অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৈতিক আৰু সুস্বাস্থ্য সাধনা: যোগ শিক্ষা :

নৈতিক আৰু সুস্বাস্থ্য সাধনা: যোগ শিক্ষা :

 

Joga is a art of living যোগ শিক্ষা হৈছে জীৱনটোক সুন্দৰ কৰি গঢ়ি তোলে এক কলা। যোগ সাধনাৰ জৰিয়তে মানুহৰ শাৰীৰিক, নৈতিক আৰু মানসিক উৎকৰ্ষ সাধন হয়। লগতে ই আত্মাক একাগ্ৰ কৰি তোলে।

যোগ শিক্ষাই মানুহৰ নৈতিক মনোবল বঢ়ায়। আধ্যাত্মিকতাৰ চিন্তাৰ দ্বাৰা মন আলোড়িত হয় আৰু আমাৰ শৰীৰটো সুগঢ়ি কৰি তোলে। যোগ শিক্ষাই শিশুসকলক মনৰ দৃঢ়তা আৰু সুস্বাস্থ্য গঢ়াত অভূতপূৰ্ব ভূমিকা ল’ব পাৰে।

যোগ-সাধনাই মানুহৰ নৈতিক চৰিত্ৰ গঠন প্ৰক্ৰিয়াত সহায় কৰাই নহয়, ই মানুহৰ জীৱনশৈলী গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

স্বাস্থ্য হৈছে আমাৰ সম্পদ। এই সম্পদ বৃদ্ধি কৰি শৰীৰ, মন সুস্থ সবল কৰি গঢ়ি তুলিবলৈ শিশু কালৰ পৰা যোগ শিক্ষা অতীৱ আৱশ্যক। আজিৰ শিশুসকলক দেশৰ সু-নাগৰিক কৰি গঢ়ি তুলিবলৈ প্ৰত্যেকে চেষ্টা কৰা নিতান্ত প্ৰয়োজন।

সুস্থ, দেহ, মনৰ অধিকাৰী হ’লেহে মানুহৰ মনত সৃজনীমূলক কাম কৰিবলৈ ইচ্ছা জাগ্ৰত হয়। এটা সুস্থ সবল নিৰোগী শৰীৰৰ গৰাকী হ’ব পাৰিলেহে জীৱনত কাম কৰিব পৰা যায়। সুস্থ দেহ, সুস্থ চিন্তা আৰু সৎ কাৰ্যৰ প্ৰতি ধাউতি বাঢ়ে। সেই কাৰণে সৰু কালৰ পৰাই মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱা দৰকাৰ। ইয়াৰ বাবে লাগিব ভাল আহাৰ, নিদ্ৰা, বিশ্ৰাম আৰু যোগ শিক্ষা।

যোগ শব্দ সংস্কৃতত যুঁজ শব্দৰ পৰাই হৈছে। যুঁজৰ অৰ্থ হৈছে সমতা স্থাপন কৰা। মানুহৰ মনত নৈতিক আৰু আধ্যাত্মিক চিন্তা স্থাপন কৰি তাৰ পৰা হিংসা, বিদ্বেষ, ঈৰ্ষা আদি ভাৱ দলিয়াই, তাৰ ঠাইত দয়া, প্ৰেম, ক্ষমা, পৰোপকাৰ, সহানুভূতি, সহযোগিতা আদি মানৱীয় গুনৰ অধিকাৰী হোৱাত যোগ শিক্ষাই যথেষ্ট সহায় কৰে। মুঠতে এই যোগ শিক্ষাৰ পৰাই মানুহৰ নৈতিক, আধ্যাত্মিক, মানসিক, শাৰীৰিক অৱস্থাবোৰে শৰীৰত সমতা স্থাপন কৰে।

সাম্প্ৰতিক সময়ত চৰকাৰে উপযুক্তভাৱে প্ৰশিক্ষিত কৰি প্ৰাথমিক বিদ্যালয়ৰ পৰাই শিশুক যোগ শিক্ষাদান বাবে ব্যৱস্থা কৰিব লাগে। কিয়নো আজিৰ শিশু কাইলৈৰ নাগৰিক হ’ব। সেই কাৰণে শিশুসকলক নাগৰিক কৰি তুলিবলৈ যোগ শিক্ষাৰে প্ৰশিক্ষিত কৰা উচিত।

যোগ অভ্যাসৰ দ্বাৰা মনৰ অন্ধবিশ্বাস, কু-সংস্কাৰবোৰ আঁতৰ কৰি বিজ্ঞান মানসিকতাৰ দৃষ্টিভংগী প্ৰকট কৰি তুলিব পাৰি। আজি সমাজত কু-সংস্কাৰ, অন্ধবিশ্বাস আদিয়ে বিশৃংলতাৰ সৃষ্টি কৰিব ধৰিছে।  সেই বাবে আজি জীৱনবোধৰ শিক্ষাৰে শিশুসকলক প্ৰশিক্ষিত কৰি মানৱীয় গুনৰ অধিকাৰী কৰি গঢ়ি তুলিবলৈ হ’লে যোগ শিক্ষাৰ নিতান্ত প্ৰয়োজন আছে।

সম্প্ৰতি জীৱনশৈলী সঠিকভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মানুহৰ অৱহেলা দেখা গৈছে। ফলত আজি আমাৰ মানুহৰ ৰক্তচাপ, ডায়েবেটিছ, হাপানি,  ভৰি হাতৰ বিষ ইত্যাদি ৰোগৰ ব্যাপকতা বৃদ্ধি পাইছে। অস্থিৰতা, দুশ্চিন্তা অৱসাদ আদিয়ে জীৱন ভাৰাক্ৰান্ত কৰি তুলিছে। প্ৰায়ভাগ মানুহৰ বিশৃংখল জীৱন, অনিয়মীয়া খাদ্য গ্ৰহণ আদি অভ্যাসৰ ফলত মানুহৰ জীৱন আজি দুৰ্বিষহ হৈ পৰিছে। সৎ চিন্তা, সৎ কৰ্ম আৰু সৎ জীৱন-যাপন পদ্ধতি অৱলম্বন কৰি জীৱন যাত্ৰাত আগবাঢ়ি যোৱা উচিত। যোগ শিক্ষাই মানুহৰ শাৰীৰিক উৎকৰ্ষৰ লগতে মানুহৰ মানসিক চিন্তা-চৰ্চাৰো উন্নতি ঘটায়।

সেয়েহে হয়তো চৰকাৰে ২০১৫ চনৰ ২২ জুনৰ পৰা ‘বিশ্ব যোগ দিৱস’ পালন কৰাৰ ব্যৱস্থা কৰিছে। অকল আমাৰ ভাৰতবৰ্ষতে নহয়, এই দিৱস বিশ্বৰ ৮৪ খন দেশে পালন কৰিছিল। বিশেষকৈ চীন, জাপান, আমেৰিকা আদি দেশসমূহে যোগ চিকিৎসাৰ সুফলবোৰ মানি লৈ এই কাৰ্যত আত্মনিয়োগ কৰিছে।

কিয়নো যোগ সাধনাৰ জৰিয়তে মানুহৰ মাজত অহিংসা, সততা, সহমৰ্মিতা, বন্ধুত্বসুলভ মনোভাৱ, ঈশ্বৰ বিশ্বাসী, সহনশীলতা আদি গুণ ৰাশিৰ প্ৰতিষ্ঠাৰ বাবে যোগ সাধনা উৎকৃষ্টতম বুলি মানি লৈছে।

যোগাভ্যাসৰ শক্তিৰ বলত মানসিক আৰু শাৰীৰিক সুস্থিৰতা আহে। নিজৰ কৰ্মত মানুহে নিপুণতা আৰু দক্ষতা বৃদ্ধি কৰিব পাৰে। যোগ সাধনাই মানুহৰ বিভিন্ন ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰি মানুহক নিৰোগী কৰি তোলে। কৰ্মদক্ষতা আৰু নিপুণতা বৃদ্ধি কৰি এজন সফল মানুহ হিচাপে গঢ়ি তোলে। মনৰ পৰা অৱসাদ দূৰ কৰি মানসিকভাৱে সফল ব্যক্তি হিচাপে গঢ়ি তোলে।

তলত দিয়া কথাকেইটাৰ প্ৰতি চকু দিয়ক। চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষ, শিক্ষক, অভিভাৱক আটায়ে আমাৰ কণ কণ শিশুসকলক একোজন সফল সম্পূৰ্ণ সু-নাগৰিক কৰি গঢ়ি তোলাৰ চেষ্টা কৰিব লাগে।

১)প্ৰাথমিক পৰ্যায়ৰ পৰাই আমাৰ শিশুসকলক যোগ ব্যায়াম শিকাব লাগে।

২)যোগ সাধনাই  শিশুসকলক নিয়মানুৱৰ্ত্তিতা, কৰ্ত্তব্য-নিষ্ঠা আৰু অমায়িক হোৱাৰ শিক্ষা দিব পাৰে।

৩)প্ৰতিখন বিদ্যালয়ত যোগাসনৰ বাবে বিশেষ সা-সুবিধা প্ৰদান কৰিব লাগে। লগতে যোগ শিক্ষক নিয়োগ কৰি যোগ সাধনাৰ সুবিধা প্ৰদান কৰিব লাগে।

চৰকাৰী বিদ্যালয়সমূহত যোগ শিক্ষাৰ একোটা ক্লাছ থকা নিতান্তই প্ৰয়োজন। এইবোৰৰ প্ৰতি শিক্ষক আৰু আমাৰ অভিভাৱকসকলে অধিক গুৰুত্ব দিব লাগে।

লেখক: ধনেশ্বৰ হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate