অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যবাৰ্তা :

কেচুঁৱাই কন্দাটো প্ৰয়োজনীয় -

মনোবিজ্ঞানীসকলৰ মতে কেঁচুৱাই দিনে অন্তত: দুঘণ্টা কন্দা দেখা যায় । কেঁচুৱাৰ কান্দোনৰ সৈতে শ্বস-প্ৰশ্বাসৰ স্বাভাৱিক আৰু প্ৰয়োজনীয় সম্পৰ্ক আছে । এই দুই প্ৰক্ৰিয়া শাৰীৰিক আৰু স্নায়ৱিকভাৱে বিজড়িত । বিজ্ঞানীসকলে মগজুত স্নায়ুকোষৰ ক্ষুদ্ৰপুঞ্জ এটা চিনাক্ত কৰিছে । ই কেঁচুৱাৰ দ্ৰুত, সক্ৰিয় শ্বাস-প্ৰশ্বাস আৰু কান্দোন নিয়ন্ত্ৰণ কৰে । বালিৰ্নত কৰা এক গৱেষণাত পোৱালি নিগনিৰ মগজুৰ পৰা স্নায়ুকোষৰ পুঞ্জটো আঁতৰাই পেলাইছিল । এই পুঞ্জত ১৭,০০০ স্নায়ুকোষ থাকে । পুঞ্জটো মগজুৰ পিছৰ অংশত থাকে । দেখা গৈছিল এই পোৱালি নিগনিৰ শ্বাস-প্ৰশ্বাসৰ গতি ঢিমা আৰু নিষ্ক্ৰিয় হৈছে । কান্দিব খুজিলেও কান্দোন ওলোৱা নাছিল । গতিকে সিহঁতৰ মাকহঁতে সিহঁতক অৱহেলা কৰিছিল । এই পোৱালিবোৰৰ শীঘ্ৰেই মৃত্যু হৈছিল । সিদ্বান্ত কৰা হৈছে মানুহৰ কেঁচুৱাৰো একেই দশা হ’ব । জীয়াই থকাৰ বাবে কেঁচুৱাই ডাঙৰকৈ কান্দিব লাগিব । তেতিয়াহে মাক সিহঁতৰ প্ৰতি যত্নৱান হ’ব আৰু প্ৰয়োজনীয় ব্যৱস্থা ল’ব । মানুহৰ কেঁচুৱা আৰু অন্যান্য স্তন্যপায়ী জন্তুৰ পোৱালি বয়স্কৰ ওপৰত নিৰ্ভৰশীল । সিহঁতৰ কিবা প্ৰয়োজন হ’লে বা কিবা সমস্যা হ’লে কান্দোনৰ সহায়ত মাক অথবা অন্য বয়স্কৰ দৃষ্টি আকৰ্ষণ কৰে । কেঁচুৱাৰ কান্দোন বৈশিষ্ট্যসূচক, স্পষ্ট, সৰল, মৌলিক আৰু সাংগীতিক । মাকে কেঁচুৱাৰ কান্দোনৰ অৰ্থ সহজে বুজি পায় আৰু সেইমতে ব্যৱস্থা লয় । কান্দোনৰ সময়ত শ্বাস-প্ৰশ্বাসৰ গতিও দ্ৰুত আৰু জোৰদাৰ হয় । এই প্ৰক্ৰিয়াও কেঁচুৱাৰ বাবে প্ৰয়োজনীয় ।

স্কিজ’ফ্ৰেনিয়া ৰোগীৰ শ্ৰৱণভ্ৰম নিয়ন্ত্ৰণ -

বিশেষজ্ঞসকলে মগজুৰ এনে এটা অংশ চিনাক্ত কৰিছে, য’ত উৎপন্ন হোৱা শ্ৰৱণভ্ৰমে স্কিজ’ফ্ৰেনিয়া ৰোগীক পীড়ন কৰে । এনে ভ্ৰম নিয়ন্ত্ৰণ কৰিবলৈ বিজ্ঞানীসকলে চুম্বকীয় স্পন্দন চিকিৎসা কৰাৰ ব্যৱস্থা কৰিছে । দেখা গৈছে এক-তৃতীয়াংশতকৈ অধিক ৰোগীয়ে শ্ৰৱণভ্ৰমৰ পৰা পৰিত্ৰাণ পাইছে । এই কথা স্পষ্ট হৈছে যে উচ্চ কম্পনাংকৰ চুম্বকীয় স্পন্দন ব্যৱহাৰ কৰিলে অন্তত: কিছু ৰোগীয়ে শ্ৰৱণভ্ৰমৰ পৰা ৰক্ষা পাব পাৰে । বিজ্ঞানীসকলে কৰা অধ্যয়নত ২৬ জন ৰোগীক চুম্বকীয় স্পন্দনেৰে চিকিৎসা কৰিছিল । ইয়াৰ বিপৰীতে ৩৩ গৰাকী ৰোগীক নিচুকনি চিকিৎসা কৰা হৈছিল । প্ৰথম দলটোক দিনে দুবাৰ চুম্বকীয় স্পন্দন চিকিৎসা কৰা হৈছিল । দুসপ্তাহৰ পিছত ৰোগীসকলৰ মূল্যায়ন কৰা হৈছিল । দেখা গৈছে যে চুম্বকীয় স্পন্দন চিকিৎসা লোৱা ৩৫ শতাংশ ৰোগীৰ প্ৰণিধানযোগ্য উপশম হৈছিল । শ্ৰৱণভ্ৰমে ৰোগী আৰু তেওঁৰ অন্তৰংগ ব্যক্তিসকলক যথেষ্ট কষ্ট দিয়ে । আশা কৰা হৈছে চুম্বকীয় স্পন্দন চিকিৎসাই এই দিশত যথেষ্ট সকাহ দিব ।

ডায়েবেটিছ আৰু হৃদৰোগৰ কাৰক একে হ’ব পাৰে -

যিবোৰ জিনৰ উৎপৰিৱৰ্তনৰ ফলত টাইপ-টু ডায়েবেটিছ ৰোগ হয়, সেই একেবোৰ জিনেই হৃদৰোগৰো কাৰক হ’ব পাৰে । এক অধ্যয়নৰ পৰা এই তথ্য জানিব পৰা গৈছে । এই দুবিধ ৰোগৰ মাজত থকা যোগসূত্ৰৰ হেতুকেই বিশ্বজুৰি বহুতো মানুহে পীড়াত ভোগে । আৰু মৃত্যুৰ মুখতো পৰে । টাইপ- টু ডায়েবেটিছ এতিয়া গোলকীয় মহামাৰীলৈ পৰ্যৱসিত হৈছে । বিশ্বজুৰি ৩০০ নিযুত লোকে এই ৰোগত ভোগে । ইয়াৰ ফলত বহুসংখ্যক লোকে হৃদধমনীয় ৰোগতো (Coronary Heart Disease CHD) ভোগে আৰু তাৰ ফলত মৃত্যুমুখতো পৰিব পাৰে ।

লেখক :- ডা: জীৱন দত্ত বৰুৱা

উৎস :- জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate