অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃমি পেলু (pin worm)

কৃমি পেলু সকলোৰে হয় যদিও সচৰাচৰ সৰু ল'ৰা-ছোৱালীৰ বেছিকৈ হোৱা দেখা যায়। পেলুবোৰ দেখাত বগা বৰণৰ আৰু প্ৰায় আধাইঞ্চি দীঘল। কৃমি পেলুৰ কণী থকা দূষিত খাদ্যৰ পৰা সাধাৰণতে হয় যদিও এই পেলুবিধ সংস্পৰ্শৰ জৰিয়তেও আমাৰ খাদ্যনৃলীত প্ৰৱেশ কৰিব পাৰে। কৃমি পেলু হৈছে এবিধ পৰজীৱি । খাদ্যনলীত কণীবোৰ প্ৰৱেশ কৰি বৃহৎঅন্ত্ৰৰ ডিওডেনামত থিতাপি লয়। ক্ৰমে কণীবোৰ ফাটি পলুবোৰ বাহিৰ হয় আৰু সম্পূৰ্ণৰূপে ডাঙৰ হয়। মতা কৃমিপেলুৰ আয়ুস প্ৰায় ৭ সপ্তাহ আৰু মাইকী কৃমিপেলুৰ আয়ুস প্ৰায়১৩ সপ্তাহ। ডিওডেনামত মতা আৰু মাইকী কৃমিপেলুবোৰ দলবদ্ধভাৱে মিলন হোৱাৰ ফলত কণীবোৰ নিষেচন হয় বাবেই মাইকী কৃমিপেলুবোৰ সগৰ্ভাহয়। ইয়াৰ পিছত মতা কৃমিপেলুৰ মৃত্যু হয় আৰু শৌচৰ লগত বাহিৰ হয়। একোজনী মাইকী কৃমিপেলুৱে ১১,০০০ পৰা ১৬,০০০পৰ্যন্ত কণী পাৰে। মাইকী কৃমিপেলুবোৰে ৫ সপ্তাহ বয়সৰ পৰাই কণী পাৰিবলৈ আৰম্ভ কৰে। ৰাতি সগৰ্ভা কৃমিপেলুবোৰে কণী পৰাৰ কাৰণে ক্ষুদ্ৰান্ত্ৰৰ মলাশয়লৈ যাত্ৰা আৰম্ভ কৰে বাবে মলাশয় আৰু গুহ্যদ্বাৰত পিৰপিৰায়। প্ৰতি ঘন্টায প্ৰায় ৬ ইঞ্চি দূৰত্ব অতিক্ৰম কৰি মাইকী কৃমিপেলুবোৰে মলাশয়ত থিতাপি লয়হি।ইয়াৰ পিছত সগৰ্ভা কৃমিপেলুবোৰ বাহিৰলৈ ওলাই আহি গুহ্যদ্বাৰৰ চালত কণী পাৰিবলৈ ধৰে। এই কণীবোৰ মলাশয় আৰু গুহ্যদ্বাৰৰ চালত লাগি ধৰে।

ৰোগৰ লক্ষণ -

খোৱাৰ প্ৰতি অনিচ্ছা, অৰুচি,অজীৰ্ণতা,পাতল শৌচ, নাকৰ সন্মুখত আৰু গুহ্যদ্বাৰত খজুৱতি, গুহ্যদ্বাৰত পিৰপিৰণি,লৰা-ছোৱালী ৰাতি শুই থাকোঁতে দাঁত কৰকৰাই,মূত্ৰনলীত ৰমৰমাই, অশান্তিৰ কাৰণে টোপনি ভালদৰে নহয়। ৰাতি শুইথকা সময়ত গুহ্যদ্বাৰত আৰু শৌচৰ লগত কৃমিপেলু দেখা পোৱা যায়। ৰাতি সগৰ্ভা কৃমিপেলুবোৰ কণী পৰাৰ কাৰণ গুহ্যদ্বাৰৰ পৰা বাহিৰ ওলাই আহি মহিলাৰ যৌনাঙ্গত প্ৰৱেশ কৰে। ইয়াৰ ফলত মহিলাৰ যৌনাঙ্গশোথ (vulvovaginitis) , বগাস্ৰাৱ ওলোৱা আদি ৰোগ হয়। কৃমিপেলুবোৰে মলাশয় আৰু গুহ্যদ্বাৰৰ শ্লেষ্মিক কলা (mucus membrane) কামূৰি আঘাত কৰিলে তেজ ওলায়। এইদৰে তেজ শৌচৰ লগত ওলালে বহতে অৰ্শ বা পাইলছ্ হোৱা বুলি ভাৱে। এনে অৱস্থাত কৃমি পেলুৰ ঔষধ খালে ৰোগ আৰোগ্য হয়।

সংক্ৰমণ -

ৰাতি শুই থকা সময়ত কৃমিপেলুবোৰ গুহ্যদ্বাৰৰ পৰা বাহিৰলৈ ওলাই আহে। সেয়েহে একেখন বিচনাত শুইথকা পৰিয়ালৰ আন ব্যক্তিৰো কৃমিপেলু হয়। তাৰোপৰি ৰোগীয়ে ব্যৱহাৰ কৰা বিচনা চাদৰ বা কাপোৰ ব্যৱহাৰ কৰিলেও আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সৰু লৰা-ছোৱালীৰ নখ কামোৰা বা আঙুলি চোপাৰ অভ্যাসৰ জৰিয়তে কৃমিপেলুৰ কণী পেটৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে।

সাৱধানতা অৱলম্বন -

নখ চুটিকৈ কাটিব আৰু পৰিস্কাৰ কৰি ৰাখিব, ভালদৰে হাত ধুই আহাৰ খাব, সদায় পৰিস্কাৰ অন্তৰ্বাস পিন্ধিব, গৰম পানীৰে অন্তৰ্বাস ধুই ৰদত শুকুৱাই ল'ব, মাজেসময়ে গৰম পানীৰে বিচনাৰ কাপোৰ ধুব । থকা ঘৰটো সদায় ৰদ পৰিব পৰাকৈ ব্যৱস্থা কৰিব।

চিকিৎসা -

আয়ুৰ্বেদিক চিকিৎসা " বিৰেচন" এই ক্ষেত্ৰত বিশেষ উপকাৰী। বিড়ঙ্গাদি লৌহ, কৃমিকুঠৰ ৰস , কৃমিমূদ্গৰ ৰস বিশেষ উপকাৰী। ঔষধ চিকিৎসকৰ পৰামৰ্শ মতে খাব। চিৰতা পানী, আনাৰসৰ কোমল পাতৰ ৰস এচামূচকৈ দুবাৰ তিনিদিনমান মাজেসময়ে খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate