অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ ডায়েৰীয়া :

 

ডায়েৰীয়া বা পেটচলা ৰোগ শিশুসকলৰ মাজত সঘনাই দেখা যায়। এটা শিশুৱে তিনি বা ততোধিকবাৰ পাতল বা পনীয়া শৌচ কৰিলে শিশুটি ডায়েৰীয়া ৰোগত আক্ৰান্ত বুলি কোৱা হয়। অৱশ্যে চিকিৎসাৰ ফালৰ পৰা চালে শিশুৱে কিমানবাৰ শৌচ কৰিছে, সেইটোতকৈ শৌচৰ গঠন আৰু পৰিমাণৰ তাৰতম্যহে বেছি গুৰুত্বপূৰ্ণ। ডায়েৰীয়া এট সোঁচৰা ৰোগ। উপযুক্ত চিকিৎসাৰ অভাৱ ডায়েৰীয়াত ভোগা শিশু নানা ধৰণৰ স্বাস্থ্য বিষয়ক জটিলতাত ভোগে।

সঘনাই ৰোগত ভোগা শিশু পুষ্টিহীনতাত ভোগে। তেওঁলোকৰ দেহত ভিটামিনৰ অভাৱ ঘটে আৰু ৰক্তহীনতাত ভোগে। সামগ্ৰিকভাৱে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাপ্ৰাপ্ত হয়। তেওঁলোক আন শিশুতকৈ খেল-ধেমালি আৰু শিক্ষাৰ ক্ষেত্ৰত যাব পাৰে। ডায়েৰীয়া হোৱা ৰোগীয়ে সময়মতে উপযুক্ত চিকিৎসা নাপালে দেহত পানী আৰু ইলেক্ট্ৰ’লাইটৰ অভাৱত ভুগি মৃত্যুমুখতো পৰিব পাৰে।

অকল ২০১৫ চনতে সমগ্ৰ বিশ্বত ডায়েৰীয়াজনিত কাৰণত পাঁচ বছৰৰ তলৰ প্ৰায় পাঁচ লাখ শিশু মৃত্যুমুখত পৰিছিল। আৰু ইয়াৰে এক লাখ শিশুৰ মৃত্যু হৈছিল ভাৰতবৰ্ষত। অসমত পাঁচ বছৰৰ তলত মৃত্যু হোৱা শিশুৰ প্ৰায় দহ শতাংশহে মৃত্যু হয় ডায়েৰীয়া ৰোগৰ বাবে।

ডায়েৰীয়া ৰোগৰ বীজাণুৰ সংক্ৰমণৰ মূল কাৰণ হৈছে বিশুদ্ধ খোৱাপানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ আৰু শিশুৰ পুষ্টিহীনতা। অস্বাস্থ্যকৰ পৰিৱেশত ডাঙৰ হোৱা নানাধৰণৰ ভাইৰাছ, বেক্টেৰিয়া আৰু পৰজীৱী প্ৰ’ট’জ’ৱাৰ দ্বাৰা আক্ৰান্ত হৈ ডায়েৰীয়া ৰোগত ভোগে। এই বীজাণুবোৰৰ ভিতৰত ডায়েৰীয়া ৰোগৰ এটা মূল কাৰণ হৈছে ৰ’টা ভাইৰাছৰ সংক্ৰমণ।

বিশ্ব স্বাস্থ্য সংস্থাই(২০১৩) প্ৰকাশ কৰা মতে ডায়েৰীয়াজনিত কাৰণত মৃত্যুমুখত পৰা পাঁচ বছৰৰ তলৰ ৩৭ শতাংশ শিশু ৰ’টা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত। উন্নত আৰু অনুন্নত সকলো দেশৰে শিশু ৰ’টা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয় যদিও মৃত্যুমুখত পৰা শিশু একাধিবাৰ ৰ’টা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে, কিন্তু পৰৱৰ্তী সংক্ৰমণবোৰ প্ৰথমবাৰৰ নিচিনা ভয়াৱহ নহয়।

ৰ’টা ভাইৰাছ সহজে এটি শিশুৰ পৰা আন এতি শিশুলৈ সোঁচৰে। ডায়েৰীয়া ৰোগত আক্ৰান্ত শিশুৰ শৌচ আৰু বমিত বহুত পৰিমাণে ৰ’টা ভাইৰাছৰ বীজাণু থাকে। শিশুক পৰিষ্কাৰ-পৰিচ্ছন্নকৈ নাৰাখিলে বা শিশুক পৰিচৰ্যা কৰা ব্যক্তিয়ে ভালকৈ চাবোনেৰে হাত নুধুলে খোৱা বস্তুৰ মাধ্যমেৰে আনৰ দেহলৈ এই বীজাণু সোঁচৰিব পাৰে।

খোৱা বস্তু বা শিশুৱে ব্যৱহাৰ কৰা খেলনাজাতীয় আন আন সামগ্ৰীতো ভাইৰাছৰ বীজাণু লাগি থাকিব পাৰে আৰু সেই সামগ্ৰী আন শিশুৱে ব্যৱহাৰ কৰিলে ৰ’টা ভাইৰাছৰ বীজাণু মুখলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। ডায়েৰীয়া ৰোগৰ দ্বাৰা আক্ৰান্ত শিশুৰ শৌচ খোৱাপানীৰ উৎসৰ সংস্পৰ্শলৈ আহিলে আন আন লোকলৈও এই ৰোগ সোঁচৰিব পাৰে।

দূষিত পানীৰে পৰিষ্কাৰ কৰা শাক-পাচলিৰেও ৰ’টা ভাইৰাছৰ বীজাণু আনৰ দেহলৈ সোঁচৰিব পাৰে। গাঁৱত বাস কৰা দুখীয়া মানুহৰ মাজত ৰ’টা ভাইৰাছৰ সংক্ৰমণ সহজতে হয়। বছৰটোৰ সকলো সময়তে যদিও শীতকালত প্ৰাধান্য বেছি দেখা যায়।

ৰ’টা ভাইৰাছৰ সংক্ৰমণৰ ১ৰ পৰা ৩ দিনৰ ভিতৰত ৰোগৰ লক্ষণসমূহ দেখা পোৱা যয়। হঠাৎ শিশুৱে বমি কৰিব আৰম্ভ কৰে, শৌচ পনীয়া হয় আৰু কিছুমান শিশুৰ জ্বৰো উঠা দেখা যায়।

সাধাৰণতে ৩ৰ পৰা ৭ দিনৰ ভিতৰত বমি আৰু পানীয় শৌচ বন্ধ হয় আৰু শিশুটি সুস্থ হৈ উঠে। কিন্তু উপযুক্ত চিকিৎসা অবিহনে শিশুটি মৃত্যুমুখতো পৰিব পাৰে। ৰ’টা ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ৭৫ শতাংশ শিশু দুই বছৰৰ তলৰ।

বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা আৰু স্বাস্থ্য ৰক্ষাৰ সহজ উপায়সমূহ -

*শৌচ কৰাৰ পাছত পৰিষ্কাৰকৈ হাত ধোৱা,

*খোৱা বস্তু স্বাস্থ্যসন্মতভাৱে প্ৰস্তুত আৰু পৰিৱেশন কৰা,

*খোৱাৰ আগতে হাত পৰিষ্কাৰকৈ ধুই লোৱা,

*অনাময় শৌচালয় ব্যৱহাৰ আদিৰ দ্বাৰা ডায়েৰীয়া ৰোগৰ পৰা বহু পৰিমাণে হাত সাৰি থাকিব পাৰি।

ইয়াৰ উপৰি ডায়েৰীয়া ৰোগৰ পৰা বাচি থাকিবলৈ শিশুক ছমাহ পৰ্যন্ত অকল মাকৰ গাখীৰ খাবলৈ দিয়া আৰু ইয়াৰ পাছত মাকৰ গাখীৰৰ লগতে লাহে লাহে আন খাদ্যৰ ব্যৱস্থা কৰিব লাগে। কেতিয়াও বটলেৰে পনীয়া আহাৰ খুৱাব নালাগে।

শিশুৰ ছমাহৰ পৰা পাঁচ বছৰ বয়সলৈ প্ৰতি ছমাহৰ পৰা পাঁচ বছৰ বয়সলৈ প্ৰতি ছমাহৰ অন্তৰে অন্তৰে ভিটামিন ‘এ’ খুওৱা আৰু নিৰ্ধাৰিত সময় অনুসাৰে টিকাকৰণৰ সংক্ৰমণৰ পৰা শিক্ষক ৰক্ষা কৰিবলৈ টিকাকৰণেই হৈছে একমাত্ৰ উপায়।

ৰ’টা ভাইৰাছ টিকাকৰণৰ প্ৰভাৱত বিশ্বত ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া আৰু মৃত্যু হোৱা শিশুৰ হাৰ কমি যোৱা দেখা গৈছে। সেয়েহে বিশ্বৰ বিভিন্ন দেশে নিজৰ ৰাষ্ট্ৰীয় টিকাকৰণ আঁচনিত ৰ’টা ভাইৰাছ টিকা অন্তৰ্ভূক্ত কৰি লৈছে।

আমাৰ দেশত ২০১৬ চনত ৰাষ্ট্ৰীয় টিকাকৰণ আঁচনিত উক্ত টিকাক সামৰি লোৱা হয়। অসমতো উক্ত আঁচনিৰ আধাৰত যোৱা বছৰৰ পৰা ৰ’টা ভাইৰাছৰ টিকা শিশুসকলক বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ৰ’টা ভাইৰাছৰ তিনি প্ৰকাৰৰ টিকা বা ভেকচিন আছে- ৰ’টাভেইক, ৰ’টাৰিক্স আৰু ৰ’টাটেক। ইয়াৰে ৰ’টাৰিক্স আৰু ৰ’টাটেক ইনজেকচন হিচাপে দিয়া হয়।

ৰ’টাৰিক্সৰ ইনজেকচন শিশুক ২ মাহত আৰু ৬ মাহত আৰু ৰ’টাটেকৰ ইনজেকচন শিশুক ২ মাহ আৰু ৪ মাহ আৰু ৬ মাহত দিয়া হয়। কিন্তু ৰ’টাভেইক শিশুক খুৱাই দিয়া হয়।

পাঁচ ফোটাকৈ ৰ’টাভেইক শিশুক জন্মৰ ৬ সপ্তাহ, ১০ সপ্তাহ আৰু ১৪ সপ্তাহত খুওৱা হয়। তিনিও প্ৰকাৰৰ টিকাই ব্যক্তিগত চিকিৎসালয়ত পোৱা যায়। কিন্তু ৰ’টাভেইক চৰকাৰী চিকিৎসালয়বোৰত বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰ’টা ভাইৰাছৰ টিকা আন আন টিকাৰ লগত একে সময়তে দিয়া হয়।

এৰাব নোৱাৰা কিবা কাৰণত নিৰ্ধাৰিত সময়ত উক্ত টিকা দিব নোৱাৰিলে অন্ততঃ প্ৰথম খোৰাকটো জন্মৰ এবছৰৰ ভিতৰত দিয়াটো বাধ্যতামূলক।

তাৰ পাছত আন দুটা খোৰাক নিৰ্ধাৰিত সময়সূচী মতে দিব পাৰি। ৰ’টা ভাইৰাছৰ টিকাকৰণে শিশুক ডায়েৰীয়া ৰোগৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰে।

লেখক: ডাঃ প্ৰদীপ কুমাৰ শৰ্মা(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate