অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাকৰ গাখীৰৰ উপকাৰিতা

মাকৰ গাখীৰৰ উপকাৰিতা

  • কেতিয়াৰ পৰা শিশুক মাকৰ গাখীৰ খুৱাব লাগে?
  • কিয় সোনকালে মাকৰ গাখীৰ খুৱাব লাগে?
  • চিজাৰিয়ান কৰি সন্তান জন্ম দিয়া মাতৃয়ে গাখীৰ খুৱাব পাৰেনে?
  • কিমান দিনলৈ শিশুৱে মাকৰ গাখীৰ খাব লাগে?
  • শিশুৱে গাখীৰ খোৱাৰ পিছত স্তনৰপৰা গাখীৰ ওলাই থাকে, কি কৰিব লাগিব?
  • মাকৰ অসুখ হৈ থাকিলে শিশুক স্তনৰ গাখীৰ খুৱাব পাৰিনে?
  • বিশ্ব মাতৃদুগ্ধ দিৱস (১-৭ আগষ্ট)
  • মাকৰ গাখীৰৰ উপকাৰিতা

    মাকৰ গাখীৰ কেৱল যে অতি পুষ্টিকৰ সেয়াই নহয়- মাতৃদুগ্ধ পান কৰোৱালে শিশুৰ স্বাস্থ্যৰ উন্নতিৰ লগতে মাকৰো উপকাৰ হয়।

  • জন্মৰ পৰা ৬ মাহলৈকে শিশুক কেৱল মাকৰ গাখীৰেই খুৱাব লাগে। ই আন্ত্ৰিক সমস্যা হোৱাৰপৰা শিশুটিক ৰক্ষা কৰে। মাকৰ গাখীৰ সোনকালে হজম হয় আৰু কোষ্ঠকাঠিন্য হোৱাৰ ভয় নাই। ইয়াৰ উপৰিও পৰিপাক প্ৰনালী আৰু অন্ত্ৰত সংক্ৰমণ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • মাকৰ গাখীৰে শিশুটিক হাঁপানী আৰু কাঁহৰ সংক্ৰমণৰপৰা ৰক্ষা কৰে। ই শিশুৰ নাক আৰু ডিঙিৰ ভিতৰফালে এটা আৱৰণৰ সৃষ্টি কৰে।
  • গৰুৰ গাখীৰে বহু শিশুক এলাৰ্জি কৰে। মাতৃদুগ্ধ এই ক্ষেত্ৰত ১০০ শতাংশ নিৰাপদ।
  • গবেষণাত দেখা গৈছে যে, জন্মৰ পৰাই যিবোৰ শিশুৱে মাকৰ গাখীৰ খায়, সেইবোৰ শিশুৰ পিছলৈ অত্যাধিক শকত হোৱা বা মেদ বহুলতা হোৱাৰ সম্ভাৱনা নাথাকে। এনে শিশুৱে কেঁচুৱাৰ পৰা ভোক অনুসৰি খাবলৈ শিকে, ফলত কেঁচুৱা কালৰ পৰাই ভয়াবহ মেদ বহুলতাৰ পৰা আঁতৰি থাকিব পাৰে।
  • নিয়মিয়াকৈ মাকৰ গাখীৰ খুৱা কেঁচুৱাৰ ভবিষ্যতে লিউক’মিয়া, ডায়েবেটিছ-টাইপ-১, আৰু উচ্চ ৰক্ত চাপৰ দৰে ভয়াবহ ৰোগৰ সম্ভাৱনা কম থাকে।
  • মাকৰ গাখীৰে কেঁচুৱাৰ বুদ্ধিৰ বিকাশ ঘটায় বুলি বিশ্বাস কৰা হয়। ই কেঁচুৱা অৱস্থাতে মাক আৰু শিশুটিৰ মাজত আবেগিক সম্পৰ্ক গঢ়ি তোলে। মাকৰ গাখীৰত থকা ফেটী এচিডে শিশুৰ মগজুৰ বৃদ্ধি ঘটাত সহায় কৰে।
  • নতুন মাকে কেঁচুৱাক গাখীৰ খুৱালে গৰ্ভধাৰণৰ পাছৰ ওজন সোনকালে কমে। শিশুক গাখীৰ খুওঁৱাৰ ফলত মাকৰ প্ৰসৱৰ ক্লান্তি আৰু ৰক্তপাতো ৰোধ কৰাত সহায়ক হয়।
  • জন্মৰ পাছৰ পৰা কেঁচুৱাক যিমান দিনলৈ গাখীৰ খুৱাই থকা হয়-সিমান দিনলৈ মাকৰ স্তন আৰু ডিম্বাশয়ৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমি থাকে।
  • মাকৰ গাখীৰ সুবিধাজনক আৰু বিনামূল্যে পোৱা যায়। ই শিশু আৰু মাকৰ মাজত এক দৃঢ় আবেগিক বন্ধনৰ সৃষ্টি কৰে। ইয়াৰ ওপৰি মাকৰ শৰীৰৰ কোমল স্পৰ্শত পৰা শিশুৱে আৰাম পায়।
  •  

    শিশুক কেতিয়াৰ পৰা মাকৰ গাখীৰ খুৱাব আৰম্ভ কৰিব লাগে?

    শিশুৰ জন্মৰ লগে লগে মাকৰ গাখীৰ খুৱাব লাগে। ভূমিস্থ হোৱাৰ পাছত শিশুটিক ভালদৰে মুছি-মাকৰ স্তনৰ কাষলৈ নিব লাগে। ইয়াৰ ফলত শিশুটিয়ে মাকৰ গাৰ পৰা উত্তাপ পোৱাৰ লগতে সহজে স্তনপান কৰিব পাৰে। ইয়াৰ ফলত মাক আৰু শিশুটিৰ মাজত আৱেগিক বন্ধনৰ সৃষ্টি হয়।

    মাকৰ গাখীৰ কিয় জন্মৰ লগে লগে খুৱাব লাগে?

    ইয়াৰ চাৰিটা প্ৰাথমিক কাৰণ হ’ল-

    ১) জন্মৰ প্ৰথম ৩০-৬০ মিনিটৰ ভিতৰত শিশুটি আটাইতকৈ সক্ৰিয় অৱস্থাত থাকে।

    ২) শোষণ কৰিব পৰা ক্ষমতা এইখিনি সময়ত বেছি সক্ৰিয় হয়।

    ৩) লগে লগেই স্তনপান কৰোৱালে ইয়াৰ সক্ষমতা বৃদ্ধি পায়। মাকৰ প্ৰথমখিনি গাখীৰত কলাষ্ট্ৰম থাকে-যিয়ে শিশুটিক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এই হালধীয়া ৰঙৰ গাখীৰখিনিয়ে শিশুৰ দেহত প্ৰতিৰোধক বেজীৰ দৰে কাম কৰে।

    ৪) ইয়াৰ ফলত স্তন উখহি বা ফুলি যোৱা, বিষ আদি নোহোৱা কৰাৰ লগতে প্ৰসৱৰ পাছৰ ৰক্তপাতৰ সম্ভাৱনাও কমাই দিয়ে।

    চিজাৰিয়ান কৰা মাকে স্তনৰ গাখীৰ খুৱাব পাৰিনে?

    চিজাৰিয়ান অপাৰেচনৰ লগত কেঁচুৱাক সক্ষমভাৱে গাখীৰ খুওঁৱাৰ কোনো সম্পৰ্ক নাই।

  • অপাৰেচন হোৱাৰ ৪ ঘন্টাৰ পাছৰ পৰা বা চেতনা ঘূৰি অহাৰ লগে লগেই গাখীৰ খুৱাব লাগে।
  • শুই থকা অৱস্থাত এফালে শৰীৰ কাটিয়াকৈ গাখীৰ খুওঁৱাব পাৰি। নতুবা শিশুটিক পেটৰ ওপৰতলৈও গাখীৰ খুৱাব পাৰি।
  • প্ৰথম কেইদিনমান আনৰ পৰা অকনমান সহায় পালেই সকলো অপাৰেচন কৰা মাকে সক্ষমভাৱে শিশুক গাখীৰ খুৱাব পাৰে।
  •  

    কিমান দিনলৈ শিশুৱে মাকৰ গাখীৰ খাব লাগে?

    প্ৰথম ৬ মাহলৈ কেৱল মাকৰ গাখীৰেই খুৱাব লাগে। পিছত ২ বছৰ বা তাতকৈ বেছি দিনলৈ খুৱাই থাকিব পাৰি।

    শিশুৱে গাখীৰ খোৱাৰ পাছত স্তনেৰে গাখীৰ ওলাই থাকে, কি কৰিব লাগে?

    এই সমস্যাটো সাময়িক। গাখীৰ ওলাই থাকিলে কিলাকুটিৰে স্তনৰ কাষৰ প্ৰান্তত জোৰে হেঁচা মাৰি ধৰি থাকিলে লাহে লাহে গাখীৰ ওলোৱা বন্ধ হৈ যাব।

    মাকৰ অসুখ হৈ থাকিলে শিশুক স্তনৰ গাখীৰ খুৱাব পাৰিনে?

    খুৱাব পাৰি। বেছিভাগ অসুখেই শিশুৰ ওপৰত একো প্ৰভাৱ নেপেলায়। টাইফয়েড, মেলেৰিয়া, যক্ষ্মা, জণ্ডিছ, কুঁষ্ঠ আদিৰ দৰে ৰোগ হ’লেও মাকে গাখীৰ খুৱাব পাৰে।

    বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ (১-৭ আগষ্ট)

    প্ৰতিবছৰে এক আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব মাতৃদুগ্ধপান দিৱস হিচাবে পালন কৰা হয়। বিশ্বৰ ১২০ খন দেশত এই দিৱস পালন কৰা হয়। মাতৃ দুগ্ধপান কৰোৱাই শিশুৰ স্বাস্থ্যৰ বিকাশৰ বাবে সচেতনতা গঢ়ি তুলিবলৈ এই দিৱসত কাৰ্য্যসূচী লোৱা হয়। ১৯৯০ চনৰ আগষ্টত বিশ্ব স্বাস্থ্য আৰু ইউনিচেফৰ নীতি নিৰ্দ্ধাৰকসকলৰ বৈঠকত এই সিদ্ধান্ত লৈ এই ঘোষণা কৰা হয়।

    নৱজাতকক প্ৰয়োজনীয় সকলো পুষ্টি যোগান ধৰাৰ আটাইতকৈ উত্তম ব্যৱস্থাটোৱেই হ’ল মাতৃ দুগ্ধপান। বিশ্ব স্বাস্থ্য সংস্থাই শিশুক ৬ মাহলৈ কেৱল মাকৰ গাখীৰ খুৱাবলৈ আৰু ইয়াৰ পিছত আন পুষ্টিকাৰক আহাৰৰ লগতে দুবছৰলৈ মাকৰ গাখীৰ খুৱাবলৈ অনুমোচন কৰিছে।

    মাতৃদুগ্দ্ধ আৰু খাদ্য প্ৰদান

    উৎস: আইএনডিজি দল।

    শেহতীয়া উন্নীতকৰণ: : 3/16/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate