰ আগেয়ে আমি জনা উচিত কাউন্সেলিং মানে কি আৰু ইয়াৰ প্ৰয়োজন কিয় হয়। কাউন্সেলাৰ আৰু মনোচিকিৎসকৰ মাজত কিছু প্ৰভেদ আছে। মনোচিকিৎসকে মানসিক সমস্যাৰ চিকিৎসা কৰে আৰু প্ৰয়োজন বিশেষে ঔষধ পাতিৰ যোগান ধৰে। কিন্তু কাউন্সেলাৰে সাধাৰণতে মানসিকভাৱে সমস্যাৰ সন্মুখীন হোৱা ব্যক্তিকহে চোৱা-চিতা কৰে। অৰ্থাৎ কাউন্সিলাৰে কাকো আদেশ বা ডাবি-ধমকি নিদিয়ে। অথবা দৰবৰ তালিকা আদিও নিদিয়ে। বৰং বিকল্প পৰামৰ্শহে দিয়ে যাতে সমস্যাৰে জৰ্জৰিতজনে সত্যৰ লগত মুখামুখি হ’ব পাৰে। কেতিয়াবা কিছুমান সমস্যাই মন-মস্তিস্কক এনেকৈ জুৰুলা কৰে যে নিশাৰ টোপনিও হেৰাই যায়। ল’ৰা-ছোৱালী পঢ়া-শুনাৰ প্ৰতি বিমুখ হৈ পৰে। অজানিতে কিবা অঘটন ঘটিব বুলিও মনত শংকা জাগে। বহু ব্যক্তিয়ে অত্যাধিক আঘাত সহিব নোৱাৰা হয়। এই ধৰণৰ বিভিন্ন সমস্যাৰ সমাধানৰ কাৰণে কাউন্সেলাৰৰ কাষ চাপিব পাৰে। তেৱেঁই দিব পাৰিব জীৱনক এক নতুন দৃষ্টিকোণ।
নীতা আৰু নীৰেনে বিয়াৰ আঠ বছৰৰ পিছত অনুভৱ কৰিলে যে তেওঁলোকে ইমান অশান্তিৰে একেলগে বসবাস কৰাটো এতিয়া আৰু সম্ভৱ নহ’ব।
তেওঁলোক কাউন্সেলাৰৰ ওচৰলৈ গ’ল। তেওঁ দুয়োজনৰে সৈতে বেলেগে বেলেগ কথা পাতিলে। দুয়োৰে ব্যক্তিগত সমস্যাৰাজিৰ বুজ লৈ পিছত এদিন দুয়োকে পুনৰ একেলগে মাতিলে।
নীতা আৰু নীৰেনে ভবাই নাছিল যে দুয়ো পুনৰ পৰস্পৰক বুজি পাব পাৰিব। আগেয়ে সদায়ে তেওঁলোকে দোষ খুঁচৰি ভুল-ত্ৰুটি উলিয়াই ইজনে আনজনক দোষাৰোপ কৰিছিল। এতিয়া পিছে দুয়োৰে পাৰস্পৰিক ব্যৱহাৰ পাতিলৈ সুস্থিৰ পৰিৱৰ্তন আহিল আৰু দুয়োৰে সময়বোৰ সুখ-শান্তিৰে পাৰ হ’বলৈ ধৰিছে।
তেইশ বছৰীয়া ৰেখা আৰু আঠাইশ বছৰীয়া ৰাহুলে একেটা অফিচৰ একে পদবীতে কাম কৰে। এনেকৈ দুয়োৰে মাজত বন্ধুত্বই গঢ় লোৱাৰ পিছত প্ৰেমো হ’ল। দুটা বছৰ তেওঁলোকৰ বিবাহৰ সিদ্ধান্ত লওঁতেই পাৰ হৈ গ’ল। ইয়াৰ মাজতে ৰাহুলৰ অন্য এগৰাকী যুৱতীৰ সৈতে প্ৰেম হ’ল আৰু সিদ্ধান্ত ল’লে যে তেওঁ তেওঁকে বিয়া কৰাব। এই ঘটনাক ৰেখাই সহজভাৱে ল’ব নোৱাৰি হতাশাৰ চিকাৰ হ’ল। তেওঁক যেতিয়া কোৱা হ’ল যে কোনো পৰামৰ্শদাতাৰ ওচৰলৈ যোৱা ভাল হ’ব- তেতিয়া তেওঁ ক’লে যে কিয় যাব লাগে পৰামৰ্শ কেন্দ্ৰলৈ! তাই পাগলতো হোৱা নাই। অৱশেষত তাই ৰাহুলৰ স্মৃতিৰেই জীৱনৰ দিনবোৰ কটাই দিলে আৰু আজীৱন অবিবাহিতা হৈয়ে ৰ’ল। তেওঁ যদি পৰামৰ্শদাতাৰ কথামতে চলিলহেঁতেন, নিশ্চয় নিজৰ দুখবোৰ পাহৰি সুখৰ জীৱন কটাব পাৰিলেহেঁতেন!
নেতিবাচক চিন্তা-ভাবনাই পৰিস্থিতি বিষময় কৰি তোলে। ল’ৰা-ছোৱালীয়ে মাক-দেউতাকক শত্ৰু জ্ঞান কৰিব ধৰে। তৰ্ক কৰে। টকা-পইচাৰ কাৰণেও ভুল পথ অৱলম্বন কৰে আৰু মানসিকভাৱে ক্ষুন্ন হৈ পৰে। প্ৰতিটো কথাকে নেতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰে তেওঁলোকে, ইয়াৰ বাবে পৰিস্থিতিকে দোষাৰোপ কৰে আৰু উন্নতিৰ পথ এৰি নিৰাশ হৈ পৰে। এই ধৰণৰ অৱস্থাত প্ৰায় মানুহে এইবুলি ভাবে যে এইবোৰ একেবাৰে সাধাৰণ কথা আৰু পৰামৰ্শদাতাক লগ ধৰাৰ আৱশ্যক নাই। কোনো এটি বিষয়ে যদি ব্যক্তি এগৰাকীক বাৰে বাৰে অশান্তি দি থাকে আৰু তাৰ প্ৰভাৱ তেওঁৰ ব্যক্তিত্বৰ ওপৰত পৰে; তেন্তে তেনেক্ষেত্ৰত কাউন্সেলিঙে যথেষ্ট সহায় কৰে। আজি পাৰস্পৰি সামঞ্জস্য, মিত্ৰ ভাব আৰু সংযম অটুট ৰখা সমাজৰ বাবে তথা নিজৰ কাৰণেও আৱশ্যক হৈ পৰিছে।
গতিকে এষাৰ কথা মনত ৰখা ভাল যে যদি কোনো কথাৰ কাৰণে সমস্যাৰ সৃষ্টি হয় আৰু সিয়ে যদি সংকটত পেলায়, তেন্তে কাউন্সেলাৰৰ পৰা সুখৰ পৰামৰ্শ গ্ৰহণ কৰি ভৱিষ্যৎ জীৱনৰ দিনবোৰ সুখৰ কৰি তোলা উচিত।
লেখিকা: ৰীণা দেৱী।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020