১৮ বছৰৰ পৰা প্ৰায় ৪৫ বছৰ বয়সলৈকে এগৰাকী নাৰী মাতৃ হ’ব পাৰে। এই কালছোৱাকে প্ৰজনন কাল বুলি কোৱা হয়। এই বয়সৰ নাৰীৰ মাজত সৰহকৈ হোৱা সাধাৰণ ৰোগবোৰ হ’ল ৰক্তহীনতা, থাইৰয়ড হৰম’নকে ধৰি অন্যান্য হৰম’নজনিত সমস্যা। Fourt National Family Health Survey (NFHS-4), ২০১৫-১৬ অনুসৰি অসমৰ ১৫-৪৯ বয়সৰ ৪৬.০ শতাংশ নাৰীয়ে ৰক্তহীনতাত ভোগে। সেয়েহে নাৰীসকলে আইৰন আৰু ফলিক এচিডযুক্ত আহাৰ খোৱাৰ উপৰি আইৰন আৰু ফলিক এচিড ওপৰঞ্চিভাৱে খাব লাগে। এই বয়সৰ নাৰীসকলে অধিক ভিটামিন-ডি আৰু কেলছিয়ামযুক্ত আহাৰ খাব লাগে। অন্যথা পিছলৈ অষ্টিঅ’পৰ’ছিছ ৰোগত আক্ৰান্ত হ’ব পাৰে।
আজিকালি প্ৰায়ভাগ এই বয়সৰ নাৰীয়ে হাইপাৰথাইৰয়ড অথবা হাইপ’থাইৰয়ড ৰোগত ভোগা দেখা যায়। শৰীৰৰ ওজন কমি অহা (নিয়মিত আহাৰ খাই থকা সত্ত্বেও), ভোক বাঢ়ি অহা, গৰম সহ্য কৰিব নোৱাৰা অৱস্থা হোৱা, অত্যধিক ভাগৰ লগা, ভালদৰে টোপনি নোহোৱা, বুকুৰ ধপধপনি বাঢ়ি অহা, শৰীৰৰ কঁপনি উঠা, আঙুলিৰ কঁপনি, সঘনাই বেছি পৰিমাণৰ পায়খানা হোৱা, স্নায়ুৰ দুৰ্বলতা, খিংখিঙীয়া ভাব, মাংসপেশীৰ দুৰ্বলতা, চুলি সৰা, ছালৰ ৰোগ, ছালৰ খজুৱতি, ঘামি অহা, মূৰৰ বিষ, চকু ৰঙা পৰা, চকুকেইটা প্ৰকট হৈ বাহিৰলৈ ওলাই অহাৰ লেখীয়া হোৱা, মাহেকীয়া বন্ধ হোৱা, ঋতুস্ৰাৱ কমি অহা, সন্তানহীনতা আদি হাইপাৰথাইৰয়ডৰ লক্ষণ। আনহাতে সহজতে ভাগৰুৱা হোৱা, হাত দুখনৰ জিনজিননি, চিৰিংকৈ হোৱা হাতৰ বিষ, মাত গাঢ় হোৱা, পায়খানা টান হোৱা, হতাশাত ভোগা, মানসিক ৰোগ হোৱা, কাণেৰে কম শুনা, শুকান ৰুঢ় ছাল আৰু চুলি, চুলি সৰা, চকুৰ চাৰিওফালে ওখহি উঠা, ভৰি ফুলা, তেজ বমি হোৱা, অত্যধিক ঋতুস্ৰাৱ হোৱা, সন্তানহীনতা আদি হাইপ’থাইৰয়ডৰ লক্ষণ। সঠিক সময়ত চিনাক্ত কৰি চিকিৎসকৰ পৰামৰ্শ অনুযায়ী খাদ্য বাছি খোৱাৰ লগতে নিয়মিতভাৱে দৰব খাই থাকিলে সুস্থ হৈ থাকিব পাৰি।
এই বয়সত নাৰী অধিকভাৱে যৌনক্ৰিয়াত ব্ৰতী হয়। সুৰক্ষিত যৌনক্ৰিয়া নকৰিলে আৰু বহুগামী হ’লে নাৰী নানা যৌনৰোগ, এইচ আই ভি সংক্ৰমণ, এইডছ, চিফিলিছ আদিত ভুগিব পাৰে। তদুপৰি বহুগামী নাৰীৰ ছাৰ্ভাইকেল কৰ্কট হোৱাৰ সম্ভাৱনা অধিক। ছাৰ্ভাইকেল কৰ্কট ১৮-৪৫ বছৰ বয়সৰ নাৰীসকলৰ কৰ্কটজনিত মৃত্যুৰ এক প্ৰধান কাৰণ। সেয়ে এই বয়সৰ নাৰী সুৰক্ষিত যৌনক্ৰিয়াহে কৰা উচিত। বিশ বছৰ বয়সৰ ঊৰ্ধ্বৰ মহিলাই ছাৰ্ভাইকেল কৰ্কটৰ বাবে নিয়মিতভাৱে ‘পেপ স্মিয়াৰ’ কৰি থাকিব লাগে। পেপ স্মিয়াৰত যদিহে কোষবোৰ স্বাভাৱিক পোৱা হয়, তেন্তে কমেও তিনি বছৰলৈ পুনৰ পৰীক্ষা নকৰালেও হয়। ৩-৫ বছৰ পাছত পুনৰ পৰীক্ষা কৰাব লাগে। আনুবীক্ষণিক পৰীক্ষাত কোষবোৰত প্ৰদাহৰ লক্ষণ প্ৰকাশ পালে ছমাহৰ পাছত পুনৰ পৰীক্ষা কৰোৱা উচিত। পেপ পৰীক্ষাত কোষৰ অস্বাভাৱিকতা পৰিলক্ষিত হ’লে লগে লগে বায়’প্সী কৰাব লাগে। বায়’প্সীত অস্বাভাৱিকতা বা ৰোগ নিশ্চিত হ’লে সেই অনুসাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
ইয়াৰ উপৰি এই বয়সত নানা স্ত্ৰী হৰম’নৰ সমস্যাৰ বাবে নাৰী বন্ধ্যা হোৱা, মাহেকীয়া অনিয়মীয়া হোৱাৰ লগতে অত্যধিক ৰক্তক্ষৰণ (মেনোৰেজিয়া) অথবা কমকৈ ৰক্তক্ষৰণ হোৱা আদি হ’ব পাৰে। উপযুক্ত চিকিৎসা কৰিলে এইবোৰ ভাল হয়। ইয়াৰ উপৰি মহিলাসকলে এই সময়ত পেলভিক ইনফ্লেমেটৰী ডিজিছ, পলিছিষ্টিক অভেৰী ডিছিজ, অভেৰীৰ টেমুনা, অভেৰীৰ কৰ্কট ৰোগ, স্তনৰ টেমুনা আৰু কৰ্কট ৰোগ, ছাৰ্ভাইকেল কৰ্কট আদিতো ভুগিব পাৰে। অভেৰীৰ টেমুনা আৰু অভেৰীৰ কৰ্কট ৰোগ এই বয়সত সৰহকৈ হোৱা দেখা যায়। এই বয়সৰ নাৰীৰ স্তনত ফাইব্ৰ’এডিনোমা আৰু জৰায়ুত ফাইব্ৰ’ইড দেখা দিব পাৰে। বহু সময়ত জৰায়ুৰ ফাইব্ৰ’ইডৰ বাবে নাৰী বন্ধ্যা হোৱা দেখা যায়।
এই বয়সৰ নাৰীয়ে ভোগা অন্য এক স্ত্ৰী ৰোগ হ’ল জননেন্দ্ৰিয়ৰ পৰা অত্যধিক বগাস্ৰাৱ নিৰ্গত হোৱা। নানা ফাংগাছ আৰু জননতন্ত্ৰ লেতেৰা হৈ থাকিলে অত্যধিক বগাস্ৰাৱ জননেন্দ্ৰিয়ৰ পৰা ওলাব পাৰে। জননেন্দ্ৰিয়ৰ চাফ-চিকুণতা বজাই ৰখাৰ লগতে উপযুক্ত চিকিৎসা কৰিলে এই ৰোগ কমে।
এই বয়সৰ নাৰীসকলে যিহেতু গৰ্ভধাৰণ কৰে সেয়েহে এই বয়সৰ নাৰীৰ গৰ্ভাৱস্থাত ডায়েবেটিছ, হাইপাৰটেনচন আদি হোৱাৰ উপৰি গৰ্ভধাৰণৰ লগত জড়িত নানা সমস্যা (যেনে প্ৰি-ইক্লেমছিয়া, ইক্সেমছিয়া, গৰ্ভপাত, ৰক্তক্ষৰণ আদি) দেখা দিব পাৰে। সেয়েহে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সুস্থ হৈ থাকি কেৱল চিকিৎসালয়তহে প্ৰসৱ কৰাব লাগে। এনে কৰিলে মাতৃত্বৰ বাবে হোৱা মৃত্যুৰ হাৰ আৰু কেঁচুৱাৰ মৃত্যুৰ হাৰ কমিব।
এই বয়সতে নাৰীৰ দেহত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। ফলত পিছলৈ চৰ্বিযুক্ত হৈ হৃদযন্ত্ৰৰ ৰোগ, ডায়েবেটিছ আদি হোৱা দেখা যায়। সেয়েহে চৰ্বি ৰোধ কৰিবলৈ নিয়মিতভাৱে খোজ কঢ়া, ব্যায়াম কৰা, ঘৰুৱা কাম আৰু ঘৰ মচা আদি কৰিব লাগে।
(উৎসঃ অসমীয়া খবৰ, ডাঃ ধৰ্মকান্ত কুম্ভকাৰ)।
শেহতীয়া উন্নীতকৰণ: : 1/24/2024
কিছুমান স্বাস্থ্য সমস্যাই বয়ঃসন্ধিত প্ৰভাৱিত কৰে