এনিমিয়াই আমাৰ দেশৰ শিশুৰ মাজত ভয়াৱহ ৰুপ ধাৰণ কৰিছে। এনিমিয়াৰ কাৰণসমুহৰ বিষয়ে জনাটো সেয়ে অতি গুৰুত্বপুৰ্ণৰুপে বিবেচিত হৈছে। এনিমিয়াৰ বহুকেইটা কাৰণ আছে। আইৰনযুক্ত আহাৰ নোখোৱাটো এটা অন্যতম কাৰণ। তদুপৰি শৰীৰত কিছুমান সংক্ৰমণ যেনে- পেলুৰ পৰা হোৱা সংক্ৰমণৰ বাবেও এনিমিয়া হ’ব পাৰে। এনিমিয়া বা ৰক্তহীনতাৰ কাৰণ ভিন্ন বয়সৰ ব্যক্তিৰ বাবে ভিন্ন হয়। মাতৃ দুগ্ধ পান কৰা শিশু ৰক্তহীনতাত ভোগাৰ কাৰণ হ’ল ৬ মাহৰ পাছত মাতৃ দুগ্ধত আয়ৰনৰ মাত্ৰা কমি যোৱা। এনেকুৱা ক্ষেত্ৰত ৯ মাহলৈকে অতিৰিক্ত আয়ৰন লোৱা প্ৰয়োজন। একেদৰে গৰুৰ গাখীৰৰ ওপৰত নিৰ্ভৰশীল শিশুও এনিমিয়াত আক্ৰান্ত হ’ব পাৰে। কাৰণ গৰু গাখীৰত আয়ৰনৰ মাত্ৰা অতি নিম্ন। আমাৰ দেশত দুৰ্বল সামাজিক-আৰ্থিক পৰিস্থিতি আৰু খাদ্যৰ অভাৱত ৬ মাহৰ পৰা ৩ বছৰীয়া শিশু এনিমিয়াত আক্ৰান্ত হয়। সজীৱ মৌচুমী ফল, সেউজীয়া শাক-পাচলিত প্ৰচুৰ আয়ৰন থাকে। গুড়তো আইৰন থাকে। গৱেষণাত দেখা গৈছে গাখীৰত পুষ্টি থাকে বুলি যিসকল অভিভাৱকে সন্তানক অত্যধিক গাখীৰ খুৱায়, তেনে শিশু এনিমিয়াৰহে চিকাৰ হয়। শৌচ-প্ৰস্ৰাৱ আৰু নাকেৰে তেজ গ’লেও এনিমিয়া হ’ব পাৰে। উত্তৰ ভাৰতত হাকোটা পেলুৰ সংক্ৰমণৰ বাবে শৌচত নিয়মীয়াকৈ তেজ যোৱাৰ ফলত এনিমিয়াৰ প্ৰাদুৰ্ভাৱ বেছি। যদি কোনো শিশুৱে বাৰে বাৰে ক’লা ৰঙৰ শৌচ কৰে, তেন্তে পেলুৰ বাবে ই হ’ব পাৰে। মেলেৰীয়া আৰু টিবিৰ সংক্ৰমণৰ বাবেও এনিমিয়া হ’ব পাৰে। থেলাছেমিয়াৰ দৰে ৰোগো এনিমিয়াৰ কাৰণ হ’ব পাৰে।
ৰক্তহীনতাৰ বাবে শিশু খিংখিঙীয়া হৈ পৰে। ভোক নালাগে আৰু সহজে ভাগৰি পৰে। এনিমিয়াৰ অন্য লক্ষণৰ ভিতৰত শিশুৱে মাটি বা দেৱালৰ প্লাষ্টাৰ খাব পাৰে। এনে শিশুৰ ৰং সামান্য হালধীয়া হোৱাৰ লগতে চুলিৰ ৰং মুগা বৰণীয়া হোৱাৰ লগতে নখ খুনখুনীয়া হৈ পৰে। জিভা, নখ, চকু, তলুৱা হালধীয়া হোৱাৰ লগতে নখৰ ওপৰত দাগ পৰে আৰু নখৰ আকৃতি সলনি হয় ।
শৈশৱৰ আৰম্ভণিতে অৰ্থাৎ ৪ মাহৰ পৰাই মাতৃদুগ্ধৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আইৰন ছাপ্লিমেণ্ট দিব লাগে। মাতৃদুগ্ধ পান নকৰা শিশুক চিকিৎসকৰ পৰামৰ্শ অনুযায়ী আইৰন যোগানৰ ব্যৱস্থা কৰিব লাগে। এবছৰতকৈ কম বয়সৰ শিশুক গৰু গাখীৰ খুওৱাৰ ক্ষেত্ৰত সাৱধান হ’ব। কল, সেউজীয়া শাক-পাচলি ,ফল আৰু গুড় লাহে লাহে ৬ মাহৰ পাছত দিব পাৰে। শিশুৰ বাবে আহাৰ লোহাৰ কেৰাহীত ৰান্ধিব। প্ৰত্যেক ৬ মাহৰ পাছত শিশুক পেলুৰ ঔষধ খুৱাব। ইয়াৰ ফলত পেলুৰ সংক্ৰমণ বন্ধ হ’ব আৰু ৰক্তহীনতাৰ সমস্যাও নোহোৱা হ’ব। কিশোৰীসকলক আইৰন ছাপ্লিমেণ্ট দিব লাগে। কিয়নো মাহেকীয়াৰ বাবে তেওঁলোকৰ শৰীৰত ৰক্ত কমে।
উৎস: দেওবৰীয়া সুকন্যা , ডা: কিৰণ শংকৰ
শেহতীয়া উন্নীতকৰণ: : 3/10/2020