অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰীৰ বিশেষ ৰোগসমূহ

নাৰীৰ বিশেষ ৰোগসমূহ

 

নাৰীৰ স্বাস্থ্য বহুক্ষেত্ৰত উপক্ষিত হৈ থাকে। সেইবাবেই বহু সময়ত ৰোগ পলমকৈ ধৰা পৰাৰ বাবে বহু নাৰীৰ অকালতে মৃত্যু হয়। এইক্ষেত্ৰত সচেতনতাৰ প্রয়োজন। কিছু ৰোগ কেৱল নাৰীসকলৰ মাজত দেখা যায়। বহু ৰোগৰ প্ৰৱণতা আকৌ নাৰীৰ মাজত অধিক হয়। এনে ধৰণৰ মুঠ চাৰিটা নাৰী স্বাস্থ্য সমস্যা বিষয়ে শেহতিয়াভাৱে স্বাস্থ্য বিষয়ক ৱেবছাইট এৱেৰ এমডিয়ে জনাইছে।

হৃদজনিত ৰোগ

 

হৃদৰোগৰ ক্ষেত্ৰত নাৰী আৰু পুৰুষ উভয়ে সতর্ক হোৱাটো উচিত। কিন্তু বর্তমান এগৰাকী নাৰীৰ বাবেই এক ডাঙৰ সমস্যা হৈ পৰিছে। এই ৰোগত অতি কম বয়সীয়া নাৰীৰ মৃত্যু হয়। জীৱন-যাপন ব্যাহত হয়। বুকুৰ বিষ, বমি বমি ভাব, বমি হোৱা, উশাহ চুটি হোৱা আদি হ’ল হৃদজনিত ৰোগৰ লক্ষণ। ধূমপান, বয়স বৃদ্ধি, উচ্চ ৰক্তচাপ, শৰীৰৰ বৰ্ধিত কলেষ্টৰেল, দিনে দিনে কমি অহা কায়িক শ্ৰম, বৰ্ধিত ওজন, মধুমেহ ৰোগ আদিয়ে হৈছে মূলতঃ হৃদৰোগৰ কাৰণ।

স্তন কেন্সাৰ

 

স্তন কেন্সাৰ নাৰীসকলৰ ক্ষেত্ৰত বহুলভাৱে প্রচলিত এক স্বাস্থ্যজনিত সমস্যা। এই

ৰোগৰ বাবে বহু নাৰীৰ মৃত্যুও হয়। সাধাৰণতে কেন্সাৰ বা কর্কট ৰোগৰ নির্দিষ্ট কাৰণ জনা নগ’লেও কিছু বিষয় জুকিয়াই কেইটিমান বিশেষ বিষয়ক এই ৰোগৰ কাৰণ বুলিব পাৰি। যেনে— বর্ধিত বয়স, বংশগত ৰোগৰ কাৰক, ব্যক্তিগত কোনো ৰোগৰ কাৰক, বর্ধিত ওজন, মদ্যপান, কম বয়স (১২ বছৰৰ আগত) হোৱা ঋতুস্ৰাব অথবা পলমকৈ (৫৫ বছৰৰ পিচত) হোৱা মেন'পজ আদি।

হাড় ক্ষয় যোৱা

 

হাড় ক্ষয় যোৱা হৈছে প্রবীণ নাৰীসকলৰ অন্যতম ডাঙৰ সমস্যা। কেলছিয়াম হ্রাস পোৱা, পাতল হাড়, পাৰিবাৰিক ইতিহাস, ধূমপান, মদ্যপান, ব্যায়াম নকৰা আদি বিভিন্ন কাৰণৰ বাবে হাড় ক্ষয় হ’ব পাৰে।

বিষন্নতা

পুৰুষৰ তুলনাত নাৰীসকল বেছিকৈ বিষন্নতাত ভোগে। কোনো কোনো ক্ষেত্ৰত হৰমনৰ পৰিৱর্তনৰ বাবেও বিষন্নতাৰ সৃষ্টি হয়। বিষন্নতা বিবাহিত জীৱনৰ সমস্যা, মানসিক নির্যাতন, মানসিক চাপযুক্ত জীৱন, কোনো আত্মীয় বা প্রিয়জনৰ মৃত্যু আদি বিভিন্ন কাৰণত হ’ব পাৰে। বহু সময়ত নাৰীৰ আত্মহত্যাৰ প্ৰৱণতাও সৃষ্টি হয়। ইয়াৰ বাবে মনোৰোগ চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী।

উৎস: সাদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate