যোনি সংক্ৰমণ হৈছে মহিলাসকলৰ ক্ষেত্ৰত দেখা দিয়া সংক্ৰমণ ব্যাধিসমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সংক্ৰমণ ব্যাধি। প্ৰায়বিলাক মহিলাই নিজ নিজ জীৱন কালত এনে ধৰণৰ সমস্যাৰ সম্নুখীন হোৱা দেখা যায়। সাধাৰণতে, মহিলাসকলৰ যোনি সংক্ৰমণৰ ব্যাধিক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। যেনে- ইষ্ট ভেজিনেল ইনফেকছন, ট্ৰাইক’মনিএছিছ আৰু বেক্টেৰিয়েল ভেজিন’ছিছ।
যোনি সংক্ৰমণৰ ব্যধিবোৰৰ ভিতৰত ইষ্টভেজিনেল ইনফেকছনৰ সমস্যাটোৰ দ্বাৰাই বেছিভাগ মহিলা আক্ৰান্ত হোৱা দেখা যায়।
এবিধ ভেঁকুৰজাতীয় অনুজীৱই হৈছে ইষ্ট ভেজিনেল ইনফেক্ছনৰ মূল কাৰণ। এনে ধৰণৰ সংক্ৰমণ যোনিৰ আভ্যন্তৰীণ অংশত হোৱা দেখা যায়। এইটো এক সমীক্ষাৰ ভিত্তিত প্ৰমাণিত হৈছে যে প্ৰতি চাৰিগৰাকী মহিলাৰ ভিতৰত তিনিগৰাকীয়েই নিজ নিজ জীৱনকালত ইষ্টভেজিনেল ইনফেক্ছনৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।
যোনি সংক্ৰমণৰ অন্যতম কাৰণ ইষ্টভেজিনেল ইনফেক্ছনৰ লক্ষণবোৰ হ’ল-
ইষ্টভেজিনেল ইনফেক্ছন সৃষ্টিকাৰী ভেঁকুৰ জাতীয় অণুজীৱৰ নাম হ’ল ‘কেনিডিডা এলবিকেনছ’। এই
অণুজীৱবিধ সাধাৰণতে মুখ, যোনিদ্বাৰ আৰু খাদ্যনলীৰ অৰ্থাৎ পাকস্থলীৰ পিছৰ অংশত দেখা যায়। এইবিধ অণুজীৱৰ দ্বাৰা আক্ৰান্ত হোৱা শিশুৰ তথা প্ৰাপ্তবয়স্ক লোকৰ মুখ আৰু ডিঙিত ঘাঁ হোৱ দৃষ্টিগোচৰ হয়। যেতিয়া ‘কেনিডিডা এলবিকেনছে’ যোনিক আক্ৰান্ত কৰে, তেতিয়া ইয়াক কোৱা হয়- ‘ইষ্ট ইনফেক্ছন’ বা মনিলিয়েল ভেজিনিটি। ইষ্ট ভেজিনেল ইনফেক্ছন ৰোধ কৰাৰ বাবে সাম্প্ৰতিক উন্নত মানৰ এণ্টিবায়টিক বা প্ৰতিজৈৱিক প্ৰচলন হোৱাৰ উপৰি ভেঁকুৰ জাতীয় অণুজীৱৰ অত্যধিক্যতা হ্ৰাস কৰাৰ বাবে বস্ত্ৰৰ পৰিধাণৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।
ইষ্টভেজিনেল ইনফেক্ছনৰ উপৰি মহিলাসকলৰ ক্ষেত্ৰত অন্য এক যোনিৰ ব্যাধিৰো ব্যাপকতা দেখা যায়, যাক কোৱা হয় বেক্টেৰিয়েল ভেজিনিটি। এইবিধ যোনি ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱা মহিলাৰ যোনিদ্বাৰৰ পৰা অতি বেয়া গোন্ধ নিৰ্গত হয় যিটো সাধাৰণতে ‘ইষ্ট ভেজিনেল ইনফেক্ছনত নাথাকে। এই বেক্টেৰিয়েল ভেজিনিটিৰ দ্বাৰা আক্ৰান্ত হোৱা এগৰাকী নাৰীক যদি উপযুক্ত চিকিৎসা প্ৰদান কৰা নহয়, তেন্তে ই মহিলাগৰাকীৰ ৰাজহাড়ৰ মজ্জাত অত্যধিক বিষ আৰু জ্বলণ-পুৰণ সৃষ্টি কৰাৰ লগতে গৰ্ভধাৰণৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পাৰে।
‘গ’নৰিয়া’ আৰু ‘হাৰ্পছ’ ৰ দৰে কিছুমান যৌনৰোগৰ লক্ষণ ‘ইষ্টভেজিনেল ইনফেক্ছন’ ব্যাধিৰ লগত বহু মিল থকা দেখা যায়। গ’নৰিয়াৰ দ্বাৰা আক্ৰান্ত এগৰাকী মহিলাৰ যোনিদ্বাৰৰ পৰা কিছুমান বগা ফেনযুক্ত গোটা পদাৰ্থ নিৰ্গত হয়। আনহাতে হৰ্পছৰ দ্বাৰা আক্ৰান্ত মহিলাই যোনিৰ দ্বাৰত সঘনে খজুৱতিৰ অনুভৱ কৰে। গতিকে এনে পৰিস্থিতিত এগৰাকী মহিলাই কোনো অভিজ্ঞ যৌনৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লৈহে ব্যাধিটোৰ চিকিৎসাৰ দিশত অগ্ৰসৰ হোৱা উচিত।
ইষ্ট ভেজিনেল ইনফেক্ছনৰ চিকিৎসাৰ ক্ষেত্ৰত এইটো সাধাৰণতে দেখা যায় যে অধিক সংখ্যাক মহিলাই এইবিধ ব্যাধিক চিনাক্তকৰণ কৰাত ব্যৰ্থ হৈ ইয়ৰ প্ৰতিকাৰৰ ক্ষেত্ৰ্ত ভিন্ন চিকিৎসা ব্যধিৰ উপশমৰ ক্ষেত্ৰত অভিজ্ঞ যৌনৰোগ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে কৰা চিকিৎসা ব্যৱস্থাটো হ’ব এক ব্যৰ্থ প্ৰচেষ্টাহে মাথো। গতিকে এজন অভিজ্ঞ যৌনৰোগ বিশেষজ্ঞই কৰা ৰোগৰ সঠিক বিশ্লেষণ আৰু তাৰ ভিত্তিত তেওঁ আগবঢ়োৱা ৰোগ উপশমৰ বিধিয়ে হ’ব এগৰাকী আক্ৰান্ত নাৰীক আৰোগ্যৰ পথলৈ অনাৰ মূল চবিকাঠী।
ইষ্ট ভেজিনেল ইনফেক্ছনৰ ক্ষেত্ৰত সাধাৰণতে ব্যৱহাৰ কৰা কেইবিধমান ক্ৰীম হৈছে-
এই ক্ষেত্ৰত ব্যৱহাৰ হোৱা হমিঅ’পেথিক ক্ৰীম এবিধ হৈছে ভেজিছলি। এইবিধ হমিঅ’ ক্ৰীমে ইষ্ট ভেজিনেল ইনফেক্ছনৰ ক্ষেত্ৰত একেৰাহে হোৱা খজুৱতিৰ বহু পৰিমাণে হ্ৰাস কৰাত সহায় কৰে। বিভিন্ন ক্ৰীমৰ উপৰি এইবিধ ব্যাধি ৰোধ কৰাত পিলৰ ব্যৱহাৰো কৰা হয়। উদাহৰণ স্বৰূপে- ডিফ্লুকেন আৰু নাইজ’ৰেল এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী পিলিং ব্যৱস্থা। এনে ধৰণৰ পিলিং ব্যৱস্থা সাধাৰণতে দিনে এটা বা দুটাকৈ এসপ্তাহৰ পৰা চৈধ্যদিনলৈ সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়। এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বৰিক এছিদ কেপছুলৰো ব্যৱহাৰ হয়, যিবোৰ নেকি মহিলাসকলে নিজৰ যোনিদ্বাৰত প্ৰতি পুৱা আৰু গধূলি এটাকৈ পাঁচৰ পৰা সাতদিনলৈকে ভৰাই যাব লাগে।
মহিলাসকলৰ যোনি সংক্ৰমণৰ দ্বিতীয়টো ব্যাধি হৈছে ট্ৰাইক’মনিয়াছিছ। এইবিধ যোনি সংক্ৰমণ ব্যাধি উৎপত্তিৰ মূল কাৰণ হৈছে ট্ৰাইক’মনিয়াছিছ ভেজিনেলিছ নামৰ এবিধ অণুজীৱ। এইবিধ যোনি সংক্ৰমণৰ ব্যাধি কম বয়সীয়া মহিলাৰ ক্ষেত্ৰত সাধাৰণতে বেছিকৈ দেখা যায় আৰু ইয়াৰ প্ৰ্তিকাৰ আধুনিক চিকিৎসা ব্যৱস্থাৰ দ্বাৰা সম্ভৱ। এইটো এক সমীক্ষাৰ ভিত্তিত প্ৰতিপন্ন হৈছে যে, প্ৰতিবছৰ সাত মিলিয়নতকৈ অধিক মহিলা এই যোনি সংক্ৰমণৰ ব্যাধিৰ দ্বাৰা আক্ৰান্ত হয়। ট্ৰাইক’মনিয়াছিছ ব্যাধিটোৰ এক উল্লেখযোগ্য বৈশিষ্ট হ’ল ইয়াৰ দ্বাৰা পুৰুষ-মহিলা উভয়েই আক্ৰান্ত হ’ব পাৰে। মহিলাসকলৰ ক্ষেত্ৰত এইবিধ ব্যাধিয়ে যোনিদ্বাৰত সংক্ৰমণৰ সৃষ্টি কৰে, যাক কোৱা হয় ভেজিনিটিছ। আনহাতে পুৰুষসকলৰ ক্ষেত্ৰত এইবিধ ব্যাধিয়ে মূত্ৰনলীত সংক্ৰমণৰ সৃষ্টি কৰে। এইবিধ যোনি সংক্ৰমণৰ ব্যাধি সাধাৰণতে, মহিলাসকলৰ পৰাই পুৰুষৰ দেহলৈ অহা দেখা যায় যদিও ই এজন পুৰুষৰ পৰা এগৰাকী নাৰীলৈ আৰু এগৰাকী নাৰীৰ পৰা আন এগৰাকী নাৰীলৈ সংক্ৰমণ ঘটাৰ সম্ভাৱনা থাকে যদিহে তেওঁলোকৰ মাজত দৈহিক সম্পৰ্ক স্থাপন হয়।
এই সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত পুৰুষসকলৰ যদিও কোনো বিশেষ লক্ষণ দেখা নাযায় তথাপিও কিছুমান ক্ষেত্ৰত বিসংগতিয়ে দেখা দিব পাৰে। তাৰে কেইটামান হ’ল-
এইবিধ সংক্ৰমণৰ ব্যাধিৰ লক্ষণ সমূহ পুৰুষৰ তুলনাত মহিলাসকলৰ ক্ষেত্ৰত বেছি স্পষ্ট তথা গুৰুতৰভাৱে দেখা যায়। মহিলাসকলৰ ক্ষেত্ৰত এই ব্যাধিৰ সংক্ৰমণ হোৱাৰ এসপ্তাহৰ পৰা চাৰি সপ্তাহৰ ভিতৰত ইয়াৰ নিৰ্দিষ্ট লক্ষণসমূহ প্ৰতিফলিত হয়। তাৰে কেইটামান হৈছে-
এইবিধ যোনি সংক্ৰমণৰ ব্যাধিৰ ক্ষেত্ৰ্ত সাধাৰণতে পিলিং ব্যৱস্থাই অৱলম্বন কৰা হয়। এই ব্যাধিৰ চিকিৎসাত ব্যৱহৃত হোৱা ঔষধবিধ হৈছে মেট্ৰনাইডেজল আৰু ইয়াৰ সেৱনৰ পৰিমাণ নিৰ্ভৰ কৰিব চিকিৎসকৰ পৰামৰ্শৰ ওপৰত। এইখিনিতে এইটো উল্লেখযোগ্য যে- যদি শাৰীৰিক সম্পৰ্ক থকা এহাল পুৰুষ-মহিলাৰ যিকোনো এজন এই ব্যাধিৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। গতিকে এজনৰ চিকিৎসা আৰম্ভ থাকে। গতিকে এজনৰ চিকিৎসা আৰম্ভ হোৱাৰ লগে লগে একে সময়তে আনজনৰো চিকিৎসা কৰা উচিত।
আমি সকলোৱে জানো যে এটা ৰোগৰ চিকিৎসাতকৈ সেই ৰোগ প্ৰতিৰোধৰ বাবে আগতীয়াকৈ গ্ৰহণ কৰা ব্যৱস্থাই হ’ব এক উত্তম পন্থা। গতিকে ট্ৰাইক’মনিয়াছিছ্ৰ দৰে এটা গুৰুতৰ সংক্ৰমণ ব্যাধিৰ ক্ষেত্ৰত উপৰোক্ত প্ৰবচনটোৰ যথেষ্ট তাৎপৰ্যপূৰ্ণ। এই ব্যাধিৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আমি ল’ব পৰা কেইটামান সহজ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে কিছু কথা জানি থওঁ আহক।
বহু সংখ্যক মহিলাই ইষ্টভেজিনেল ইনফেক্ছন ব্যাধিটো সঘনে দেখা দিয়া যোনিৰ ব্যাধি হিচাপে বিশ্বাস কৰে যদিও প্ৰকৃততে বেক্টেৰিয়েল ভেজিন’চিছ হৈছে মহিলাসকলৰ মাজত অত্যধিকভাৱে দেখা দিয়া যোনি সংক্ৰমণৰ ব্যাধি। এইটো এক সমীক্ষাৰ ভিত্তিত প্ৰমাণিত হৈছে যে এই ব্যাধিয়ে মুঠ জনসংখ্যাৰ ১০-৬৪ শতাংশ পৰ্যন্ত মহিলাক যিকোনো সময়ত আক্ৰান্ত কৰি তুলিব পাৰে। এইবিধ ব্যাধি উপযুক্ত চিকিৎসা ব্যৱস্থাৰে উপশম কৰিব পাৰি যদিও সঠিক সময়ত সঠিক চিকিৎসা ব্যৱস্থা গ্ৰহণ নকৰিলে ই মহিলাগৰাকীৰ ৰাজহাড়ৰ মজ্জাত অত্যাধিক বিষ আৰু জ্বলণ-পূৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে এনে পৰিস্থিতিয়ে এগৰাকী মহিলাৰ গৰ্ভধাৰণৰ ক্ষেত্ৰতো জটিলতাৰ সৃষ্টি কৰাৰ লগতে অন্যান্য শাৰীৰিক সংক্ৰমণ ঘটাতো অৰিহণা যোগাব পাৰে। বিশেষকৈ গৰ্ভধাৰণৰ সময়ছোৱাত এই ৰোগ উদ্ভৱ হোৱাৰ সম্ভাৱনীয়তা অতি বেছি হোৱ দেখা যায়।
বেক্টেৰিয়েল ভেজিন’ছিছ উদ্ভৱ হোৱাৰ প্ৰাথমিক কাৰণ হিচাপে উল্লেখ কৰিব পাৰি এনাইৰবিক, উদ্ভিদ জীৱাণু আৰু গাৰ্ডনাৰেলা অণুজীৱ বিধৰ অতিৰিক্ত গঠন-প্ৰক্ৰিয়া। স্বাস্থ্যসন্মত যোনিত এই দুবিধ উদ্ভিদ জীৱাণু আৰু অণুজীৱৰ পৰিমাণ তেনেই সীমিত পৰিমাণে থাকে। আনহাতে নাৰী দেহৰ যোনিত প্ৰকৃতিগতভাৱে থকা লেক্ট’বেচিলি নামৰ উদ্ভিদ জীৱাণুবিধে অন্যান্য অণুজীৱ বা উদ্ভিদ জীৱাণুৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে। কিন্তু যোনিৰ সমগ্ৰ অংশটোত যদি এনাইৰবিক আৰু গাৰ্ডনাৰেলা জাতীয় উদ্ভিদ জীৱাণু আৰু অণুজীৱৰ সংক্ৰমণ অত্যাধিকভাৱে বৃদ্ধি পায়, তেন্তে এনে পৰিস্থিতিত লেক্টবেচিলিয়ে সংক্ৰমণ ৰোধ কৰাত ব্যৰ্থ হয়।
যিসকল মহিলা মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যাত সঘনে ভূগে আৰু যিসকল মহিলাৰ ক্ষেত্ৰত এনে ধৰণৰ যোনি সংক্ৰমণ ব্যাধিৰ সম্ভাৱনীয়তা অধিক।
যোনি সংক্ৰমণৰ এইবিধ ব্যাধিৰ দুটা মুখ্য লক্ষণ তলত উল্লেখ কৰা হ’ল-
এইবিধ পদ্ধতিৰ চিকিৎসা পদ্ধতিটো হৈছে তুলনামূলকভাৱে সহজ চিকিৎসা পদ্ধতি আৰু সঠিক বিশ্লেষণৰ দ্বাৰা এইবিধ ৰোগ নিৰাময় কৰাটো সম্ভৱ। এই ব্যাধিৰ চিকিৎসাৰ বাবে cleocin-20% মানৰ এবিধ ক্ৰীম যোনিদ্বাৰত ৰাতি শোৱাৰ সময়ত তিনিৰ পৰা সাতদিন নিয়মীয়াকৈ লগালে সুফল পোৱা যায়। তদুপৰি এণ্টিবায়টিক পিলিং ব্যৱস্থাও এইৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহৃত হয়।
উৎসঃ সৌন্দৰ্য্য আৰু স্বাস্থ্য আলোচনী
শেহতীয়া উন্নীতকৰণ: : 3/22/2020