অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ খাদ্যাভ্যাস আৰু স্বাস্থ্য সাধনা :

শিশু কালটো মানৱ জীৱনৰ ভেটি গঢ়াৰ উপযুক্ত সময়। এই সময়ছোৱা শিশুসকলৰ জীৱনৰ ভেটি। শিক্ষা আৰু স্বাস্থ্য সুন্দৰ হ’লেহে ভাল ভেটি গঢ়ি উঠিব। শিশু কালটোতে বিশেষকৈ শিশুৰ পাঁচ বছৰৰ পৰা ১২ বছৰলৈ এই সময়ছোৱাত শিশুসকলৰ শোৱা-খোৱা আদিৰ ক্ষেত্ৰত পিতৃ-মাতৃসকলে বিশেষভাৱে যত্ন লোৱাটো জৰুৰী কথা। সেইবাবে কোৱা হয় স্বাস্থ্যই মানুহৰ পৰম সম্পদ। গতিকে শিশুসকলক সৰুৰে পৰাই এই স্বাস্থ্য সম্পদ গঢ়াৰ বাবে প্ৰত্যেকে যত্ন আৰু চেষ্টা কৰা উচিত। বিশেষকৈ শিশুৰ খাদ্যাভ্যাস আৰু মেদবহুলতা আদিৰ প্ৰতি বিশেষ সজাগ হোৱা উচিত। বিশেষকৈ খাদ্যৰ প্ৰতি অধিক যত্ন লোৱা অতি প্ৰয়োজন।

কিন্তু সম্প্ৰতি আমাৰ শিশুসকলে থলুৱা খাদ্যৰ পৰিৱৰ্তে বজাৰত পাব পৰা আটা-ময়দাৰ দ্বাৰা তৈয়াৰী ফাষ্টফুড, মেগী, চিপচ, কুৰকুৰে আদি খায়। এইবোৰ খাদ্যৰ প্ৰতি শিশুসকলৰ আগ্ৰহ অধিক। কিন্তু আমাৰ ঘৰত চাউলৰ দ্বাৰা তৈয়াৰী পিঠাগুড়ি, বিভিন্ন পিঠা, সান্দহ, মুড়ি, বৰা চাউলৰ জলপান আদি দেহৰ কাৰণে বৰ উপকাৰী। যদি শিশুসকলক আমি এইবোৰ থলুৱা চাউলৰ পৰা তৈয়াৰী পিঠা-পনা, জা-জলপান খোৱাৰ অভ্যাস কৰাওঁ, তেনেহ’লে ৰোগৰ পৰা মুক্তিৰ লগতে সুস্বাস্থ্যৰ অধিকাৰী হ’ব। দোকানত তৈয়াৰী পেকেটৰ খাদ্য আদি খোৱাৰ ফলত শিশুৰ বিভিন্ন ৰোগৰ সৃষ্টি হয়। বিশেষকৈ আভোক হয়, খোৱাৰ ৰুচি নাইকিয়া হয়। পেটৰ ৰোগ হ’ব পাৰে। গতিকে ইয়াৰ পৰিৱৰ্তে থলুৱা চাউলেৰে তৈয়াৰী খাদ্য খোৱাৰ বাবে উৎসাহিত কৰা উচিত।

স্বাস্থ্যৰ যতন -

স্বাস্থ্যৰ যতন বুলি ক’লে খোৱা-লোৱা-শোৱা আদিৰ প্ৰতি গুৰুত্ব দিয়া ব্যৱস্থাকে বুজায়। বিশেষকৈ শিশুসকলক সৰুৰে পৰা শাক-পাচলি- লাই, পালেং, খুতুৰা, মৰিচা শাক আদি খোৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব লাগে। কিয়নো শিশুসকলে বজাৰত পেকেটত পাব পৰা ভিন্নৰঙী খাদ্য খাইহে ভাল পায়। এইবোৰ বজাৰৰ খাদ্য খোৱাৰ পৰা আমাৰ শিশুসকলৰ আভোক হয় পেটৰ বিষ হয়, খোৱাৰ ৰুচি নাইকিয়া হয়। সেই কাৰণে ঘৰুৱা খাদ্য খোৱাৰ অভ্যাস কৰাব লাগে।

*সদায় থকা-খোৱা সময় সূচীমতে হোৱা অতীব প্ৰয়োজন।

*পৰ্যাপ্ত টোপনি যাবলৈ দিব লাগে।

*দৈনিক পুৱা আহাৰ ভালদৰে গ্ৰহণ কৰিবলৈ দিব লাগে।

*আহাৰত শাক-পাচলি, কণী আৰু গাখীৰ থকা উচিত।

*পৰ্যাপ্ত পানী খাবলৈ দিব লাগে। পানীয়ে প্ৰাণীৰ প্ৰাণ, এই কথা ভালদৰে বুজাই দিয়ক।

*পৰ্যাপ্ত থলুৱা ফল-মূল আৰু সেউজীয়া শাক-পাচলি খুৱাব লাগে।

*আমলখি, নেমু, জলফাই, মধুৰীয়াম, আম, কঠাল, মাটিকঠাল, জামু আদি খোৱাৰ অভ্যাস কৰক।

*শিশুসকলক সৰুৰ পৰা টেঙা, তিতা আৰু খাৰ আঞ্জা খোৱাৰ অভ্যাস কৰিব লাগে।

*শিশুসকলক প্ৰোটিনযুক্ত আহাৰ খুৱাব লাগে। কিয়নো চাউলেৰে তৈয়াৰী আহাৰে শাৰীৰিক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ শ্ৰীবৃদ্ধি হয়।

আহাৰে চাৰিটা মৌলিক কাৰ্য সম্পাদন কৰে -

ক)শৰীৰ গঠন।

খ)শক্তিদায়ক।

গ)শৰীৰৰ ৰক্ত বৃদ্ধিকাৰক।

ঘ)পুষ্টিৰ যোগান ধৰে।

শিশুসকলক তিঁয়হ, গাজৰ আৰু বিলাহীৰ চালাড খোৱাৰ অভ্যাস কৰাব লাগে। শাক-পাচলিত আয়ৰণ, কাৰ্বোহাইড্ৰেট, ফছফৰাছ আদি স্বাস্থ্য মৌলবোৰ পোৱা যায়। যিবোৰ স্বাস্থ্য মৌলে শিশুৰ বাঢ়ন প্ৰক্ৰিয়াৰ লগতে শিশুৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। আমৰ শিশুসকলৰ স্বাস্থ্য সম্পদৰ উন্মেষ ঘটাবলৈ হ’লে শিশুৰ শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক চেতনাৰ মধুময় উপলব্ধি হোৱা উচিত।

শিশুৰ পাঁচ বছৰৰ পৰা শাৰীৰিক গঠন, অংগ-প্ৰত্যংগৰ পেশী, সিৰা-উপসিৰা, স্নায়ুগ্ৰন্থি আদিৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হয়। গতিকে এই সময়ত শিশুৰ খাদ্য সম্পৰ্কে অধিক মনোযোগ দিয়া নিতান্ত প্ৰয়োজন।

খাদ্যই মানুহৰ মন-মগজু সুন্দৰ আৰু সক্ৰিয়া কৰি তোলে। সুস্থ শৰীৰ আৰু সুস্থ মন হ’লেহে শৰীৰলৈ উদ্যম আহিব। মনলৈ ভাল চিন্তা-ভাৱনা আহিব। খাদ্যই শিশুৰ স্বভাৱ চৰিত্ৰ নিৰ্ভৰ কৰে। গতিকে শিশুসকলক সুনাগৰিক কৰি গঢ়ি তুলিবলৈ হ’লে সৰুৰ পৰাই স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে।

সুস্বাস্থ্য সাধনাৰ মূলমন্ত্ৰ হৈছে সুষমা পুষ্টিকৰ আহাৰ, বিশ্ৰাম, নিয়মীয়া পৰিশ্ৰম কৰাৰ ওপৰত গুৰুত্ব দিব লাগে।

শৰীৰ চৰ্চা -

শিশুসকলক সৰুৰে পৰাই ব্যায়াম, বিভিন্ন খেল-ধেমালি, সাঁতোৰা, খোজকঢ়া আদিৰ প্ৰতি আগ্ৰহী কৰি তোলা উচিত। শৰীৰ চৰ্চাই শিশুৰ মন-মগজু সুস্থ কৰে। শৰীৰ সুন্দৰ হয়। সেয়েহে সোনকালে শোৱা আৰু সোনকালে উঠাৰ অভ্যাস কৰিবলৈ দিয়া উচিত। কিয়নো পুৱাৰ বায়ুক অমৃত বায়ু বুলি কোৱা হয়ু। পুৱা উঠি, ব্যায়াম-প্ৰাৰ্থনা আদি কৰিলে মন সুন্দৰ হয়, খেলা-ধূলা, পঢ়া-পাতিৰ প্ৰতি আগ্ৰহ বাঢ়ে আৰু মনটো শান্ত খয় বুলি স্বাস্থ্য বিজ্ঞানীসকলে কয়।

শিশুসকলক সৰুৰে পৰ প্ৰাৰ্থনা, ধ্যান আদিৰ অনুশীলন কৰাব লাগে। এইবোৰৰ পৰা মন স্থিৰ হয়। মনলৈ ইতিবাচক চিন্তা প্ৰবাহিত হয়। শিশুৱে তেতিয়া বেয়া কথা, বেয়া কামৰ প্ৰতি আগবাঢ়িব নোৱাৰে।

শিশুসকলক সুন্দৰভাৱে গঢ় দি সুস্বাস্থ্যবান কৰি তোলাটো প্ৰত্যেক পিতৃ-মাতৃৰ মহান দায়িত্ব হোৱা উচিত।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate