অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰ্ভস্থ সন্তানৰ মাৰাত্মক ৰোগঃ

গৰ্ভস্থ সন্তানৰ মাৰাত্মক ৰোগঃ

গৰ্ভস্থ সন্তানৰ মাৰাত্মক ৰোগসমূহ বিয়পাৰ কাৰণ-


আমাৰ ধাৰণা যে, শিশুটিয়ে পৃথিৱীৰ পোহৰ দেখাৰ পাছত সি বা তাই নানা ৰোগত আক্ৰান্ত হ’ব পাৰে। পিচে নানা গৱেষণাৰ ফলত গম পোৱা গৈছে কেতিয়াবা এগৰাকী মাতৃয়ে নিজৰ অজ্ঞাতেই তেওঁৰ গৰ্ভস্থ সন্তানলৈ এক ধৰণৰ পৰজীৱী বা বীজাণুৰ সংক্ৰমণ কৰি থাকে। এই প্ৰক্ৰিয়াটোক বোলা হয় টক্সোপ্লাজমোচিছ্ আৰু সংক্ৰমিত হোৱা মাৰাত্মক পৰজীৱী বা বীজাণুবিধৰ নাম হ’ল- টক্সোপ্লাজমা গোণ্ডাই। সৌভাগ্যক্ৰমে এই মাৰাত্মক বীজাণুবিধৰ সংক্ৰমণ বা ইনফেক্সন প্ৰতি এহেজাৰজন শিশুৰ মাজত মাত্ৰ এজন বা দুজন শিশুৰহে হয়। চিকিৎসকসকলৰ মতে দেহত বিসংগতি অথবা ত্ৰুটীৰে সৈতে জন্ম লাভ কৰা শিশুৰ ক্ষেত্ৰত প্ৰায়ে দায়ী হোৱা প্ৰক্ৰিয়াটোৰ নাম হৈছে- টক্সোপ্লাজমোচিছ। এই সংক্ৰমণ প্ৰক্ৰিয়াটোত জড়িত ৩০ শতাংশ শিশুৰেই স্নায়ুতন্ত্ৰ অথবা দৃষ্টিশক্তিৰ ৰোগ হয়। জন্ম হোৱাৰ প্ৰথমভাগত এই ৰোগত আক্ৰান্ত শিশুটিক দেখাত স্বাভাৱিক যেন লাগিলেও বছৰটো ঘূৰাৰ লগে লগে সেই শিশুটিৰ মাজত অন্ধত্ব, কুষ্ঠৰোগ অথবা মানসিক প্ৰতিবন্ধকতাই দেখা দিয়ে। এনে ভয়ানক ত্ৰুটিবোৰ ৰোধ কৰিবলৈ এটাই উপায় আছে যদিহে শিশু এটি মাতৃগৰ্ভত থাকোতেই কিছুমান চিকিৎসা সম্পৰ্কীয় পৰীক্ষা-নিৰীক্ষা নিয়মিতভাৱে কৰা যায়। তদুপৰি এনে ৰোগৰ প্ৰতি সচেতন হ’বলৈ ৰাইজকো শিক্ষা দিব লাগে যাতে শিশুৰ জন্মৰ পূৰ্বেই মাতৃগৰাকীৰ কিছুমান পৰীক্ষা কৰোৱা হয় আৰু ৰোগ প্ৰতিৰোধৰ বাবে গৰ্ভৱতী মহিলাই যেন কিছুমান কাম কৰাৰ পৰা আঁতৰত থাকে।

টক্সোপ্লাজমোচিছ্ আৰু পোহনীয়া জীৱ-জন্তুঃ

 

আগতেই উল্লেখ কৰা হৈছে, টক্সোপ্লাজমোচিছ্ নামৰ মাৰাত্মক ৰোগবিধৰ বীজাণুবিধৰ নাম হৈছে- টক্সোপ্লাজমা গোণ্ডাই। ক’ৰ পৰা আহে এই মাৰাত্মক বীজাণু। সেই বীজাণু আপোনাৰ কাষতে আছে- আপোনাৰ মৰমৰ পোহনীয়া মেকুৰীজনীয়েই এই ভয়ানক ৰোগৰ বীজাণু আপোনাৰ শৰীৰলৈ সংক্ৰমিত কৰি আছে। চিকিৎসাবিজ্ঞানীসকলৰ মতে আপুনি যদি মেকুৰীৰ সংস্পৰ্শলৈ আহে তেন্তে এই জীৱাণুবিধ আপোনাৰ শৰীৰলৈ সংক্ৰমিত হয়। বহুতো এনে মহিলা আছে যে, মৰমৰ মেকুৰীজনীক নিজৰ লগতে বিছনাত শুৱাই থ’ব খোজে। তাতে সেই মহিলা যদিহে গৰ্ভৱতী হয়, তেওঁৰ দেহে যদি এই জীৱাণুৰ বিৰুদ্ধে এণ্টিবডি বা প্ৰতিৰোধক তৈয়াৰ কৰিব নোৱাৰে তেন্তে এই বীজাণুবিধে প্লেচেণ্টাৰ জৰিয়তে গৈ গৰ্ভস্থ শিশুটিৰ অনিষ্ট সাধন কৰে। তদুপৰি গৰ্ভত থকা ভ্ৰূণৰ বিকাশৰ সময়ত মাতৃগৰাকী যদিহে এই বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ পৰে, তেন্তে সেই ভ্ৰূণৰ পৰা জন্ম হ’বলগীয়া শিশুটিৰ বাবে এই সংক্ৰমণ অতি ভয়াবহ হৈ পৰিব। অৱশ্যে চিকিৎসকসকলে এইটোও কৈছে যে, মাতৃগৰাকীয়ে যদি গৰ্ভাৱস্থাৰ তিনিটা মাহ অতিক্ৰম কৰি যাব পাৰে, তেন্তে মাতৃগৰাকী এনে ৰোগত আক্ৰান্ত হ’লেও তাৰ ফলাফল ইমান ভয়াবহ হৈ নপৰে। চলাই থকা সমীক্ষাবোৰত ধৰা পৰিছে যে, শতকৰা ৩৫ জন লোকেই এই ভয়ানক বীজাণুবোৰ বহন কৰি থাকে। পিচে এই বীজাণুবোৰে মানৱ দেহৰ মাংসপেশী আৰু অন্যান্য কলা বা টিচ্যুত নিষ্ক্ৰিয় অৱস্থাত শুই থাকে। আনহাতে প্ৰায় ১০ শতাংশ লোকে এনে সক্ৰিয় হৈ থকা বীজাণুৰ দ্বাৰা যেতিয়া আক্ৰান্ত হৈ পৰে, তেতিয়া তেওঁলোকে এক বা দুসপ্তাহৰ বাবে ইনফ্লুয়েঞ্জা সদৃশ ৰোগত ভুগিব লাগে। এইক্ষেত্ৰত সাধাৰণ জ্বৰ, গাৰ বিষ, মূৰৰ বিষ, ছালত ক্ষুদ্ৰ ফোঁহাৰ উৎপত্তি হয়। তাৰ লগতে পেট জ্বলা-পোৰা কৰে, চকুতো বিষ অনুভৱ কৰা যায়। ৰোগত আক্ৰান্ত হোৱা সময়খিনিত ৰোগীজনৰ লিম্ফগ্ৰন্থি ফুলি উঠে।

 

চিকিৎসকসকলৰ মতে মেকুৰীৰ সংস্পৰ্শলৈ অহাৰ উপৰিও ভালকৈ নিসিজা মাংস (বিশেষকৈ জন্তুৰ) খালেও এই ভয়ানক বীজাণু শৰীৰলৈ সংক্ৰমিত হয়।

 

কেনেকৈ বীজাণুৰ সংক্ৰমণত বাধা দিব ?

 

গৰ্ভৱতী মহিলা এগৰাকীৰ দেহত বীজাণুৰ সংক্ৰমণৰ বিকাশ নঘটে বা ঘটিব নোৱাৰে, তাৰ কাৰণে মহিলাগৰাকীক গৰ্ভধাৰণৰ পূৰ্বেই টক্সোপ্লাজমোচিছৰ বাবে স্ক্ৰিনিং কৰাব লাগিব। এনে স্ক্ৰিনিং পদ্ধতি যদি ফলাফল পজিটিভ বা যোগাত্মক হয় তেন্তে আমি বুজিব লাগিব সেই মহিলাগৰাকীয়ে বীজাণুবোৰৰ বিৰুদ্ধে এণ্টিবডি বহন কৰিছে, গতিকে এই ক্ষেত্ৰত কোনো ভয়ৰ কাৰণ নাই। পিচে স্ক্ৰিনিং পৰীক্ষাত যদি নিগেটিভ বা ঋণাত্মক ফলাফলহে ধৰা পৰে তেন্তে আমি বুজিব লাগিব যে, সেইগৰাকী মহিলাই বীজাণুৰ সংক্ৰমণক এৰাই চলিবৰ কাৰণে সতৰ্ক হ’ব লাগিব। এনে মহিলাক গৰ্ভধাৰণ কৰাৰ পূৰ্বেই নানা ধৰণৰ তেজ পৰীক্ষা কৰাব লাগে। তেজত এণ্টিবডিৰ উপৰিও লিম্ফগ্ৰন্থিৰ বায়োপ্সি পৰীক্ষা কৰিলেহে টক্সোপ্লাজমোচিছ ৰোগটি নিৰ্ণয় কৰাটো সম্ভৱপৰ হ’ব। এটি সুস্থ সন্তান পাবলৈ হ’লে মাতৃগৰাকীৰ দেহৰ ইমিউনিটিক জুলীয়া দ্ৰব্যবিধৰ বিশ্লেষণ আৰু ভ্ৰূণৰ তেজৰ নমুনা পৰীক্ষা কৰাটো প্ৰয়োজনীয়। যদিহে ভ্ৰূণটো বীজাণুৰ দ্বাৰা সংক্ৰমিত হৈছে, তেনেহ’লে ভ্ৰূণটোৰ জন্মগত ত্ৰুটি বা বিসংগতি সীমিত অথবা প্ৰতিৰোধ কৰিবলৈ সেই গৰ্ভৱতী মাতৃগৰাকীৰ কাৰণে ড্ৰাগ-থেৰাপি আৰম্ভ কৰিব লাগিব। উপযুক্ত চিকিৎসা পদ্ধতিত ৰোগীগৰাকীক পাইৰিমেথানিন আৰু চালফাডিমিডিন ঔষধ দুবিধৰ মিশ্ৰণ সেৱন কৰিবলৈ দিয়া হয়। সংক্ৰমণৰ বৃদ্ধি কমাবৰ কাৰণে এই ঔষধৰ মিশ্ৰণটো মাতৃগৰাকীৰ ওপৰত তেওঁৰ গৰ্ভাৱস্থাতে প্ৰয়োগ কৰা হয়। আন এবিধ বিধান দিয়া ঔষধৰ নাম হৈছে- স্পাইৰামাইছিন। এইবিধ ঔষধ ইউৰোপ মহাদেশত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়। পিচে ‘ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেচন’ সংস্থাটোৰ বিশেষ অনুমতি অবিহনে পৃথিৱীৰ আন কোনো দেশতে এইবিধ ঔষধৰ ব্যৱহাৰ নিষিদ্ধ কৰি দিয়া হৈছে। জন্মগত ত্ৰুটিৰ জটিলতা কমাবলৈ হ’লে গৰ্ভৱতী মহিলাগৰাকীয়ে যতি নপৰাকৈ ড্ৰাগ-থেৰাপি চিকিৎসা চলাই যাব লাগিব।

বীজাণুবিধৰ সংক্ৰমণ কেনেকৈ প্ৰতিৰোধ কৰিব ?

 

টক্সোপ্লাজমা গোণ্ডাই নামৰ এই মাৰাত্মক বীজাণুবিধক প্ৰতিৰোধ কৰিবলৈ হ’লে আপুনি নিম্নলিখিত ব্যৱস্থাবোৰ গ্ৰহণ কৰকঃ

(ক) বেছিভাগ লোকৰ ঘৰতে পোহনীয়া মেকুৰী থাকেই। সাৱধান হ’ব যাতে পোহনীয়া হ’লেও সেই মেকুৰীয়ে আপোনাৰ শোৱনিকোঠাত সোমাব নোৱাৰে।

(খ) যদিহে মেকুৰী পোহাৰ অভ্যাসটো আপুনি এৰিবলৈ টান পাইছে তেন্তে পোহনীয়া মেকুৰীটোক এন্দুৰ অথবা পোক-পৰুৱা চিকাৰ কৰাটো বন্ধ কৰক। কথাটো নিশ্চয় আপোনাৰ বৰ আচহুৱা যেন লাগিছে; কাৰণ, ঘৰত থকা এন্দুৰক নিধন কৰিবলৈকে বহুতে মেকুৰী পোহে, তদুপৰি এন্দুৰ হৈছে মেকুৰীৰ বৰ প্ৰিয় খাদ্য।

এইবোৰৰ উপৰিও আপোনাৰ পোহনীয়া মেকুৰীক কেঁচা মাংস খাবলৈ নিদিব। আপোনাৰ ৰন্ধা পাত্ৰ- চচপেন, কেৰাহী আদিৰ উপৰি আপুনি আহাৰ খোৱা বাটি-কাঁহীত মেকুৰীয়ে যাতে মুখ দিবলৈ নাপায় তাৰ কাৰণে অত্যন্ত সাৱধান হওক।

(গ) যিবোৰ স্থানত মেকুৰীয়ে মলত্যাগ কৰে, সেইবোৰ স্থানৰ পৰা দূৰত থাকক। মেকুৰীটোৱে যাতে আপোনাৰ বিছনাখনত নতুবা আপোনাৰ কোলাত বহিবলৈ কোনোমতেই সুবিধা নাপায়।

(ঘ) মাংস ৰন্ধাৰ সময়ত চকু দিব, যাতে উচ্চ তাপমাত্ৰাতহে মাংস ৰন্ধা হয়, কেতিয়াও আধাসিজা মাংস নাখাব।

(ঘ) ঘৰখনলৈ কিনি অনা কেঁচা মাংস আহিবই। কেঁচা মাংসখিনি ধোৱা-পখলা কৰাৰ পিছত আপোনাৰ হাত দুখন চাবোন বা ঔষধি জুলীয়া (ডেটল, ছেভলন আদি) দ্ৰব্যৰে খুব ভালকৈ ধুব।

পোহনীয়া প্ৰাণীয়ে স্বাস্থ্যলৈ বিপদ মাতেঃ

পোহনীয়া প্ৰাণীবোৰক নিশ্চয় আপুনি বৰ মৰম কৰে। কিন্তু এই পোহনীয়া প্ৰাণীবোৰেই আপোনাৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে বৰ বিপজ্জনক হৈ পৰে। ওপৰত পোহনীয়া মেকুৰী যে গৰ্ভৱতী মাতৃৰ অতি বিপজ্জনক সেই বিষয়ে উল্লেখ কৰা হৈছে। পিচে চিকিৎসকসকলে চলোৱা সমীক্ষা কিছুমানত ধৰা পৰিছে যে, আমাৰ পোহনীয়া বা আন ঘৰৰ পৰা অহা পাৰ চৰাইবোৰো কিন্তু আমাৰ স্বাস্থ্যৰ প্ৰতি বিপজ্জনক। এই পাৰ চৰাইবোৰক কেৱল গাঁৱতেই নহয় চহৰৰো আবাসিক অঞ্চল, মন্দিৰ-মছজিদবোৰতো দেখা পোৱা যায়। ডিফিউজ পাৰেইকাইমাল নামৰ ৰোগটো হৈছে মানুহৰ হাঁওফাঁওৰ ৰোগ- এই ৰোগক চমুকৈ ডি পি এল ডি বুলিও কোৱা হয়। এই ৰোগটো পাৰ চৰাইৰ পৰাই সংক্ৰমিত হয়। যদিহে আপোনাৰ আশে-পাশে থকা ঘৰবোৰৰ পৰাও পাৰ চৰাই আহি আপোনাৰ ঘৰ বা চোতালত পৰেহি, তেতিয়াও কিন্তু ডি পি এল ডি নামৰ হাঁওফাঁওৰ ৰোগটো হোৱাৰ আশংকা কমি নগৈ বাঢ়িহে যাব। এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায়। লাহে লাহে এই শ্বাস-প্ৰশ্বাসৰ কষ্টবোৰ কিন্তু বাঢ়ি গৈ থাকে। এটা সময়ত এনে শ্বাস-প্ৰশ্বাসৰ কষ্টত ভোগা কোনো ৰোগীয়ে কাম-কাজ কৰিব নোৱাৰা হৈ পৰে। বুকুৰ চিটি স্কেন কৰি আপুনি এই ৰোগ নিৰ্ণয় কৰিব পাৰিব। পিচে উল্লেখযোগ্য কথাটো হ’ল যে এই ৰোগৰ চিকিৎসা নাই বুলিয়েই ক’ব পাৰি। সেয়েহে ঘৰত পাৰ নোপোহাই ভাল। আনকি চুবুৰিত থকা পাৰবোৰকো চাউল আদি খাবলৈ দি সিহঁতক আসৈ নিদিয়ে যেন।

দেশত পাশ্চাত্য সংস্কৃতিৰ লগতে আহিছে ঘৰৰ ভিতৰত কুকুৰ পোহাৰ সংস্কৃতি। পাশ্চাত্যৰ লোকৰ অনুকৰণত আমাৰ শোৱনিকোঠাত পোহনীয়া কুকুৰ অবাধ গতিত হ’ল। পিচে পোহনীয়া কুকুৰেও আপোনাৰ স্বাস্থ্যৰ বাবে বিপদৰ কাৰণ হৈ পৰে। কুকুৰৰ মলৰ জৰিয়তে আপুনি গোল বা ঘূৰণীয়া কৃমিৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে। ইয়াৰ উপৰি কুকুৰৰ জৰিয়তে আপোনাৰ হাঁওফাঁও, যকৃৎ, মগজু আদি অংগবোৰ হাইড্ৰেটিক চিষ্ট ৰোগ নামৰ এবিধ মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পুৰামাত্ৰাই সম্ভাৱনা থাকে।

সেইদৰে মেকুৰীও এটা জনপ্ৰিয় পোহনীয়া জন্তুৰ শাৰীত পৰিলেও গৰ্ভাৱস্থাত টক্সোপ্লাজমোচিছ নামৰ মাৰাত্মক ৰোগবিধত যে আক্ৰান্ত হোৱা যায় সেই বিষয়ে ওপৰত উল্লেখ কৰা হৈছে। এই মাৰাত্মক ৰোগৰ ফলতে বিকলাংগ সন্তানৰ জন্ম হয়। বৰ্তমান সমগ্ৰ বিশ্বৰ পৰাই যক্ষ্মা ৰোগবিধ প্ৰায় নিৰ্মূল হোৱাৰ পথত। তথাপিও অলপতে যক্ষ্মা ৰোগত আক্ৰান্ত হোৱা কেইজনমান ৰোগীক লৈ এটা সমীক্ষা চলোৱা হৈছিল। সমীক্ষাটোত গম পোৱা গ’ল যে, দুজন ৰোগী মাংসৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল। তাৰ মাজৰে আন দুজন ৰোগীৰ পোহনীয়া জন্তু আছিল মেকুৰী। গম পোৱা গ’ল যে, পোহনীয়া মেকুৰীয়ে টক্সোপ্লাজমোচিছ ৰোগবিধৰ উপৰিও যক্ষ্মা ৰোগ হোৱাৰো আশংকা বঢ়াই তোলে। কুকুৰ, মেকুৰীৰ সংস্পৰ্শত থাকিলে গেষ্ট্ৰিক, ডায়েৰিয়া, টাইফয়েড ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পোহনীয়া প্ৰাণীৰ মল, লালতি, আঁচোৰৰ মাধ্যমত উক্ত ৰোগবোৰত আপুনি আক্ৰান্ত হ’ব পাৰে। সেয়েহে এতিয়াৰ পৰা সাৱধান হওক। পোহনীয়া প্ৰাণীক স্পৰ্শ কৰাৰ পাছতে ঔষধি চাবোনেৰে ভালকৈ হাত দুখন ধুই পেলাব। পোহনীয়া প্ৰাণী ঘৰত থাকিলে মানুহ এজমা বা হাঁপানি ৰোগত আক্ৰান্ত হ’ব পাৰে। গৱেষকসকলে কয় যে, এজমাৰ আন এটা প্ৰধান উৎস হৈছে পোহনীয়া প্ৰাণী। শোৱাকোঠাত পোহনীয়া প্ৰাণীৰ প্ৰৱেশ নিষিদ্ধ কৰক। তেনে প্ৰাণীক নিয়মীয়াকৈ ছিটা দিব লাগে। পোহনীয়া প্ৰাণী অসুস্থ হোৱাৰ লগে লগেই প্ৰাণীটোৰ চিকিৎসা কৰাওক।

 

(উৎসঃ সাদিন)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate