অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ডায়েবেটিছ মেলিটাছ

ডায়েবেটিছ মেলিটাছ

শৰীৰত উপযুক্ত পৰিমাণৰ ইনচুলিন উৎপন্ন নোহোৱাৰ ফলত তেজত চেনী (গ্লু’কজ)ৰ পৰিমাণ বাঢ়ি গৈ ডায়েবেটিছ মেলিটাছ ৰোগ হয়।

ইনচুলিন হ’ল পেনক্ৰিআছৰ পৰা নিৰ্গত এবিধ হৰম’ন। ই তেজত চেনীৰ (গ্লু’কজ)ৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

ডায়েবেটিছৰ প্ৰকাৰ

কিছুমান শিশুৰ পেনক্ৰিআছৰ পৰা খুব কম পৰিমাণৰ বা একেবাৰেই ইনচুলিন নোলায়। ফলতে শিশুটিৰ তেজত গ্লু’কজৰ পৰিমাণ বাঢ়ি গৈ শিশুটিৰ ডায়েবেটিছ হয়। ইয়াক ডায়েবেটিছ-১ বোলা হয়। ইয়াক জুডেলাইন-অনচেট ডায়েবেটিছও বোলে। যেতিয়া নিঃসৰিত হোৱা ইনচুলিনৰ প্ৰভাৱ শৰীৰে অনুভূত নকৰে তেতিয়া ইয়াক ডায়েবেটিছ ধৰণ-২ বোলা হয়। শিশু অৱস্থাৰ যিকোনো সময়ত ডায়েবেটিছ ধৰণ-১ হব পাৰে। ই কেঁচুৱা অৱস্থাতো হ’ব পাৰে যদিও সাধাৰণতে ৬-১৩ বছৰৰ ভিতৰত বেছিকৈ হোৱা দেখা যায়। ডায়েবেটিছ ধৰণ-২ সাধাৰণতে বয়ঃসন্ধিৰ সময়ত হয়। শকত শিশুবোৰৰ মাজতো এই ৰোগ আজিকালি বাঢ়িবলৈ ধৰিছে।

কেনে ধৰণৰ শিশুৰ ডায়েবেটিছ ধৰণ-২ হোৱাৰ সম্ভাৱনা অধিক?

তলত উল্লেখ কৰা ধৰণৰ শিশুৰ প্ৰতি দুবছৰৰ মূৰে মূৰে দহ বছৰ বয়সলৈ খালি পেটৰ চুগাৰ টেষ্ট কৰা দৰকাৰ।

  • ওজন স্বাভাৱিকতকৈ যথেষ্ট বেছি হোৱা(সমান বয়সৰ, একে উচ্চতাৰ, একে লিংগৰ শিশুৰ সৈতে ৮৫ শতাংশ আৰু শিশুৰ আদৰ্শ ওজনতকৈ ১২০ শতাংশ বেছি ওজন)।
  • কোনো নিকট আত্মীয়ৰ যদি ডায়েবেটিছ ধৰণ-২ থাকে।
  • উচ্চ ৰক্তচাপ, তেজত চৰ্বীৰ পৰিমাণ বেছি থাকিলে।
  •  

    বয়ঃসন্ধি আৰু ডায়েবেটিছ

    তলত উল্লেখ কৰা কাৰণবোৰৰ বাবে বয়ঃসন্ধিৰ সময়ৰ ল’ৰা-ছোৱালীৰ তেজত গ্লু’কজৰ পৰিমাণ কৰাত অসুবিধা হয়।

  • বয়ঃসন্ধিৰ সময়ত হৰম’নৰ পৰিৱৰ্তন ঘটে।
  • কৈশোৰ জীৱন শৈলীঃ বন্ধুৰ হেঁচা, অতিৰিক্ত কাম-কাজ, শাৰিৰীক সচেতনতা, খাদ্য খোৱাত অনিয়ম হোৱা।
  • চিগাৰেট আৰু মাদক দ্ৰব্যৰ পৰীক্ষামূলক গ্ৰহণ।
  •  

    লক্ষণ

    ডায়েবেটিছ ধৰণ-১ৰ লক্ষণ সোনকালে দেখা দিয়ে। সাধাৰণতে ২-৩ সপ্তাহৰ ভিতৰত লক্ষণবোৰে দেখা দিয়ে। অত্যাধিক প্ৰস্ৰাৱ, আৰু প্ৰস্ৰাৱৰ ফলত শিশুৰ শৰীৰ দুৰ্বল হৈ পৰে। পানীৰ পিয়াহ বেছিকৈ লাগে। কিছুমান শিশুৰ ডিহাইড্ৰেছন হোৱাৰ ফলত অতি দুৰ্বল হৈ পৰে। ফলত লেহেমীয়া হৈ যায়। নাড়ীস্পন্দন বৃদ্ধি পায়। দৃষ্টি অস্পষ্ট হৈ পৰে। ডায়েবেটিছ প্ৰকাৰ-২ত দেখা দিয়া লক্ষণবোৰ লাহে লাহে দেখা দিয়ে আৰু মৃদু হয়। ইয়াৰ লক্ষণবোৰ কেইবামাহৰ ভিতৰত দেখা দিব পাৰে। শিশুৰ হঠাতে তৃষ্ণা বৃদ্ধি বা ভাগৰুৱাৰ দৰে কিছুমান লক্ষণে দেখা দিব পাৰে। ডায়েবেটিছ প্ৰকাৰ-২ত আক্ৰান্ত শিশুসকলৰ সাধাৰণতে কেট’এচিডছিছ বা অতি বেছি ডিহাইড্ৰেছন নহয়।

    উৎস: আইএনডিজি দল।


    © 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate