মূল পৃষ্ঠা / স্বাস্থ্য / মহিলাৰ স্বাস্থ্য / কিশোৰীৰ স্বাস্থ্য / কিশোৰ-কিশোৰীৰ খাদ্য আৰু কিছু চিন্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিশোৰ-কিশোৰীৰ খাদ্য আৰু কিছু চিন্তা

কিশোৰ-কিশোৰীৰ খাদ্য আৰু কিছু চিন্তা

সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ মাজলৈ বিভিন্ন বস্তুৰ আৱির্ভাৱ হৈছে। নিত্য নতুন নতুন যন্ত্রপাতি, আহিলাৰ লগতে সদ্য ব্যৱহার্য বস্তুবোৰৰো পদার্পণ হৈছে। মানুহৰ মাজলৈ নতুন আদৱ-কায়দা, সাজপাৰ, খাদ্যাভ্যাস আহিছে। যিমানে নতুন বস্তুক মানুহে আদৰি লৈছে, সিমানে জীৱন-ধাৰণৰ শৈলীৰো পৰিৱর্তন হৈছে। কিছুমান বিষয় খুব স্পর্শকাতৰ হৈ পৰিছে, যিবোৰ আমাৰ জীৱন-শৈলীৰ সৈতে অংগাংগীভাবে জড়িত হৈ পৰিছে। এনে ক্ষেত্ৰত অতি স্পর্শকাতৰ বিযয় হ’ল খাদ্যাভ্যাসৰ পৰিবর্তন।

আমাৰ অসমীয়া সমাজখন আন আন দিশত যিদৰে চহকী, খাদ্য সম্ভাৰৰ ক্ষেত্ৰতো তেনেদৰে চহকী। চাউলৰ পৰা বনোৱা বিভিন্ন ধৰণৰ পিঠা-লাৰু, সান্দহ আমাৰ সমাজত পুৰ্বৰে পৰা প্রচলিত হৈ আহিছে। কিন্তু পৰিৱৰ্তিত জীৱনশৈলীয়ে আমাৰ সাতামপুৰুষীয়া পিঠা-পনা, সান্দহ, জলপানক এলাগী কৰি পেলালে। তাৰ ঠাই ল'লে সহজলভ্য খাদ্যসম্ভাৰে। এই ক্ষেত্ৰত বিশেষকৈ প্রভাৱিত হৈছে নতুনকৈ উঠি অহা কিশোৰ-কিশোৰীহঁত৷ সিহঁতৰ বাবে আমাৰ পৰম্পৰাগত খাদ্যবস্তুবোৰ আওপুৰণি।

ৰংচঙীয়া পেকেটেৰে সজোৱা নুডলছ জাতীয় বিভিন্ন খাদ্য, চিপচ্‌, বিস্কুট, কেক, চকলেট, আইচক্রীম আদিয়ে ঠাই লৈছে জলপানৰ। অধিক তেল, মছলা, নিমখযুক্ত অথবা অধিক পৰিমাণে চেনি মিহলি তেনে খাদ্যবোৰৰ পৰা হ'ব পৰা উপকাৰ বা অপকাৰৰ বিষয়ে সিহঁত অজ্ঞ। মুখৰ জুতিৰ বাবেই সিহঁতে তেনে খাদ্য গ্রহণ কৰে। ইয়াৰ ফলত কিশোৰ-কিশোৰীহঁতৰ দেহত ক'ব নোৱাৰা বোজা কিছুমানে প্ৰৱেশ কৰে, যিবোৰে দেহত এবাৰ প্ৰৱেশ সহজে এৰা দিব নোখোজে।

কিছুমান বোজাই দেহত বেমাৰৰ ৰূপত সময় বাগৰাৰ লগে লগে দেখা দিয়ে। মেদবহুলতা, ডায়েবেটিচ, কিডনীৰ ৰোগ, হার্টৰ ৰোগ, কলেষ্টেৰল, লিভাৰৰ দুৰ্বলতা, পাকস্থলীৰ ঘাজাতীয় ৰোগে তেনে কিশোৰ-কিশোৰীৰ দেহত প্ৰায়ে দেখা দিয়ে।

কিশোৰ-কিশোৰীহঁতৰ এনে খাদ্যাভ্যাস গঢ়ি উঠাত অধিক অৰিহণা যোগাইছে টিভিত সঘনে প্রচাৰিত হৈ থকা বিভিন্ন খাদ্যবস্তুৰ বিজ্ঞাপনবোৰে। বিজ্ঞাপনবোৰ ইমান মনোগ্ৰাহীকৈ সজাই-পৰাই তোলা হয় যিবোৰ দেখি কোমল মনৰ কিশোৰ-কিশোৰীহঁত বাৰুকৈয়ে আকৰ্ষিত হয়। নতুনকৈ বস্তু এটা দেখাৰ লগে লগেই সিহঁত সেই বস্তুবিধৰ জুতি ল'বলৈ আগ্রহী হয়। এই ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱক সকলো কিছু পৰিমাণে দায়ী। এনে বহু পিতৃ-মাতৃ আছে যিয়ে সন্তানৰ খোৱা-লোৱাক লৈ উদাসীন। কিছুমান আছে বিজ্ঞাপনত দিয়া প্ৰতিটো বস্তুকে ভাল বুলি ভাবি লয়। আনহাতে এচাম আছে যাৰ সন্তানে ভাত খোৱাৰ প্রতি আগ্রহী নহয়, তেওঁলোকে পেট পূৰাবলৈ সন্তানক তেনে খাদ্যৰ যোগান ধৰে। পিতৃ-মাতৃৰ আন এটা দোষৰ বাবেও সন্তানৰ তেনে অভ্যাস গঢ়ি উঠে। খাদ্যবস্তুবোৰ ৰন্ধাত বা ৰেডি কৰাত বেছি সময় দিব নালাগে আৰু ৰুচিদায়ক। সেইবাবেও কিছুমানে সন্তানক তেনে খাদ্য দিয়ে।

এই সকলোবোৰৰ মূলতে হ’ল খাদ্যবস্তু সম্পর্কে অজ্ঞতা। আমি কেনে খাদ্য খোৱা উচিত, খাদ্যৰ পৰিমাণ কিমান হোৱা উচিত এনেবোৰ কথা আমি সাধাৰণতে এৰি চলো। বহুতে এই সম্পৰ্কত অজ্ঞ, আন বহুতে জানিও বিষয়টোৰ প্রতি উদাসীন। এনে ধৰণৰ কথাবিলাক কিতাপ-পত্ৰ, বিভিন্ন আলোচনী আদিৰ পাতত সঘনে প্ৰকাশ পায়। ইয়াৰ উপৰি আজিকালি ইন্টাৰনেটত এইবিলাক বিষয়ৰ অধিক তথ্য পোৱা যায়। গতিকে প্রতিজন ব্যক্তিয়ে অকণমান আগ্ৰহেৰে দেহটোক সুস্থ কৰি ৰখাৰ বাবে তেনেবোৰ বিষয়ে জ্ঞান অর্জন কৰি ব্যাৱহাৰিক জীৱনত তাৰ প্রয়োগ কৰা উচিত। এইখিনিতে আন এটা বিষয়ে উল্লেখ কৰি থোৱাটো ভাল হ’ব। অপুষ্টি আৰু অতিপুষ্টি দুয়োটা সমানে বিপজ্জনক। এনেবোৰ কথা কিশোৰ অৱস্থাৰ পৰাই জনা প্রয়োজন। সেয়ে বিদ্যালয়ৰ পাঠ্যক্ৰমত পৰিপুষ্টি বিজ্ঞানে আনবোৰ বিষয়ৰ সমানে গুৰুত্ব পোৱা উচিত।

লেখিকা: দীপাঞ্জলী দেৱী, সাদিন।

3.22857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top