অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পি চি অ’ ডি :

 

পলি ছিষ্টিক অভেৰিয়ান ডিজিজ বা ছিনড্ৰ’ম বৰ্তমান কিশোৰী বা কম বয়সীয়া মহিলাসকলৰ দেখা দিয়া এক মেটাব’লিক সমস্যা। সাধাৰণতে শকত-আৱত মহিলাসকল এনে সমস্যাত ভোগে। এনে মহিলাৰ মাহেকীয়া ঋতুস্ৰাৱ কম পৰিমাণৰ বা অনিয়মীয়া বা বন্ধ হোৱা দেখা যায়। বিয়াৰ পাচত এনে মহিলা সন্তানহীনতাৰ সমস্যাতো ভোগে। সেয়েহে ইয়াৰ বিষয়ে সবিশেষ জনাটো দৰকাৰ। প্ৰায় ২০-৩৩ শতাংশ কম বয়সীয়া মহিলাৰ আল্ট্ৰাছাউণ্ড কৰিলে, পি চি অ’ এছ থকাটো ধৰা পৰে। এনে মহিলাৰ লক্ষণসমূহ ধৰা নপৰিব পাৰে। জীৱনৰ ২ বা ৩ৰ দশকত ইয়াক দেখা যায়। মহিলাসকলৰ দেহত দুটা ডিম্বাশয়(আভেৰি) থাকে। এই ডিম্বাশয়ৰ পৰা এষ্ট্ৰ’জেন, প্ৰজেষ্টেৰ’ন, এনড্ৰ’জেন নামৰ হৰম’ন উৎপন্ন হয়। এই হৰম’ন তিনিবিধ ৰাসায়নিকভাৱে ইটোৰ পৰা সিটোলৈ পৰিবৰ্তন ঘটি সলনি হ’ব পাৰে। ডিম্বাশয়ত এই হৰম’নসমূহৰ উৎপাদন প্ৰক্ৰিয়াৰ তাৰতম্য ঘটিলেই মাহেকীয়া ঋতুস্ৰাৱৰ পৰিবৰ্তন হয় নতুবা বন্ধ হয়। ডিম্বাশয়ৰ বাহিৰৰ আৱৰণখন ডাঠ হৈ পৰাৰ ফলত এনড্ৰ’জেন হৰম’নৰ উৎপাদন বাঢ়ি যায়। অতিৰিক্তভাৱে উৎপন্ন হোৱা এনড্ৰ’জেন হৰম’ন এষ্ট্ৰ’জেনলৈ ৰূপান্তৰ ঘটি শৰীৰত এষ্ট্ৰ’জেন হৰম’নো বৃদ্ধি কৰে। ইয়াৰ ফলত এল এইচ হৰম’নৰ উৎপাদন বাঢ়ে আৰু এফ এইচ হৰম’ন কমে। এই এল এইচ হৰমনৰ প্ৰভাৱৰ ফলত ডিম্বাশয়ৰ বাহিৰৰ আৱৰণ ডাঠ হৈ পৰে আৰু এনড্ৰ’জেন হৰম’নৰ উৎপাদন বাঢ়ি যায়। ইয়াৰ ফলত দেহ অবাঞ্ছিত নোম গজিবলৈ ধৰে, মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হয়, দেহত ইনছুলিনৰ পৰিমাণ বাঢ়ে, শৰীৰত চৰ্বি জমা হ’বলৈ ধৰে, জৰায়ুৰ ভিতৰভাগ ডাঠ হ’বলৈ ধৰে। ফলত জৰায়ুৰ দেহভাগৰ কৰ্কটৰ সম্ভাৱনীয়তা বৃদ্ধি পায়।

পি চি অ’ ডিৰ কাৰনসমূহ -

১৯৩৫ চনমানতে প্ৰথমতে ‘ষ্টিন আৰু লিভেণ্ডোল’ নামৰ বিজ্ঞানী দুজনে পি চি অ’ ডি/পি চি অ’ এছ বৰ্ণনা কৰিছিল। সেয়েহে তেওঁলোকৰ নামেৰেই মহিলাৰ এনে সমস্যা ‘ষ্টিন লিভেণ্ডাল ছিনড্ৰ’ম’ হিচাপে জনাজাত আছিল। পাচলৈ ইয়াক পি চি অ’ ডি/পি চি অ’ এছ হিচাপে নামকৰণ কৰা হয় যদিও প্ৰকৃত কাৰণ এতিয়ালৈকে জনা হোৱা নাই। কেতবোৰ কাৰকে ইয়াৰ আৱিৰ্ভাৱৰ উমান দিয়ে।

  • এইটো ধাৰণা কৰা হৈছে যে যৌৱনৰ(পিউবাৰটি) আগৰ বা যৌৱনৰ পাচৰ ‘এড্ৰিনেল গ্ৰন্থিৰ’ অস্বাভাৱিক হৰম’নৰ তাৰতম্যই পাচলৈ ডিম্বাশয়ত প্ৰভাৱ কৰি হৰমনৰ তাৰতম্যৰ সৃষ্টি কৰে।
  • কেতবোৰে ভাবে যে পৰিয়ালকেন্দ্ৰিক বা(জেনেটিক) বংশানুগত কাৰকৰ বাবেও এনে হ’ব পাৰে। প্ৰায় ৫০ শতাংশ এনে মহিলাৰ ভনী বা মা বা জী পি চি অ’ এছত আক্ৰান্ত হোৱাৰ ইতিহাস থাকে।
  • মেদবহুলতা আন এক কাৰক- সাধাৰণতে শকত-আৱত মহিলা পি চি অ’ এছত বেছিকৈ ভোগা দেখা যায়।
  • পি চি অ’ ডিৰ লক্ষণসমূহ তথা কাৰকসমূহৰ ইমান ভিন্নতা আছে যে ইয়াক ‘ডিজিজ’ বা বেমাৰ নুবুলি এক চিকিৎসা বিষয়ক সত্তা(ছিনড্ৰ’ম) বুলিলেহে বেছি শুৱায়।

লক্ষণসমূহ -

‘পি চি অ’ এছ’ত ভোগা বুলিলে বা হোৱা বুলি জানিবৰ বাবে তিনিটা প্ৰধান নিয়মৰ যিকোনো দুটা থাকিব লাগে।

  • মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হোৱা বা কমকৈ হোৱা নতুবা বন্ধ হোৱা।
  • তেজত এনড্ৰ’জেন হৰম’নৰ পৰিমাণ বাঢ়ি যোৱা।
  • আল্ট্ৰাছাউণ্ড কৰিলে ডিম্বাশয়ত বহুতো সৰু সৰু ছিষ্ট পোৱা বা দেখা।
  • তেজত এনড্ৰ’জেন হৰম’নৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত এনে মহিলাৰ দেহত মতা মানুহৰ দৰে নোম গজে, শালমইনা ওলায়, চুলি সৰাৰ ফলত মতা মানুহৰ দৰে টপা হ’বলৈ ধৰে।
  • মেদবহুলতা আন এক লক্ষণ। ৪০-৫০ শতাংশ পি চি অ’ এছত আক্ৰান্ত মহিলা শকত হোৱা দেখা যায়। ক্ষীণ দেহৰ মহিলাও পি চি অ’ এছত আক্ৰান্ত হ’ব পাৰে।
  • সন্তানহীনতা আন এক সমস্যা। প্ৰায় ৩০ শতাংশ মহিলাই সন্তানহীনতাৰ বাবে চিকিৎসা ল’ব লগা হয়।

পৰীক্ষাসমূহ -

  • তেজ পৰীক্ষা:

তেজৰ পৰীক্ষাসমূহ মাহেকীয়াৰ ভিতৰত কৰাব লাগে। মাহেকীয়াৰ দ্বিতীয় বা তৃতীয় দিনা উত্তম সময়। তেজত এফ এছ এইচ(ফলিকুল ষ্টিমুলেটিং হৰম’ন) কমে, এল এইচ(লিউটিগাইজিং হৰম’ন) বাঢ়ে প্ৰায় তিনি গুণ, এনড্ৰজেন বাঢ়ে, টেছটোষ্টেৰ’ন, এনড্ৰ’ষ্টিনেডিয়ন হৰম’ন বাঢ়ে। তেজত থকা ‘ছেক্স হৰম’ন বাইণ্ডিং গ্ল’বিউলিন’ৰ পৰিমাণ কমে। তদুপৰি থায়ৰয়ড হৰমন, প্ৰলেষ্টিন, ইনছুলিনৰ পৰিমাণ তেজত জোখা হয়।

  • আল্ট্ৰাছাউণ্ড:

তলপেটৰ আল্ট্ৰাছাউণ্ড কৰি জৰায়ু আৰু ডিম্বাশয়ৰ লগতে কিবা ‘টিউমাৰ’ আছে নেকি পৰীক্ষা কৰা হয়। ডিম্বাশয়ৰ আকাৰ ডাঙৰ হোৱা, আৱৰণ ডাঠ হোৱাৰ লগতে ডিম্বাশয়ৰ পৰিধিৰ ফালে সৰু সৰু বহুতো ‘ছিষ্ট’ থকাটো পি চি অ’ এছৰ লক্ষণ। এনে ডিম্বাশয় দেখাত ‘নেকলেছ’ গলপতাৰ দৰে দেখি- যি পি চি অ’ এছৰ মূল লক্ষণ।

  • লেপাৰ’স্কপি কৰিলে এনে মহিলাৰ মুকতাৰ দৰে বগা, নোদোকা ডিম্বাশয়ৰ লগতে ইয়াৰ ডাঠ আৱৰণ(কেপছুল) ধৰিব পাৰি।

চিকিৎসা:

পি চি অ’ এছৰ চিকিৎসাৰ মূল লক্ষ্য হ’ল, শৰীৰৰ ওজন কমোৱা, ঋতুস্ৰাৱ নিয়মীয়া কৰা আৰু হৰমনৰ(এনড্ৰ’জেন) পৰিমাণ কমোৱা। পি চি অ’ এছত ভোগা কিশোৰী বা মহিলাসকল বিভিন্ন কাৰণত মানসিকভাৱে ভাগি পৰে। সেয়েহে মানসিকভাৱে সবল কৰাটোও চিকিৎসাৰ লক্ষ্য। ইয়াক বিশদভাৱে আলোচনা কৰা হ’ল-

  • মনস্তাত্ত্বিক সমৰ্থন(ছাইক’লজিকেল ছাপ’ৰ্ট) এনে মহিলা মানসিক, সামাজিক তথা দৈহিক সকলো ফালৰ পৰাই তেওঁলোকৰ ওপৰত চাপ পৰে। শৰীৰত গজা অবাঞ্ছিত নোমৰ বাবে মুকলিকৈ মানুহৰ লগত মিলিবলৈ অসুবিধা পায়। ওজন কমাব নোৱাৰে বাবে মানসিক অশান্তিত ভোগে। সন্তানহীনতাৰ বাবে গৃহ কণ্ডলৰ সন্মুখীন হয়। এনে পৰিস্থিতিত বন্ধু-বান্ধৱ তথা পৰিয়ালত সকলোৰে পৰা মানসিক উৎসাহ তথা সদ্ভাৱ অতি দৰকাৰী। মনোবিজ্ঞানীৰ সহায় বা সমৰ্থন সেয়েহে অতি দৰকাৰী।
  • শৰীৰ ওজন হ্ৰাস:- ওজন কমোৱাটো শকত পি চি অ’ এছ মহিলাৰ প্ৰধান উদ্দেশ্য। মেদবহুলতাই পি চি অ’ এছৰ লক্ষণসমূহ বঢ়াই তোলে। যিবোৰ মহিলাৰ বি এম আই ৩০ৰ অধিক, তেনে মহিলাক দেহৰ ওজন কমাবলৈ উৎসাহিত কৰিব লাগে। ইয়াৰ ভিতৰত খোৱাৰ পৰিমাণ কমোৱা, শাৰীৰিক শ্ৰম আৰু ব্যায়াম প্ৰধান। মিঠাই খোৱা কমাব লাগে, ভাতৰ সলনি ৰুটী খোৱা দৰকাৰ। চৰ্বিযুক্ত আহাৰ কমাই, খাদ্য তালিকাত শাক-পাচলি তথা মাহজাতীয় খাদ্যৰ সংযোজন কৰিব লাগে। সেয়েহে কম কেলৰিযুক্ত আহাৰ এনে মহিলাৰ বাবে উত্তম। বজাৰত উপলব্ধ শীতল পানীয়, আইচক্ৰীম, পথৰ দাঁতিত পোৱা সহজ লভ্য খাদ্য(ফাষ্ট ফুড) বৰ্জনীয়। দৈনিক ৩০ মিনিট সময় বেগাই খোজ কাঢ়িলে নতুবা ব্যায়াম কৰিলে সুস্বাস্থ্য ৰক্ষা কৰাত সহায়ক হয়। কিন্তু শকতমানুহ এজনে ওজন কমাবলৈ দৈনিক ৬০-৯০ মিনিট সময় বেগাই খোজ কঢ়া বা ব্যায়াম কৰা দৰকাৰ।

ওজন কমাবলৈ কেতবোৰ ঔষধো ব্যৱহাৰ কৰা হয়। এনে ঔষধবোৰৰ ভিতৰত অৰলিষ্টেট আৰু চিবুট্ৰেমাইন প্ৰধান। এনেবোৰ ঔষধে খাদ্যত থকা চৰ্বিজাতীয় পদাৰ্থ শৰীৰে আয়ৰণ কৰাত বাধা দিয়ে, ভোক কমাই। ফলত শৰীৰৰ ওজন হ্ৰাস পায়।

অস্ত্ৰোপচাৰৰ সহায়তো(বেৰিয়েট্ৰিক চাৰ্জাৰী) শৰীৰৰ পৰা অলাগতিয়াল চৰ্বিসমূহ কমাব পাৰি। যিবোৰ মহিলাৰ বি এম আই ৩৫ৰ অধিক, তেনে মহিলাৰ ক্ষেত্ৰত এনে অস্ত্ৰোপচাৰ কৰাব পাৰি। ‘পাকস্থলীৰ আয়তন’ কমোৱা আন এটা অস্ত্ৰোপচাৰ।

  • অনিয়মীয়া ঋতুস্ৰাৱ: ঋতুস্ৰাৱ নিয়মীয়া কৰিবলৈ উন্নত প্ৰযুক্তিৰ গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰা হয়। কম পৰিমাণৰ এষ্ট্ৰ’জেন আৰু প্ৰজেষ্টেৰ’নযুক্ত এনে ঔষধে ঋতুস্ৰাৱ নিয়মীয়া কৰে। এনে ঔষধৰ ব্যৱহাৰৰ লগতে ওজন কমোৱাটোও দৰকাৰী। ‘প্ৰজেষ্টেৰ’ন টেবলেট’, ‘প্ৰজেষ্টেৰ’ন থকা ‘মিৰেনা’ জৰায়ুৰ ভিতৰত সংস্থাপন কৰি ঋতুস্ৰাৱ নিয়মীয়া কৰোৱা হয়।
  • শৰীৰত গজা অবাঞ্ছিত নোমবোৰ নাইকিয়া কৰিবলৈ নানা ধৰণৰ ব্যৱস্থা লোৱা হয়।

ইলেক্ট্ৰ’লাইছিছ ইয়াৰ সহায়ত দেহত গজা অতিৰিক্ত নোমবোৰ আঁতৰাব পাৰি। ‘লেজাৰ’ আৰু ফট’থাৰ্ম’লাইছিছ আন কেতবোৰ পদ্ধতি। ছেভিং(খুৰোৱা) কৰি বা ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি এনে নোমবোৰ আঁতৰাব পাৰি। এনে চিকিৎসা দীঘলীয়া, ৬-৯ মাহপৰ্যন্ত আৰু খৰচী হয়।

‘ভেনিকা আন এবিধ ঔষধ, যি গাত লগালে এনে নোমবোৰ সৰে।

ড্ৰ’ছপেৰিনন, স্পাইৰ’ন’লেক্টন, চিপ্ৰ’টেৰ’ন এছিটেট দৰব ব্যৱহাৰ কৰিলে এনে নোমবোৰ নাইকিয়া হয়।

  • পি চি অ’ এছ আক্ৰান্ত মহিলাগৰাকীয়ে যদি সন্তান বিচাৰে, তেতিয়াহ’লে ডিম্বাশয়ৰ পৰা ডিম্বানু নিঃসৰণ প্ৰক্ৰিয়াৰ(অভিউলেচন) বাবে ক্ল’মিফেন ছাইট্ৰেট, লেট্ৰ’জ’ল ব্যৱহাৰ কৰা হয়। ইন’চিটল গ্ৰুপৰ ঔষধ- যেনে মাইন’চিটল, ডি-কাইৰো ইনচিটল নতুনকৈ আৱিষ্কৃত ঔষধ।
  • ধূমপান বৰ্জন কৰিব লাগে। ধূমপান কৰা মহিলাৰ শৰীৰত এনড্ৰ’জেন হৰম’নৰ পৰিমাণ আৰু মতা মানুহৰ দৰে গাত নোম গজে।

শেষত ইয়াকে ক’ব পাৰি যে শৰীৰৰ ওজন কমোৱাই পি চি অ’ এছৰ মূল চিকিৎসা। বৰ্তমানৰ ওজনতকৈ ৫ শতাংশ ওজন কমাব পাৰিলেই হৰম’নৰ পৰিমাণ কমে, অভিউলেচন হয় আৰু ঋতুস্ৰাৱ নিয়মীয়া হয়।

লেখক: ডাঃ ৰাজীৱ লোচন শৰ্মা(দেওবৰীয়া সম্ভাৰ)

শেহতীয়া উন্নীতকৰণ: : 1/23/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate