অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমি দৈনন্দিন ব্যৱহাৰ কৰা তিনি পদ সামগ্ৰীৰ পৰা হ’ব পাৰে কিডনি ফেইলৰ মাৰাত্মক কেন্সাৰ

আমি দৈনন্দিন ব্যৱহাৰ কৰা তিনি পদ সামগ্ৰীৰ পৰা হ’ব পাৰে কিডনি ফেইলৰ মাৰাত্মক কেন্সাৰ

 

মানুহৰ দৈনন্দিন জীৱনধাৰণৰ প্ৰণালী সহজ কৰি তুলিবৰ বাবে দিনক দিনে নতুন নতুন সামগ্ৰী উদ্ভাৱন হৈ আহিছে। এই সামগ্ৰী সমূহ নিৰ্মাণ প্ৰক্ৰিয়াত বিভিন্ন ধৰনৰ কেমিকেল প্ৰয়োগ কৰা হয়। এনেকুৱা বহুত বস্তু আছে যিবোৰত ভয়ানক ৰাসায়নিক দ্ৰব্য মিহলোৱা হয়। যাৰ ফলত মানুৰ স্বাস্থ্যৰ ব্যাপক ক্ষতি হয়। অত্যাধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা ফল স্বৰুপে এই বস্তুসমূহ আমাৰ স্বাস্থ্য হানিৰ এক কাৰণ স্বৰুপ হৈ পৰে। এই বস্তু সমূহৰ হানি কাৰক প্ৰভাৱৰ কথা সাধাৰণ মানুহৰ সহজতে দৃষ্টি গোচৰ নহয় আৰু প্ৰত্যেক দিনেই সেই সমুহ দ্ৰব্য ব্যৱহাৰ কৰি থাকে। এই ধৰণৰ সামগ্ৰী সমূহ কিবা প্ৰকাৰে আমাৰ দেহত প্ৰবেশ কৰিলে বিভিন্ন প্ৰকাৰৰ ভয়ানক ৰোগৰ কাৰণ হৈ পৰে যাৰ ফলত আমাৰ বৃক্ক আদি vital organ সমূহু বিকল হৈ পৰিব পাৰে। আপোনালোকে জানি আচৰিত হ’ব যে যোৱা ১০ বছৰত ৮০ % মানুহৰ kidney failer, liver problem, শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু কেঞ্চাৰৰ দৰে ভয়ানক ৰোগৰ কাৰণ এই মানৱ সৃষ্ট দৈনিক ব্যৱহাৰ কৰা সামগ্ৰী সমূহ যি সমূহত ৰাসায়নিক দ্ৰব্য অত্যাধীক প্ৰয়োগ কৰা হয়। আমাৰ চৌপাশে এই ৰাসায়নিক সামগ্ৰী সমূহ ইমানেই ব্যাপক ৰুপে বাঢ়ী গৈছে যে আমি কিবা নহয় কিবা কাৰণত এই সামগ্ৰী সমূহ ব্যৱহাৰ কৰিবই লাগিয়া হয়। প্ৰথমবাৰ ব্যৱহাৰ কৰোতেই এই সামগ্ৰী সমূহৰ বেয়া প্ৰভাৱ আমাৰ দৃষ্টিগোচৰ নহবও পাৰে, কিন্তু সময় হোৱাৰ লগে লগে লাহে লাহে এই সামগ্ৰী সমূহে আমাৰ শৰীৰৰ ভিতৰৰ পৰা প্ৰভাৱিত কৰিবলৈ ধৰে যাৰ ফলস্বৰুপে এদিন হৰ্ঠাতে কোনোবা এক ভয়ানক ৰোগৰ লক্ষণ হিচাপে গোতেই জীৱনৰ বাবে আমাৰ লগৰীয়া হৈ পৰে। সেই কাৰনে আমি আজি এনেকুৱা তিনিবিধ সামগ্ৰী বিষয়ে পৰ্যালোচনা কৰো, যিবিলাকত chemical ৰ পৰিমাণ অত্যাধিকত থাকে আৰু এই সামগ্ৰী সমূহৰ ব্যৱহাৰ প্ৰত্যেক দিনে দুগুনে বাঢ়ী গৈছে যেনেঃ-

১)styrofoarm products:

ষ্ট্ৰাইৰ’ফম প্ৰয়োগ কৰি বনোৱা সামগ্ৰী যেনে disposal glass, plate আদি। এই বোৰ আমি ছাহ, কফি আৰু কল্ডডিংচ খাবৰ বাবে ব্যৱহাৰ কৰো। ষ্ট্ৰাইৰ’ফ্ৰম পলিস্টাইৰিন প্লাষ্টিকৰ দ্বাৰা নিৰ্মান কৰা হয়। এই বোৰ প্লাষটিকৰ গ্ৰেছৰ দ্বাৰা ভৰ-পূৰ বহু ক্ষুদ্ৰ-ক্ষুদ্ৰ কনাৰ দ্বাৰা বনোৱা হয়। ই এক ধৰণৰ থাৰ্মকলেই হয়। কিন্তু ই সাধাৰণ থাৰ্মকলতকৈ অধিক মিহি আৰু মজবুত হয়। যি গ্ৰেছৰ দ্বাৰা ইয়াক পাতল বনোৱা হয় আৰু ইয়াৰ নিৰ্মাণ প্ৰক্ৰিয়াত যিবোৰ chemical ব্যৱহাৰ কৰা হয় সেইবোৰ আমাৰ স্বাস্থ্যৰ পক্ষে বহুত মাৰাত্মক হব পাৰে। ইয়াত ব্যৱহাৰ কৰা chemical জন্তুৰ উপৰত ব্যৱহাৰ কৰাৰৰ পিছত জানিব পৰা গৈছে যে এই সমূহ chemical আমাৰ শৰীৰত কেঞ্চাৰৰ দৰে মাৰাত্মক দূৰাৰোগ্য ৰোগ উতপতি কৰিব পাৰে। ষ্ট্ৰাইৰফমৰ পৰা বনোৱা কাপত যেতিয়া গৰম বস্তু দিয়া হয় তেতিয়া ইয়াত থকা পলিষ্টাৰিন মেতেৰিয়েল গলি সেই গৰম খাদ্যসামগ্ৰীৰ লগত মিহলি হবলৈ ধৰে। আৰু এই সমূহ খোৱাৰ ফলত দেহত মাৰাত্মক ক্ষতি হয়। সেইবাবেই বহু দেশত ষ্ট্ৰাইৰফমৰ দ্বাৰা বনোৱা সামগ্ৰীৰ উপৰত নিষেধআজ্ঞা জাৰি কৰা হৈছে। বিশ্ব স্বাস্থ্য সন্থাৰ মতে ষ্ট্ৰাইৰফমৰ পৰা কেন্সাৰৰ লগতে থাইৰডৰ সমস্যা, চকুৰ ইনফেকচন, কফ, ভাগৰ লগা, কমজুৰী আৰু ছালৰ ৰোগ হোৱাৰ সম্ভাৱনা বহু বেছি হয়।

কল্ডডিংছ, পানী আদি আদি ঠাণ্ডা বস্তু ষ্ট্ৰাইৰফমৰ দ্বাৰা তৈয়াৰী গ্লাছত খোৱাটো ইমান হানিকাৰক নহয়। কিন্তু চাহ, কফি, চুপৰ দৰে গৰম বস্তু ইয়াত ঢলাৰ পাছত এইবোৰ নিউৰটক্সিক হৈ যায় আৰু এইবোৰে আমাৰ মগজুৰ স্নায়ুবোৰ অত্যন্ত দূৰ্বল কৰি দিয়ে।

ষ্ট্ৰাইৰফমত প্লাষ্টিক মিহলোৱাৰ বাবে এইবোৰ ৰিচাইকল কৰাত দূহসাধ্য হৈ পৰে। যিটো নেকি আমাৰ লগতে আমাৰ পৰিবেশৰ বাবেও হানিকাৰক হৈ পৰে।

ধুপ বা আগৰতী -

অগৰৱতী বা ধূপ ধৰ্মীয় কামকাজৰ এক অবিছেদ্য অংগ। যিসকলে দৈনন্দিন পূজা কৰিব নোৱাৰে সেইসকলে পূৱা গধূলি ধূপ জ্বলাই ভক্তি পৰ্দশন কৰে। ধূপ ব্যৱহাৰ ভাৰতৰ বাহিৰে চাইনা, জাপান, আৰবীয় দেশসমূহ, ম্যানমাৰ আৰু ভিয়েটনামৰ দৰে বহু এচিয়ান দেশত কৰা হয়। কিন্তু আপোনি জানেনে ধূপৰ পৰা নিৰ্গত হোৱা ধোঁৱা চিগাৰেটৰ ধোঁৱাতকৈও বেছি মাৰাত্মক! ইটালিত কৰা এক গৱেষণাত দেখা গৈছে ধূপৰ ৰ্নিগত হোৱা ধোঁৱাৰ পৰা পলি এৰমেট্ৰিক হইড্ৰকাৰ্বণ আৰু কাৰ্বনমনঅক্সাইডৰ দৰে ভয়াৱহ গ্ৰেছ নিৰ্গত হয়। এই গ্ৰেছে হাঁওফাঁওৰ কেন্সাৰ উতপন্ন কৰিব পাৰে। যেতিয়া এই ধূপ আমি ঘৰ বা অফিছত ব্যৱহাৰ কৰো তেতিয়া এই ধোঁৱা শ্বাসৰ জৰিয়তে আমাৰ হাঁওফাঁওত প্ৰবেশ কৰে আৰু ইয়াৰ প্ৰভাব মগজু আৰু দেহটো বৃস্তাৰ হবলৈ ধৰে। ধূপৰ পৰা আমি সুগন্ধ পাওঁ সঁচা কিন্তু ইয়াৰ পৰা বহু ক্ষতিকাৰক প্ৰভাৱ পৰে। কেথেলিক নামৰ এক ধৰণৰ বিষাক্ত কেমিকেল ব্যৱহাৰ কৰাৰ ফলত ধূপ জ্বলোৱাৰ লগে লগে ইয়াৰ সুগন্ধ দ্ৰুত গতিত বিয়পি পৰে। ধূপ জ্বলি শেষ হোৱাৰ পাছতো বিষাক্ত কেমিকেলৰ ফলতেই ইয়াৰ সুগন্ধ ঘৰৰ ভিতৰত ৫ ৰ পৰা ৬ ঘন্টা লৈকে বিৰাজমান হৈ থাকে। এনে অৱস্থাত যিসকল লোকৰ হাওঁফাওঁৰ সমস্যা আছে বা যি সকলৰ এজমা বা হাঁপানি ৰোগ আছে তেনে লোকৰ বাবে এই বেমাৰ বাঢ়ি যাব পাৰে। যি সকলে ধূপৰ ধোঁৱাৰ সংস্পৰ্ষত থাকে তেনে লোকৰ কোনোবা নহয় কোনোবা সময়ত স্বাস্থ্য সম্বন্ধীয় সমস্যাত ভূগাৰ পূৰ্ণ সম্ভাৱনা থাকে। ধূপৰ ধোঁৱাই আমাৰ শ্বাসপ্ৰশ্বাস প্ৰক্ৰিয়াত বহু বেয়া প্ৰভাৱ পেলাব পাৰে আৰু স্নায়ু আৰু হৃদযন্ত্ৰৰ সমস্যা সৃষ্টি কৰিব পাৰে। চিগাৰেটৰ ধোঁৱাতকৈও ই বেছি হানিকাৰক হোৱাৰ বাবে যেতিয়া আমাৰ নাকৰ দ্বাৰা শৰীৰত প্ৰবেশ কৰে তেতিয়া একিউট ব্ৰংকাইটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈ যায়।

স্বাস্যৰ বাবে হানিকাৰক হোৱাৰ লগতে এই ধূপ ব্যৱহাৰ কৰিব নলগা এক ধাৰ্মিক কাৰণো আছে। বহু কোম্পানিয়ে ধূপ বনাবৰ বাবে বাঁহৰ ব্যৱহাৰ কৰে। হিন্দু ধৰ্ম অনুসৰি মাংগলিক কামত বাঁহ জ্বলোৱা নিষেধ। কিয়নো বাঁহ সৰি জ্বলোৱাৰ ফলত নিৰ্গত হোৱা ধোঁৱা আৰু জুই দেখা হিন্দু ধৰ্মত অশুভ বুলি গণ্য কৰা হয় আৰু ইয়াক নাশৰ পতিক বুলি কোৱা হয়। সেই কাৰণে যিকোনো আহুতি বা পূজাঁত কেতিয়াও বাঁহ খৰি ব্যৱহাৰ কৰা নহয়। আনকি মৃতকৰ চিতাটো বাঁহখৰি জ্বলোৱা নহয়।
জ্যোতিষ শাস্তত পিত্ত দোষ সকলো দোষৰে অন্যতম বুলি কোৱা হৈছে। কিয়নো ইয়াৰ কাৰণে অশান্তিৰ উদ্ভয় হয় আৰু জীৱনৰ প্ৰতিটো দিশতে ধাৰাবাহিক অসফলতাৰ সন্মুখিন হবলগা হয়। বহু ধৰ্মীয় গন্থত বাঁহ জ্বলালে পিত্ত দোষ হয় বুলি কোৱা হৈছে। গতিকে আপোনি ভাবক এফালে ভগৱানৰ সন্মুখত ধূপ জ্বলাই কিবা ভাল ফল আশা কৰিছে আৰু আনহাতে আপোনি আপোনাৰ ঘৰৰ বাবে বিষাক্ত গ্ৰেছ, বেমাৰ আৰু নকাৰাত্মক ভাব বঢ়াই তুলিছে। সেয়েহে অগৰবতী ব্যৱহাৰ কৰাৰ পূৰ্বে নিশ্চত হৈ লওঁক যে আপোনি ব্যৱহাৰ কৰা অগৰৱতী সম্পূৰ্ণ ৰূপে অৰ্গানিক আৰু কেমিকেল মূক্ত হয় আৰু যাতে ইয়াত বাঁহৰ কাঠি ব্যৱহাৰ কৰা নহয়।

মহ_খেদোৱা_সামগ্ৰীঃ মহ খেদোৱা যন্ত্ৰ, কয়েল বা স্প্ৰেৰ দ্বাৰা মহ মৰাৰ লগতে পৰিবেশ তন্ত্ৰৰ প্ৰতিটো জীৱিত প্ৰাণীৰ উপৰত প্ৰভাৱ পৰে। প্ৰাই সংখ্যক ব্যক্তিয়ে জানে যে মহ মৰা সামগ্ৰীত বিষাক্ত কেমিকেল থাকে। প্ৰতি দিনে ৫ ৰ পৰা ৬ ঘন্টা লৈকে মহ খেদা কইল বা যন্ত্ৰ ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ওলোৱা কেমিকেলৰ পৰা আমাৰ দেহত বহু ক্ষতিকাৰক প্ৰভাৱ পৰে। পূৱা শুই উঠাৰ পিছতে মাঠাৰ বিষ বা গধূৰ অনুভৱ হোৱা, এলাহ বা ভাগৰুৱা অনুভৱ কৰা আদি ৰাতভৰ মহ খেদোৱা কয়ল বা যন্ত্ৰ ব্যৱহাৰ কৰি উশাহ লোৱাৰ প্ৰতিফল হব পাৰে। লগতে হাওঁফাওঁৰ বিসংগতি, উশাহ কষ্ট, কফঁ আৰু হাঁপানিৰ দৰে বেমাৰৰ জন্ম দিয়ে। ই বিশেষকৈ শিশুৰ স্বাস্থ্যৰ উপৰত সকলোতকৈ বেয়া প্ৰভাৱ পেলাই। কনমানি শিশুৰ সৰু হাওঁফাওঁত ইয়াৰ পৰা পৰিব পৰা বেয়া প্ৰভাব সহ্য কৰাবলৈ অসমৰ্থ হয়। যাৰ বাবে সৰুতেই এলাৰ্জি আৰু এজমা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

লেখক: ডাঃ হৰিকান্ত দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন-৯৯৫৪৩৪০১০২

 

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate