দেশৰ বহু শিশু এতিয়াও অপুষ্টিত ভুগি আছে। শিশুক পুষ্টিদায়ক খাদ্য প্ৰদানৰ বিষয়ে ৰাইজক সজাগ কৰাৰ বাবে গুৰুত্ব দিছে ষ্ট্ৰেটেজিক পাৰ্টনাৰ্ছ গ্ৰুপ, চমুকৈ স্পাগে। এই সন্দৰ্ভত তেওঁলোকে চিকিৎসকসকলক লৈ এক অনুষ্ঠানৰ আয়োজন কৰে। উক্ত অনুষ্ঠানত গুৱাহাটী চিলড্ৰেন ক্লিনিকৰ সঞ্চালক ডা: চাবিনা আহমেদে প্ৰকাশ কৰা অনুসৰি শিশু এটি বাঢ়িবলৈ উপযুক্ত পৰিমাণৰ জিংক, আইৰণ, ভিটামিন এ চি আৰু ডি অতিকৈ প্ৰয়োজন। ই শিশুটিক সুস্থ আৰু সবল কৰি তোলে। জানিব পৰামতে দেশৰ প্ৰতি দহটা শিশুৰ ভিতৰত চাৰিটা শিশুৱে আঠ মাহ পৰ্যন্ত প্ৰয়োজনীয় খাদ্য লাভ নকৰে। ছমাহৰ পিছত কেৱল মাকৰ গাখীৰে শিশুটিক বঢ়াত সহায় নকৰে, ইয়াৰ বাবে প্ৰয়োজন আন পুষ্টিদায়ক খাদ্য। ডা: আহমেদৰ মতে ৬ ৰ পৰা ৮ মহীয়া শিশুক দিনে দুই-তিনিবাৰ, ৯ ৰ পৰা ১১ মহীয়া শিশুক দিনে তিনি-চাৰিবাৰ আৰু ১১ ৰ পৰা ২৪ মহীয়া শিশুক দিনে একৰ পৰা দুবাৰ পুষ্টিদায়ক খাদ্য প্ৰদান কৰিব লাগে। শিশুৰ বাবে প্ৰথম দুবছৰ অতি গুৰুত্বপূৰ্ণ আৰু উক্ত সময়ত প্ৰয়োজনীয় আহাৰ নাপালে ই স্বাভাৱিকতে নানান ৰোগত আক্ৰান্ত হৈ পৰে। স্পাগৰ এই পদক্ষেপ প্ৰশংসনীয় বিবেচিত হৈছে আৰু ইয়াৰ দ্বাৰা ৰাইজ সজাগ হ’ব বুলি স্পাগে আশা প্ৰকাশ কৰে।
উৎস: অসমীয়া প্ৰতিদিন, অসম
শেহতীয়া উন্নীতকৰণ: : 3/4/2020