প্ৰায় পাছহেজাৰ বছৰ পুৰণি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি বিশ্বৰ প্ৰাচীনতম চিকিৎসা পদ্ধতি। আয়ুষ শব্দৰ অৰ্থ হৈছে জীৱন আৰু বেদৰ অৰ্থ হৈছে বিজ্ঞান , দুয়োটা শব্দৰ সংযোগ হৈছে আয়ুৰ্বেদ। আয়ুৰ্বেদৰ মূলমন্ত্ৰ হৈছে " সুস্থস্য স্বাস্থ্য লক্ষণম্ আতুৰস্য বিকাৰ প্ৰশনম্"। অৰ্থাৎ নিৰোগী ব্যক্তিৰ সুস্বাস্থ্য অটুট ৰখা আৰু ৰোগীক চিকিৎসা কৰি আৰোগ্য কৰা। সুষম আহাৰ , যোগাসন, ধ্যান , দিনচৰ্য্য , ঋতুচৰ্য্যা , ৰাত্ৰিচৰ্য্যাত উল্লেখ কৰা নীতি অনুসৰি এজন নিৰোগী ব্যক্তিৰ সুস্বাস্থ্য অটুট ৰাখিব পাৰি। ঔষধ প্ৰয়োগ , পঞ্চকৰ্মৰ দ্বাৰা শৰীৰ শোধন , সুষম আহাৰ, ধ্যান ,যোগৰ দ্বাৰা ৰোগী ব্যক্তিক আৰোগ্য কৰা হয় । আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত ৰোগীক চিকিৎসা কৰি শাৰীৰিক আৰু মানসিক ভাৱে আৰোগ্য কৰি তোলাহয় বাবে ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নহয়। সেয়েহে সমগ্র বিশ্ব এই চিকিৎসাৰ প্ৰতি অধিক আগ্ৰহী হৈছে। আচাৰ্য্য চৰক, সূশ্ৰুত, বাগভট্ট , নিমি , মাধৱ ,অগ্নিবেশ আদিৰ প্ৰচেষ্টাত আয়ুৰ্বেদ চিকিৎসা পদ্ধতি প্ৰতিস্থিত হৈছিল। সূশ্ৰুতে প্ৰথম অস্ত্ৰোপচাৰ কৰিছিল বাবে তেওক শল্য চিকিৎসাৰ পিতামহ বুলি স্বীকৃতি দিয়া হৈছে। প্ৰথম অৱস্থাত আয়ুৰ্বেদৰ আঠটা বিভাগ আছিল বাবে অষ্টাঙ্গ আয়ুৰ্বেদ বোলা হৈছিল।
বৰ্তমান আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত প্ৰায় বিশটা বিভাগ আছে। অষ্টাঙ্গ আয়ুৰ্বেদিকৰ আঠটা বিভাগ ক্ৰমে- (১) কায় চিকিৎসা (২) শল্য চিকিৎসা (৩) শালক্য (৪) কৌমাৰভিত্ত (৫) অগদ তন্ত্ৰ (৬) ৰসায়ন (৭) বাজীকৰণ (৮) ভূতবিদ্যা
বৰ্তমান সময়ত অস্ত্ৰোপচাৰ কৰোঁতে ব্যৱহাৰ কৰা সঁজুলিৰ বহুতো সজুঁলিৰ আবিস্কাৰক আছিল সূশ্ৰুত। এই সঁজুলিবোৰ সূশ্ৰুতে আবিস্কাৰ কৰা সঁজুলিৰ আধুনিক ৰূপান্তৰ মাথোঁনহে।
আয়ুৰ্বেদিক উন্নয়নত চৰকাৰী পদক্ষেপ
আমাৰ দেশ স্বাধীন হোৱাৰ পিছত কেন্দ্ৰীয় আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্যিক চৰকাৰে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ উন্নয়নৰ কাৰণে পদক্ষেপ গ্ৰহন কৰি আহিছে। ১৯৭০ চনত কেন্দ্ৰীয় চৰকাৰে চেন্ট্ৰেল কাউঞ্চিল অৱ ইণ্ডিয়ান মেডিচিন (চি চি আই এম) গঠন কৰে। পূৰ্বৰে পৰা আয়ুৰ্বেদিক শিক্ষানুস্থানত চলি অহা ডিপ্লমা আৰু বেলেগ বেলেগ ডিগ্ৰী পাঠ্যক্ৰম চি,চি,আই,এমে বন্ধ কৰি " বেচেলৰ অৱ আয়ুৰ্বেদিক মেডিচিন এণ্ড ছাৰ্জাৰী " (B.A.M.S) পাঠ্যক্ৰম বিশ্ববিদ্যালয়ৰ অধীনত আৰম্ভ কৰে। চাৰে পাছবছৰীয়া বি,এ,এম,এচ, স্নাতক পাঠ্যক্ৰম পঢ়াৰ বাবে ছাত্র-ছাত্ৰী উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হব লাগিব। ইয়াৰ পিছত ক্ৰমে আয়ুৰ্বেদিক স্নাতকোত্তৰ এম,ডি, আৰু এম,এছ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰে। NEET অথবা ৰাজ্যিক পৰ্যায়ত পতা বাছনি পৰীক্ষাত যোগ্যতা অৰ্জন কৰিলেহে আয়ুৰ্বেদিক স্নাতক পাঠ্যক্ৰমত ভৰ্ত্তি হব পাৰে। চাৰে পাছবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ শেষৰ এবছৰ ইন্টাৰ্ণশ্চিপ । ইন্টাৰ্ণশ্চিপ কৰি থকা সময়ত চৰকাৰী জলপানী পায়। পাঠ্যক্ৰম শেষ হলে "ষ্টেট কাউঞ্চিল অৱ ইণ্ডিয়ান মেডিচিন"ৰ ৰাজ্যিক শাখাত নাম পঞ্জীয়ন কৰিব লাগে।তেতিয়াহে পঞ্জীয়নভুক্ত আয়ুৰ্বেদিক চিকিৎসক হ'ব পাৰে।
আয়ুৰ্বেদিক আৰু অন্যান্য দেশীয় চিকিৎসা পদ্ধতি তথা যোগৰ সৰ্বাঙ্গীন উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ ছেপ্তেম্বৰ মাহত AYUSH MISSION গঠন কৰে। যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে আয়ুষ বিভাগৰ বাবে এজন ৰাজ্যিক পৰ্যায়ত কেন্দ্ৰীয় মন্ত্ৰী নিযুক্তি দিয়ে। অসমত আয়ুষ মিছন সঞ্চালকালয় গুৱাহাটীত আছে।
উত্তৰ পূৰ্বাঞ্চলত দুখন আয়ুৰ্বেদিক শিক্ষানুষ্ঠান আছে। অসমৰ চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয় গুৱাহাটীৰ জালুকবাৰীত অৱস্থিত। ই এখন পূৰ্ণাংগ পৰ্যায়ৰ মহাবিদ্যালয় আৰু প্ৰতিবছৰে পঞ্চাশজন ছাত্ৰ-ছাত্ৰীক এডমিছন দিয়া হয়। চিকিৎসা মহাবিদ্যালয়ত তিনিশ বিচনাযুক্ত এখন পূৰ্ণাংগ পৰ্যায়ৰ হস্পিতেল আছে। মহাবিদ্যালয় খনত ছটা বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আছে আৰু প্ৰত্যেক বিভাগত চাৰিজনকৈ মূঠ ছৌবিশজন ছাত্ৰ-ছাত্ৰীক বছৰি এডমিছন দিয়া হয়। দ্বিতীয় খন " উত্তৰ পূৱ আয়ুৰ্বেদিক আৰু হোমিঅপেথি প্ৰতিষ্ঠান" শ্বিলঙত অৱস্থিত আৰু যোৱা বছৰৰ পৰা ইয়াত আয়ুৰ্বেদিক স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। ইতিমধ্যে দুধনৈত ৫০ খন বিচনাযুক্ত এখন আয়ুৰ্বেদিক চিকিৎসালয়ৰ নিৰ্মাণ আৰম্ভ কৰা হৈছে।
ইয়াৰোপৰি দেশৰ বিভিন্ন প্ৰান্তত শিক্ষানুষ্ঠান , গৱেষণাগাৰ , ব্যৱসায়িক প্ৰতিস্থান আছে যতনেকি অসমৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব , গৱেষণা কৰিব অথবা কৰ্মসংস্থাপন পাব পাৰে।
(১) সৰ্বভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান (AIIA) নতুন দিল্লীত আছে। আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়লৈ উন্নীত কৰাৰ লক্ষ্যৰে যোৱা ১৭ অক্টোবৰ তাৰিখে উদ্বোধন কৰা হয়।
(২) স্নাতক ডিগ্ৰীৰ আয়ুৰ্বেদিক কলেজ - ২৪০ খন
(৩) স্নাতকোত্তৰ কলেজ-৬৩ খন
(৪)আয়ুৰ্বেদিক বিশ্ববিদ্যালয়- ৫খন । জামনগৰ ,জয়পুৰ , যোধপুৰ , উত্তৰাখণ্ড আৰু পাঞ্জাৱত আয়ুৰ্বেদিক বিশ্ববিদ্যালয় আছে।
(৫) স্নাতক বি, এ, এছ, এছ, পাঠ্যক্ৰমত বছৰি আমাৰ দেশত ১২,২১৬ জন ছাত্ৰ-ছাত্ৰীক এডমিছন দিয়া হয়।
(৬) স্নাতকোত্তৰ এম,ডি আৰু এম, এছ, পাঠ্যক্ৰমত বছৰি ১,০৫০ এডমিছন দিয়া হয়
(৭) আয়ুৰ্বেদিক শিক্ষানুষ্ঠানৰ পৰা পাছ কৰা চৰকাৰী পঞ্জীয়নভুক্ত আয়ুৰ্বেদিক চিকিৎসক দেশত আছে-৩২৪,২৪২ জন
(৮) চৰকাৰী চিকিৎসালয় দেশত আছে-২,৩৯৮ খন।
(৯) ৰাজ্যিক চিকিৎসালয় আছে- ১৩,৯১৪ খন।
(১০) হস্পিতেলত বিচনা আছে-৪৩,৯০৩ খন।
(১১) গৱেষণাগাৰ আছে -৩০ টা।
(১২) ঔষধ প্ৰস্তুত কৰা গোট দেশত আছে- ৭,৬২১ টা।
আয়ুৰ্বেদিক চিকিৎসাত পঞ্চকৰ্ম চিকিৎসাৰ এক উল্লেখযোগ্য ভূমিকা আছে। শৰীৰৰ দোষ বা বৰ্জিত পদাৰ্থ (toxin) পঞ্চকৰ্মৰ দ্বাৰা নিৰ্গত কৰি শৰীৰ শোধন কৰি ৰোগমুক্ত কৰিব পাৰি। বৰ্তমান সময়ত ৰাসায়নিক পদাৰ্থ মিহলি খাদ্য , দূষিত জলবায়ুৰ কাৰণে নানানটা ৰোগত মানুহ আক্ৰান্ত হয়। এই দূষিত ৰাসায়নিক পদাৰ্থ কেৱল পঞ্চকৰ্ম প্ৰয়োগৰ দ্বাৰা আতৰাব পৰা যায়। সেয়েহে এই পঞ্চকৰ্মৰ প্ৰতি বিশ্ববাসী দিনক দিনে অধিক আকৰ্ষিত হৈছে। পঞ্চকৰ্মৰ চিকিৎসা লোৱাৰ উদ্দেশ্য বছৰি বহুতো বিদেশী পৰ্য়টক কেৰেলা ৰাজ্যলৈ আহে। কেৱল পঞ্চকৰ্মৰ জৰিয়তে এজন আয়ুৰ্বেদিক চিকিৎসক সম্পূৰ্ণ স্বাৱলম্বী হব পাৰে। পঞ্চকৰ্ম হল (১) শৰীৰৰ দূষিত তেজ বিশুদ্ধিকৰণ (২) ঔষধি তেলেৰে মালিছ (৩) নাকেৰে ঔষধি তেল প্ৰয়োগ (৪) ঔষধি দ্ৰব্য সেৱন কৰি বমি কৰোৱা (৫) ঔষধি দ্ৰব্য প্ৰয়োগ কৰি বিৰেচন কৰা। বিৰেচন কৰিলে পাচন তন্ত্ৰ সম্পূৰ্ণ ৰূপে শোধন হয়।
পঞ্চকৰ্মৰ জৰিয়তে এজন নিৰোগী ব্যক্তি দীৰ্ঘায়ু হয় আৰু ৰোগী ব্যক্তি সোনকালে আৰাগ্য হয়।
আয়ুৰ্বেদিক চিকিৎসক সকলৰ কৰ্মসংস্থাপন বিভিন্ন ক্ষেত্ৰত হয়। অসমত প্ৰায় এহেজাৰ আয়ুৰ্বেদিক চিকিৎসকে বৰ্তমান চৰকাৰী চিকিৎসালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনত চাকৰি কৰি আছে। আয়ুৰ্বেদিক চিকিৎসকৰ দৰ্মহা আৰু দায়িত্ব এলোপেথিক চিকিৎসকৰ সমান। ৰোগী চোৱা, জৰুৰী কালীন আৰুআপদকালীন সেৱা, ৰাষ্ট্ৰীয় আচনী ৰূপায়ণ, সকলো প্ৰশিক্ষণ লোৱা, মেডিকোলিগেল কেচ চোৱাৰ উপৰিও অসমৰ বিভিন্ন চিকিৎসালয়ত ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব পালন কৰি আছে।
কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য বিভাগ , গৱেষণাগাৰৰ অধীনস্থ চিকিৎসালয়, ঔষধ পৰীক্ষাগাৰ, ভাৰতীয় সামৰিক বাহিনী , ব্যক্তিগত খণ্ডৰ চিকিৎসালয় , ঔষধ প্ৰতিস্থান, নিগম আদিত নিযুক্তি দিয়া হয়।
লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 11/22/2021