অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ডায়েৰীয়া

শিশুৰ ডায়েৰীয়া

 

ডায়েৰীয়া বুলিলে শিশুৰ পেটচলা ৰোগকে বুজা যায়। আমাৰ দেশত প্ৰতিবছৰে ডায়েৰীয়া ৰোগত মৃত্যুমুখত পৰা শিশুৰ সংখ্যাই অধিক। শিশু বুলি ক’লে সাধাৰণতে জন্মৰ পৰা ১২ বছৰ বয়সলৈকে ধৰা যায়।কিন্তু ৬ বছৰৰ তলৰ শিশুৰ ডায়েৰীয়া ৰোগ বেছিকৈ হোৱা দেখা যায়।ডায়েৰীয়া হ’লে শিশুৰ দেহৰ পৰা পানীভাগ আৰু লৱণ বাহিৰ হৈ যায়। আমাৰ শৰীৰৰ বেছিভাগ অংশই পানী। ইয়াৰ ফলত শিশুৰ শৰীৰৰ পৰা পানী ওলাই গৈ শৰীৰ সোনকালে শুকাই যায়। শিশুৰ এই অৱস্থাটোক ডিহাইড্ৰেচন বুলি কোৱা হয়। এই সময়ত আক্ৰান্ত শিশুক লৱণ মিহলি পানী খুওৱা হয়। অন্যথা শিশুৰ মৃত্যু ঘটিব পাৰে। ডিহাইড্ৰেচনত শিশুৰ শাৰীৰিক অৱস্থা এনেধৰণৰ-

ক) শিশুৱে পিয়াহত ছটফটাই থাকিব বা কান্দি থাকিব।

খ) চকু দুটা কোটৰলৈ সোমাই যাব আৰু সৰু কেঁচুৱাৰ তালু ভিতৰলৈ সোমাই যাব।

গ) প্ৰস্ৰাৱৰ পৰিমাণ কমি যাব।

ঘ) ওঁঠ, জিভা, গাৰ ছাল আদি শুকাই যাব।

ঙ) জ্বৰ থাকিবও পাৰে, নাথাকিবও পাৰে।

চ)শিশু লেবেজান হৈ পৰিব।

ছ)প্ৰথম অৱস্থাত শৌচ হোৱাৰ লগতে বমিও হ’ব পাৰে।

জ)সঘনাই ডায়েৰীয়াত ভোগা শিশু পুষ্টিহীনতাত ভোগে।ভাৰতৰ ৫০ ভাগ শিশুৱেই পুষ্টিহীনতাত ভোগে।

ঝ)সঘনাই ডায়েৰীয়া হোৱা শিশুৰ শৰীৰৰ পৰা দেহৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থ, ভিটামিন আদি বাহিৰ হৈ যায়।

ঞ)ভোক কমকৈ লাগে।

ট)ভাৰতবৰ্ষৰ বহু শিশু অন্ধবিশ্বাসৰ বাবেও ডায়েৰীয়াৰ চিকাৰ হয়।

ঠ) চিকিৎসকসকলেও ৰোগীৰ পৰিয়ালক ডায়েৰীয়া ৰোগৰ বিষয়ে ভালদৰে বুজাই নিদিয়ে।

উৎস: জি এনআৰচি স্বাস্থ্য



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate