অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সন্তান কামনা আৰু গৰ্ভধাৰণৰ ইটো-সিটোঃ

সন্তান কামনা আৰু গৰ্ভধাৰণৰ ইটো-সিটোঃ

 

 

বিবাহ যেতিয়াৰ পৰা এক সামাজিক অনুষ্ঠান বুলি গণ্য কৰা হ’ল, তেতিয়াৰ পৰাই গৰ্ভধাৰণ প্ৰক্ৰিয়াৰ সামাজিক গুৰুত্ব বৃদ্ধি পাব ধৰিলে। গৰ্ভধাৰণ বংশানুক্ৰম চলাই যোৱাত সহায়ক হয় আৰু এই প্ৰক্ৰিয়াই মানৱ প্ৰজাতিৰ সংখ্যা বৃদ্ধি কৰে। মানুহ নামৰ প্ৰাণীবিধে ইতৰ জন্তুৰ পৰা পৃথকে শৃংখলাবদ্ধ যৌন জীৱন আৰম্ভ কৰিবলৈ শিকিলে। ইয়াৰ ব্যতিক্ৰমে দুৰাচাৰ বা ব্যভিচাৰ আখ্যা পায়। কিছুমান সামাজিক মান্যতাৰ সৃষ্টি হ’ল যাক নৈতিকতা আখ্যা দিয়া হ’ল। অৱশ্যে ভৌতিকতাৰ কবলত আজিৰ যন্ত্ৰযুগত নৈতিকতাৰ লক্ষ্মণ ৰেখা দিনক দিনে শিথিল হৈ অহাটো সমাজ ব্যৱস্থাক ঘুণে ধৰা পৰ্যায়ৰ।

প্ৰশ্ন হয় বিবাহৰ উপযুক্ত বয়স কি হোৱা উচিত ?

আজিকালি আমাৰ দেশত আইনগতভাৱে বাল্য-বিবাহ নিষিদ্ধ। চৰকাৰীভাৱে পুৰুষৰ ২১ বছৰ আৰু মহিলাৰ ১৮ বছৰ বয়স বিবাহৰ বাবে যোগ্য বুলি গণ্য কৰা হয়। কিন্তু বৰ্তমান শিক্ষিত সমাজত এই বয়সৰ সীমা ঊৰ্ধ্বগামী হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ কাৰণ হ’ল শিক্ষাগত অৰ্হতা আৰ্জন আৰু কৰ্মসংস্থাপন বিচাৰোতে লগা অধিক সময়। তথাপি মহিলাৰ ক্ষেত্ৰত বিবাহৰ বয়স ৩০ বছৰ চেৰাই নোযোৱাটো বাঞ্ছনীয়। ৩৫ বছৰৰ ওপৰলৈ ক্ৰমে নাৰীৰ গৰ্ভধাৰণৰ ক্ষমতা লাহে লাহে কমিবলৈ ধৰে। ইয়াৰ বিপৰীতে কম বয়সতে বিবাহ হোৱাটো পুৰুষ-মহিলা উভয়ৰে স্বাস্থ্যৰ বাবে হানিকাৰক।

বিবাহ সম্পন্ন পাছত দেখা যায় প্ৰতি ৬ যোৰা দম্পতীৰ ভিতৰত ৫ যোৰাই বিবাহৰ ৬ মাহৰ পৰা এবছৰৰ ভিতৰত গৰ্ভধাৰণ কৰে। কিন্তু ব্যতিক্ৰম হ’ল এই এহাল দম্পতীক চিকিৎসা পৰামৰ্শৰ প্ৰয়োজন হয়। থুলমূলকৈ গৰ্ভধাৰণ নোহোৱাৰ অন্তৰালত যিকোনো এজন বা দুয়োজনৰে কিবা শাৰীৰিক বিসংগতি থাকিব পাৰে। পুৰুষৰ হ’ব পৰা বিজুতিসমূহ হ’ল বীৰ্যত মুঠ শুক্ৰাণু আৰু তাৰে সক্ৰিয় শুক্ৰাণু সংখ্যা কম হোৱা। স্বাভাৱিকতে এবাৰত আঢ়ৈ মিলিলিটাৰ অৰ্থাৎ চাহ চামুচৰ আধা পৰিমাণৰ বীৰ্যৰস নিৰ্গত হয়। তাৰ কম পৰিমাণে প্ৰৱাহী নলীৰ বা প্ৰেষ্টেটৰ বিসংগতি বুজায়। প্ৰতি মিলিলিটাৰ বীৰ্যৰসত ৪০ৰ পৰা ৩০০ নিযুত শুক্ৰাণু থাকে। তাৰে অন্ততঃ ৫০ শতাংশ শুক্ৰাণু স্বাভাৱিকভাৱে সক্ৰিয় হ’ব লাগিব আৰু ন্যূনতম ৩০ শতাংশৰ আকৃতি অস্বাভাৱিক হ’ব নালাগিব। বীৰ্যৰসত নিৰ্দিষ্ট পৰিমাণৰ জীৱিত আৰু সক্ৰিয় শুক্ৰাণু নাথাকিলে স্বাভাৱিক মৈথুন ক্ৰিয়াৰে গৰ্ভধাৰণ অসম্ভৱ। অসমত এটা সময়ত ধুবুৰীৰ ন্যায়াধীশ উপেন ৰাজখোৱাই নিজৰ তিনি যুৱতী কন্যাক হত্যা কৰি মাটিত পুতি থোৱাৰ অন্তৰালত এই পিতৃত্বৰ অক্ষমতাৰ বিষয়ে অৱগত হোৱাটোৱেই আছিল ঘাই কাৰণ।

পুৰুষৰ অক্ষমতাৰ আন আন কাৰণসমূহ পুং জননাংগৰ অসুখ অৰ্কাইটিছ, ইপিডিডাইমাইটিছ, লিংগৰ শিথিলতা, যৌনব্যাধি, মামচ, ডায়েবেটিছ, মেদবহুলতা আদি হ’ব পাৰে। মহিলাৰ গৰ্ভধাৰণৰ অক্ষমতাৰ কাৰণসমূহ হ’ল- ফেল’পিয়ানটিউব বন্ধ হোৱা, অভেৰীৰ ৰোগৰ ফলত ডিম্বাণুৰ উৎপত্তি নোহোৱা, জৰায়ুৰ ৰোগ এণ্ডমেট্ৰিছিছ, ফাইব্ৰয়েড, যৌনব্যাধি, মামচ, ডায়েবেটিছ, মেদবহুলতা, মৃগীৰোগ, থাইৰয়ডৰ বিকাৰ আদিও হ’ব পাৰে।

এগৰাকী মহিলাই গড়ে ৩০ দিনৰ ব্যৱধানত এবাৰ ৰজঃস্বলা হয়। মাহেকীয়া হোৱাৰ ১৪ দিনত যিকোনো এটা অভেৰীৰ পৰা এটি ডিম্বাণু ওলায়। সেই ডিম্বাণুৰ আয়ুস মাত্ৰ এদিন। ২৪ ঘণ্টাৰ ভিতৰত ডিম্বাণুৰ যদি শুক্ৰাণুৰ সৈতে মিলন নহয় তেনেহ’লে সেইটো মাহত গৰ্ভধাৰণ নহয়। চিকিৎসা শাস্ত্ৰত এটি উক্তি আছে- Menstruration is the funeral of the Unfertilized ovum!

আনহাতে পুৰুষ শুক্ৰাণুৰ কাহিনীও কম ৰোচক নহয়। যোনিমুখৰ তৰল পদাৰ্থই বীৰ্যৰসৰ প্ৰতি বৈৰীভাব দেখুওৱাৰ বিপৰীতে জৰায়ুৰ মুখৰ ৰসে বীৰ্যৰসক আদৰণি জনায়। ফলত জীৱিত শুক্ৰাণুৰ মাজত দৌৰ আৰম্ভ হয়। তাৰে এটা ভাগ্যৱান শুক্ৰাণুৱে স্ত্ৰীৰ ডিম্বৰ লগত ফেলোপিয়ান টিউবৰ ভিতৰত মিলিত হৈ গৰ্ভাৱস্থাৰ সৃষ্টি কৰে। শুক্ৰাণুৰ আয়ুস ৩ৰ পৰা ৬ দিন। এই জীৱনকালৰ ভিতৰতে স্ত্ৰীৰ ডিম্বাণুৰ সৈতে মিলিত হ’ব পাৰিলেহে গৰ্ভসঞ্চাৰ হ’ব। ইয়াৰ পাছত জৰায়ুত সেই সন্মিলিত ডিম্বাণু বা ভ্ৰূণ ২৬৬ দিনলৈ লালিত-পালিত হয় আৰু সময়ত সন্তান ৰূপে প্ৰসৱ হয়।

প্ৰশ্ন হ’ব পাৰে গৰ্ভধাৰণৰ বাবে কোনটো সময় সৰ্বোত্তম ? যাৰ মাহেকীয়া নিয়মীয়া ব্যৱধানত হয়, তেনে মহিলাৰ দুটা মাহেকীয়াৰ ঠিক মাজৰ ৬টা সংগম কৰিলে গৰ্ভধাৰণৰ প্ৰচুৰ সম্ভাৱনা থাকে। সামান্য সচেতন হ’লেই স্ত্ৰীয়ে ডিম্বাণু প্ৰস্ফূটিত হোৱাৰ (যাক Ovulation বোলে) সময় সঠিককৈ অৱগত হ’ব পাৰিব। সেই নিৰ্দিষ্ট দিনটোত মহিলাগৰাকীৰ দেহৰ উত্তাপ সামান্য বৃদ্ধি পায়। যোনিৰ মুখত কণীৰ নিচিনা বীজলুৱা পদাৰ্থ জমা হয়। কিছু পৰিমাণে মহিলাগৰাকীৰ যৌন ক্ষুধা সেই দিনটোত বাঢ়ে।

আনহাতে স্বামীয়ে অন্ততঃ দুদিন বীৰ্যস্খলন নোহোৱাকৈ থাকি উচিত সময়ত সম্ভোগ কৰিলে গৰ্ভধাৰণৰ সম্ভাৱনা বাঢ়িব। যৌনমিলনৰ আগতে মধুৰ বাৰ্তালাপ, পৰস্পৰৰ দেহক স্পৰ্শ কৰা, চুম্বন, আলিংগন আদি প্ৰাক্ যৌনকালীন ক্ৰিয়া সম্ভোগৰ পূৰ্বে একান্তই আৱশ্যক যাতে সেই পূৰ্ণাংগ মিলনৰ পৰিতৃপ্তি উভয়ে লাভ কৰিবলৈ সক্ষম হয়।

দুটি সৰু লাগতিয়াল কথা-

 

(১) মিলনৰ সময়ত স্ত্ৰীগৰাকী তলত আৰু পুৰুষজন ওপৰত থকাটো বাঞ্ছনীয়।

(২) সম্ভোগ সম্পন্ন হোৱাৰ পাছত ১৫ৰ পৰা কুৰি মিনিট সময় স্ত্ৰীগৰাকীয়ে ওপৰলৈ মুখ কৰি শুই থকা উচিত। বাথৰুমলৈ সেই সময়ৰ পাছতহে যাব। এই দুয়োটা কথাৰ উদ্দেশ্য হ’ল পুৰুষৰ বীৰ্যৰসক অধিক সময় ধৰি ৰাখি জৰায়ুলৈ প্ৰৱেশৰ সুবিধা কৰি দিয়া।

বহুতো নৱবিবাহিতা পুৰুষৰ মনত ভ্ৰান্ত ধাৰণা থাকে নিজৰ লিংগৰ আকাৰ লৈ। বহুতে বিজ্ঞাপনত ভোল গৈ বেজ-কবিৰাজৰ আশ্ৰয় লৈ ধনৰ অপব্যয় কৰাৰ লগতে অযথা অশেষ মনোযাতনাত ভোগে। গৰ্ভধাৰণ বা স্ত্ৰীৰ যৌনসন্তুষ্টি লিংগৰ আকাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। সফল সম্ভোগ নিৰ্ভৰ কৰে পুৰুষৰ লিংগ ততালিকে শিথিল নপৰাৰ ওপৰত।

নিয়মীয়াকৈ চলি থকা মাহেকীয়া বন্ধ হ’লেই প্ৰস্ৰাৱ পৰীক্ষা কৰি দম্পতীহালে গৰ্ভধাৰণ হোৱাটো নিশ্চিত হ’ব পাৰে। পুৱাৰ প্ৰস্ৰাৱত হৰম’নৰ পৰিমাণ বেছি থাকে গতিকে পুৱাৰ প্ৰস্ৰাৱ পৰীক্ষা কৰাটো বেছি ভাল। বজাৰত আজিকালি সুলভ মূল্যত গৰ্ভধাৰণ পৰীক্ষা কৰা পেকেট উপলব্ধ। গতিকে তাৰ বাবে চিকিৎসালয়লৈ নগ’লেও চলে। কেনেবাকৈ কাৰ্ডৰ পৰীক্ষা ঋণাত্মক হ’লে দুদিন ৰৈ আকৌ পৰীক্ষা কৰিব লাগে। তেতিয়াও গৰ্ভধাৰণ নোহোৱা বুজালে মাহেকীয়া বন্ধ হোৱাৰ আন কিবা কাৰণ হ’ব পাৰে। চিকিৎসকৰ পৰামৰ্শ এনে ক্ষেত্ৰত আৱশ্যক।

সকলো নৱবিবাহিত দম্পতীলৈ এটি জৰুৰী পৰামৰ্শঃ

 

বহু নৱবিবাহিত দম্পতীয়ে গৰ্ভধাৰণক বিপদ বা সোনকালে অহা আহুকাল বুলি ভাবি গৰ্ভপাতৰ বাবে চিকিৎসকৰ কাষ চাপে। কিছুমানে এনেদৰে গৰ্ভপাত বাৰম্বাৰ কৰোৱায়। কিন্তু নিষ্ঠাবান ৰোগীৰ হিত চিন্তা কৰা চিকিৎসকে প্ৰথম গৰ্ভধাৰণক সদায় বাহাল ৰাখিবলৈয়ে পৰামৰ্শ দিয়ে। কাৰণ কোনেও ক’ব নোৱাৰে যেতিয়া তেওঁলোকে সন্তান বিচাৰিব তেতিয়া গৰ্ভধাৰণ কৰাৰ সুযোগ নানা কাৰণত (যেনে- সংক্ৰমণৰ ফলত ফেলোপিয়ান টিউব ব্লক হোৱা, স্ত্ৰী বা স্বামী কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা) প্ৰকৃতিয়ে নিদিবও পাৰে। বহু চিকিৎসকৰ এই বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আছে বুলি জনা যায়।

এতিয়া গৰ্ভাৱস্থা কিদৰে বাহাল ৰাখিব ?

 

গৰ্ভধাৰণ নিশ্চিত হোৱাৰ পাছত চিকিৎসকৰ কাষ চাপিলে তেওঁ প্ৰস্ৰাৱৰ নিয়মীয়া পৰীক্ষাৰ উপৰি তেজৰ হিম’গ্লবিন, তেজৰ গ্ৰুপ, আৰ এইচ ফেক্টৰ, ছুগাৰ, কেলছিয়াম, যৌনব্যাধি আদি পৰীক্ষা কৰিব দিব। টিটেনাছৰ দুটি টীকা দুমাহৰ ব্যৱধানত ল’ব লাগে। শৰীৰৰ ওজন, ৰক্তচাপ আদিৰ ৰেকৰ্ড নিয়মীয়াকৈ ৰাখি যাব। গোটেই গৰ্ভাৱস্থাত শৰীৰৰ ওজন ৮ৰ পৰা ১২ কিলোগ্ৰামলৈকে বঢ়াটো স্বাভাৱিক। চিকিৎসকে প্ৰয়োজন অনুসৰি সম্ভাৱ্য মাতৃগৰাকীক আইৰন, ফলিক এচিড, কেলছিয়াম আৰু কেতিয়াবা আন ভিটামিন খাব দিয়ে। প্ৰয়োজন অনুসৰি আলট্ৰাছাউণ্ড কৰি গৰ্ভস্থ সন্তানৰ বিকাশ আৰু অৱস্থান, জন্মগত ত্ৰুটি যদি আছে, হৃদগতি, প্লেচেণ্টাৰ অৱস্থান, এমনিয়টিক ফ্লুইডৰ পৰিমাণ, জন্মৰ সম্ভাৱ্য তিথি আদি নিৰ্ণয় কৰিব পাৰে। আমেৰিকাৰ প্ৰসূতি চিকিৎসকসকলে মত পোষণ কৰে যে অত্যাৱশ্যকীয় কাৰণ নহ’লে গোটেই গৰ্ভকালত ৩ৰ পৰা ৫ বাৰহে আলট্ৰাছাউণ্ড কৰিব লাগে। আলট্ৰাছাউণ্ড তৰংগৰো সূক্ষ্ম অপকাৰিতা গৰ্ভস্থ সন্তানৰ হ’ব পাৰে বুলিয়েই এই সতৰ্কতাৰ কথা কোৱা হৈছে। তৰংগৰ উপৰি আলট্ৰাছাউণ্ডৰ উত্তাপে যাতে ভ্ৰূণক সামান্য হ’লেও কষ্ট নিদিয়ে তাৰো চিন্তা কৰা হৈছে। ভাৰতবৰ্ষত আলট্ৰাছাউণ্ড যোগে ভ্ৰূণৰ লিংগ নিৰ্ণয় অবৈধ, কিয়নো এটা সময়ত দেশত কন্যা ভ্ৰূণৰ গৰ্ভপাতৰ জোৱাৰ উঠিছিল।

(উৎসঃ খবৰ, ডাঃ ভূপেন শইকীয়া)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate